সমললৈ যাওক

পৃষ্ঠা:চাণক্য.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৵৹)

লাভ কৰিব পাৰিবনে নোৱাৰে সি ভবিষ্যতৰ গৰ্ভত; কিন্তু দেখি মনত অলপ সন্তোষ লাগিছে যে আজিকালি অনেক শিক্ষিত অসমীয়া ডেকাই অসমীয়া সাহিত্যৰ আলোচনাত হাত দিছে; আৰু অনেক লুপ্ত প্ৰায় অসমীয়া সাহিত্যৰ বহুমূল্য ৰত্নবিলাক, লাহে লাহে বিস্মৃতিৰ গৰ্ভৰপৰা লোক সমাজৰ আগত প্ৰকাশিত হবলৈ ধৰিছে। আৰু গবৰ্ণমেণ্টও যথাসাধ্য চেষ্টা আৰু সহায় কৰিছে।সযিসকল দেশহিতৈষী মহৎলোক পুৰণি অসমীয়া সাহিত্য প্ৰকাশ কৰাত হাত দিছে তেওঁ বিলাকৰ উজ্জ্বল দৃষ্টান্ত অনুসৰণ কৰি মই আজি অসমীয়া সাহিত্যানুৰাগী লোক সকলৰ আগত এই চাণক্য পুথিখনি ধৰিলোঁ। আৰু আশা কৰিলোঁ পুথিখনিয়ে যেন তেঁও বিলাকৰ পৰা যথোচিত আদৰ পায়। চাণক্য পুথি সংস্কৃত ভাষাত ১০৮টা শ্লোকত ৰচনা কৰি চাণক্যৰ নামেৰে অভিহিত হয়। পুথিখনি আকাৰত সৰু হলেও তাৰ প্ৰতিশ্লোকই একোটি বহুমূল্য ৰত্নৰ নিচিনা। সাগৰৰ নিচিনা অসীম সংস্কৃত সাহিত্যৰ অনেক শাস্ত্ৰৰ পৰা ৰাজনীতি, সমাজনীতি আৰু গাহৰ্স্থ্য নীতি মূলক উপদেশবিলাক উদ্ধাৰ কৰি এই পুথিখনি যুগুত কৰা হৈছে। গ্ৰন্থকাৰে পাতনিত লেখিছে যে “নানা শাস্ত্ৰোদ্ধৃতং বক্ষ্যে ৰাজনীতিসমুচ্চয়ং। সৰ্ব্ববীজমিদং শাস্ত্ৰং চাণক্যসাৰ সংগ্ৰহম্॥ বাস্তবিক পক্ষেও পুথিখনিক সকলো শাস্ত্ৰৰ বীজ বোলা অযুগুত হোৱা নাই। চাণক্যৰ শ্লোকবিলাক কিমান গভীৰ উপদেশ পূৰ্ণ তাক বহলাই কোৱাৰ প্ৰয়োজন নাই। বোধ কৰো ভাৰতবৰ্ষত এনে ভাষা নাই যি ভাষাত এই পুথি খনিৰ ভাঙ্গনি নাই। অসমীয়া ভাষাতো এই পুথি খনিৰ একাধিক ভাঙ্গনি দেখিবলৈ পোৱা যায়। মোৰ হাতত অসমীয়া ভাঙ্গনি দুখন পৰি