সমললৈ যাওক

পৃষ্ঠা:চাণক্য.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৴)

সুচাৰুৰূপে চলিব। চাণক্যৰ অবৰ্থ্য বুদ্ধি কৌশলত অৱশেষত সেয়ে হল। ৰাক্ষস মন্ত্ৰী লাহে লাহে সকলো সহায়ৰপৰা পৃথক হৈ চাণক্যৰ হস্তগত হল। চাণ্যক্যে যথোচিত ভক্তি আৰু সৌজন্যৰ দ্বাৰা মন্ত্ৰীক প্ৰীত কৰালে। আৰু তেওঁক প্ৰতিজ্ঞা কৰাই চন্দ্ৰ- গুপ্তৰ প্ৰধান মন্ত্ৰী পাতিলে। ৰাক্ষসে মন্ত্ৰী পদ গ্ৰহণ কৰাৰ পিচত নিজে ৰাজকাৰ্য্য পৰা অৱসৰ গ্ৰহণ কৰিলে।

 চাণক্য এজন অদ্বিতীয় পণ্ডিত আৰু আলৌকিক প্ৰতিভাৰ লোক আছিল। বৈৰী নিৰ্য্যাতন প্ৰতিজ্ঞায় তেওঁৰ যি প্ৰতিভা কালমূৰ্ত্তি অগ্নি জ্বলিছিল, প্ৰতিজ্ঞা পালনৰ শেহত সেই প্ৰতিভাই আকৌ হোমৰ অগ্নিৰ দৰে হল। চাণক্যৰ যি তেজে বজ্ৰ অগ্নি বৰ্ষণ কৰিছিলে সেইতেজেই শেষত আকৌ অমৃত বৰ্ষণ কৰি সকলো জীবক আনন্দিত কৰিলে।। ব্যাস, বাল্মিকী প্ৰভৃতি পৰম দয়ালু মহৰ্ষি সকলৰ পথ অৱলম্বন কৰি বিশ্বজনীন উপদেশশাস্ত্ৰ সৃষ্টি কৰিলে।

 চাণক্যে কেনেকৈ নন্দ আৰু তেওঁৰ পুতেক হতক বধ কৰি চন্দ্ৰগুপ্তক ৰজা পাতিলে তাৰ সংক্ষেপ বিবৰণ দিয়াগল। এতিয়া তেওঁৰ নীতিশাস্ত্ৰৰ বিযয় অল্প আলোচনা কৰা যাওঁক। কিন্তু চাণক্যৰ নীতিশাস্ত্ৰৰ বিষয় আলোচনা কৰাৰ আগেয়ে যিবিলাক নীতিশাস্ত্ৰ তাৰ পৰ্বে আছিল তাৰ অনুসন্ধান কৰা আবশ্যক।

 মহাভাৰতৰ ৰাজধৰ্ম্মত নীতিশাস্ত্ৰৰ বিষয়ে এইদৰে বিবৰণ পোৱা যায়---

ততোহধ্যায় সহস্ৰানাং শতংচক্ৰে স্ববুদ্ধিজম্।
যত্ৰ ধৰ্ম্মস্তথৈবাৰ্থঃ কামশ্চৈবাভিবৰ্ণিতঃ।