পৃষ্ঠা:চাণক্য.pdf/৬২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


( ৪৫ )

ঐশ্বৰ্য্য আকাৰে যদি হুয়া থাকে অন্ধ। (১০১)
অৰ্থ নষ্ট হবে যদি গুছে কৰ্ম্ম বন্ধ॥
আপোনার বুদ্ধি ভাল আৰু গুৰু বুদ্ধি। (১০২)
পৰ বুদ্ধি লৈলে কাৰ্য্য নাহি হয় সিদ্ধি॥
স্ত্ৰীৰ বুদ্ধি লৈলে সিয়ো যায় অধোগতি।
চাণক্যৰ কথা এহি মানে সমাপতি॥
আক শুনি সাধু সবে নিন্দা নকৰিবা।
শাস্ত্ৰ চাহি তোৰা সবে আপুনি দেখিবা॥
মই মহা অধম পামৰ দুষ্ট জন।
তথাপি ইহাক চাইৰে মোৰ ভৈলা মন॥
হেন জানি নৰলোক তেজি আনকাম।
নিৰন্তৰে নৰে ভাষিবোলা ৰাম ৰাম॥
________________

অন্ত



________________
(১০১) ... ... ...
(১০২) আত্ম বুদ্ধি শুভকৰী গুৰু বুদ্ধি; বিশেষতঃ
পৰবুদ্ধিঃ বিনাশাৰ স্ত্ৰী বুদ্ধিঃ প্ৰলয়ংকৰী।