চাণক্য

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[  ]
চাণক্য (page 1 crop).jpg

চাণক্য
(অসমীয়া ভাঙ্গনি)

৺ ৰামপতি ৰচিত।

[  ]
 

চাণক্য।

( অসমীয়া, ভাঙ্গনি )




কবিবৰ ৺ ৰামপতিৰ
দ্বাৰা ৰচিত।




শ্ৰীযোগানন্দ দত্ত দ্বাৰা
প্ৰকাশিত।
তেজপুৰ।




প্ৰথম তাঙ্গৰণ।


কলিকাতা,
৬নং কলেজ-স্কোয়াৰ, সাম্য যন্ত্ৰত,
সেথ আবদুল লতিফ দ্বাৰা মুদ্ৰিত।


শঙ্কৰাব্দ ৪৬৪

 
[  ]
 

পাতনি।

 আজিকালি ভাৰতবৰ্ষৰ ভিতৰত অসমীয়া জাতিৰ নিচিনা নগণ্য জাতি নাই বুলিলেও বঢ়াই কোবা নহয়। যি জাতি নগণ্য তাৰ ভাষা আৰু সাহিত্যও যে লেখৰ বাজ তাক কোৱাৰ সকাম নাই। কিন্তু দুশ বা আঢৈশ বছৰৰ পূব্বলৈকে আমাৰ দেশৰ মানুহৰ আৰু তেওঁবিলাকৰ ভাষা আৰু সাহিত্যৰ যে এনে শোচনীয় অবস্থা নাছিল তাক বুৰঞ্জীৰ পাঠক মাত্ৰেই জানে। যি দেশৰ মানুহক আৰংজেবৰ নিচিনা প্ৰৱল প্ৰতাপী দিলীৰ সম্ৰাটে সদৌ চেষ্টা কৰিও কৰতলীয়া কৰিব নোৱাৰিলে, যি দেশৰ ৰজাই কুৰুক্ষেত্ৰৰ যুদ্ধত বীৰ বুলি প্ৰতিগণিত হৈছিল আৰু যি দেশৰ ৰজাই নলন্দাৰ মেলাত শিলাদিত্যৰ সমানে মান পাই ছিল, সেহ দেশ যে এ সময়ত ভাৰতবৰ্ষৰ ভিতৰত এখন প্ৰসিদ্ধ দেশ আছিল তাক কোনো নিৰপেক্ষ মানুহে অস্বীকাৰ কৰিব নোৱাৰে। যি দেশৰ ভাষা আৰু সাহিত্য আলোচনা কৰি ডাক্তৰ গ্ৰিয়াবচনৰ নিচিনা এজন বিদগ্ধ পণ্ডিতেও, এসময়ত অসমীয়া সাহিত্য বঙ্গদেশৰ সাহিত্যতকৈয়ো চহকী আছিল বুলি মত প্ৰকাশ কৰিছে, সেই ভাষা আৰু সাহিত্য যে এসময়ত অতি সমৃদ্ধি শালী আছিল তাক আওকথকী মানুহত বাহিৰে কোনেও নুই নকৰে। কিন্তু আমি আজিকালি “ৰণত পৰি কলীয়া হৈছোঁ আৰু তেল নাই কিয়াত ফঁপৰীয়া হৈছোঁ”। অসমীয়া জাতিয়ে, অসমীয়া ভাষাই আৰু অসমীয়া সাহিত্যই আকৌ পূৰ্ব্বৰ গৌৰৱ [  ] লাভ কৰিব পাৰিবনে নোৱাৰে সি ভবিষ্যতৰ গৰ্ভত; কিন্তু দেখি মনত অলপ সন্তোষ লাগিছে যে আজিকালি অনেক শিক্ষিত অসমীয়া ডেকাই অসমীয়া সাহিত্যৰ আলোচনাত হাত দিছে; আৰু অনেক লুপ্ত প্ৰায় অসমীয়া সাহিত্যৰ বহুমূল্য ৰত্নবিলাক, লাহে লাহে বিস্মৃতিৰ গৰ্ভৰপৰা লোক সমাজৰ আগত প্ৰকাশিত হবলৈ ধৰিছে। আৰু গবৰ্ণমেণ্টও যথাসাধ্য চেষ্টা আৰু সহায় কৰিছে।সযিসকল দেশহিতৈষী মহৎলোক পুৰণি অসমীয়া সাহিত্য প্ৰকাশ কৰাত হাত দিছে তেওঁ বিলাকৰ উজ্জ্বল দৃষ্টান্ত অনুসৰণ কৰি মই আজি অসমীয়া সাহিত্যানুৰাগী লোক সকলৰ আগত এই চাণক্য পুথিখনি ধৰিলোঁ। আৰু আশা কৰিলোঁ পুথিখনিয়ে যেন তেঁও বিলাকৰ পৰা যথোচিত আদৰ পায়। চাণক্য পুথি সংস্কৃত ভাষাত ১০৮টা শ্লোকত ৰচনা কৰি চাণক্যৰ নামেৰে অভিহিত হয়। পুথিখনি আকাৰত সৰু হলেও তাৰ প্ৰতিশ্লোকই

একোটি বহুমূল্য ৰত্নৰ নিচিনা। সাগৰৰ নিচিনা অসীম সংস্কৃত সাহিত্যৰ অনেক শাস্ত্ৰৰ পৰা ৰাজনীতি, সমাজনীতি আৰু গাহৰ্স্থ্য নীতি মূলক উপদেশবিলাক উদ্ধাৰ কৰি এই পুথিখনি যুগুত কৰা হৈছে। গ্ৰন্থকাৰে পাতনিত লেখিছে যে “নানা শাস্ত্ৰোদ্ধৃতং বক্ষ্যে ৰাজনীতিসমুচ্চয়ং। সৰ্ব্ববীজমিদং শাস্ত্ৰং চাণক্যসাৰ সংগ্ৰহম্॥ বাস্তবিক পক্ষেও পুথিখনিক সকলো শাস্ত্ৰৰ বীজ বোলা অযুগুত হোৱা নাই। চাণক্যৰ শ্লোকবিলাক কিমান গভীৰ উপদেশ পূৰ্ণ তাক বহলাই কোৱাৰ প্ৰয়োজন নাই। বোধ কৰো ভাৰতবৰ্ষত এনে ভাষা নাই যি ভাষাত এই পুথি খনিৰ ভাঙ্গনি নাই। অসমীয়া ভাষাতো এই পুথি খনিৰ একাধিক ভাঙ্গনি দেখিবলৈ পোৱা যায়। মোৰ হাতত অসমীয়া ভাঙ্গনি দুখন পৰি [  ]

অতি দানে বলী ৰজা পাইলেক বন্ধন।
অতি দৰ্পে নষ্ট ভৈলা লঙ্কাৰ ৰাৱন॥
অতি ৰূপে সীতাৰ দুখৰ নাহি পাব।
তিনিয়ো নুহিকে ভাল জানা সাৰেসাৰ॥[*]
 অসমীয়া চাণক্য।
‘অতিৰূপেণ বৈ সীতা অতি গৰ্ব্বেন বাৱণঃ।
অতি দানাদবলিৰ্বদ্ধোহ্যতি সৰ্ব্বত্ৰ বজ্ৰয়েৎ॥
 বৃদ্ধ চাণক্য।
অতি দৰ্পে হতা লঙ্কা অতি মানেচ কৌৰবাঃ।
অতিদানে বলিবৰ্দ্ধ: সৰ্বমত্যন্ত গৰ্হিতম্॥
 বন্ধু চাণক্য।
“নদীত বিাশ্বস নাহি নাৱৰ লক্ষিত।
শৃঙ্গী অস্ত্ৰধাবীৰ নুবুজি তাৰ চিত।
ৰাজাত ভাৰ্য্যাত কেহো নকৰি বিশ্বাস।
ইটো ছয় অপোন নুহিকে নাপায় আশ॥[t]
 অসমীয়া চাণক্য।
“নথিনাংচ নদীনাংচ শৃঙ্গিনাং শস্ত্ৰ-ধাৰিণাম্।
বিশ্বাসো নৈব কৰ্ত্তব্যঃ স্ত্ৰীষু ৰাজকুলেষু চ॥
 লঘু চাণক্য।
“শৃঙ্গিনাং নথিনাং চৈব দংষ্ট্ৰীনাং দূৰ্জ্জনস্যচ।
নদীনাং বসতৌ শ্ৰীনাং বিশ্বাসো নৈব কাৰয়েৎ।
 শুক্ৰনীতি, ৩য়, অধ্যায়।


* ^ বৃদ্ধ চাণক্যৰ মূলৰ লগত হে মিলিছে।

t ^ দুয়োটাৰ লগত অলপ অমিল আছে। [  ]

“ইঙ্গিত আকাৰে   কাৰ্য্য বুজিবেক
 হৈবে কিছু বলৱন্ত।
নৃপতিৰ যিটো   হিত মানি মনে
 সদায় সেৱা কৰন্ত॥
পাঞ্চিলে কৰ্ম্মক   আলোচনা কৰে।
 সাধি আসৈ প্ৰতিনিত।
নৃপতি সকলে  পাঞ্চিবাক লাগি
 সেহিসে দূত উচিত॥[*]

অসমীয়া চাণক্য।

“মেধাবী বাকপটুঃ প্ৰাজ্ঞঃ পৰচিত্তোপলক্ষকঃ।

ধীৰো যথোক্তবাদীচ এষ দূতঃ বিধীয়তে॥”

লঘু চাণক্য।


“দূতং চৈব প্ৰকুৰ্ব্বীত সৰ্ব্বশাস্ত্ৰ বিশাৰদম্।
ইঙ্গিতাকাবচেষ্টজ্ঞং শুচিং দক্ষং কুলোদ্যতম্॥
অনুৰক্তঃ শুচিৰ্দক্ষঃ স্মৃতিমান্ দেশকালবিৎ।
বপুষ্মান বীতভীৰ্ব্বাগ্মী দূতো ৰাজ্ঞঃ প্ৰশস্যতে॥

মনুসংহিতা ৭ম, অধ্যায়


“ইঙ্গিতাকাৰ চেষ্টজ্ঞঃ স্মৃতিমান দেশকালবিৎ।
যাড়্ গুণ্য মন্ত্ৰবিদ বাগ্মী বীতভীৰ্দূত উচ্যতে॥

শুক্ৰনীতি ২য়, অধ্যায়।


“ভক্তোগুণীশুচিৰ্দক্ষো প্ৰগল্‌ভোহব্যসনী ক্ষমী।
ব্ৰাহ্মণঃ পৰমৰ্ম্মজ্ঞো দুতঃস্যাং প্ৰতিভান্‌বান॥


^  মনুসংহিতাৰ মতেহে মিল। [  ] চেলু বিচাৰিবলৈ ধৰিলে। তেওঁ ভাবিলে যেনেকৈ হাবিজুইয়ে হাবিপোৰে তেনেকৈ ঘৰৰ শত্ৰুয়ে ঘৰৰ সৰ্ব্বনাশ কৰে। সেই কাৰণে তেওঁ ৰজাৰ ঘৰৰ আত্মকন্দল বিচাৰিবলৈ ধৰিলে। তেওঁ মন্ত্ৰীৰ মুখৰ পৰা জানিলে যে ৰজাৰ জ্যেষ্ঠ পুত্ৰ চন্দ্ৰগুপ্ত অতিশান্ত স্বভাব, বুদ্ধিমান, কৃতজ্ঞ আৰু সাহিয়াল। চন্দ্ৰগুপ্ত ভায়েক হঁতৰ দৌৰাত্ম্যত অতি উৎপীড়িত আৰু বিৰক্ত। তেওঁকে হাত কৰিলব পাৰিলে কাৰ্য্যসিদ্ধিৰ সুযোগ ঘটিব। ইয়াকে থিৰ কৰি তেওঁক আৰু ৰজাৰ বেটী এজনাক হাত কৰি ললে। তেওঁ লোকৰ দ্বাৰা ৰজাৰ সকলো ভিতৰুৱা বাতৰি জানিব পাৰিলে। তাৰ পাচত বন্দ্ৰগুপ্তক ৰজা পাতিম বুলি অঙ্গীকাৰ কৰি নিভৃত তপোবনত গোপনে অবস্থানপূৰ্ব্বক সেই বিলাক গৃহশত্ৰুৰ সহায়ত নন্দ বংশ ধ্বংস কৰিলে। তেওঁ যেনেকৈ নন্দ আৰু তেওঁৰ পুতেক কেইজনক মাৰিলে প্ৰভুভক্ত মন্ত্ৰী ৰাক্ষসৰ অশেষ যত্ন যেনেকৈ বিফল কৰিলে সেই বিষয়ে মুদ্ৰা ৰাক্ষস নামে প্ৰসিদ্ধ সংস্কৃত নাটকত বিস্তাৰিতৰূপে লিখা আছে অৱশেষত শকটাৰ মন্ত্ৰীয়ে নন্দ মৰাৰ পিচত নিজকৃত ৰাজদ্ৰোহ পাতকৰ প্ৰায়শ্চিত্তৰ নিমিত্তে অনাহাৰে অৰণ্যত প্ৰাণত্যাগ কৰিলে। [*]


 *^ কোনো কোনোৰ মতে শকটাৰ মন্ত্ৰীয়ে নিজেই ৰাজাক বধ কৰিলে। তাৰপিচত নন্দৰ পুতেকহঁত্ কিছুমান দিন ৰাজত্ব কৰোতে চন্দ্ৰগুপ্তই চাণক্যৰ মন্ত্ৰনা আৰু বুদ্ধি কৌশলত ভায়েকহঁতক বধ কৰি ৰজা হয়। কোনোৰ মতে চাণক্যই শ্ৰাদ্ধস্থলত অপমান পাই তপোবনত তিনিদিন অভিচাৰ সাধন কৰে। পূজাৰ আয়চা নিৰ্ম্মালি শকটাৰলৈ পাঠায় দিয়ে। মন্ত্ৰীয়ে সেই বিষময় নিৰ্ম্মালি এজনী বেটীৰ হতুৱায় ৰজাৰ অন্তেষপুৰলৈ পঠায় বেটীয়ে কোনো উপায়েৰে সেই নিৰ্ম্মালী ৰজা আৰু ৰাজকুমাৰহঁতৰ গাত লগায় দিলে। সেই নিৰ্ম্মালী গাত লগাত তেওঁ লোক তিন দিনৰ ভিতৰতে পৰে। কোনো কোনোৱে কয় যে চাণক্যই গুপ্তচৰৰ হতুৱাই নন্দক বধ কৰে। যেনে - “নন্দং জঘান চাণক্য [  ]  চাণক্যই সকলো শত্ৰু ধ্বংস কৰিলে বুলিও বাক্ষস মন্ত্ৰীৰ চুলি এডালকে অনিষ্ট কৰিব নোৱাৰিলে। মন্ত্ৰীয়ে যিমান পাৰে চন্দ্ৰগুপ্তৰ অনিষ্ট কৰিবলৈ সুযোগ বিচাৰিবলৈ ধৰিলে। সপুত্ৰ নন্দৰ মৃত্যুত হোৱাৰ পিচতো চন্দ্ৰগুপ্তৰ ৰাজ্য লাভ বেগতে নহৈছিল। বুদ্ধিমন্ত ৰাক্ষস মন্ত্ৰীয়ে সৰ্বাৰ্থসিদ্ধি নামেৰে বাজভাতৃক ৰজাপতি চাণক্য আৰু চন্দ্ৰগুপ্তৰ বধৰ কাৰণে নানাৰকম ৰড়যন্ত্ৰ কৰিবলৈ ধৰিলে আৰু ৰজা প্ৰজা সকলোকে চন্দ্ৰগুপ্তৰ বিৰুদ্ধে ঠিয় কৰিলে। কিন্তু একোতেই মন্ত্ৰীৰ বাসনা সিদ্ধি নহল। চাণক্যৰ বুদ্ধি কৌশলত সকলো ব্যৰ্থ হল। চাণক্যই বিপক্ষ দলক তল কৰি দুরুহ প্ৰতিজ্ঞা সাগৰ পাৰ হল। ননন্দৰ সিংহাসনত চক্ৰ গুপ্তক স্থাপিত কৰি নিজে মন্ত্ৰী পদ গ্ৰহণ কৰিয়ে।
 কাৰ্য্যৰ গতিকে ৰাক্ষস চাণক্যৰ ঘোৰ শক্ৰ হলেও মন্ত্ৰীৰ নিঃস্বাৰ্থ প্ৰভু ভক্তি, বৰ্ত্তব্য কাৰ্য্যত পৰায়ন, অতিশয় বুদ্ধিমান আৰু অতি আচৰিত মন্ত্ৰনা কৌশল দেখি মনে মনে চাণক্যে তেওঁক ভক্তি কৰিছিল। চানক্যে এইটো জানিছিল যে “মই যি কুটীল নীতিত দীক্ষিত হৈছোসি মোৰ নিচিনা ব্ৰাহ্মণৰ অতি কলঙ্ক আৰু গৰ্হিত কাৰ্য্য। মই প্ৰতিজ্ঞা পূৰ্ণ হোৱাত এই পথ সোনকালে এৰিব লাগে। কিন্তু এই প্ৰভূভক্ত মৰ্চী চন্দ্ৰ গুপ্তৰ বিপক্ষ হৈ থাকিলে তেওঁক বাৰু কেতিয়াও নিষ্কণ্টক নহয়। ইয়াকে ভাবি স্থিৰ কৰিলে যেনে উপায়েৰে হওক ৰাক্ষসক হাত কৰি তেওঁকেই মন্ত্ৰীপদত নিযুক্ত কৰা হওক। এই মন্ত্ৰী সহায় ধাকিলে চন্দ্ৰগুপ্তৰ কেতিয়াও ভয় নাই। আৰু ৰাজপদো নিষ্কণ্টক হব; ৰাজ্যও


[ ১০ ] ছিল। এখন মাধৱ দাসৰ আৰু আনখন ৰামপতিৰ ভণিত। যদি

বাও দুইখনি পুথি প্ৰায় মিলে তথাপি মাধৱ দাসৰ খনিত নকল কৰোতাৰ অনেক অনেক ভূল থকা দেখি। অসমীয়া ভাষাৰ পৰম হিতৈশী শ্ৰদ্ধাস্পদ শ্ৰীযুক্ত হেমচন্দ্ৰ গোস্বামী এ, এ, কমিচনাৰ মহোদয়ৰ উপদেশ মতে, মই ৺ বামপতিৰ খনকে সাধাৰণৰ আগত প্ৰকাশ কৰিলোঁ। এই খন পুথিত যে নকল কৰোঁতাৰ পাণ্ডি ত্যৰ থোহাভেজাৰ হাত সাৰিছে মই তেনে কথা ক’ব নো খোজো; কিন্তু দুই খনৰ তুলনাত, এই খনি কম দূষিত বুলি বোধ হোৱাত এই খনকে প্ৰকাশ কৰা স্থিৰ কৰিলোঁ৷ দুই এক ঠাইত মাধৱ দাসৰ ভাঙ্গণিও ৰিজাই চাবৰ নিমিত্তে টীকা স্বরূপে দিয়া হৈছে। ৺ৰামপতিৰ ভণিত এখন পুথিৰ ওপষতে নিৰ্ভৰ কৰি এই পুথি প্ৰকাশ কৰিব লগা হোৱাত, পুথি খনিৰ ঠায়ে ঠায়ে ভুল থাকি গল। যদি অসমীয়া জন সাধাৰণৰ অনুগ্ৰহত এই পুথিয়ে দ্বিতীয় তাঙ্গৰণ দেখিবলৈ পায় তেতিয়া আশা কৰোঁ সেই বিলাক দোষ পুথিৰপৰা যথাসাধ্যে গুচাবলৈ চেষ্টা কৰিম।

 ভাঙ্গণিৰ গ্ৰন্থকাৰ ৺ৰামপতিৰ জীৱনী সম্বন্ধেও সম্প্ৰতি তলত লিখা মতে অনুমানিৰূপে ধৰা হল। পাৰিলে পিচৰ তাঙ্গ ৰণত এই অভাৱ পুৰ কৰিবলৈ যথাসাধ্য চেষ্টা কৰা যাব।

 “১ম ভাগ ‘উষাৰ ৫ম সংখ্যাত থকা "অসমীয়া সাহিত্য চণ্ডী” নামৰ প্ৰবন্ধত চণ্ডীৰ অনুবাদক ৺ ৰুচিনাথৰ পূৰ্ব্বপুৰুষ এ জনৰ নাম ৺ ৰামপতি আছিল। যদি সেই জন। ৰামপতিয়েই চাণ ক্যৰ অনুবাদক হয় তেনেহলে এওঁৰ জন্ম ঠাই আৰু কোন সময়ত আছিল চণ্ডীত উল্লেখ থকামতে যৎকিঞ্চিৎ আভাস পোৱা যায়। [ ১১ ] { • )। চওীত লিখ্য মতে ৰামপতিৰ থকা ঠাই লৌহিত্যৰ উত্তৰপাৰব নাৰায়ণপুৰত। তেওঁ এজন কবি আাছিল ; ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ দিমত কচিনাথৰ পিতায়েক কৃষ্ণাচাৰ্য্যক • বংপুৰ নগবলৈ নিয়ে। তাতে চিনাথৰ জন্ম ভ্যু । চিনাথে ১৬৮১ শকত চণ্ডীৰ ভাঙ্গণী কৰিছে বুলি সিদ্ধান্ধ কৰা হৈছে । বামপতি ৰুচিনাথৰ পাৰ্চ পুৰুষৰ ওপৰ । পূৰাতত্ববিদ পণ্ডিতসকলৰ মতে তিনি পুৰুষত এশ বছৰ ধৰে { সেই দবে হলে পাঁচ পুৰুষত ১৬৬ বছৰ হয়। তেনে হলে তুয়োৰে ভিতৰত ১৬৬ বছবব আঁতৰ । ১৬৮১-১৬৬ ১৫১৫ শক বা তাৰ অলপ আগপিচ বুলি ৰামপতিৰ সময় অনুমানত ধৰি ল’ব পাৰি। কোনো লোকে । ইয়াতকৈ বাহুল্য ৰূপে জানে ঘদি অনুগ্রহ কবি যেন জানিবলৈ দিব। আজিকালি সংস্কৃত চাণকাত ঘি । ১০৮ অষ্টোত্তৰ শত শ্লোক আছে, এই পুথিত প্রান্ধ বিলাকৰ তাৰ মূল ভাঙ্গণী নহয়। বকতবো অলপ নহয় অলপ লবছৰ অাছে। আৰু কোনো কোনো ঠাইত উদাহৰণবিলাকতো একোট শোকৰ ভাজনী আছে। কিছুমান একেবাৰে অমিল। কম ভাগবেসৈতে হে মুণৰ লগত মিল। পদত যদিও ‘অষ্টোত্তৰ শত শ্লোক কহও চাণক্য। অৰ্থ ভাদি পদবন্ধে নিবন্ধিলো তাক” বুলি কৈছে, তত্ৰাচ মুল ভাঙ্গণীৰ বি উদাহৰণ স্বঙ্কপে দেখুৱাইছে তাৰে সৈতে হে ১০৮টা মান শ্লোকৰ পদৰ ভাঙ্গনী হব ! মূলৰ লগতে যে ইয়াৰ কিমান অমিল জাছে তলত তাৰ গোটাদিয়েক উদাহৰণ স্বৰূপে দিয়া হল। “অতি দান অতি দৰ্প নুহিকন্ত ভাল । অতি ৰূপবৰ্তী কম্ভা মুহিকন্ত ভাল ॥

  • ভবিষ্য সংগ্ৰহৰ অনুবাদকৰ নামো কুকটোৰ্য্য জাছিল।

t . [ ১২ ] সুচাকৰূপে চলিব । চাণক্যৰ অবর্থ্য বুদ্ধি কৌশলত অৱশেষত সেয়ে হল । ৰাক্ষস মন্ত্রী লাহে লাহে সকলো সহায়ৰপৰা পৃথক হৈ চাণক্যৰ হস্তগত হল। চাণক্যে যথোচিত ভক্তি আৰু সৌজ্যৰ দ্বাৰা মন্ত্ৰীক প্রীত কৰালে । । আৰু তেওঁক প্ৰতিস্কা কবাই চত্র- গুপ্তৰ প্ৰধান মন্ত্ৰী পাতিলে{ ৰাক্ষসে মন্ত্ৰী পদ গ্ৰহণ কৰাৰ পিচত নিজে ৰাজকাৰ্য্য পুৰা অৱসৰ গ্ৰহণ কৰিলে । চtথক্য এজন অদ্বিতীয় পণ্ডিত আৰু আলৌকিক প্ৰতিভাৰ লোক আছিল। বৈৰী নির্যাতন প্রতিজ্ঞায় তেওঁৰ যি প্রতিভা কালমূৰ্ত্তি অগ্নি জলিছিল, প্রতি পালনৰ শেহত সেই প্ৰতিভাই আকেী হোমৰ অগ্নিৰ দৰে হল। চাণকাৰ যি তেজে বস্ত্ৰ অগ্নি বৰ্ষণ কৰিছিলে সেইতেজেই শেষত আকৌ অমৃত বৰ্ষণ কৰি সকলো জীবক আনন্দিত কৰিলে। । ব্যাস, বাল্মিকী প্রভৃতি পৰম দয়ালু। মহৰ্বি সকলৰ পথ অৱলম্বন কৰি বিশ্বজনীন উপদেশশা সৃষ্টি কৰিলে। চাণক্যে কেনেকৈ নন্দ আৰ তেওঁৰ পুতেক হতক বধ কৰি চত্রগুইক ৰজা পাতিলে তাৰ সংক্ষেপ বিবৰণ দিয়াগল । এতির তেওঁৰ নীতিশাস্ত্ৰৰ বিযয় অল্প আলোচনা কৰা যাওঁ*ক। কিন্তু চাণক্যৰ নীতিশাস্ত্ৰৰ বিষয় আলোচনা কৰাৰ আগেয়ে যিবিলাক নীতিশাস্ত্র তাব পুর্বে আাছিল তাৰ অনুসন্ধান কৰা আবশ্যক। মহাভাৰতৰ বাজধৰ্ম্মত নীতিশাস্ত্ৰৰ বিষয়ে এইদৰে বিবৰণ পোৱা যায় । ততোধ্যায় সহস্রানাং শতংচক্রে স্ববুদ্ধিজন্ম। বত্র ধাতথৈবাৰ্থঃ কাসশ্চৈবাতিবর্ণিতঃ। [ ১৩ ] ১# ) ত্ৰিবৰ্ণ ইতি বিখ্যাতোগণ এব স্বরম্ভবা। চতুৰ্থো মোক্ষ ইত্যেব পৃথগৰ্থঃ পৃথগুণ্ড ততস্তাং ভগবান নীতিং পূৰ্ব্বং জগ্ৰাহশঙ্কৰং। বহুৰূপো বিশালাক্ষঃ শিবঃ স্থানুকমাপতিঃ ॥ প্ৰজানামায়ুখো হ্রাসং বিজ্ঞায় ভগবান্শিব: সঞ্চিক্ষেপ ততঃশাস্ত্ৰং মহাৰ্থং ব্রহ্মাণ কতম ৷ বৈশালাক্ষমিতি প্রোক্তৰ তদিওঃ প্রত্যপদ্যত। দশাধায় সহজাণি সু ব্ৰক্ষণে। মহাতপ ॥ ভগবানদি তচ্ছাস্ত্ৰং সঞ্চিলেপ পুৰন্দৰঃ। সহভৈ: পঞ্চভিস্তাত হক্তং বাহুদস্তিকৰ্ম৷ অধ্যায়ানাং সহস্লৈন্ত ত্ৰিভিৰেৰ বৃহস্পতিঃ। সফিক্ষেপেশ্বৰে বুদ্ধা বাহঁম্পত্যং যচ্চচাত ৷ অধ্যামানাং সহজেণ কাব্যঃ সংক্ষেপ মব্ৰবীৎ। তচ্ছাস্ত্ৰমামিতপ্রজ্ঞে যোগাচার্য্যো মহাযশাঃ ॥ এবং লোকানুৰোধেণ কাব্যনেত্যুহখিভি:} সংক্ষিপ্তনায়ুবিজ্ঞাঘ মৰ্ত্ত্যানাং হ্রাসমেবচ ।”

  • ব্ৰহ্মাই পৃথিবীৰ মানুহৰ কাৰণে একলাথ অধ্যায়ৰ দীতিশাস্ত্র প্রমরন

কৰে। শিবই রক্ষাৰ পৰা সেই নীতিশাস্ত্ৰ পাই, হাৰ ক্ৰমে মানুহৰ আয়ুৰ কম হোৱা দেখি তাকে সংক্ষিপ্ত কৰি দহ হাজাৰ অধ্যায়ত প্রণয়ণ কৰিলে, শিবৰ এটা মাম বিশালাক্ষ, এই কাৰণে শিৰপ্ৰগত নীতি শাস্ত্ৰৰ নাম বৈশ্য লাক্ষ। ইন্দ্ৰই পিব প্রণীত নীতিশাস্ত্রকে সংক্ষিপ্ত কৰি পাচ হাঙ্গৰ অধ্যায়ত প্রণয়ন কনে। ইন্দ্ৰৰ এটানাম বহুদন্তী এই কাৰণে ইস্ত্র প্রণীত নীতি পাৰ্থক বাহধৰ্থিক বোলে । বৃহস্পতিয়ে ইন্দ্রপ্রণীত নীতিগাথুক সংক্ষেপ কৰি তিনিহাঙ্কাৰ অধ্যায়িত প্রণয়ন কৰিছিল। বৃহস্পতি প্রণীত নীতিশাস্ত্ৰক বাহুল্পত্য বোলে। শুক্রাচার্য্য বৃহস্পতি জর্ণত শাস্ত্ৰকে এজোৰ জখ্যাগও এগীত্ব কৰে। সেই কাৰণে [ ১৪ ] ( ১% } মহাভাৰতৰ ৰাজধৰ্ম আৰু এঠাইত আছে – বিশালঈ ভগবান্ কাব্যশ্চৈব মহাতপাওঁ । সংক্ৰাক্ষে মহেন্দ্ৰশ্চ তথাপ্রাচেতসে৷ মহ: | ভাৰাজস্ব ভগবানু তথা গৌৰশিৰামুনিঃ। মহাভাৰতৰ পিচৰ গ্ৰন্থ বিলাকতো নীতিশাস্ত্র বিষয়ে এনে বহুত প্রমান আছে। কামন্দক-নীতিৰ প্রাচীন আৰু প্রমাপিক টীকাকাৰে এইদৰে লিগৃিছে। ব্ৰহ্মাধ্যায় সহশ্ৰাণাং, শতংচক্রে স্ববুদ্ধিজর্ষ। তন্নাৰদেন শব্ৰেণ গুকলা ভার্গবেচি ॥ ভাবধাজ বিশালাক্ষ ভীষ্মপাৰাশৰৈস্তথা । সংক্ষিপ্তং মম্বনাচৈ তথা চাতৈামহর্ষিভি: | প্রজানামায়ুষো হ্রাসং বিজ্ঞাঁাচ মহখুন। সংক্ষিপ্তং বিষ্ণুগুপ্তেন নৃপানামৰ্থ সিদ্ধয় ॥৮ অর্থাৎ ব্ৰহ্মাই প্রথমে এক লাখ অধ্যায়ক নীতিশাস্ত্র সৃষ্টি কৰে। সেই । নীতি শাস্ত্রকে সংক্ষেপ কৰি ক্ৰমে নাৰদ, ইল, বৃহস্পতি, শুক্ৰ, ভাৰদ্বাজ, শিব, ভীষ্ম, ব্যাল, মসু আাদি অত্যান্ত মহর্ষি সকলে নীতিশাস্ত্র প্রণয়ন কৰে। লাহে লাহে যেতিয়া মানুহৰ পৰমায়ু কমহৈ আহিবলৈ ধৰিলে, সেই বিলাক বাহুল্য নীতি শায় সকলোৰ পক্ষে আয়ত্ত কৰ অসাধ্য হল। তেতিয়া । মহাত্মা চাণক্য আবির্ভূতহৈ সেই বিলাক শাস্ত্ৰৰ সাৰ উদ্ধাৰ । তেওঁ*ৰ প্রণীত নীতিশীৰ্ষক উপনদ বোলে। মহৰ্বি সকলে ক্রমে মামুংৰ পৰমা কমহোৱাৰ লগে লগে এইংৰে সৗfিভশাপুও সংক্ষেপ কৰিছে।

  • ভগবান শিব, ওক্রাচাৰ্য্য, ইত্রে, প্রজাপতি মত্ব, উৰহাজ, মৌৰশিৰ৷৷

প্রভৃতি ত্রবাদী সকল ৰাজপতি শামৰ প্রণেত{ [ ১৫ ] ( ১• ) কৰিলে। কোৱা আছে চাণক্যই নিজৰ নীতিশাস্ত্ৰক ছয় হেজাৰ লোকেৰে সম্পূৰ্ণ কৰিছিল। তাৰ প্ৰমাণ প্রাচীন কবি আৰু আলঙ্কাৰিক আচার্য্য দণ্ডধৰ দশকুমাব চৰিত্র গ্রন্থশ বিক্রত চৰিতৰ এঠাইত এইদৰে লিখা আছে। “অধীঘ তাবদ্ধণ্ড নীতিম । ইঃমিদানীমাচাৰ্য্যবিষ্ণুগুপ্তেন যৌৰ্য্যার্থে স্বত্মভি:rোকসহSৈ: সংক্ষিপ্তা৷ ৷ অর্থাৎ বাজনীতি শাস্ত্র অধ্যয়ন কৰা । এতিয়া আাচাৰ্য্য বিষ্ণুপ্ত অর্থাচাণক্যমৌর্য্যবংশীয় চত্ৰগুপ্তৰ কা ৰণে এই নীতিশাস্ত্র ছয় হেজাৰ শ্লোকত সংক্ষেপে যচনা কৰিছে। সেই গ্রন্থৰে আন এঠাইত প্ৰাচীন আৰ্য্যযুগৰ নীতিশাস্ত্ৰ কাৰনিক লৰ বিষয়ে এইদৰে জাছে —ঘেহাপি মতিকর্কশাস্ত্ৰঞ্জকারী ওক্র দিবস । বিশালাক্ষ বহুপতি পুত্ৰ পৰাশৰ প্ৰভৃতয়ঃ দশকুমাৰ ৰচিত, ৮ম উচ্ছাস । ওপৰত লিখা প্রমান বিলাকৰ পৰা বুজা যায় যে আধ্যযুগৰ শেষত চাণক্যই নীতিশাস্ত্ৰৰ প্ৰথম সংস্কাবক। সুপ্রনিদ্ধ নীতিদাৰ। নামক নীতিশাস্ত্ৰৰ ৰচয়িতা কামন্দক চাণক্যৰ এজন প্রধান শিষ্য আাছিল। যি সময়ত চাণক্যৰ সহায়ত চন্দ্রগুপ্তে মন্দবংশ ধ্বংস কৰি পাটলিপুত্রত বাজসিংহাসনত বহে। সেই সময়ত কানন্দকে “নীতিসাব” গ্ৰন্থৰ প্ৰণয়ন কৰি কিতাপ খনি চন্দ্রগুপ্তৰ নামে উচৰ্গা কৰে। সেই কিতাপত গ্রন্থকাবে মঙ্গলাচৰণত চাণক্যৰ বিষঙ্গে এইদৰে লিখিছে ।-- “বংশে বিশাল বংখানামৃষীণামিব ভূসাম । অপ্ৰতিগ্রহকাণtং যো যভূব বি বিশ্ৰত: | [ ১৬ ] ( ১\ ) জাতবেদ ইবাটিমান্ বেদান্ বেদবিদাং বৰঃ। যোহধীতবান সুচতুবৰ্গতুবোহুপ্যেক বেলবৎ ॥ যস্যাভিচাৰবৰ্জেণ বৰ্জজলনতেজসং । পপাতমূলতঃ প্রীমা স্পষ্কন্ধা নক্ষপৰ্ব্বত ॥ একাকী মত্ৰশঙ্ক্যনা যঃ শক্র্যর শক্তিধৰোপমঃ । আজহাব নৃচত্ৰায় চন্দ্রগুপ্তায় মেদিনীষ ॥ নীতিশাস্ত্রামৃতং ধীমানর্থ শাস্ত্রমহোদধে: { সমূদছে নমস্তসৈ বিষ্ণুগুপ্তায় বেধসে । সেই গ্ৰন্থৰে এঠাইত লিখা আছে ব্ৰহ্মাই প্রজা পালনৰ কাৰণে । এক লক্ষ অধ্যায়ৰ ত্ৰিবৰ্গ বিষম্মক নীতিশাস্ত্র প্রণয়ন কৰে। স্বায়ম্ভব ময়ে সেই শাস্ত্ৰৰ ধৰ্মপ্ৰকৰণ লৈ এখন নীতিশাস্ত্ৰ ৰচনা কৰে। বৃহস্পতিৰ বাহল্য অর্থশাস্ত্ৰৰ সাৰ উদ্ধাৰ কবি চাণক্যে এখন নীতিশাস্ত্ৰ ৰচনা কৰে । * ইয়াৰ এটা প্রমাণ যে অনেক ঠাইত বৃহস্পতিৰ *োক আাক খোক অংশেষে চাণক্য শ্লোক মিল দেখা। যায়। কেইটামান উদাহৰণ স্বরূপে তলত দিয়া হল। ১। যো ভ্ৰাণি পৰিত্যজ্য অঞ্চবাণিচ সেবতে ॥ প্ৰবাণি তস্য নষ্ঠস্তি অঞবং নষ্টমেবচ ॥ হ। গুণবন্তং নিযুঞ্জীত গুণহীনং বিবয়ে। পণ্ডিতস্য গুণ: সৰ্ব্বে মুর্গে দোবাচ কেবলম্ম । + “তথ৷ চোং কামসূত্ৰেহদগুৰুণ, 'প্রজাপতিছি প্রজা সৃষ্ট । তাসাং খিতিনিবন্ধনং ত্রিবর্গস্য শাপলশ্ব অধ্যাগ্নানাং শঃ সহস্রনপ্লে প্ৰোবাচ। তস্যৈক বেশং স্বায়ত্ত্ববো মনুধৰ্মাধিকাকৈং পৃথক চকাৰ। বৃহস্পতিৰর্থাধিকাধিকমিতি। জলক্ষাধ্যায়তৃতীঃ তৃতীয়াংশেন কোটি গ্রন্থবিস্তৃতং সম্ভাব্যত এবাং শাম। তবেগাম্ভীৰ্য্যং মহ৷ প্রমাণবাচ্চ মহোদধিৰিব । তাৎ যাউদাং উচ্ছ ,তবান ।” [ ১৭ ] ( ন ) ৩। ন কশ্চিৎ কস্যচিত্ৰিং নকশ্চিৎ কল্যচিন্দ্রিপুঃ। কাৰণাসেব জায়ন্তে মিত্ৰনি ৰিপবস্তথা ॥ ৪। ফুভাৰ্য্যাং চ কুমিত্ৰং চ দুৰাত্মানং কুসৌন্দশ৷ কু বন্ধুং চ কুদে শং চ দুবত: পৰিবৰ্জয়েৎ ॥ হস্পন্তি নীতি। এতিয়া ভালেমান শাস্ত্রীয় প্রমাণৰ দ্বাৰা বুজা যায় যে চাণক্যই ছয় হেজাৰ শ্লোক থকা এখন ৰাজনীতি প্রণয়ণ কৰে। চাণক্যৰ নীতিশাস্ত্ৰক তেওঁৰ পিচৰ কোনোব৷ পণ্ডিতে তাতফৈ সংক্ষেপ কৰি বৃদ্ধাচাণক্য নাদিছিল। অৱশেষত তেওঁৰ পিচৰ পণ্ডিতে একেবাৰে সংক্ষেপ কৰি লঘুচাণক্য ৰচনা কৰে। বৃদ্ধাচাণক্যৰ কোনো গ্ৰন্থত ১৭ অধ্যাগ আক ৩৪২টা শ্লোক, কোনো কিতাপত তাতকৈয়ো বেচি অধ্যায় আৰু শ্লোক, জাক কোনো কিতাপ। ৮ অধ্যায় আক এহেজাৰ শোক দেখা যায়। লখু চাণক্যৰ বেচিভাগ কিতাপতে ১০৮টা শ্লোক আছে। ভিন ভিন দেশত আদর্শ পুধিত শ্লোক বিলাক কম বেচি সাৰু লৰচৰ দেখা যায়; সিকেৱল লেখকৰ। দোষত। লেখক সকলে প্ৰায় : সকলে গ্ৰন্থও নিজৰচিতল্লোক, শ্লোকৰ অংশ আৰু কোনো ঠাইত নিজ ইচ্ছাৰে একো অধ্যায়কৈ লগাই দিছে। কোনোৱে, অসম্পূর্ণ গ্রন্থত নিজৰচিত যাৰ মূলৰ অভাবপূৰ্ণ কৰিছে। চাণক্য শ্লোকৰ সাৰস্তনতে এই কিতা শ্লোক দেখা যায়। "ত্মা শৈশবাৎ জমনি বাণি! পদাৰবিদ্যু। আচ্ছাসেবিতং তৰ তথ প্রশিপত্য যাচে। চাণক্য পণ্ডিত বৰাতি মতাৰ্থ দার্থ সবগ্রকাশনবিধৌম বথোপহাস ! ৷” [ ১৮ ] { 16 } "নামাশাস্ত্রোদ্ধ তং বক্ষ্যে ৰাজনীতি সমুচ্চয়ত। সৰ্ববীজ মিদং শাস্ত্ৰং চাণক্যসাৰসংগ্রহশ্ব॥ মূলত্ৰং প্ৰবক্ষ্যামি চাণক্যেন ধোদিত। ইয়াৰপৰ বুজা যায় যে আনকোনো পণ্ডিতে চাণক্য প্রণীত গ্ৰন্থৰ পৰা সাৰ উদ্ধাৰ কৰি এই লঘু চাণক্য প্রচাৰ কৰিছে। নহলে চাণক্যে নিজে লিখি সেইদৰে কোৱা সম্ভৱ ন হয়। আাৰ শাস্ত্রীয় প্রমাণৰ পৰা ও বুজা যায় যে উৎপত্তিৰে পৰা আবম্ভ কৰি ক্রমান্বয়ে নীতিশাস্ত্র সংক্ষিপ্ত হৈ আহিছে। তাৰপৰাও অনুভব কৰিব পাৰি যে চাণক্যৰ নীতিশাস্ত্ৰৰ পৰা সাৰ উদ্ধাৰ কৰি আন কোনে দণ্ডিতে ক্ৰমান্বয়ে বৃদ্ধাচাণক্য আৰু নব্বাণনক্য প্রণয়ন কবে। তেজপুব, ক্লীযোগানন্দ দত্ত।

৪ সাহাৰ, ১৮৩৫ । [ ২০ ]

চাণক্য।

শ্ৰীশ্ৰীকৃষ্ণায় নমঃ।

জয় জয় কৃষ্ণদেৱ অনাদি অনন্ত।
পৰম পুৰুষ সদানন্দ ভগৱন্ত॥
তোমাৰ চৰণে কৰোঁ কোটি নমস্কাৰ।
হৃদয়ত থকি জ্ঞান দিয়োক আমাৰ॥
তযু কৃপা বিনে সবে মিছা পুৰুষাৰ্থ।
তযু অনুগ্ৰহ বিনে সবে হয়ে ব্যৰ্থ।
এতেকে তোমাৰ পাৱে কৰোহোঁ কাতৰ।
পদ বিৰচিবে মন কৰোঁ চাণক্যৰ॥
হৃদয়ত থাকি জ্ঞান দিয়ো প্ৰতি নিত।
বহু কথা দেখি পদ বিৰচিবোঁ চিত॥
সমস্ত শাস্ত্ৰৰ কথা কহন্ত চাণক্যে।
প্ৰস্তাৱৰ বাক্য ব্যক্ত কৰিবোঁ উৎসুকে॥
নপঢ়য় আন শাস্ত্ৰ ইহাক পঢ়য়।
তথাপিতো সিটো সভা পণ্ডিত হোৱয়॥

[ ২১ ]

অষ্টোত্তৰ শত শ্লোক কহন্ত চাণক্যে।
অৰ্থ ভাঙ্গি পদবন্ধে নিবন্ধিলোঁ তাকে।
জ্ঞানৰ সদৃশ আক জানিবা সম্প্ৰতি।
কথাৰ সদৃশ বিৰচিলা ৰাম পতি॥

প্ৰথমতে কহোঁ শুনা বিষৰ লক্ষণ। (১)
এক বিষ বহু নিদ্ৰা নাহিকে চেতনা॥
এক বিষ ৰাত্ৰিকালে কৰয় গমন।
আৰু এক বিষ জানা অজীৰ্ণ ভোজন॥
নিজে বিষ খাই মৰে নাহিকে সংশয়।
এহি পাঞ্চ বিধ বিষ জানিবা নিশ্চয়॥*


(১) বিষং চঙ্‌ক্ৰমণং ৰাত্ৰৌ বিষং বাজ্ঞোহনুকৃ লতা
 বিষং স্ত্ৰিয়োহপ্যস্তৰতা বিষং ব্যাধি ববীক্ষিতঃ
 অনভ্যাসে বিষং বিদ্যা চাজীৰ্ণে ভোজনং বিষং
 বিষং গোষ্ঠী দৰিদ্ৰস্য বৃদ্ধস্য তরুণী বিষং।
ৰি জোৱাঁ।
এক বিষ বৃক্ষ মূলে কৰন্ত শয়ন।
এক বিষ ৰাত্ৰি কালে কৰন্ত ভ্ৰমণ॥
এক বিষ বহু নিদ্ৰা নাহিকে চেতনা।
আৰু এক বিষ জানা অজীৰ্ণ ভোজন॥
নিজে বিষ খাই মৰে নাহিকে সংশয়।
এহি পাঞ্চ বিধ বিষ কহিলাঁ নিশ্চয়॥

মাধৱদাস।

[ ২২ ]

চোৰত নাহিকে সত্য নাহি দুৰ্জ্জনত। (২)
স্ত্ৰীকুলে নাহিকে সত্য নাহি চাকৰত॥*
অৰণ্য মধ্যত পুষ্প ঘ্ৰাণ মাত্ৰ পাই। (৩)
ঘোৰ অৰণ্যত আনিবৰ শক্য নাই॥
বিদুৰৰ বন্ধু ভৈলে জানা সেহি প্ৰায়।
আছে বুলি জানি তাক দেখিতে নাপায়॥
ৰূপৱন্ত গুণৱন্ত যুবত শৰীৰ। (৪)
উত্তম কুলত জন্ম পৰম গম্ভীৰ॥
বিদ্যা হীন ভৈলে তাক নকৰে প্ৰকাশ।
পলাশ ফুলৰ যেন হানি গন্ধ বাস॥
দুষ্ট ভাৰ্য্যা শঠ মিত্ৰ দুৰ্জ্জন লস্কৰ। (৫)
নাহি কন্ত উদগতি সিটো গৃহস্থৰ॥


(২) ••• ••• ••• •••
(৩) ••• ••• ••• •••
(৪) ৰূপযৌবন সম্পন্না বিশাল কুল সম্ভবাঃ
  বিদ্যাহীনা নশোভন্তে নিৰ্গন্ধাইব কিংশুকাঃ।
(৫) দুষ্টা ভাৰ্য্যা শঠং মিত্ৰং ভৃত্যশ্চোত্তৰ দায়কঃ
  সসৰ্পেচ গৃহে বাসো মৃত্যুৰেব নসংশয়ঃ।
ৰিজোৱাঁ।—
 চোৰত গৰুত সত্য নাহিকে কিঞ্চিৎ।
 বৈদ্যত নাহিকে সত্য নাহি মদাহীত॥

[ ২৩ ]

গৃহত সদায় সৰ্পে নিবাস কৰয়।
মৰিবাক লাগি তাৰ নাহিকে সংশয়॥
ভোজনক প্ৰশংসা কৰিবা জীৰ্ণ গৈলে। (৬)
নিজ ভাৰ্য্যা প্ৰশংসিবা বৃদ্ধ কাল ভৈলে॥
শস্যক প্ৰশংসা কৰা চাপিলে গৃহত।
পুত্ৰক প্ৰসংশা কৰা জিনিলে ৰণত॥
নুহিকে নৃপতি বিদ্যাৱন্ত সমসৰ। (৭)
নৃপতিক কৰিজনা বিদ্বান ভাঙ্গৰ॥
আপোনাৰ দেশে নৃপতিক পূজা কৰে।
বিদ্যাৱন্ত ভৈলে পূজা কৰয় সংসাৰে॥
তাড়ণা নভৈলে গাধা ভাৰ নবহয়। (৮)
কপট দেহিক দণ্ড কৰিতে লাগয়॥
গ্ৰাম দণ্ড প্ৰজাক কৰিতে লাগে দঁড়ি।
তেবে কাৰ্য্য সিদ্ধি হৱে উঠে ৰাজ কড়ি॥


(৬) জীৰ্ণ ময়ং প্ৰসংসীয়াদ্ ভাৰ্য্যাংচ গত যৌবনাম্
  ৰণাৎ প্ৰত্যাগতং পুত্ৰং (শূৰং) শস্যংচ গৃহমাগতম্॥
(৭) বিদ্বত্বঞ্চ নৃপত্বঞ্চ লৈব তুল্যাং কদাচন
  স্বদেশে পূজ্যতে ৰাজা বিদ্বান সৰ্ব্বত্ৰ পূজ্যতে।
(৮) ••• ••• ••• •••

[ ২৪ ]

দণ্ডিলেসে কৰ্ম্ম কৰে এহি তিনিজন।
ভালমুখে চাহিলে নিসিজে একো বন।
বিষৰ মধ্যত যদি অমৃত থাকয়। (৯)
তথাপিতো নৰে তাক আনিয়া খাৱয়॥
বিষ্ঠাৰ মধ্যত যদি সুবৰ্ণ থাকয়।
নুহিকন্ত অপবিত্ৰ আনিবাক পায়॥
নীচ সামান্যত যদি থাকে বিদ্যাগণ।
তাহাত শিথিয়া লৈব কৰিয়া যতন।
সামান্য কুলত যদি কন্যাৰত্ন থাকে।
উত্তমে আনক তাক কহন্ত চাণক্যে॥
থাকন্ত উত্তম বস্তু অধমৰ ঠাই।
নুহি অপবিত্ৰ তাক আনিবাক পায়।
দান পুণ্য নকৰে নাহিকে লজ্জা ভয়। (১০)
হৰি সেৱা নকৰয় যিটো দুৰাশয়॥
এহি পাঞ্চ গোটা কৰ্ম্ম নাহি যি জনত।
এক তিল না থাকিবা তাহাৰ লগত॥


(৯) বিষাদ প্যমৃতং গ্ৰাহ্যং অমেধ্যাদপি কাঞ্চনম্
  নীচাদপ্যুত্তমাং বিদ্যাং স্ত্ৰীৰত্নং দুস্কুলাদপি।
(১০) ••• ••• ••• •••

[ ২৫ ]

তাৰ লগে সম্ভাষন হৈবে নুহি ভাল।
তাহাক নৃপতি তেজিবন্ত সৰ্ব্বকাল॥
তেজিবন্ত আলাসি লুভীয়া যিটোজন। (১১)
কপটীক তেজিবা নাপাই তাৰ মন॥
চোৰ খট দাম্ভীকক নেদিবন্ত ঠাই।
অল্প বস্তু পাইলে তাৰ মন তুষ্ট নাই॥
নৃপতিক সেৱা কৰি বাক নাইমন।
বস্তুক লালসে সেৱে পৰম দুৰ্জ্জন॥
লাটি মুটি কৰিয়া এৰাই থাকে কৰ।
ই সবক দূৰ কৰি খেদিবা লগৰ॥
লগত ৰাখিবে ভাল মুহিকে তাহাক।
শুনা প্ৰজাগণে তেজে যিসব ৰাজাক॥ (১২)
অতি যদি উগ্ৰ ভৈল পৰম দুৰ্জ্জন।
খাইবে দিবে নপাৰে ধনক মাত্ৰ মন॥
দুষ্ট জানি প্ৰজায়ে কৰিব পৰিহাৰ।
দেশত যশস্যাহীন হোৱয় তাহাৰ॥
হৈবন্ত শীতল ৰাজা অতি গুণৱন্ত। (১৩)
সত্যক নেৰিব ৰাজা হৈবে ধৰ্ম্মৱন্ত॥


(১১) ••• ••• ••• •••
(১২) ••• ••• ••• •••
(১৩) ••• ••• ••• •••

[ ২৬ ]

দয়ালু হৈবন্ত অতি নাইব আক্রোশী ।
তাকেসে পাতিব ৰাজা পৰম আখ্যাদি॥
অতিশান্ত ধীৰমতি ভৈলে নুহি ভাল। (১৪)
তাক ভয় প্রজাৱে নকৰে একো কাল ॥
তাৰমন একোয়ে নপায়ে প্রজাগণ ।
নচাইব আপোন পৰ কৰিবে তাড়ণ॥
নামানে দুর্জ্জনে নৃপতিত লাই পায়া৷ ৷
ডাটিবে মুখত পেটে নাচাৰিবে দায়া॥
নকৰিব ভেদ বুদ্ধি সবাতে সমান ।
দুৰ্জ্জনক লাই দিলে পাই অপমান ।
নৃপতিত লাই পাইলে নকৰয় ভৰ ।
সন্তক কৰয় পীড়া নুগুছে ঝগৰ ॥
দুৰ্য্যোধনে যেন নৃপতিত লাই পায় ।
আৰু তাৰ সখা ভৈল শকুনী মমাই ॥
কর্ণ দুঃশাসনে নৃপতিত পাই আশ ।
হিংসা কৰি পাণ্ডৱক দিলা বন বাস॥
দুৰ্জ্জন বাৱণে মহেশৰ পাই আশ।
উপাৰিলা শঙ্কৰৰ পৰ্ব্বত কৈলাস॥


(১৪) ... ... ... . [ ২৭ ]

কৈকেয়ী যেহেন নৃপতিত লাই পাই।
ৰামক পঠাইলা বনে দেশৰ ডকাই॥
সূৰ্পনখা লাই পায় ৰাম লক্ষণত।
সীতাক খাই বাক খোজে ৰামৰ আগত॥
লাই পাই গোপীগণে ৰহস্যৰ বেলা।
গোপীগণে কৃষ্ণক কৰিলা অৱহেলা॥
জানিকেহো দুৰ্জ্জনক নেদিবাহা লাই।
দুষ্টৰ কাৰণে আপুনিয়ো দুখ পাই।
ভালে থাকে মানে সজ্জনক সেৱা কৰে।
ছল পাইলে সেই নৃপতিক পাৰিধৰে॥
ধনী বৈদ্য যথাত নাথাকে দ্বিজবৰ। (১৫)
ৰাজা নদী না থাকিলে নবান্ধিবা ঘৰ॥
এহি পঞ্চ না থাকিলে নৰহিবা তাত।
শুনা এবে কহিবো বিশ্বাস নাহি যাত॥
নদীত বিশ্বাস নাহি নাৱৰ লক্ষিত। (১৬)
শৃঙ্গী অস্ত্ৰধাৰীৰ নুবুজি তাৰ চিত।


(১৭) ধনিনঃ শ্ৰোত্ৰিয়ো ৰাজা নদী বৈদ্যন্ত পঞ্চমঃ
  পঞ্চ যত্ৰ ন বিদ্যন্তে তত্ৰবাসং নকাৰয়েৎ॥
(১৬) নখিনাংচ নদীনাংচ শৃঙ্গিণাং শস্ত্ৰ ধাৰিণাং।
  বিশ্বাসো নৈব কৰ্ত্তব্যঃ স্ত্ৰীষু ৰাজকুলেষুচ॥

[ ২৮ ]

ৰাজাত ভাৰ্য্যাত কেহো নকৰি বিশ্বাস।
ইটো ছয় আপোন নুহিকে নপায় আশ॥
ইসবৰ কদাচিতো নাহি আত্মা পৰ।
শুনা আৰু পাশ নাচাপিবা যিসবৰ॥
হস্তীৰ ওচৰ নাচাপিবা একোনৰ। (১৭)
দেখিলে সহস্ৰ হাত হৈবাহা অন্তৰ॥
শত হাত অন্তৰ হৈবাহা ঘোটকৰ।
দশহাত অন্তৰ হৈবাহা বৃষভৰ॥
দুষ্টে আক্ৰমিলে এৰিবাক লাগে দেশ।
শুনিযো যাহাত লৈবা গুণ উপদেশ॥ (১৮)
সিংহ বকে দুই গুণ ককুৰাত চাৰি।
কাউৰত পাঞ্চগুণ লভিবা বিচাৰি॥
কুকুৰত ছয় গুণ গৰ্দ্দভত তিনি।
শুনিয়ো সবাৰে গুণ কহো ভিন্নি ভিন্নি॥
অলপ কাৰ্য্যক নৰে কৰিব সত্বৰ। (১৯)
জাৰ শীত উষ্ণ বুলি আলাস নকৰ॥


(১৭) হস্তী হস্ত সহশ্ৰেণ শত হস্তেন বাজিনঃ
  শৃঙ্গিণো দশহস্তেন স্থান ত্যাগেন দুৰ্জ্জনঃ।
(১৮) সিংহাদেকং বকাদেকং ষটগুনঃ ত্ৰীনি গৰ্দ্দভাৎ।
  বায়সাৎ পঞ্চশিক্ষেত চত্বাৰি কুক্কুটাদপি।
(১৯) প্ৰভূতমল্পং কাৰ্য্যং বা যো নৰঃ কৰ্ত্তুমিচ্ছতি
  সৰ্ব্বাৰন্তেণ তৎকুৰ্য্যাৎ সিংহাদেকং প্ৰকীৰ্ত্তিতম্।

[ ২৯ ]

শীঘ্ৰে কৰ্ম্ম কৰিবেক নকৰি বিশ্ৰাম।
সিংহত শিখিবে গুণ এহিসে উত্তম॥
যদি শক্ৰগণক জিনিবে মন থাকে। (২০)
নুহি তেবে আন কোন কৰ্ম্ম কৰিবাকে॥
কৰিবাক নপাৰিলে চৰ্চ্চায়ো নকৰি।
ছলক চাহিয়া থাকিবন্ত ধৈৰ্য্য ধৰি॥
বলে যেন চুম্পি থাকে ছলমাত্ৰ চই
ঠোটে ধৰি মাৰে মংস্য এৰন নাযায়॥
এহি মতে নৰে কৰিবেক কৰ্ম্ম গণ।
বগৰ এহি সে গুণ পৰম শোভণ॥
এবে চাৰি গুণ কহো শুনা কুকুড়াৰ। (২১)
নাখাই কাহাকো এৰি পুত্ৰ পৰিবাৰ॥
প্ৰভাতে উঠিয়া বোলে সূতৰ বচন।
দুই পায়ে আঞ্চুৰিয়া কৰয় ভোজন॥
কুকুৰাত চাৰি গুণ জানিবা সকল।
প্ৰভাতে উঠিয়া বাক্য বুলিবা কোমল॥


(২০) সৰ্ব্বেন্দ্ৰিয়ানি সংযম্য বকবৎ পণ্ডিতো জনঃ
  দেশ কালোপ পন্নানি সৰ্ব্বকাৰ্য্যানি সাধয়েৎ।
(২১) যুদ্ধংচ প্ৰাতৰুত্থানং ভোজনং সহ বন্ধুভিঃ
  স্ত্ৰিয়মাপদ্গতাং ৰক্ষেৎ চতুঃ শিক্ষেত কুক্কুটাৎ।

[ ৩০ ]

যদি কোন বস্তু আসিহোয়ে উতপন্ন।
ভাৰ্য্যা পুত্ৰে বিবৰ্ত্তিয়া কৰয় ভোজন॥
যদি কৰ্ম্ম কৰন্তা থাকয় বহুজন।
তভোনৰে কৰ্ম্ম কৰি কৰয় ভোজন॥
এহি চাৰি গোটা গুণ হৈব পুৰুষৰ।
এবে পাঞ্চ গুণ কহো শুনা কাউৰৰ॥
গুঢ় মৈথুনক তাৰ নজানয় আনে। (২২)
ধাতুৰ্ব্বাদ কৰি যিবাৰ কাৰণে॥
পাচক লাগিয়া সাঞ্চি থৱয় গুধূলি।
আগ পাচ চাই ফুৰে মুকলক বুলি॥
শীত উষ্ণ বুলিয়া আলাস নকৰন্ত।
সভয়ে ডৰুক জাতি নুহি দম্ভৱন্ত॥
পৰম চতুৰ বুদ্ধিমন্ত যিটোজন।
কাকত শিখিয়া লৈব কৰিয়া যতন॥
এহি ভাৱে কৰ্ম্ম কৰিবেক যতনৰ।
এবে চয় গুণ কহোঁ শুনা কুকুৰৰ॥


(২২) গূঢ়ং চ মৈথুনং ধাৰ্ষ্ট্যং; কালে কালে চ সংগ্ৰহম্
  অপ্ৰমাদ মনালস্যং পঞ্চশিক্ষেত বায়সাৎ।

[ ৩১ ] বিস্তৰত আাশাঁ অলপতে হয়ে তুষ্ট । (২৩)

পাৰে যদি ভোজন কৰয় হৃষ্ট পুষ্ট ॥ নপালেয়ো মনত নাহিকে অপমান। পৰিলে অসেনিদ্র। লগতে চেতন ৷ গৃহস্থৰ ভক্ত একো বচন নবাধে। পাৰে বা নোৱাৰে যেই বোলে তাকে সাধে ॥ নাহিকে কোমল বাক্য স্বভাবে দুৰ্জন । আত্মাত নাহিকে সত নুবুজিয়া মন । জাতিত অধম পশু জ্ঞানত বিস্তৰ । ভালক নোচোৱে জানি নপসয় ঘৰ ॥ এহি ছয় গোটা গুণ হৈব কুকুৰৰ " + এবে তিনি গুণ কহো শুনা গর্দভৰ ॥ (২৩) বস্থাশী স্বল্প সন্তুষ্টমুনিদ্ৰঃ শীঘ চেতনঃ প্রভুভক্তশ্চ মূৰ জ্ঞাতব্যাঃ ঘই শুনো ওলাঃ অন্তত নাহিকে ৰতি মুৰুজ মন। —-পাঠান্তৰে ওপৰঞ্চি এহি ছ: গোটা গুণ জানা মমুঘ্যব। পৰমচতুৰ বুদ্ধিমন্ত যিটো নৰ ॥ অন্নত্তে সঙ্কোষ হোৱে নোখোজয় তাল । অল্প নিজা হৈব জানিবস্তু তত্বকাল ॥ [ ৩২ ] অবিশ্রান্তে আপোনাৰ কৰ্ম্মক কৰিব। ২৪ উৎ শীত বুলিয়া আলাস নকৰিব ॥ অল্প কৰ্ম্ম হোক মুহি কৰোক ডাঙ্গৰ । এহি তিনি গোটা গুণ হৈব গর্দভৰ । সভা মধ্যে নোশোভন্ত অপবিত্ৰ ঠগ। (২৫) পণ্ডিতৰ লগে যেন হংস মধ্যে ৰথ । সভাৰ মধ্যভ তাক শোভা নকৰত্ন । মাতা খৈৰী পিতা শক্ৰ বুলিয়া নিশয় ॥ চিন্তাৰ সমান আৰ নাহি পুৰুষৰ-(২৬) মৈথুন কালত স্বৰ জানিবা অশ্বৰ । ৰাজসেৱা কৰিব দেন্যতা কেন কৰি। আজ্ঞা বাণি কৰিনু হেলা পৰিহৰি । হৈবও দকণ আতি কটুৰ বচন। সমকে ভৰাই তাক তুযুক্তস্তশন ॥ (e) অবিশ্ৰামং বহেস্বভাৰং শীতোষ্ণ চমৰিকতি সসথেযরথ নিত্যং ত্রীনি শিক্ষেত গল্পগৎ । (২৫) মাঠ শক্রঃ পিতা ঘৈৰী যেন বালো ন পাঠিতঃ ন শোভতে সভামধ্যে হুমমধ্যে বকো যথা । (ই~) চিভ অৰে মহ্র্যানাং বঙ্গাণামাতপো দঃ

অসৌী হাঁগ্যং হৰঃ বীনামস্থানাং শৈখুন আর [ ৩৩ ]

স্বামীত অসূৱা নাৰী সমস্তৰে জ্বৰ।
ৰৌদ্ৰত শুখাইলে জ্বৰ জানিবা যন্ত্ৰৰ॥
চিন্তাবান্ পুৰুষ নিজীয়ে বহুদিন।
ঘুৰীৰ সংসৰ্গে ঘোৰা বল হবে হীন।
স্বামীত অসূয়া নাৰী হবয় মলিন।
যাৰ যৈত গতি কহো শুণা ভিনে ভিন॥
নাৰীৰ নাহিকে গতি স্বামীত অপৰ। (২৭)
সমস্ত নদীৰ গতি জানিবা সাগৰ॥
মনুষ্যক পীড়া যদি কৰে শক্ৰগণে।
তেবেগতি নাহি জানা নৃপতিত বিনে॥
পণ্ডিতৰ বচন জানিবা বেদসম। (২৮)
মূৰুখে নজানি তাক বোলয় অধম॥
তেনয় মুৰুখে যদি কহয় অপাৰ।
তথাপিতো জানা পণ্ডিতৰ কথা সাৰ॥
ব্ৰাহ্মণ হৈবাৰ ফল বেদক জানিলে। (২৯)
কুলৰ জানিবা ফল শাস্ত্ৰক মানিলে॥



(২৭) ... ... ... ..
(২৮) ... ... ... ...
(২৯) ... ... ... ...
.

[ ৩৪ ] ( ১৫ )

পুত্ৰ ভৈলে ফল ধৰে নাৰী সমস্তৰ। লাচিাৰি খাই ফল জানিব৷ ধনৰ । উপকাৰী জনক কৰিতে লাগে ভাল । (৩০) শক্ৰ সমে মিত্রেত। নাহিকে একো কাল । শক্ৰক নেৰিব। দ্বন্দ কৰিবা বিস্তৰ । ধনবিত ভৰি কথা কৰিয়ো ওপৰ । ভৰিত নিদিলে হাত ধোৱন নাযায় । কাটাত নিদিলে কাটা কাঢ়ন নাযায়। কাচা মৎস্ত্য মাংস খ্রত খাই যিবা নৰে ॥ (৩১) যুবা নাৰী সমে যিটো অলপক কৰে উফোদক ভুঞ্জয ভোজন কৰে ক্ষীৰ৷ গাছৰ তলত স্বস্থ কৰয শৰীৰ । এহি ছয় বিধে প্রণি শী তল কৰয় । শুনিয়ো যিসবে কবে প্রাণৰ সংশয় । () উপকাৰ গুজীতেন শত্রুনা শক্রমূদ্ধৰে । পাদলগ্নকৰন্থেন কণ্টকেনৈব কণ্টকম্ ॥ (৩) সথো সাদং নবান্নংচ বালান্ত্রী ক্ষৗৰ ভোজনং ঘু স্ত স্বৰধ্বদিকঞ্চৈব সন্তঃ প্রাণ কৰাfশ্যই। [ ৩৫ ] ( ১৬ ) বৃদ্ধা নাৰী সম্ভোগ গুখীন মাংস খায়। (৩২) কাঞ্চি দৈ ভুঞ্জে জাগৰোঁ ফ্রক পুহায় ॥ যিটো জনে প্ৰভাতে মৈথুন নিদ্ৰা কৰে। এহি ছদ্মে মনুষ্যৰ সদ্যে প্রাণ হৰে । মনুষ্যৰ মিত্ৰৱতী নাহিকে ৰজাত। (৩০) নহুিক ও মিত্ৰৱতী চোৰ খলুৱাত ৷ সৰ্পসমে মিত্ৰতা কৰিবে নুহি ভাল । ইটাৰিত মিত্ৰতা নৰহে চিৰ কাল । অৰণ্য মধ্যত পুষ্প আছে এক ভাল । (৩৪) সুগন্ধিকা পুষ্প ফল দেখিবাক ভাল ৷ তাৰ গদ্ধে আমোদিত যত তৃণ বন । বংশত গুপুত্ৰ ভৈলে ৰাখে জ্ঞাতিগণ ॥ একপুত্ৰে জানন্দ কৰয় সমস্তৰ। শুনিয়োক যেন গুণ কহে। কুপুত্ৰৰ ॥ (৩২) শুদাং মাংসং স্ত্ৰিয়ো বৃদ্ধা বালাক তৰুণং দধি প্ৰভাতে মৈথুনং নিত্ৰ সন্থঃ প্রাণ হৰাণি ৰক্ট । (৩৩) না । . (৩৪) একে নাপি সূৰ্যক্ষেণ পুস্পিতেল সুগন্ধিনা বাস্যতেত বনং সৰ্বং সুপুত্ৰেণ কুলং যথা । • [ ৩৬ ] ( ১৭ ) কুৰুক্ষ এক ভাল আছন্তু বনত । (৩৫) ওপজয় হুতাশন তাৰকোটত ॥ সেহি অগনিত লাগি পোৰে সব বন। # কৃবৃক্ষৰ লগে জান বৃক্ষৰ মৰণ । চোৰ ডকা দেই ব্ৰাহ্মণৰ বিত্ত হৰে । আপুনি পাপত পচে বংশ নাশ কৰে ॥ ৭ বিদ্যাৰ সমান বন্ধু নাহি স্বৰূপত । (৩৬) ব্যাধিৰ সমান শক্ৰ নাহি সংসাৰত n পুঞ্জৰ সমান স্নেহ নাহি ৰবিতলে । কদাচিতো অাশ। নকৰিবপৰৱলে t পৰক কৰিলে জ!শ পাই অপমান । শুনিয়ো যিলৰ বস্তু বিশ্বৰ সমান ॥ (৩৫) একে নাপি কুবৃক্ষেণ কোটছেন বরিনা দহতে তই নং সৰ্বং কুপুত্ৰেণ কুলংঘথ।। ( ৩৬) নচ বিস্থা সহো বন্ধুঃ নচব্যাধি সমো ৰিপু নচাপত্য সমঃ মেহঃ নচ দৈবাৎ পৰং বলং। তাৰ অগনিয়ে লাগি পোৰে সব বন । -পাঠান্তৰে ।= ওপৰঞ্চি. , বংশত পুত্ৰ ভৈলে জানা সেহি নয়। তাৰ অপযশে সব বংশক পাৰয় । -গাধৱ দাস । [ ৩৭ ] { ১৮ ) কৰিবে নোৱাৰে বিদ্যা বোলে শিথিবাক (৩৭ বিষত অধিক বিদ্যা বুলি মানে জt ৪। বিষত অধিক পঢ়িবাক নাই মন । তাহাত অধিক বিষ অজীর্ণ ভোজন ॥ দৰিদ্ৰৰ পুত্রে বিষ মনে থাকে গুণি । তাহাত অধিক বিষ বৃদ্ধৰ তৰুণী ॥ যাহাৰ ঘৰত নাই পণ্ডিতৰ নাম। (৩৮) তাৰ বহুশাস্ত্র থাকিবাৰ কোন কাম । যেন অন্ধকৰ তাৰ নাহিকে লোচন। সিটো কি কাৰ্য্য লাগি লৈবেক দৰ্পণ ॥ ব্ৰাহ্মণ সবৰ গুৰু জানা হুতাশন । (৩৯) সমস্ত জাতিৰ গুৰু জানিবাব্ৰাহ্মণ । ভাৰ্য্যাৰ নহিক গতি বিনে নি জপতি । সমস্ত জাতিৰ গুৰু জানিব। অতিথি । (৩৭) ছধিতা বিষং বিস্তা অজীৰ্ণে ভোজনং বিষং বিষং গোষ্ঠি দৰিদ্ৰতা বৃদ্ধাস্য তৰুণী বিষমৃ । (৩৮) স্বল্য নাস্তি নিজ প্রজ্ঞা শাস্ত্ৰং তস্য কৰোতি কিম লোচনাt ভ্যাtং বিহীনস্য দর্পন: কিং কৰিষ্যতি । (৩৯) গুৰু ৰস্মি দ্বিঙ্গাতীনাং বর্ণানাং ব্রহ্মণোগুৰু:

পতিৰেকো গুৰু ফ্ৰীনাং সৰ্ব্বত্ৰাভাগতো গুৰুঃ। [ ৩৮ ]

ঘৃতৰ কলস যেন সমস্ত কামিনী। (৪০)
যুৱত পুৰুষ সব জলন্ত অগণি॥
নাৰীয়ে পুৰুষে যদি হোৱে একস্থান।
সম্ভোগ নভৈলে তাৰ নাহি পৰিত্ৰাণ॥
নাৰীৰ পৰশে মন ৰাতুল বৃদ্ধৰ।
ঘৃত অগনিৰ তাৰ সেহি পটন্তৰ॥
নিজ তনয়ক পিতৃ কৰিব আদৰ। (৪১)
প্ৰাণসম দেখিবেক পঞ্চম বছৰ॥
পাচে দশ বছৰ দেখিব শক্ৰ প্ৰায়।
ষোড়শ বছৰে থাকিবেক যেন ভাই।
ওঠৰ বছৰ ভৈলে নামানে বচন।
কতো ভাল হোৱে কতো হোৱয় দুৰ্জ্জন॥
আদৰ কৰিলে নিজ পুত্ৰ হহে নীচ। (৪২)
তাড়না না পাইলে বিদ্যা নিশিকন্ত শিষ্য॥


(৪০) ধৃত কুম্ভ সমা নাৰী তপ্তাঙ্গাৰ সমঃপুমান্
 তস্মাদ্ ঘৃতং চ বহ্নিং চ নৈকত্ৰ স্থাপয়েদ্ বুধঃ।
(৪১) লালয়েৎ পঞ্চবৰ্ষানি দশ বৰ্ষানি তাড়য়েৎ
 প্ৰাপ্তেষু যোড়শেবৰ্ষে পুত্ৰে মিত্ৰ বদাচৰেৎ;
(৪২) লালনে বহবো দোষাস্তাড়নে বহবো গুণাঃ।
 তস্মাৎ পুত্ৰং চ শিষ্যং চ তাড়য়েন্নতু লালয়েৎ॥

[ ৩৯ ]

শিষ্যক পুত্ৰক ভাল কৰিব যিজন।
কৰিব তাড়না তাক নকৰি লালন॥
এহিমতে ভাল মন্দ শিষ্যৰ পুত্ৰৰ।
শুনিয়ো প্ৰমান কহোঁ অধম মিত্ৰৰ।
পাচত অনিষ্ট চিন্তে আগে চিন্তে হিত। (৪৩)
কুমন্ত্ৰনা দিয়া লাৰিবাক চাৱে চিত্ত॥
সেহিটো অধম মিত্ৰ নপাই তাৰ চিত।
বিষ কলসৰ যেন মুখত অমৃত॥
কুমিত্ৰত বিশ্বাস নাই নাপাই তাৰ মতি। (৪৪)
কুভাৰ্য্যাৰ লগে তাৰ হৰাইব সুৰুতি॥
দুষ্ট ভাৰ্য্যা সমে প্ৰীতি নাহি একো কাল।
শুনিয়ো যিসব বস্তু নুহিকন্ত ভাল॥
বস্ত্ৰ নাহি অলঙ্কাৰে নকৰে শোভন। (৪৫)
দধিঘৃত না থাকিলে আসুৰী ভোজন॥
নাৰীৰ নাহিকে স্তন সৰ্ব্বাঙ্গে সুন্দৰী।
তিনিয়ো নুহিকে ভাল থোৱা দূৰ কৰি॥


(৪৩) পৰোক্ষে কাৰ্য্য হন্তাৰং প্ৰত্যক্ষে প্ৰিয়বাদিনং
 বৰ্জ্জয়েদ্ যত্নতো বন্ধুং বিষকুম্ভং পয়ো মুখম্।
(৪৪) ... ... ... ... ...
(৪৫) বস্ত্ৰহীন স্তলঙ্কাৰো ঘৃত হীনঞ্চ ভোজনং
 স্তন হীনাচ যানাৰী দুৰতঃ পৰি বৰ্জ্জয়েত।

[ ৪০ ]

আপোনাৰ ঐশ্বৰ্য্যক নথবা পৰত। (৪৬)
ভাৰ্য্যাক নথবা কেহো পৰৰ ঘৰত॥
গৰু সব নষ্ট হৱে পৰ গৃহে থৈলে।
ব্ৰাহ্মণ হৱয় নষ্ট পৰগৃহে খাইলে॥
সমস্তত খাইলে দ্বিজ অধম হৱয়।
শুনা যি কাৰ্য্যত নকৰিবা লাজ ভয়॥
ধনধান্য আৰ্জ্জিয়া পাৱয় যিবা সাজ। (৪৭)
শিখিবা অনেক বিদ্যা নকৰিবা লাজ॥
আহাৰে বিহাৰে লাজ ভাৱ নুযুয়ায়।
ছলে বলে আনিবা বৰ্ত্তিবা খুজি খায়॥
অবংশত ৰাজা যদি হৱে এক জন। (৪৮)
দৰিদ্ৰ সকলে যদি পাৱে বহু ধন॥
মুৰুখৰ বংশে যদি হৱয় পণ্ডিত।
পৃথিবী নধৰে আতি তিনিৰ ফষ্টিত॥
বোলয় আমাৰ সম নাহি ত্ৰিভুবনে।
সমস্তকে তৃণ সম দেখে তাৰ মনে॥


(৪৬) ... ... ... ...
(৪৭) ধনধান্ত প্ৰয়োগেধু বিদ্যামভ্যসনেষুচ
 আহাৰেচ বিহাৰেচ ত্যক্ত লজঃ সদা ভবেৎ।
(৪৮) অবংশ পতিতো ৰাজা মুৰ্খপুত্ৰস্ত পণ্ডিতঃ
 নিৰ্দ্ধনোহপি ধনং প্ৰাপ্য তৃণবন্মন্যতে জগৎ॥

[ ৪১ ]

সৰ্ব্বকালে যিটো ৰাজা হৱে ধনৱন্ত। (৪৯)
সৰ্ব্বকালে যাৰ বংশে পণ্ডিত হৱন্ত॥
তাসম্বাৰ দম্ভদৰ্প নাহিকে মনত।
ইহাৰ দৃষ্টান্ত আচে লৈয়োক মৎস্যত॥
অগাধ জলৰ মাজে ৰৌমাছ থাকে। (৫০)
ডেৱভাম্ফি কৰন্তে দেখিছে কোনে তাকে॥
থাকে যদি পুথিমাছ আঞ্চল জলত।
তাতে তাৰ ডেৱা ডেই আনন্দ মনত॥
অধম উত্তম ভৈলে কাহাকো নাচান্ত।
শুনা সৰ্ব্বজনে আক দেখিয়োঁ দৃষ্টান্ত॥
কুৱা পঙ্কজল বেঙ্গে কৰয় ভোজন। (৫১)
তাতে তাৰ মক মকি গৰ্ব্বিত বচন॥
শুনা সৰ্ব্বজনে আক নকৰিবা হেলা।
কৰিবাক লাগে আক প্ৰস্তাৱৰ বেলা॥
হোৱে সভাপণ্ডিত নাহিকে অন্যয়থা।
বিৰচিলা ৰামপতি চাণক্যৰ কথা॥


(৪৯) ... ... ... ... ...
(৫০) অগাধ জলসঞ্চাৰী বিকাৰীনচ ৰোহিতঃ
 অঙ্গুষ্ঠ জল মাত্ৰেন সফৰী ফৰফৰায়তে।
(৫১) দিব্যচুত ৰসং পিত্বা নগৰ্ব্বংযাতি কোকিলঃ
 পিত্বা কৰ্দ্দম পানীয়ং ভেকোমক মকায়তে।

[ ৪২ ] ________________

আছে বহু কথা আক শুনা যত্ন কৰি।। পাপ নষ্ট হোক ডাকি বোল। হৰি হৰি। দুলৰী। গুণবন্ত চাই অাপোন প্ৰজাই | পাতিৰে সবে প্রজাক। শুনা কৌতুহলে নৃপতি সকলে লগত ৰাখিব যাক | এত কুলৱন্ত। হৈব গুণ (৫২) ভাৱে অতি গম্ভাৰ । সত্য ধম্ম সত। | সব জানিবস্তু দয়া- হেবন্ত থিৰ । পাঞ্চিলে কৰ্ম্মক কন্তু মৰে নকৰি মনে অালস। সহ সে জনক । নৃপতি সকলে অনি চপাইবেক পাশ ! দয়াবন্তু অতি সুথিৰ হৈবন্তু। (৫৩ জানিৰে ধৰ্ম্ম কস্মক। [ ৪৩ ] ( ২৪ ) সমস্ত কাৰ্য্যত সূচক হৈবন্ত। বুজিবে সবে অর্থক ॥ কথা সুধিবাক নহৈব আলাস সবাতে সমান মতি । দগু অ্যা ধকাৰী। সেহিটো জনক পাতিবেক নৰপ পত { ইঙ্গিত অ৷ কাৰে। কাৰ্য্য বুজিবেক (৫৪) হৈব {কছু বলৱন্ত । নৃপতি ক যিটো হিত মানি মনে সদীয় সেৱা কৰন্ত । পঞ্চি লে ক স্মক অলাস ন কৰে। সাfধ আসে প্ৰতিনিত । নৃপতি সকলে পঞ্চিবা ক ল (fগ সেহি সে দূত উচ্চত্ত ॥ ধনু আদি কৰি। খড়গ চৰ্ম্ম গদা (৫৫) সমস্ত ক ঘিটে। উনে। (৫৪)দৃতং চৈব প্রতি সকৰ্কশাস্ত্ৰ বিশাৰদম, ইদিছাঁকাষ চেষ্টজং গুচিং দক্ষং কুলোদগতং । (৫৫) গঙ্গশ্বৰথ চ{্যান্য শিক্ষিতং সুজিতক্রম খজগ যুদ্ধ নিযুদ্ধেষ্ণু শীব্ৰং চঙ,কমলক্ষ্য বাহত বিধানফ্ৰাঃ ফফাৰ বিশেষবিৎ ৰাজ্যে সেনাপতিঃ কাৰ্য্যো ভ্ৰমণ কৱিয়ো ইথবা = ~ পর= r = [ ৪৪ ] ( ২৫ ) হস্তী ঘোৰ উট গৰ্বত মহিম্ব চৰিব সব বাহনে ৷ অ’পোন প্ৰ কত দয়ালু হৈবন্ত শঙ্ক ত সমান প্ৰীতি । ¥ সেহিটো জনক নৃপতি সকলে। পাতিবেক সেনাপতি ॥ পিতৃ সমহিত কৰি ঘিণে জনে (৫৬) শাস্ত্ৰ নীতি হানিৱন্ত । নানাবিধ ঠান শৰৰ শয়ন কন্ধিাক নিৰন্ত ॥ আপুনিয়ো শুদ্ধ হৈব কুলৱন্ত জবি এচ বিচাৰ । সেহিটো জন ক নৃপতি সকলে। পাতিবেক সপকাৰ ॥ সমতাবুজিয়। ব্যৱস্থাক দিয়া (৫৭) জামিব বস্তু থৈবাক । শক্ৰত কৰি নমাতি—পাঠাৰে। (৫৮) পুত্ৰ পৌত্ন গুণোপেতঃ শাস্ত্রকে মিষ্ট গাচৰঃ শূৰ্য কুলীনশ্চৈব সুপকাৰঃ সউচ্যতে

(৫৭) .. ... ... ... [ ৪৫ ]

মানুষ চিনিয়া   দিবাক জানিব
  ন লাগে যেন হৈবাক॥
লুভীয়া কূঠীয়া   চোৰ নহৈবেক
  হৈব আতি শুদ্ধমতি।
বস্তু অধিকাৰী   তাহাক ভাণ্ডাৰী
  পাতিব তাক নৃপতি॥
সুন্দৰ শৰীৰ   লাৱন্য হৈবেক (৫৮)
  শুদ্ধ সত্ব হৈব অতি।
নিয়ম আচাৰ   সমস্ত জানিব
  হৈবেক উত্তম জাতি॥
প্ৰস্ৰাব কৰিয়া   জল আচাৰিয়া
  হাত ধুই বান্ধিব চুলি।
কুটনাট মন্ত্ৰ   একো নজানিব
  সেহিটো ৰাজ তামূলী॥
ঠাক ঠিক চাই   মৰন জীবন
  কহিবেক পাৰিবেক।
মন্ত্ৰ তন্ত্ৰ নানা   ঔষধ প্ৰকাৰ
  অসংখ্যাত শিখিবেক॥


(৫৮) আয়ুৰ্ব্বেদ ক্কৃতাভ্যাসঃ সৰ্ব্বেষাং প্ৰিয়দৰ্শনঃ
 আৰ্য্যশীল গুণোপেত এষ বৈদ্যো বিধীয়তে।

[ ৪৬ ]

প্ৰাণী উপকাৰ   ধৰ্ম্মক জানিবে
  নকৰিব বহু গৈদ্য।
আপোনাৰ গুণ   গুৰুক নেৰিব
  সেহি সে ৰাজাৰ বৈদ্য॥
সমস্ত শাস্ত্ৰৰ   তত্ত্ব জানিবেক (৫৯)
  জপ হোম কৰে নিত।
আশীৰ্ব্বাদ কৰে   নিতে যিটো জন,
  সেহি ৰাজ পুৰোহিত।
ৰাজনীতি কথা   নৃপতি সবৰ
  কহিলোহো এহিমান।
অন কথা যেবে   কহো শুনিয়োক
  বিদ্যাৰ যেন প্ৰমান॥
ডাহিন পাৱক   আগে থাপিবেক (৬০)
  পাচে দিবে বাম পায়।
যিটো বুদ্ধিমন্ত   আগ পাচগুণি
  চলিবেক এহি ভায়॥


(৫৯) বেদ বেদাঙ্গ তত্ত্বজ্ঞো জপ হোম পৰায়ণঃ
 আশীৰ্ব্বাদ বচোযুক্ত এষ ৰাজ পুৰোহিতঃ।
(৬০) চলত্যেকেন পাদেন তিষ্ঠত্যেকেন বুদ্ধিমান্।
 শা সমীক্ষ্য পৰং স্থানং পূৰ্ব্বমায়তনং ত্যজেৎ॥

[ ৪৭ ]

পাখা নেখেলাবা   ধাৰে নিদিবাহা
  নামাতিবা পৰনাৰী।
কহিলো নিশ্চয়   জানিবা তেবেসে
  মিত্ৰতা ৰাখিবে পাৰি॥
এহি তিনি কৰ্ম্ম   কৰিলে জানিবা
  দুইৰো দুই হবে মন্দ।
কাহাৰো পীৰিতি   কাহাতো না থাকে
  লাগে অপ্ৰয়াসে দ্বন্দ॥
দাতাত মাগিলে   শুভিক্ষা মিলয় (৬৫)
  বিস্তৰ দিবাক পাৰে।
দৰিদ্ৰত যেন   দৰিদ্ৰে মাগিলে
  দুখ মাত্ৰ আপোনাৰে॥
সুখৰ মধ্যত   আৰোগ্য সমান (৬৬)
  আন কিছু সুখ নাই।
যদি ধন ৰত্ন   থাকে অসংখ্যাত
  সবেয়ো থাকন্ত চাই॥
নাৰী সকলৰ   স্বামী বিনে সুখ
  আন নাহি আত পৰে।


(৬৫) ... ... ... ... ... ...
(৬৬) ... ... ... ... ... ...

[ ৪৮ ] ( ৩১ )

আার্জিত বস্ত ক ভুঞ্জিবাক পাইলে (৬৭) সমস্তে আনন্দ কৰে ৷ যি সব দেশত নাহিকে সন্মান নকৰন্ত সত কৰ । মিঃ নাহিকন্তু, বাস্কৰ নাহিকে বন্ধুগণ সাপোনাৰ । একে। বিদ্যা যদি দেখিবে ন পাৰে, অসিবে ক পৰিহৰি । খুজিয়ো নাপায় বান্ধব নাহিকে জীবো তাত কেন কৰি ॥ পণ্ডিতক নিন্দি । মুকথ কদেই (৬৮) তাক দানী বুলি হত । হতষজ্ঞ বুলি দান নকৰয় দক্ষিণা নাহিকে যাত ॥ ৰূপৱতী কন্যা স্বামী নাহি কত্ত হাহাক বোলন্ত হত । - ** = = (৬৭) যস্মিন্ দেশে ন সন্মানো ন প্রীর্তিনচবান্ধবঃ নচ বিকাগমঃ কন্টিতদেশ পবিবর্তয়ে ।

(ঙ্ক৮) ... ..ন। ... ... [ ৪৯ ]

ইতিনি নভৈলে   তিনিৰো দুখৰ
  বুজিমাত্ৰ লয়ো তত্ত্ব॥
ব্যেশ্যা সকলৰ   শক্ৰ নাহি কন্ত (৬৯)
  সবাতে সমান চিত।
মুখতেসে মাত্ৰ   অহিত চিন্তয়
  হৃদয়ে চিন্তয় হিত॥
বেশ্যা সকলৰ   নিতে নিতে যেন
  আন পুৰুষক মন।
গৰু সবে যেমন   বিচাৰি ফুৰয়
  নিতে নিতে নব বন॥
অ’পোনাৰ নিজ   বৃত্তিসে শোভন * (৭০ )
  জানিবাহা পুৰুষৰ।
ফুলিলে সে জানা   শোভন হৱয়
  বৃক্ষলতা শুভকাৰ॥
সমস্ত জাতিৰ   বৃত্তিসে শোভন
  জানিবা আক সম্প্ৰতি
নাৰী সকলৰ   জানিবা ভূষণ
  থাকে যদি নিজ পতি॥


(৬৯) ... ... ... ... ... ...
 চৰিত্ৰ ভূষণ−− পাঠান্তৰে।−−−
(৭০) ... ... ... ... ... ...

[ ৫০ ] ৩৬ }

সবে পৰ্বতত মানি ক না থাকে (৭১)। কোনো পৰ্বতত থাকে। সমস্ত হস্তীত মুকুতা না থাকে নিশ্চঃ জানি না তাকে ॥ সকল ব্রাহ্মণ সাধু নুহিকন্ত। অাছে কতো থাtন ধানে। কতোহে। বনত চন্দন থাকন্ত নথাক ন্ত সব বনে ॥ পাঞ্চলেসে জানি ভূতৰ লক্ষণ (৮২) কেনে মতে সেৱা কৰে । ব। ঙ্ক ৱৰ চিম জা পদত পায় এবে কিবা চাপি ধৰে ॥ নিদান কালত মিত্ৰৰ প্রমান ভাল মন্দ বুজি পায় । দৰিদ্ৰ কালত ভাৰ্য্যাৰ প্ৰমাণ। থাকে বা এৰিয়া যায় । (৭১) শৈলে শৈণে নমাণিক্যং মৌক্তিকং ন গজে গজে। সাধবো নহ সৰ্ব্বত্ৰ চলো ন বনে বনে । (৭২) জানীয়া প্লেষণে ভৃত্যানু বান্ধধান ব্যসনাগণে। মিত্রং চাপসি কার্লেচ ভাৰ্য্যাং বিভগয়ে। [ ৫১ ] ৩৪ ) অতি মৃদু ভাৰ ভৈলে নুহি ভাল,(৭৩) কেহো তাক ন উৰাই । যেন কুহিয়াৰ তিতা কেছা নাই মিঠা পায় সবে খায় ॥ কদলী বৃক্ষ ক চিলা কেসে যেবে চম্বা লেয়ো মাৰে ঘাৱ । যেহেন শি লক ডাঙ্গৰে না কটে বোলে জানো ভাঙ্গে দাৰ ॥ সাধু সমস্তেয়ো ধৰ্ম্মকে সে চিন্তে (৭৪) আহাৰ ক নিচিন্তয় । অহাৰ জাসিয়৷ অগে দেখা দে ই মনুষ্য পাছে হয় । মাতৃৰ গৰ্ভত যেতিয়া থাকয় আগে দেখা দেই স্তন । (৭৩) ... ... ... ... হীন পুৰুষক নাহিকে অপেক্ষা ভালমুখে নেদে মাত । ইহাৰ কাৰণ কছে শুনিয়োক দেখিয়া আছা সাক্ষাত–মাধৱদাস। ৭ে৪) গন্থতুষঃ পুৰ্বং বৃত্তিং কল্পিতৰা পয়ঃ শেষ বৃত্তি বিধানাল্প সকিংনুপ্তোইথবা মৃত্তঃ । [ ৫২ ] ( ৩৫ } মনুষ্যত কৰি আহাৰে সে আগ জা নবা নিষ্ঠ বচন ৷ নিলাঁৰ বল । নৃপতি সকল (৭৫) কান্দিলে বল শিশুৰ । যুৰখৰ বল নমাতি থাকিলে নিৰ্ভয়ে + বল চোৰৰ । ঝণৰ শেষক " ব্যাধিৰ শেষক (৭৬) । শক্ৰৰ ন থৈব শেষ। অলপ থাকি লে বিস্তৰ হয় গুছাইব। তাক নিশেষ । ব্ৰেহ্ম বধী জন পূজিত হবন্ত (৭৭) যদি থাকে বহু জন । =====- - - - - - - - - - - -

==[সম্পাদনা কৰক]

(৭৫) ছঞ্চল বলং ৰাঙ্গা বার্নানাং খোদনং বলং বলং মুক্তি মৌনিস্থং চৌৰাণ মন্ তং বলম। (৭৬) ঋণ শেষোইগ্নি শ্যে ব্যধি শেৰ তথৈবচ পুনশ্চ বহঁতে বস্থাও ভাবেই মকাখবে। অসিহঁৱে উপসন্ন -পাঠগুৰে। মিছায়ে-পাঠান্তৰে। (৭৭) ব্ৰহ্মাহাপি নব? পুজো ব্যাপ্তি বিপুল ধনাং ।

আশিন ল্য বংশোহপি নিৰ্বাদঃ পৰিতুমতে । [ ৫৩ ]

ধনহীন ভৈলে   কুলীনে অধম
  জানিবা নিষ্ঠ বচন।
শুনা সভাসদ   চাণক্যৰ পদ
  ওপজে মনত জ্ঞান।
ইহাক শুনিলে   প্ৰস্তাৱৰ বাক্য
  ফল হবে এহিমান॥
বহু সম্পদক   দিবাক নপাৰে
  সাৰিবে নপাৰে গতি।
প্ৰস্তাৱৰ কথা   জানি চাণক্যৰ
  ৰচিলোঁ পদ সম্প্ৰতি॥
হেন জানি আক   হেলা নকৰিবা
  শিখিলৈয়ো অবিশ্ৰাম।
গুৰুৰ চৰণে   হৃদয়ে ধৰিয়া
  ডাকি বোলা ৰাম ৰাম॥


পদ।

চোৰ বৈৰী গৃহস্থৰ আয়ক দেখয়। (৭৮)
কদাচিতো ইটো দুই ব্যয় নেদেখয়॥


(৭৮) ... ... ... ... ... ... [ ৫৪ ]

মধ্যস্থ সকলে মাত্ৰ দেখে আয় ব্যয়।
সুহৃদে দেখয় ব্যয় আয় নেদেখয়॥
ব্ৰাহ্মণ হোৱন্ত তুষ্ট সম্পূৰ্ণে ভোজনে। (৭৯)
ময়ুৰ পক্ষীৰ তুষ্ট মেঘৰ গৰ্জ্জনে॥
পৰৰ কল্যানে সাধু সব তুষ্ট মতি।
চোৰ খলুয়াৰ ৰঙ্গ পৰৰ বিপত্তি॥
একক তেজিয়া তভু ৰাখিবে কুলক। (৮০)
কুলক তেজিয়া সবে ৰাখিবে গ্ৰামক॥
গ্ৰামক ৰাখিয়া নিজ প্ৰাণ ৰাখিবেক।
আপুনি নৰিলে পাছে দেশচাৰিবেক॥
কোকিল পক্ষীৰ ৰূপ সুস্বৰ বচন। (৮১)
স্ত্ৰীৰ ৰূপ সেৱা কৰে স্বামীৰ চৰণে॥
বিদ্যাৰ সমান ৰূপ নাহি পুৰুষৰ।
ক্ষমাৰ সমান ৰূপ নাহি বৈষ্ণবৰ॥


(৭৯) নৃত্যন্তি ভোজনে বিপ্ৰাঃ ময়ুৰাঃ মেঘঃদৰ্শনে
 সাধবঃ পৰ সম্পৎসু খলঃ পৰ বিপত্তিষু
(৮০) ত্যজে দেব কুলস্যাৰ্থে গ্ৰামস্যাৰ্থে কুলং ত্যজেৎ॥
 গ্ৰামং জন পদং স্যাৰ্থে আত্মাৰ্থে পৃথিবীং ত্যজেৎ॥
(৮১) কোকিলানাং স্বৰোৰূপং নাৰীপং প্ৰতিব্ৰতং
 বিদ্যাৰূপং কু পানাম্ ক্ষমা ৰূপং তপস্বনাম্॥

[ ৫৫ ]

দূৰত থাকিলে শোভা মুৰুখ জনৰ। (৮২)
অলঙ্কাৰ পিন্ধে যদি পাট পাটম্বৰ॥
অল্প বেলি মাত্ৰ তাক কৰয় শোভন।
যাবত সভাত কিছু নোবোলে বচন॥
বচনত তাৰ সবে উমানক পাৱে।
জানিয়া তাহাক সবে মুৰ্খ ভাৱে পাৱে॥
মুৰ্খ ভৈলে বস্ত্ৰ অ ঙ্কাৰ কিয় পিন্ধে।
আগত নোবোলে একো পাছে তাক নিন্দে॥
ক্ষণে আসিবাৰ তাৰ কুবুাদ্ধ স্বভায়।
সাধু সবে বেলে আৰ পাইবি পৰ ভাৱ॥
খলুৱাৰ দোষে তাৰ বংশে দুখ পান্ত।
শুনিয়োক কহো আবে ইহাৰ দৃষ্টান্ত॥
সীতাক হৰিয়া যাতো নিলা লঙ্কেশ্বৰ। (৮৩)
তাৰদোষে বন্ধুগণ গৈলা যমঘৰ॥
যাতো তাকো আচৰিয়া আছন্ত সাগৰ।
তাতেসে বান্ধিলে সেতু ৰাম গদাধৰ॥


(৮২) দূৰতঃ শোভতে মুৰ্খো লম্বশাত পটাবৃতঃ।
 তাবচ্চ শোভতে মুৰ্খো যাবৎ কিঞ্চিন্ন ভাষতে॥
(৮৩) খলঃ কৰোতি দুৰ্ব্বৃত্তং নুনং ফলতি সাধুষু
 দশাননোহহরৎ সীতাং বন্ধনন্ত মহোদধেঃ।

[ ৫৬ ]

পাছে যদি হিতচিন্তে সেহি বন্ধুজন। (৮৪)
নিজ মিত্ৰে শক্ৰ জানা এহিসে কাৰণ॥
যেন মহা দুখ দেই শৰীৰৰ ব্যাধি।
মহা উপকাৰী যেন বনৰ ঔষধি॥
জানিবাহা নিষ্ট কৰি সেহি পটন্তৰ।
কাহলো প্ৰমান ইটো অধম মিত্ৰৰ॥
অতি দান অতি দৰ্প নুহিকন্ত ভাল। (৮৫)
অতি ৰূপৱতী কন্যা নুহিকন্ত ভাল॥
অতি দানে বলী ৰাজা পাইলেক বন্ধন।
অতি দৰ্পে নষ্ট ভৈলা লঙ্কাৰ ৰাবন॥
অতি ৰূপে সীতাৰ দুখৰ নাহিপাৰ।
তিনিয়ো নুহিকে ভাল জানা সাৰে সাৰ॥
অনেক বৃক্ষৰ ফল মধুৰস খায়। (৮৬)
তথাপিতো কোকিলৰ মদ গৰ্ব্ব নাই॥


(৮৪) ... ... ... ... ... ...
(৮৫) অতিৰূপে হৃতা সীতা (১) অতি মানেচ কৌৰবাঃ
 অতিদানে বলিৰ্ব্বদ্ধঃ সৰ্ব্বমত্যন্ত গৰ্হিতং।
(১) অতিদৰ্পে হতা লঙ্কা—পাঠান্তৰে।
(৮৬) দিব্যং চূতৰসং পিত্বা ন গৰ্ব্বং যাতি কোকিলঃ,
 পিত্বা কৰ্দ্দম পানীয়ং ভেকো মক মকায়তে।

[ ৫৭ ]

 কুৱা পঙ্কজল বেঙ্গে কৰন্ত ভোজন।
তাক খায় মক মকি গৰ্বিত বচন॥
উত্তমে অধমে কৈতো নুহিকে সমান। (৮৭)
শুনা সৰ্ব্বজন আক দেখাইলো প্ৰমাণ॥
সুবৰ্ণৰ মনি যদি পিন্ধৰ পাৱত।
কাঞ্চ মণি পিন্ধে যদি শিৰত গলত॥
তথাপিতো কাঞ্চমনি নুহি সমসৰ।
কাঞ্চন্ত কৰিয়া জানা সুবৰ্ণ ডাঙ্গৰ॥
শিশুকালে পিতৃৰ লাগয় ৰাখিবাক। (৮৮)
যুবা কালে স্বামী ৰক্ষা কৰিবে ভাৰ্য্যাক॥
বৃদ্ধ কালে ৰাখিবাক লাগয় পুত্ৰৰ।
তিনিয়ো কালত নাৰী নোহে স্বতন্তৰ॥
স্থান ভ্ৰষ্ট ভৈলে সিটো থাাকতে নপাৰি। (৮৯)
আপোনাৰ শৰীৰত চাহিয়ো বিচাৰি॥
নখকেশ দান্তাদি থান হন্তে গুছে।
কৰে অনাদৰ আৰু কোনে তাক পুচে। (৮৭)


(৮৭) মণি লুণ্ঠিত পাদেন কাচঃ শীৰসি ধাৰ্য্যতে
 যথৈ বান্ত তথৈ বাস্তু কাচঃ কাচোমনিৰ্ম্মণিঃ।
(৮৮) পিতা ৰক্ষতি কৌমাৰে ভত্তা ৰক্ষতি যৌবনে।
 পুত্ৰন্ত স্তবিৰে কালে ন স্ত্ৰী স্বাতন্ত্ৰ্য মৰ্হতি।
(৮৯) ... ... ... ...

[ ৫৮ ]

সেই মতে পুৰুষে হৰাই নিজ থান।
নাথাকে সম্ভ্ৰম কেহো নকৰে সন্মান॥
পৰদেশে হীনহয়ে ক্ষীণ হয়ে কান্তি।
শুনা আৰ কলিত যি নাৰী থাকে শান্তি॥
যদি ওচৰত তাৰ নাথাকন্ত বন। (৯০)
আৰু যদি অবজৰ নাপায়ে তেখন॥
যদি ওচৰত নাথাকন্ত দুষ্ট জন।
হাস পৰিহাস কেহো নোবোলে বচন॥
তেবেসে জানিবা সিটো নাৰী থাকে শান্তি।
এহি কথা বিদুৰত কহিলন্ত কুন্তী॥
কহিবোহো কথ আবে কৰিবন্ত সাৰ।
এক মনে বিদ্যাগণ শিখিব অপাৰ॥
বহুধন আৰ্জ্জিবে থাকিবে গৃহ বাসে। (৯১)
ধৰ্ম্মক দেখিব মৃত্যু ধৰিয়া নপসে॥
নমৰোহো বুলি আৰ্জ্জিবেক বহু ধন।
মৰো হেন বুলি কৰিবেক ধৰ্ম্মগণ॥
পেষন্তে সৰিৰা তেল টোপা টোপা সৰে।
তথাপিতো দিৱসত এক ঘট ভৰে॥


(৯০) • • • • • • • •
(৯১) অজৰামৰবৎ প্ৰাজ্ঞো বিদ্যা মৰ্থঞ্চ চিন্তয়েৎ।
 গৃহীত ইব কেশেষু মৃত্যুনা ধৰ্ম্মমাচৰেৎ।

[ ৫৯ ]

সেহিমতে অল্প অল্প আৰ্জ্জি বহুধন।
অল্প অল্প কৰি শিখিবেক বিন্যাগণ॥
অল্প অল্প কৰিয়া ধৰ্ম্মত দিব মতি।
এতেকে কৃষ্ণৰ পাৱে বাৰিবে ভকতি॥
লোকে পুচে বাপু তুমি কেনে আছা ভালে। (৯২)
সম্বুধি বোলয় বাপু আছোহো কুশলে॥
মুখে মাত্ৰ কহন্ত নুগুণি সিটো মনে।
সূৰ্য্যৰ লগত আয়ু যায় দিনে দিনে॥
শৰীৰত থাকিবে অনেক গুণগণ। (৯৩)
বহু বিদ্যা শিখিবন্ত কৰিয়া যতন॥
এক তিলে শৰীৰ হৈবন্ত ছাৰখাৰ।
বিদ্যাৰে সে মান্য থাকে চন্দ্ৰ দিৱাকৰ॥
যেন সৰ্প ক্ৰূৰ জাতি না পায় তাৰ মন। (৯৪)
তাহাতো অধিক ক্ৰূৰ খলুয়া দুৰ্জ্জন॥
মন্ত্ৰ যদি শুনে সৰ্প চপৰান্ত শিৰ।
বিস্তৰ ভাষিলে দুষ্ট জন হৱে ধীৰ॥


(৯২) লোকঃ পৃচ্ছতি সদ্বাৰ্ত্তাং শৰীৰে কুশলং তব।
 কুতঃ শৰীৰ মম্মাকম্ আয়ুৰ্য্যাতি দিনে দিনে।
(৯৩) ... ... ... ...
(৯৪) সৰ্পঃ ক্ৰূৰঃ খলঃ ক্ৰূৰঃ সৰ্পাৎ ক্ৰূৰতৰঃ খলঃ
 মন্ত্ৰৌষধি বশঃ সৰ্পঃ খলঃ কেন নিবাৰ্য্যতে।

[ ৬০ ]

সাখী যেন শৰীৰত যাৱ মাত্ৰ চাই। (৯৫)
পণ্ডিত সন্তোষ হুৱে সতকাৰ পাই॥
আপোনাৰ সদৃশ অন্যক পাইবে নাই।
আপোনাৰ সম জানা মিত্ৰক নাপাই॥
মুৰ্খক কৰন্ত দান তাৰ নাম হত। (৯৬)
যজ্ঞহত হোৱন্ত দক্ষিণা নাহি যাত॥
হতশূন্য বুলি যাৰ নাহিকে নায়ক।
ৰাৱণে হৰিয়া যাতো নিলন্ত সীতাক॥
লগত থাকয় যদি শ্ৰীৰাম লক্ষণ।
তেবেকি সীতাক নিবে পাৰয় ৰাৱণ॥
অষ্ট ভোজনৰ বস্তু থাকয় বিস্তৰ। (৯৭)
ভুঞ্জিবাক নপাৰন্ত দেহা অথান্তৰ॥
ৰূপে গুণে থাকে নাৰী সৰ্ব্বাঙ্গে সুন্দৰী।
নুহিকা স্বভাবে থাকে পুৰুষক ডৰি॥
অনেক ঐশ্বৰ্য্য তাৰ থাকয় সম্প্ৰতি।


(৯৫) ... ... ... ...
(৯৬) হতম শ্ৰোতিয়ে দানং হতো যজ্ঞত্ব দক্ষিণঃ
 হতা ৰূপবতী বন্ধ্যা হতং সৈন্য মনায়কম্!
(৯৭) ভোজ্যং ভোজনশক্তিশ্চ ৰতিশক্তিবৰন্ত্ৰিয়ঃ
 বিভবো দান শক্তিশ্চ নাল্পস্য তপসঃ ফলম্।

[ ৬১ ]

দান কৰিবাক লাগি নাহিকে শকতি॥
তিনিকো তিনিয়ে যদি হয় অবিকল ।
ইজন্মৰ ফল নুহি পূর্ব্ব জন্মৰ ফল॥
নৃপতিয়ো ভৈলে কুৰুক্ষেত্ৰকে নজানে। (৯৮)
মূৰ্খ পুত্ৰ ভৈলে নপঠাবো একো স্থানে॥
নৃপতিৰ লগে ৰাখিবাক ভাল নুই।
তাক লগে ৰাখিলে অনেক পাপ হুই॥
চোৰৰ নাহিকে নিদ্ৰা জানা সাৰে সাৰে। (৯৯)
চিন্তা ভৈলে ৰাতি সুখ নাহিকে তাহাৰ॥
একো কাৰ্য্যে সুখ নাহি দৰিদ্ৰ জনৰ।
মনত নাহিকে সুখ কামী পুৰুষৰ॥
এক পুৰুষৰ নাৰী হুৱয় বিস্তৰ। (১০০)
তেবেকি মনক পুৰে সিটো পুৰুষৰ॥
পাৱয় সম্পত্তি যদি তিনিয়ো ভুবন।
তেবেকি তাহাৰ জানা শান্ত হৱে মন ॥
অনেক নদীর জল পৰয় সাগৰে।
তেবেকি জানিবা সিয়ো সাগৰে নধৰে॥


(৯৮) ... ... ... ...
(৯৯) ... ... ... ...
(১০০) ... ... ... ...

[ ৬২ ]

ঐশ্বৰ্য্য আকাৰে যদি হুয়া থাকে অন্ধ। (১০১)
অৰ্থ নষ্ট হবে যদি গুছে কৰ্ম্ম বন্ধ॥
আপোনার বুদ্ধি ভাল আৰু গুৰু বুদ্ধি। (১০২)
পৰ বুদ্ধি লৈলে কাৰ্য্য নাহি হয় সিদ্ধি॥
স্ত্ৰীৰ বুদ্ধি লৈলে সিয়ো যায় অধোগতি।
চাণক্যৰ কথা এহি মানে সমাপতি॥
আক শুনি সাধু সবে নিন্দা নকৰিবা।
শাস্ত্ৰ চাহি তোৰা সবে আপুনি দেখিবা॥
মই মহা অধম পামৰ দুষ্ট জন।
তথাপি ইহাক চাইবে মোৰ ভৈলা মন॥
হেন জানি নৰলোক তেজি আনকাম।
নিৰন্তৰে নৰে ভাষিবোলা ৰাম ৰাম॥


অন্ত।



(১০১)  ...  ...  ...
(১০২) আত্ম বুদ্ধি শুভকৰী গুৰু বুদ্ধিঃ বিশেষতঃ
পৰবুদ্ধিঃ বিনাশাৰ স্ত্ৰী বুদ্ধিঃ প্ৰলয়ংকৰী।