চন্দ্ৰাৱলী

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[  ]

চন্দ্ৰাৱলী।
(নাটক)
⸻:৹:⸻

শ্ৰীদুৰ্গেশ্বৰ শৰ্ম্মা, বি-এ, বি-এল
প্ৰণীত।

যোৰহাট আৰু ডিব্ৰুগৰ পৰা
শ্ৰীশিৱনাথ ভট্টাচাৰ্য্যৰ দ্বাৰা
প্ৰকাশিত।

১৮৩২ শঁক।

[  ]

পাতনি।

 এই নাটক খনি মহাকবি চেক্সপীৰেৰ “এণ্ড-ইউ লাইক-ইট” নামক নাটকৰ ছাঁ লৈ লেখা হৈছে। সৰহ ভাগ অনুবাদকে বুলিব পাৰি, কিন্তু মহাকবিৰ অলসূৱা আৰু নিচেই কোমল ৰহস্যবিলাক লেখকৰ হাতত পৰি বিকৃত হোৱাৰ ভয়ত তাৰ ওচৰ চাপিবলৈ সাহ কৰিব পৰা নহ'ল। যদিও মহাকবিৰ প্ৰেম-চিত্ৰবিলাত বাদ দিলে নাটকৰ মাধুৰ্য অনেক হ্ৰাস হঞ, তথাপি আমাৰ প্ৰচলিত সামাজিক নিয়মৰ ব্যতিক্ৰম নোহোৱাকৈ ৰখাৰ কাৰণে এই নাটকত মূলৰ বহুত কথা বাদ দিব লগাত পৰিল।  নাটকৰ কেবা ঠাইতো লেখকে আবশ্যক মতে নিজৰ ভাবো মিহলাই দিছে। “সংগীত বোধ” আৰু “সঙ্গীত সাধনা” প্ৰণেতা শ্ৰীযুত ***** ডাঙ্গৰীয়াই অনুগ্ৰহ কৰি এই নাটকৰ গীত কেইটিত তাল সুৰ লগাই দিছে।

যোৰহাট,

শাওণ, ১৮৩: শক। [  ]
 


PRINTED BY
TUNIRAM SARMA,
AT
THE DARPAN PRESS, JORHAT.



 
[  ]

ভাৱৰীয়াবিলাক।

—:০:—

মতা।

ধৰ্মপাল——————ৰজা
বিশ্বপাল——————ৰজাৰ যেক।
জনাৰ্দন, পুষ্কৰ, দামোদৰ—৺বীৰচন্দ্ৰ মন্ত্ৰীৰ পুতেক
পিঞ্জৰ——————এটা মাল।
ধনঞ্জয়, পশু—————ৰাজ-ভৃত্য।
সুথী, স্বৰূপ————জনাৰ্দনৰ ভূত।
পুৰন্দৰ, গদাপাণি———জাৰ বিষয়া।
সনাতন————এজন পণ্ডিত।———-কিত।

প্ৰজাপতি, গৰীয়া লৰাবিলাক, লগৰীয়াসকল আৰু কিত বালসল, বিজয়-


তিৰোতা।

চন্দ্ৰাৱলী—————ধৰ্মপালৰ জীয়ে
হেৰাঞ্জলী————বিপাশৰ জীয়েক।
বহুলী—————এজনী কিতনী।

নৱীসকল আৰু অৰীসবল।


[  ]

সূচনা।


নৰ্ত্তকীসকৰ গীত।


প্ৰাণ হাঁহিছে, মনে নাচিছে,
মৰমে মৰমে আজি মিলি পৰিছে;
 পাৰা হিয়াত দৈববল,
 কামত হ'ব সুমঙ্গল,
প্ৰকৃতি ফুলনি খনি ফুলি পৰিছে।
 পাহৰি এৰিলে বাট,
 ঘুৰি ওলাবাহি তাত,
জীব ন জীৱন ধাৰ বান্ধি ৰাখিছে।

⸺:0:⸺

[  ]

চন্দ্ৰাৱলী।

——:০:——

প্ৰথম অঙ্ক।

——:০:——

প্ৰথম গৰ্ভাঙ্ক।

জনাৰ্দনৰ আগ-চোতাল।
পুষ্কৰ আৰু সুৰথীৰ প্ৰবেশ।

পুষ্কৰ।— শুনিছে। সুৰথী, শুনিছে। তোমাৰ মুখে,
 মৰণ কালত পিতৃদেবে মোৰ
 জন। প্ৰথম পু?
 গৈছিলে লাদেশ প্ৰদানি :-
 ‘তিনিও পুবই মোৰ সমান ভাগেৰে
 সম্ভোগ কৰি বন বিত,
 কাকো বঞ্চ নেশাণ কোনেও।
 আছিল। কোমল মই
 নামোৰৰো নিই কেৱা;
 জ্যেষ্ঠ তাই পিতৃ তুল্য দেৰ বচন
 জনদ্দিন পূণীয় মোৰ;
 কৰিলে বা মোক, সেই জ্যেষ্ঠ ভয়ে

[  ]

পিতৃ বাক্য পালন নকৰি
দয়া-মায়া কৰি অতিক্ৰম।
দামোদৰ লৰা এতিয়াও
বেদ শিক্ষা কৰি লভিছে বহুত জ্ঞান
পুণ্যময় গুৰুৰ ঘৰত।
লোকে কয ভাতৃৰ স্নেহত
হেনো হিয়া পমি যায,
মোক কিন্তু জ্যেষ্ঠ ভাযে আজি
গৰু-ছাগলীৰ দৰে ব্যৱহাৰ কৰি,
দিছে ঠাই জন্তুৰ লগত।
জ্ঞান কাক বোলে তাকো নেজানিলোঁ,
শিক্ষাও নেপালোঁ,—
নিচিানিলোঁ এটিও আখৰ;
বল শক্তি দেহৰ লাৱণী
সকলো লুকাল শৰীৰৰ।
তেওঁৰে ভায়েক মই—
ভাই যেন ব্যৱহাৰ নকৰে কদাপি।
সেইবাবে মনত খেদেৰে
আছোঁ বহি ইয়াতে সুৰথী:
পিতৃৰ পৱিত্ৰ তেজ জ্বলন্ত ৰূপেৰে
জলিছে দেহত মোৰ;
নোৱাৰোঁ সহিব আৰু
ভৃত্য তুমি, কিন্তু তুলি-তালি
পুত্ৰ ৰূপে পালন কৰিলা;

[  ]

মোৰ পক্ষে কি কৰিলে ভাল
তাৰ এটা সজ বুদ্ধি দিয়া।
সুৰথী। আহিছে গৰাকী সৌৱা,—
জনাৰ্দ্দন অগ্ৰজ তোমাৰ।
পুষ্কৰ। আঁতৰা সুৰথী তুমি,
শুনিবা কি দৰে মোক কৰে ব্যৱহাৰ।

জনাৰ্দ্দনৰ প্ৰবেশ।


জনাৰ্দ্দন। কি কৰিছ,—কিয় আছ মনে মনে বহি?
পুষ্কৰ। শুনিলে সন্তোষ পাবা,—
এলাহৰ বশ হৈ ঈশ্বৰৰ পৰা পোৱা
সকলো শক্তিৰ মাথোঁ
হানি মই কৰিছোঁ ইয়াত।
জনাৰ্দ্দন। বহি থাকি একো নকৰিলে
ভৰাবি কিহেৰে পেট,
কোনে তোক অবাবত দিব খাবলৈ?
পুষ্কৰ। নাই কৰা নষ্ট মই পৈতৃক সাহোন,
কিবাবে ভুগিম দুখ? পিতৃ সম্পতিত
তুমি মই সমানভগীয়া।
জনাৰ্দ্দন। পাইছনে গম কত বহি আছ?
পুষ্কৰ। পাইছোঁ, তোমাৰ চোঁতালত।
জনাৰ্দ্দন। ইমান ডাঙ্গৰ কথা!
বুজিছনে কাৰে কথা পাতিছ এতিয়া?

[ ১০ ]

পুষ্কৰ। বুজিছোঁ,—কৈছোঁ কথা
জনাৰ্দ্দন জ্যেষ্ঠৰ আগত;
সেইদৰে তুমিও বুজিব লাগে
তোমাৰ কনিষ্ঠ বুলি মোক;
জ্যেষ্ঠ তুমি পূজনীয় মোৰ
সেইবাবে থাকে যদি জ্যেষ্ঠ মোৰ
কুৰি জনো তোমাৰ নিচিনা,—
পিতৃ তেজ মোৰ শৰীৰত
তথাপিও আটুট থাকিব।
তুমি যেনে ময়ো তেনে, স্বৰ্গীয় পিতৃৰ
দুয়ো আমি সমান সন্তান।
জ্যেষ্ঠ বাবে পিতৃতুল্য তুমি,
সেইৰূপে আমাক পালন কৰা
ধৰ্ম্মমতে তোমাৰ উচিত।
জনাৰ্দ্দন। ইমান মুখৰ কথা! (ধৰিব খোজে)
পুষ্কৰ। আহাঁ ভাই, জ্যেষ্ঠ তুমি বয়সত,—
কিন্তু হ'লে কনিষ্ঠ বলত,
পাৰিবা বুজিব তাক
হতাহতি লাগিলে দুয়োৰ।
জনাৰ্দ্দন। লগাবিনে হাত মোৰ গাত
তই পাষণ্ড পামৰ!
পুষ্কৰ। নহও পাষণ্ড মই,—
পুণ্যময় স্বৰ্গীয় পিতৃৰ

[ ১১ ]

 মধ্যম সন্তান।
 দুৰ্ঘোৰ পাষণ্ড সিটে
 যিটোৱে পাষও বোলে
 সন্তানক পৱিত্ৰ পিতাৰ;
 জ্যেষ্ঠ তুমি, নহলে ডিঙিত ধৰি
 জি কাঢ়ি বুজালেহেতেন-
 এনে কথা কলে
 জি ভাহিঙ্গা ও যথোচিত।
 মুৰ্খ তুমি, গা দিছা নিজকে নিজেই।
সুৰণী।— ক্ষান্ত হয় না
 দুটিকে
 দিছো মই শত।
জনাৰ্দন।— যাও থ। ইযাত।
পুষ্কৰ।— (ভে ধৰ) শুন মোৰ কথা,
 মৰণ ক'ত মৃত্যুৰ শত পৰি
 মোৰ সমান ভাগেৰে
ব- সন্থে। এৰিবা,
 বানো কোনেও।
 ৰো পঢ়ৰ গ দেশ,
 যে ৰতগ্ৰা নিজে
 লেখা পঢ়া একো শিবাই
 কৰিলি ডাসৰ মোৰু পশুৰ দৰেৰে।

[ ১২ ]

বিৰাজিছে পিতৃৰ নিৰ্ম্মল আত্মা
নসহোঁ অলপো আৰু,—
দে মোক প্ৰাপ্য ভাগ
য’তে পাৰোঁ ত'তে লওঁ ঠান-ঠিক মই।
জনাৰ্দ্দন। লৈ যাবি যিহকে বিচাৰ,
দে গৈ নৈত উটুৱাই;
মোৰ চাৰি সীমনাতে
কদাপিও আৰু তই নেলাগে থাকিব।
যাওঁ গুচি,—নেথাকো ইয়াত।
পুষ্কৰ। ঠিক কথা!
সম্পত্তিৰ ভাগ দিলে
টান কথা নকওঁ তোমাক।
জনাৰ্দ্দন। তয়ো থাকিবিনে ইয়াতে কুকুৰ।
সুৰথী। কুকুৰ! কুকুৰ হলোঁ মই—
হয়, কৰোঁতে তোমাৰ কাম,
দাঁত সৰি সোলা হলোঁগৈ;
স্বৰ্গত থাকক মোৰ স্বৰ্গীয় গৰাকী,
তেওঁ হোৱা হলে
এনে কথা নকলে হেঁতেন।

পুষ্কৰ আৰু সুৰথীৰ প্ৰস্থান


জনাৰ্দ্দন। পালেহি ইমান সাহ!
পাব তাৰ প্ৰতিকাৰ,

[ ১৩ ]

কাৰ বস্তু কোনে খায়
তাৰ একো চিনেই নহ’ব।
শুনিছ স্বৰূপ?

স্বৰূপৰ প্ৰবেশ।


স্বৰূপ। কোন আজ্ঞা কৰিম পালন?
জনাৰ্দ্দন। আহিছিলে পিঞ্জৰ ৰজাৰ মাল
মোক দেখা পাবৰ কাৰণে,
গ’লনে সি?
স্বৰূপ। নাই যোৱা
আজ্ঞা পালে পাৰোঁ মাতি আনিব এতিয়া।
জনাৰ্দ্দন। আন মাতি—

স্বৰূপৰ প্ৰস্থান।


—ঠিক হ’ব।
পাইছোঁ মালক লগ ঠিক সময়ত।
মল্ল যুদ্ধ হ’ব কাইলৈ
প্ৰতিবাৰ কৰিব পিঞ্জৰে।

পিঞ্জৰৰ প্ৰবেশ।


পিঞ্জৰ। প্ৰণমো চৰণ।
জনাৰ্দ্দন। নতুন ৰজাৰ কিবা
আনিছানে নতুন খবৰ?
পিঞ্জৰ। নাই একো নতুন বাতৰি
পুৰণি খবৰ, অৱশ্যে শুনিছে—

[ ১৪ ]

বিশ্বপাল নতুন ৰজাই
ধৰ্ম্মপাল আপোন জ্যেষ্ঠক
দিলে খেদি বনবাসলৈ।
কেবাজনো বুঢ়া বিষয়ায়ো
ঘৰ-বাৰী বিশ্বপাল ৰজাকে শোধাই,
গ'ল গুচি ধৰ্ম্মপাল ৰজাৰ লগতে;
বিশ্বপালে আনন্দেৰে বস্তুৰ লোভত,
যেযে যাব খোজে
দিছে তাকে ৰঙ্গেৰে বিদায়।
জনাৰ্দ্দন। জাননে পিঞ্জৰ,
চন্দ্ৰাৱলী ধৰ্ম্মপাল ৰজাৰ জীয়াৰী
যাবনে ল'তে বাপেকৰ,—
নাই, দিব ঠাই বিশ্বপালে ৰজাৰ ঘৰতে?
পিঞ্জৰ। বনলৈ নেযায় কুমাৰী,
নিদাৰুণ বিশ্ব'লে
অতি স্নেহ কৰে কুমাৰীক।
তদুপৰি চ•ী হেমাঞ্জলী দুয়ো
বাই-ভী অতি মৰমৰ;
চন্দ্ৰৱলী শলে বনলৈ
হেমাঙ্গলী কুমাৰীও নেথাকে ঘৰত;
হোটি কুম ৰী, মৰমৰ আদৰ্শ চানেকি॥
জনাৰ্দন। জানানে থাকিৰ ক'ত
ধৰ্যপাল ধাৰ্মিক নৃপতি?

[ ১৫ ]

পিঞ্জৰ। সঠিক নেজানো একো;
শুনিছোঁ থাকিব হেলে নৈমিষ বনতে।
আনন্দ মনেৰে দিনে দিনে
যাবৈ লাগিছে নগৰৰ নগৰীয়া লোক,
দুখ শোক পৰিহৰি ৰজাৰ লগত,
কৰিছে বসতি গৈ নৈমিষ বনত।
জনাৰ্দ্দন। নতুন ৰজাৰ সন্তোষৰ বাবে
কৰিব খুজিছা হেনো
মল্লযুদ্ধ কাইলৈ ৰাজ-প্ৰাঙ্গনত?
পিঞ্জৰ। হয়, পাতিছে ৰজাই যুঁজ,
আহিছিলোঁ তাৰে কথা জনাবৰ মনে,—
শুনিছো পুস্কৰে হেনো
কাইলৈ ভেষ ধৰি দুৰন্ত সাহেৰে
মোৰে স’তে যুজিব খুজিছে;
নতুন ৰজাৰ প্ৰীতিৰ কাৰণে
আৰু মোৰ মৰ্য্যদাৰ বাবে
মাল-যুঁজ কৰিব খুজিছোঁ কাইলৈ;
যুঁজৰ বেলিকা হলে
নেচাম অলপো মই কাৰো মুখলৈ,
যাকে পাম তাৰে ভাঙ্গি হাৰ
দিম এৰি ৰাজ-প্ৰাঙ্গনত।
তোমাৰ মধ্যম ভাই নিচেই কোমল,
তাতে তুমি মোৰ মৰমৰ,

[ ১৬ ]

সেইবাবে কৰোঁ নিবেদন—
নিদিবা মিছাতে যাব
অনৰ্থক মৰিবৰ বাবে;
নতু, তাৰ অপমানে
কলঙ্কিত কৰিব তোমাকো;
মোৰ ওপৰত তুমি
নেৰাখিবা অলপো বেজাৰ।
জনাৰ্দ্দন। (হাতত ধৰি) পিঞ্জৰ,
আজি মই পুলকিত তোমাৰ স্নেহত;
তাৰ বাবে শতধাৰে
মোৰ স্নেহো ঢালিম তোমাত,
অৱশ্যে পুষ্কৰ মোৰ ভাই মৰমৰ,
কিন্তু তাৰ দৰে দুৰন্ত মানুহ
নাই দেখা এই জগতত।
কতনোঁ বুজালোঁ, কত দেখুৱালোঁ,
নোৱাৰিলোঁ বিচলিত কৰিব অলপো।
মল্লযুদ্ধ কৰিবৰ বাবে
ঠেং দাঙ্গি আগবাঢ়ি আছে,
উপহাস কৰিছে তোমাকো।
ইমান সাপৰ দৰে তাৰ পৰকিতি
পালে মোকো বধে এতিয়াই।
যি কৰা কৰিবা,
তাত মোৰ নাই অসন্তোষ।

[ ১৭ ]

কিন্তু ৰাখিবা মনত,
সাপ মাৰি বিষ যদি থোৱা নেগুৰত,
তাৰ মান নাই একো ভয়ৰ কাৰণ।
তোমাৰ যুদ্ধত
তাৰ প্ৰাণ অৱশ্যে হেৰাব;
কিন্তু যদি এৰি দিয়া আধা মৰা কৰি
শেহত তোমাৰ প্ৰাণ টানত পৰি,
একো নোৱাৰিলে,—বিহ দিব,
কুট পৰামৰ্শ কৰি
প্ৰাণ ল’ব এদিন তোমাৰ।
ভাই হেতু তাৰ কথা ক’লোঁ ইমানকে,
আৰু ক’লে ওলাব চকুৰ পানী,
তুমিও পিঞ্জৰ,
কথা শুনি খঙ্গত জলিবা।
পিঞ্জৰ। সন্তোষৰ কথা; —প্ৰতিজ্ঞা কৰিলোঁ
অক্ষুন্ন দেহেৰে সাৰি যায় যদি
নুযুঁজিম আৰু কেতিয়াও।
জনাৰ্দ্দন। দিলোঁ মই এতিয়া বিদায়;

পিঞ্জৰৰ প্ৰস্থান।


শেষ হ’ব সকলো নিশ্চয়,
পুষ্কৰৰ নাম আৰু নুমাব ধৰাত।
পঢ়া নাই তথাপি শিক্ষিত,
সকলোৰে অতি আদৰৰ

[ ১৮ ]

সকলোৱে মোক বেয়া বোলে।
ইমান দিনত আজি
এটা শত্ৰু ক্ষয় মই কৰিলোঁ ধৰাত।

জনাৰ্দ্দনৰ প্ৰস্থান।

⸻⸻

দ্বিতীয় গৰ্ভাঙ্ক।

⸻০⸻

ৰাজ প্ৰাঙ্গন।

হেমাঞ্জলী আৰু চন্দ্ৰাৱলীৰ প্ৰবেশ।

হেমাঞ্জলী। কৰিছোঁ কাকূতি বাইদেও,
নেথাকিবা মন মাৰি,
নকৰিবা মিছাতে বেজাৰ।
চন্দ্ৰাৱলী। প্ৰাণৰ ভনিটি, শক্তিৰো অতীত ৰং
দেখুৱাই ফুৰিছোঁ বাহিৰে।
কোৱা বাৰু, কেনেকৈ পাহৰিম
বনবাসী দয়ালু পিতাক?
পিতৃ মোৰ বনবাসী,
পাৰোনে ফুৰিব নাচি
নেথাকিলে আনন্দ মনত?

[ ১৯ ]

হেমাঞ্জলী। তেন্তে বাইদেও,
 মোৰ স্নেহ অনুসৰি
 মোক তুমি নকৰা মৰম।
 তোমাৰ পিতাৰে কৰা হ'লে বনবাসী
 বিশ্বপাল নিৰ পিতক মোৰ,
 ধৰ্ম্মপল তোমৰ পিতাকে
 ভাৰিলে। হেতেন পিতৃ বুলি মোৰ।
 সেই অনুপ এক পিতৃ বুলি
 তুমিও সন্তোষ ভাল থাবা।
চত্ৰাৱলী। আছে। এই সন্তান মনে,
 জিৰ দৰিদ্ৰ দু
 পাহৰিছে। তোমাৰ সুতে।
হেমাঞ্চলী। ময়ে মথে। পিতৰ সন্তান;
 নাই তেওঁ মোৰ বিনে
 পিতাৰ সম্পত্তি অধিকৰী,
 পিত ৰ মৰণ হ'লে
 হ’ম মনে ৰাৰ গৰাকী।
 পিতাই বলেৰে ৱে
 পবি ' তোমাৰ ভগ,
 সকলো তে মাক মই কৰিম অৰ্পণ।
 সত্য কথা, সত্য কৰি ক'লে,
 বেজাৰ নকৰি
 থাবা তুমি আনন্দ মনেৰে

[ ২০ ]

বিধতাই নকৰে সমানে স্নেহ
সকলোকে এই জগতত,—
কাকো সুখী, কাকো দুখী,
কাকো কৰে সুখতে দুখীয়া।

ধনঞ্জয়ৰ প্ৰবেশ।


হেমাঞ্জলী। ক’ৰ পৰা ধনঞ্জয় আহিলি এতিয়া?
ধনঞ্জয়। এ—আছিলে মনত
পাহৰিলোঁ—ক’ৰ পৰা আহিলোঁ এতিয়া?
বাৰু, চাওঁচোন ভাবি।
চন্দ্ৰাৱলী। নকৰিবি ধেমালি ইয়াত,
ধেমালিৰ নহয় সময়।
ধনঞ্জয়। ধেমালি-ধেমালি মই নেজানো কৰিব;
ধেমালি কৰিছোঁ যদি,-সঁচা আইদেও!
আপোনাৰ মূৰ খাবলকে?
চন্দ্ৰাৱলী। কোনে তোক এনেকুৱা শপত শিকালে।
ধনঞ্জয়। আপোনাৰ পিতৃয়েক
ধৰ্ম্মপাল ৰজাৰ কে ষত
এনে কথা বহুত শিকিলোঁ॥
চন্দ্ৰাবলী। নকবি পিতাৰ কথা,—
শুনিলে ৰজাই, বেঁতেৰে কোবাই
ছিঙ্গিব পিঠিৰ চাল তোৰ।

[ ২১ ]

ধনঞ্জয়। আহিছে পৰশু মিতা
শুনিবা কথাৰ কোব,—

পৰশুৰ প্ৰবেশ।


নমস্কাৰ ডাঙ্গৰীয়া।
হেমাঞ্জলী। যাকে তাকে ডাঙ্গৰীয়া বুলিব নেপায়,
ডাঙ্গৰীয়া তিনিজন মাথোঁ;
শুনিলে পিতাই, দিব প্ৰতিফল,
চিঞৰত গগণ উধাবি।
ধনঞ্জয়। কি বুলিনো মাতিম মিতাক?
হেমাঞ্জলী। ৰজাৰ আদেশ—
মান্যৱন্ত হয় যদি—দেও বুলি
সম্বোধন কৰিব পাৰিবি।
নতুন ৰজাৰ নতুন নিয়ম
ভাঙ্গিলে বিষম দণ্ড দিব।
পৰশু। আইদেওসকলক জনাব লগীয়া
আছে মোৰ কথা একেষাৰ।
ধনঞ্জয়। কোৱা মোৰ লাহৰি সোণাই,
কিনো কথা জনাব খুজিছা?
পৰশু। এজন লোকৰ আছিল তিনটা ল’ৰা,
পিঞ্জৰ মালেৰে যুঁজি তিনিও মৰিল।

[ ২২ ]

চন্দ্ৰাৱলী। মৰণ বাতৰি।
সেই কথা শুনিবৰ নাই প্ৰয়োজন।
কোৱা তুমি, আছে যদি
ক’ব লগা আন কিবা কথা?
পৰশু। মাল যুঁজ শেষ হোৱা নাই,—
থাকে যদি অভিলাষ চাবৰ কাৰণে
পাতিব আকৌ যুঁজ অলপ পৰতে;
এইবাৰ অতি কুমলীয়া
যুজাৰু এজনে
পিঞ্জৰৰ লগত যুঁজিব।
হেমাঞ্জলী। আহিছে কোনোবা সৌৱা,—
হ’ব পায় যুঁজৰে মানুহ।

বিশ্বপাল, পুষ্কৰ আৰু পিঞ্জৰৰ প্ৰবেশ।


বিশ্বপাল। বাধা নুশুনিলি,
মৰ যদি নিজেহে মৰিবি;
বুজালোঁ ভালক বুলি,—নুবুজিলি,
মৰগৈ মৰিব খুজিছ।
পুষ্কৰ। মৰিলে কান্দোতা নাই,—জিকিব পাৰিলে
নিজে মাথোঁ আনন্দ লভিম।
চন্দ্ৰাৱলী। এৱেঁনে যুঁজিব আলি পিঞ্জৰ মালেৰে?
পৰশু। হয় আইদেও।

[ ২৩ ]

চন্দ্ৰাৱলী। কুমলীয়া লাবণী শৰীৰ, কিন্তু—
জিকিব জিকিব যেন দেখিছোঁ মুখত।
বিশ্বপাল। তোমোলাক কোমল চিতৰ
সৰলা ব লিকা,
যুঁজ চাবলৈ আহি বাট চাই আছা
ত্তি ' ৰ যুঁজৰ পৰিণাম
হ’ৰ হ’ল কা লব লগীয়া;
যুঞ্জৰ জগ যোৰ হোৱা নাই,
এজন ড ঈৰ মল অতি বলবান,
ইজন বেণি ল'ৰা
ছাত ওজা লৰ নিচিনা।
ইমান বজালে তাক
হাক দিল তালে নুশুনিলে,
প ৰা যদি তোমালোকে বুজাই-সঁজাই,
মন ভাজি দিয়া পঠিয়াই।
মতি অনি কোৱাচোন
শুলে শুনিব পাৰে
তোমেলাকে হাক দিয়া যদি।
হেমাঞ্জলী। পশু-আনাচোন বাৰু
যুঁজাৰুক এই পিনে মাতি।
বিশ্বপাল। বুজু,আতৰি যাওঁ মই।
পৰ। ৰাজকুমাৰীয়ে বী,
ক'ৰ খেলে কথা একেষাৰি।

[ ২৪ ]

পুষ্কৰ। কাণ পাতি আছোঁ,
যিবা কয় অৱশ্যে শুনিম।
চন্দ্ৰাৱলী। যুঁজিব খুজিছা হেনো পিঞ্জৰ মালেৰে?
পুষ্কৰ। মই খোজা নাই;
পিঞ্জৰেহে যুঁজিব খুজিছে।
হেমাঞ্জলী। কোমল বয়স বীৰ,—ভাবি চিন্তি চোৱাঁ;
দেখিছা পিঞ্জৰ কেনে
লৌহময় দেহৰ গঠন,
যাকে ধৰে সেয়ে পৰে প্ৰাণো হেৰুৱায়।
হাক দিছো আমি, শুনা কথা—
অনাহক নেলাগে যুঁজিব।
চন্দ্ৰাৱলী। ময়ো কওঁ শুনা বীৰ,
যুঁজত হাৰিলা বুলি খ্যাতি নেহৰায়।
ৰজাক জনাই আমি
যুদ্ধ আজি স্থগিত ৰাখিম।
পুষ্কৰ। সুৰ সুন্দৰীৰ দৰে
মধুৰ লাৱণ্যময়ী আপোনালোকৰো
কথা আজি নোৱাৰো পালিব।
পাওঁ যদি আশীৰ্ব্বাদ আপোনালোকৰ
সেয়ে মোৰ বাঞ্ছনীয় বৰ;
মৰিলে কান্দোতা নাই,—
দিলে আজৰাই মোৰ থকা ঠাই খনি

[ ২৫ ]

আন কোনো উপযুক্ত লোকে
সেই ঠাই পূৰণ কৰিব।
চন্দ্ৰাৱলী। মোৰ ক্ষুদ্ৰ শকতিৰ সকলো সমৰ্থ
যেন যোগ হয় তোমাৰ দেহত।
যুঁজা তুমি বীৰবৰ,
সকলোৰে মুখত পৰক ছাই,
জয় লাভ কৰা তুমি আজিৰ ৰণত।
হেমাঞ্জলী। কামনা পূৰণ হক,—
কায়-মনে-বাক্যে মই
নিবেদিছো বিভুৰ পদত।
পিঞ্জৰ। কেনি আছ আহ আগবাঢ়ি,
মৰ-সাহ কৰি মৰিব খুজিছ,
বিচাৰিছ স্বৰ্গৰ জখলা!
পুষ্কৰ। নাই তেনে অভিলাস;-আগবাঢ়ি আছো।
স্বৰ্গৰ জখলা পালে
ধন্য ধন্য বুলিম তোমাক।
বিশ্বপাল। এবেলি মাথোন তই যুঁজিব পাৰিবি।
পিঞ্জৰ। সেইবাবে মহাৰাজে নেলাগে ভাবিব;
এবেলি পোটক পালে
আগবাঢ়ি নাহিব দুনাই।
চন্দ্ৰাৱলী। ভীমৰ ভীষণ বলে
ধৰেহি আবৰি যেন

[ ২৬ ]

কুমাৰৰ কোমল শৰীৰ।
অভেদ কৱচ ৰূপে
ৰাখে যেন দুৰ্ব্বলীক
ভগৱন্তে যুঁজৰ মাজত।
হেমাঞ্জলী। হ’ব পৰা হোৱা হ’লে অদৃশ্য শৰীৰ,
পিঞ্জৰৰ ভৰিত আঁজুৰি
পেলালোঁ হেতেন আজি খুঁজৰ মাজত।

পিঞ্জৰ আৰু পুষ্কৰৰ যুদ্ধ।


চন্দ্ৰাৱলী। জয় হ’ল, ঘটিল পিঞ্জৰ।
বিশ্বপাল। নেলাগে যুঁজিব আৰু।
পুষ্কৰ। নহয় ৰ জন,
অনুমতি কৰক আকৌ।
বিশ্বপাল। মাও তুমি আছানে পিঞ্জৰ?
পৰশু। পিঞ্জৰৰ নাই মাত বোল।
বিশ্বপাল। লৈ যোৱা পিঞ্জৰক।

পৰশুৱে পিঞ্জৰক লৈ যায়।


কোন তুমি কোমল যুঁজাৰু,
পৰিচয় দিবানে তোমাৰ?
পুষ্কৰ। পুষ্কৰ নামেৰে পৰিচিত মই,
পিতা মোৰ বীৰভদ্ৰ,
ধৰ্ম্মপাল ৰজাৰ বিষয়া।

[ ২৭ ]

বিশ্বপাল। কোৱা হ’লে আন কাৰো নাম
লাগিল হেতেন মোৰ ভাল;
সকলোৱে পিতাৰক ভাল বুলিছিল,
মই কিন্তু সদাই দেখিলোঁ
মোৰ প্ৰতি বিদ্ৰোহ আচৰা।
সাহিয়াল ডেকা তুমি,—
বীৰভদ্ৰ মন্ত্ৰীৰ বাহিৰে
নোৱাৰানে ক’ব মোক আন কাৰো নাম?

বিশ্বপালৰ প্ৰস্থান।


হেমাঞ্জলী। হোৱা হলে মোৰ পিতা মই,
এনে কথা নকওঁ কদাপি।
পুষ্কৰ। মোৰ অতি গৌৰৱৰ কথা,
পিতা মোৰ বীৰভদ্ৰ।
লয় যদি বিশপালে
নিজৰ সন্তান বুলি
কৰে মোক অতুল ৰাজ্যৰ অধিকাৰী,
তথাপিও নাম নসলাওঁ
মই সেই বীৰভদ্ৰ পিতাৰে সন্তান।
চন্দ্ৰাৱলী। মোৰ পিতা ধৰ্ম্মপালে
বীৰভদ্ৰ প্ৰাণতুল্য বুলি
কৈছিলে সদাই সভাত;
এই বুলি জনা হ’লে

[ ২৮ ]

কাবৌ কাকূতি কৰি
পুষ্কৰক নিদিলে হেতেন আজি
পিঞ্জৰৰ যুঁজত পৰিব।
হেমাঞ্জলী। কঠুৱা পিতাই
টান কথা ক'লে পুষ্কৰক;
আহা আমি কওঁগৈ আশ্বাস বচন।
চন্দ্ৰাৱলী। (এধাৰ চন্দ্ৰহাৰ দি )
তোমাৰ বীৰত্ব দেখি
মুগ্ধহৈ তোমাৰ গুণত
দিলোঁ এই ক্ষুদ্ৰ উপহাৰ।
ময়ো অতি নিমাষিত তোমাৰ দৰেই
ক্ষুদ্ৰ উপহাৰ বুলি ঘিন নকৰিবা।
যাওঁনে ভনিটি আৰু?
হেমাঞ্জলী। যাওঁ আমি,—কিন্তু বীৰ, পিতাৰ কথাত
নকৰিবা একো অসন্তোষ।
পুষ্কৰ। কি কম নেজানো মই
জ্ঞান বুদ্ধি কেনিবা পলাল—
ভেল মাথোঁ আছোঁ ঠিয় হৈ।
চন্দ্ৰাৱলী। (গৈ উলটি আহি)
মাতিলে পুষ্কৰে যেন!
কি ক'ব খুজিছা বীৰ?
যুদ্ধত তোমাৰ সাহ, বলৰ প্ৰতাপ,
প্ৰসংশা কৰিব লগা।

[ ২৯ ]

হেমাঞ্জলী। নোযোৱানে তুমি বাইদেও?
চন্দ্ৰাৱলী। যাওঁ বাৰু—
আহিলোঁ এতিয়া আমি থাকিবা পুষ্কৰ।

চন্দ্ৰাৱলী আৰু হেমাঞ্জলীৰ প্ৰস্থান।


পুষ্কৰ। নোলায় মুখৰ কথা!
ক'ব খুজিলেও নোৱাৰোঁ ফুটাই ক’ব।
ৰাজ কুমাৰীয়ে, কথা পাতিবৰ মনে
আহিল উলটি
নোৱাৰিলোঁ মুখেৰে মাতিব।
পিঞ্জৰকো জিনিলোঁ ৰণত,
কিন্তু অবলা বালিকা
ৰাজ–কুমাৰীয়ে মোৰ
পৰাজয় কৰিলে হৃদয়।

পৰশুৰ প্ৰবেশ।


পৰশু। নেথাকিবা এই নগৰত;
গুণৰ আদৰ নাই,—
গুণী হলে দণ্ড পায় বা বিচাৰত।
তোমাৰ গুণত আজি
বিশ্বপাল খঙ্গত জলিছে।
সেইবাৰে ক'লো-নেথাকিবা তুমি,
যোৱা গুচি আন দেশলৈ।

[ ৩০ ]

আমাৰ দুৰন্ত ৰজা,
কাৰো তেওঁ ভাল গুণ দেখিব নোৱাৰে।
পুষ্কৰ। অৱশ্যে সুখৰ কথা
দিলা মোক সঙ্গ উপদেশ;
কিন্তু পাৰোনে শুধিব
এতিয়া ইয়াত থকা দুইৰো মাজত
কোনটিনো ৰজাৰ জীয়াৰী?
পৰশু। কথাৰে লাগিলে চাব
কোনোটিও নহয় জীয়েক;
তেও বুলি সৰুটিয়ে
বিশ্বপাল ৰজাৰ কুমাৰী।
সুকুমলা চন্দ্ৰাৱলী
পূৰ্ব্ব ৰজা ধৰ্ম্মপাল ৰজাৰ জীয়াৰী।
বাই ভণী দুয়ো অতি মৰমৰ
কাকো এৰি কোনেও নেথাকে।
উঠিছে ৰজাৰ খং,
সকলোৱে ভাল পোৱা বাবে
নিজ ভতিজাকো হৈছে চকুৰ শাল।
কেতিয়াবা চন্দ্ৰাৱলী
দেশ এৰি পলাব লাগিব।
যোৱা আৰু,
পালে লগ সুশাসিত নতুন দেশত,
লম পৰিচয়, তোমাৰ গুণৰ বাবে

[ ৩১ ]

সমাদৰ কৰিম তোমাক।
পুষ্কৰ। নেপাহৰোঁ কদাপি তোমাক।

পৰশুৰ প্ৰস্থান।


য’তে যাওঁ ত’তে মোৰ মিলে অমঙ্গল;
ঘৰতে সদাই অত্যাচাৰ,
দোষ আজি লগালোঁ ৰজাৰো, কিন্তু—
চন্দ্ৰাৱলী বিৰাজিছে মোৰ হৃদয়ত।

পুষ্কৰৰ প্ৰস্থান।


তৃতীয় গৰ্ভাঙ্ক।

⸻:০:⸻

ৰাজ প্ৰাসাদ।

হেমাঞ্জলী আৰু চন্দ্ৰাৱলীৰ প্ৰবেশ।

হেমাঞ্জলী। কিনো তুমি ভাবি থাকা সদায় মনত?
কাৰ কথা ভাবি কটোৱা সময়,
এখন্তকো নেথাকা পাহৰি?
চন্দ্ৰাৱলী। কাৰো কথা নেভাবোঁ মনত;
মনত সন্তোষ নাই সদায় বেজাৰ,
দুখে শোকে ঠিক ময়ো পুষ্কৰৰ দৰে,—
বীৰভদ্ৰ মন্ত্ৰীৰ পুতেক

[ ৩২ ]

দেহি,—নিচেই দুখীয়া,
ককায়েকে নকৰে মৰম।
কৰিছিলে স্নেহ বাপেকক
পিতৃদেৱে মোৰ,
সেইবাবে ময়ো তাক কৰিম মৰম।
হেমাঞ্জলী। তোমাৰ পিতাৰে স্নেহ কৰা বাবে
লাগে যদি তোমাৰ মৰম,
হ’ব লাগে ঘৃননীয় মোৰ,
কাৰণ পিতাই তাক দেখিব নোৱাৰে।
চন্দ্ৰাৱলী। তাক মই অতি স্নেহ কৰোঁ,
সেইবাবে তুমিও কৰিবা তাক স্নেহ।
কোন সৌৱা আহে এই পিনে?

বিশ্বপালৰ প্ৰবেশ।


বিশ্বপাল। বুজিলোঁ তোম'ৰ কথা যোৱা দেশ এৰি-
নোৱাৰা থাকিব আৰু,
নেথাকিবা মোৰ নগৰত।
চন্দ্ৰাৱলী। ময়েনে দদাইদেও?
বিশ্বপাল। হয়, তুমিয়েই, ভতিজা-জীয়ৰী;
আজিৰ দিনৰ পৰা সাদিনৰ ভিতৰত
নগৰৰ সীমা যদি নোহোৱা বাহিৰ
নিশ্চয় বুজিবা তুমি প্ৰাণ হেৰুৱাবা।

[ ৩৩ ] চন্দ্ৰাৱলী

পাৰোনে জানিব :মই কি দোষ কৰিলো।
জ্ঞান বুদ্ধি আছে এতিয়াও,
ভবা নাই কোনো দিনে
আপোনাৰ একো অমঙ্গল,-
এতেকে ৰাজন,
কি দোষৰ বাবে মোক দণ্ড বিধানিছে?

বিশ্বপাল

অবিশ্বাসী বিশ্বাস-ঘাতকী
সকলোৱে এইদৰে কয়।
মুখৰ নিচিনা মন হোৱা হ'লে
নাছিল সৰহ কথা আৰু;
তোক মই বিশ্বাস নকৰো-
সেয়ে তোৰ বুজিবি যথেষ্ট দোষ।

চন্দ্ৰাৱলী

আপনি বিশ্বাস নকৰিলে
কদাপি হওঁ মই বিশ্বাস-ঘাতিনী

বিশ্বপাল। পিতা তোৰ ধৰ্ম্মপাল

দোষ তোৰ এয়ে গুৰুত্তৰ।
চন্দ্ৰাৱলী

ধৰ্মপাল পিতা মোৰ
কাটিলৈ ৰাজত্ব যেতিয়া
বনবাসী কৰিলে পিতাক;
বপেকৰ ৰাজদ্ৰোহী গুণ
কদাপিও সন্তানৰ তেজত নেথাকে;
সেইবুলি কৰা নাই

[ ৩৪ ]

ৰাজদ্ৰোহ মোৰ পিতৃদেবে।
মহাৰাজ, দীন হীন দুখীয়া বাবেৰে
মোৰ গাত দোষ নাৰোপিব।
হেমাঞ্জলী। পিতা, কওঁ কথা শুনক দাসীৰ।
বিশ্বপাল। আইদেও, তোমাৰ বাবেহে
পুহিছিলোঁ ভিতৰতে সাপ।
নহ'লে সুখেৰে
তায়ো আজি বাপেকেৰে স'তে
থাকিল হেঁতেন কৰি বনতে বসতি।
হেমাঞ্জলী। কৰা নাই মই হ'লে একো অনুৰোধ;
নিজৰ ইচ্ছাত
চন্দ্ৰাবলী কুমাৰীক ৰাখিলে দেশত,
বাপেকক দিলে বনবাস।
এতিয়া ইমান দিন
একে লগে থাকি দুয়ো, একে লগে ফুৰি,
এখন্তকো কাৰো পৰা কোনো
নেথাকি আঁতৰি,
টান হল হৃদয়-বান্ধনি;
বাইদেও ৰাজ-দ্ৰোহী যদি
ময়ো অপৰাধী-
এখন্তকো চন্দ্ৰাৱলী
নাই থকা মোক এৰি ক'তো অকলৈ।

[ ৩৫ ]

বিশ্বপাল। নিতান্ত সৰলা তুমি
মানুহৰ চতুৰতা একোকে নুবুজা;
সকলোৰে তাইহে মৰম পায়,
চতুৰ বুদ্ধিৰে
নিছে কাঢ়ি সুখ্যাতি তোমাৰ।
আঁতৰিলে তাই
যাব বাঢ়ি জেউতি তোমাৰ।
একোকে নক’বা তুমি,
অখণ্ড প্ৰতিজ্ঞা মোৰ⸺
চন্দ্ৰাৱলী হ’ল বনবাসী।
হেমাঞ্জলী। দিয়ক আদেশ⸺
যাওঁ ময়ো বনবাসল'কে—
নোৱাৰোঁ থাকিব অকলৈ।
বিশ্বপাল। নিতান্ত অবোধ তুমি।
(চন্দ্ৰাৱলীক) সোনকালে যোৱা,
সময়ৰ অতিক্ৰম কৰি
থাকিলে ইয়াত ৰৈ
অনাহক প্ৰাণ হেৰুৱাবা;
ৰজাৰ আদেশ হ’ব খণ্ডন।

বিশ্বপালৰ প্ৰস্থান।


হেমাঞ্জলী। কেনি যাবা কোৱাঁ বাইদেও?
সলাব খুজিলে পিতা

[ ৩৬ ]

হোৱা তুমি হেমাঞ্জলী থাকা নগৰত,
হওঁ মই চন্দ্ৰাৱলী, খাটো বনবাস,—
তথাপিও নকৰা বেজাৰ বাইদেও।
চন্দ্ৰাৱলী। হৃদয়ত লাগিছে বেজাৰ
কেনেকৈ লুকাও বাহিৰে?
হেমাঞ্জলী। ময়ো হ'লো বনবাসী;
নকৰা বেজাৰ বাইদেও।
চন্দ্ৰাৱলী। কিয় তুমি হোৱা বনবাসী;
ৰজাৰ কুমাৰী তুমি
সুখে থাকা ৰাজ প্ৰাসাদত।
হেমাঞ্জলী। মোৰ দৰে, তুমি মোক নকৰা মৰম;
পিতাই বিচাৰি লক,
ক’ত পাই নিজ সন্তান,
ময়ো যাম তোমাৰ লগতে
সুখ দুখ ভুগিম তোমাৰে,
নেৰো কথা, নিশ্চয় জানিবা বাইদেও।
চন্দ্ৰাৱলী। যাওঁ কেনি, দিব কোনে আমাক আশ্ৰয়
হেমাঞ্জলী। নৈমিষ বনত গৈ
ঠাই লম ধৰ্ম্মপাল ৰজাৰ কোষত।
চন্দ্ৰাৱলী। তিৰোতা মানুহ আমি
কি ৰূপে ইমান বাট যাম?

[ ৩৭ ]

হেমাঞ্জলী। ছাই আলান্ধুৰে ৰূপ আৱৰণ কৰি
যাম আমি ভেষ ধৰি কেৱে নিচিনিব।
চন্দ্ৰাৱলী। অলপ দীঘল মই, থাউকাল তুমি,
মই যদি মতা সাজ পিন্ধি
হওঁ মতা মানুহৰ দৰে,
শুধিলে কিৰাত বুলি কৈ
পাৰিম বাটেদি যাব, কেৱে নিচিনিব।
হেমাঞ্জলী। তেনে হ'লে হম ময়ো কিৰাত কুমাৰী;
মাতিবা মেনকা বুলি মোক।
চন্দ্ৰাৱলী। মোক তুমি বুলিবা সুবাহু।
বাৰু, নোলাবনে ধনঞ্জয়ো আমাৰ লগতে?
ধনঞ্জয় থাকিলে লগত
পাহৰিম বাটৰ সকলো দুখ।
হেমাঞ্জলী। নিম তাক চলাই-ভুলাই,
মই ক'লে ধনঞ্জয় অৱশ্যে ওলাব।
লওঁ আমি মণি মুক্তা লগত যি পাৰো
সুবিধা সময় বুজি
ওলাম ঘৰৰ পৰা,
কেনি গলোঁ তত্ত্বকে নেপাব।

দুইৰো প্ৰস্থান।

[ ৩৮ ]

দ্বিতীয় অঙ্ক।

⸺:0:⸺

প্ৰথম গৰ্ভাঙ্ক।
নৈমিষ বন।
ধৰ্ম্মপাল, গদাপাণি আৰু দুজন লগৰীয়াৰ প্ৰবেশ।
ধৰ্ম্মপাল। থাকি থাকি অৰণ্যতো ভাল লগা হ'ল।

নাই দুখ শোক জৰা ব্যাধি
নাই খৰিয়াল,—বিপদ-কণিকা,
বনৰ মাজতো আমি
জীৱনৰ অমিয়া লভিছোঁ।
বতাহত জাৰ লাগে, ৰ'দত উত্তাপ,
গম পাওঁ প্ৰত্যেক কথাতে
প্ৰকৃতিৰ প্ৰৱল নিয়ম;
নাই কেওঁ অভিলাস সিদ্ধিৰ কাৰণে
দিয়ে মোক উচটাই প্ৰকৃতি , বাহিৰে।
বিষাল কুবৃতাকাৰ সাপৰ দৰেৰে
আছে বিপদতো
জীৱনৰ অমিয়া মাণিক।
গছৰ পাতত আৰু জ্ঞানৰ পানীতো
শুনো কথা—পাওঁ উপদেশ,
পৰ্ব্বতেও কয় যেন

[ ৩৯ ]

 কিবা এটি গভীৰ কাহিনী
 সকলােতে মধুময় সুখ
 বৰষিছে অমৃত ধাৰেৰে।
গদাপাণি। মহাৰাজ, মহত্বৰ আদৰ্শ গুণেৰে
 দুখৰ মাজতো থাকি সন্তোষ লভিছে ।
পাল। কৰিছে৷ মৃগয়া আমি নিশ্চিন্ত মনৰে;
 নিতান্ত দুখৰ কথা-
 অনর্থক জীবজন্তু বধিছে। বনত ;
 আমি আহি সিহতৰ সুখ জীবনত
 অনাহক কৰিছে। ব্যাঘাত।
১ম লগৰীয়। হয় মহাৰাজ,
 পুৰৰে সদাই ব্যাকুল;
 এনে কথা দেখি-শুনি কয় পুৰৰে-
 আপুনিহে হেননা অন্যায় ৰূপে
 অৰণ্যত ৰাজত্ব কৰিছে।
 নাই দোষ ভায়েক,—ভালকৈ চালে
 আপুনিহে ততোধিক দোষ আচৰিছে।
ধর্মপাল। কিয়, কেতিয়ানো
 পুৰে কলে এনে কথা?
১ম লগৰীয়া। সেই সৰু নৈ খনৰ পাৰত
 পুৰণি আহত গছ জোপাশিপাবােৰ
 পৰিছে ওলমি গৈ নৈৰ পানীত,

[ ৪০ ]

তাৰ পাৰতে আহি আধা মৰা কৰি
সুগৰী হৰিণা এটা
এৰি গ'ল কোনোবা কিৰাতে,
তাকে দেখি পুৰন্দৰে চকু-পানী টুকি
বহুমান কথা কৈ বহিল কোষতে;
নৈৰ শীতল পানী আনি
হৰিণাৰ মূৰত ঢালিলে,
কিন্তু হায়, হৰিণাই চকু নেমেলিলে।
তাতে পুৰন্দৰে
এইবোৰ কথা কৈ থাকিল উচুপি।
আনিব নোৱাৰি মাতি, এৰি তাতে
গুচি আমি আহিলোঁ এনেতে;
এতিয়ানো পুৰন্দৰে কি কৰিছে তাত
একো আমি ক’ব পৰা নাই।
ধৰ্ম্মপাল। আহিলানে এৰি তোমালোকে
পুৰন্দৰে উচুপি থাকোতে?
২য় লগৰীয়া। হয় মহাৰাজ, হোৱা নাই বহু বেলি
ইচ্ছা হ’লে পাৰে চায়ো আহিব এতিয়া।
ধৰ্ম্মপাল। যাওঁ তেন্তে আনোগৈ তাক;
ইচ্ছাধীন আমি,
যেনি যাব খোজোঁ যাওঁ তেনিয়েই
লগ ভাগ নেলাগে সৰহ।

[ ৪১ ]

২ লগৰীয়া। আহক ৰাজন,
এতিয়াই সেই ঠাই পামগৈ আমি।

সকলোৰে প্ৰস্থান।

⸻⸻


দ্বিতীয় গৰ্ভাঙ্ক।

⸻০⸻

জনাৰ্দ্দনৰ ঘৰ।
পুষ্কৰ আৰু সুৰথীৰ প্ৰবেশ।

পুষ্কৰ। কোন তাত?
সুৰথী। পুষ্কৰ,—পুষ্কৰ তুমি,
পিতাৰৰ প্ৰতিকৃতি পুষ্কৰ কুমাৰ,
কিয় তুমি হ’লা গুণশালী?
কিয় তুমি সকলোৰে হ’লা মৰমৰ,
কিয় শিষ্ট, শান্ত, বলধৰ তুমি?
পিঞ্জৰক যুঁজত জিনিলা
অমঙ্গল মিলিল তোমাৰ;
যেয়ে পিন্ধে অলঙ্কাৰ তাকে শোভা কৰে,
কিন্তু কণ্টক স্বৰূপে
খোজে খোজে বিপদ মিলায়;
তোমাৰ সকলো গুণ পৱিত্ৰ যদিও

[ ৪২ ]

বিপদত শত্ৰু ৰূপে হাত ভৰি বান্ধি
দিছে আজি তোমাক পেলাই।
পুষ্কৰ। কি কোৱা সুৰথী?
সুৰথী। আজন্ম দুখীয়া তুমি সুখ নেজানিলা;
নোসোমাবা ঘৰৰ ভিতৰ।
তোমাৰ সুখ্যাতি শুনি
তোমাৰ প্ৰধান সহোদৰে,
নহয়,—তোমাৰ শত্ৰুৱে—
ঘৰে স’তে জুই দি পুৰিব আজি,
নিশ্চিন্ত মনেৰে তুমি
যেতিয়া থাকিবা শুই ভিতৰ সোমাই;
তাকো নোৱাৰিলে
অন্য উপায়েৰে বধিব তোমাক,
শুনিলোঁ লুকাই থাকি সকলো মন্ত্ৰণা,
এইটো নহয় ঘৰ,—তোমাৰ জলন্ত চিতা,—
আতৰা ইয়াৰ পৰা
নোসোমাবা কদাপি ভিতৰ।
পুষ্কৰ। ক’ত মই পাম ঠাই কোৱাঁ তেনেহ'লে।
সুৰথী। ঠাই তুমি পোৱাবা নোপোৱা,
কিন্তু নোসোমাবা ঘৰৰ ভিতৰ।
পুষ্কৰ। কি কোৱা সুৰথী,—মগনীয়া হৈ
ভিক্ষা কৰি জীৱন নিয়াম?

[ ৪৩ ]

নাই, দিয়ানে থাকিব মোক
সঙ্গলৈ চোৰৰ লগত?
কি কৰিম,—কিনো নকৰিম,
নোৱাৰোঁ কৰিব ঠিৰ।
একো ভয় নাই,
ঘাতকী ককায়ে মোক জুইৰে পোৰক
তথাপিও ভিতৰ সোমাম।
সুৰথী। কদাপিও এনে কাম নকৰিবা তুমি।
পিতাৰৰ দাস হৈ বহু যতনেৰে
ঘটিলোঁ হেজাৰ টকা,
থৈছোঁ গোটাই তাকে,
ভাবিছিলো,—বুঢ়া বয়সত
কৰিব নোৱাৰা হ'লে
তাকে খাই জীৱন নিয়াম;
লোৱা তুমি,—সেই ধন দান দিলো আজি।
(ধন দি)স্ৰজিছে পৰমেশ্বৰে ফৰিং যেতিয়া
দিব টোপ, কদাপি নমৰোঁ।
যাম ময়ো তোমাৰ লগতে।
যদিও দেখিছা বুঢ়া বয়সৰ বাবে,
তথাপি দেহত আছে যথেষ্ট শকতি;
ভাং কাণি খোৱা নাই ডেকা বয়সত
ফুৰা নাই দুষ্টালি কামত
সেইবাবে আশী বছৰতো

[ ৪৪ ]

আজি মই ডেকাৰ নিচিনা।
তোমাৰ লগত গৈ, বহু সময়ত
তুষিম তোমাক মই শক্তি অনুসৰি।
পুষ্কৰ।— ভৃত্য তুমি!
কিন্তু হলে সত্যযুগ নহয় এতিয়া;
উপযুক্ত নোহোৱা কদাপি তুমি-
এনেকুৱা পাপৰ দিনৰ;
কোনো মতে কাল নিয়াবৰ বাবে,
নতু কোনো লাভৰ আশাৰে,
নাই লোৱা তুমি
স্বৰ্গগামী পিতাৰ আশ্ৰয়।
কব তুমি খুজিছা উভলা গছ,
কিন্তু, তোমাৰ দুখৰ আৰু যত্নৰ সমানে
তাত একো ফল নফলিব।
একো কথা নাই,—তোমাতে আশ্ৰয় কৰি
ক'ত পাৰোঁ লওঁ গৈ
জীৱনৰ কিবা এটা উপায় বিচাৰি।
সুৰথী। আগবাঢ়া, যাম মই তোমাৰ পিচতে,
প্ৰাণ থাকে মানে
বিশ্বাসৰ হেৰ ফেৰ এধানো নেপাবা।
ষোল বছৰত আহি বসতি ল'লোহি
আজি আশী বছৰত
সেই ঠাই যাওঁ এৰি থৈ;

[ ৪৫ ]

বুঢ়া বয়সত নতুন আশাৰে
জীৱনৰ বিচাৰো উপায়।
কাৰো ক'তো নেখাই একোকে ধাৰ
পাৰো যদি মৰিব সুখেৰে
তাতকৈ মোৰ আৰু
নেথাকিব একোতে সন্তোষ।

দুইৰো প্ৰস্থান।

তৃতীয় গৰ্ভাঙ্ক।

⸻০⸻

নৈমিষ বন।
চন্দ্ৰাৱলী (সুবাহু), হেমাঞ্জলী (মেনকা) আৰু
ধনঞ্জয়ৰ প্ৰবেশ।

চন্দ্ৰাৱলী। লাগিছে ভাগৰ মোৰ।
ধনঞ্জয়। ভৰি যদি গৈ থাকে, লাগক ভাগৰ,
মই হ'লে কাণকে নকৰোঁ।
চন্দ্ৰাৱলী। আগবাঢ়া সাহেৰে মেনকা,
আমি মতা মানুহৰ দৰে
খোজ তুমি দিবা কেনেকৈ?

[ ৪৬ ]

হেমাঞ্জলী। নোৱাৰোঁ নোৱাৰোঁ যাব আৰু
এখন্তক জিৰোৱাঁ ইয়াতে।
ধনঞ্জয়। শুদা গাটো দাঙ্গি নিব পাৰোঁ,
কিন্তু সৰহ কাপোৰ-কাণি দেখি
নোৱাৰোঁ কৰিব হ'লে সাহ।
চন্দ্ৰাৱলী। পালোঁহি নৈমিষ বন।
ধনঞ্জয়। ভাল মই অকৰা আছিলোঁ,
সুন্দৰ নগৰ এৰি
সোমালোঁহি হাবিৰ মাজত।

জয় আৰু বিজয়ৰ প্ৰবেশ।

দুয়ো ⸻

(গীত)

বিভাস-একতালা।

আজি তোমাক কৰিম পূজা চকুৰ পানীৰে।
হৃদয় ফুলৰ প্ৰণয় মালা পিন্ধাম ৰঙ্গেৰে।
হিয়াৰ আশা দিম বলি,
দিম সুখত জলাঞ্জলি,
তুমি পুৰাবা জগত খনি মধুৰ হাঁহিৰে।
কোমল হিয়া সুখে থ’বা,
প্ৰণয় ছবি হিয়াত ল’বা
আঁকি দিবা সুখৰ ছবি প্ৰেম-লেখনিৰে।

বিজয়ৰ প্ৰস্থান।

[ ৪৭ ]

চন্দ্ৰাৱলী। ক'ৰ পৰা এই দুটা আহি
গালে এটা বিষাদৰ সুৰ?
গীতৰ সুৰত মোৰ
চকুপানী ওলাব খুজিছে।
ধনঞ্জয়। গীত শুনি কান্দোতে কান্দোতে
চকুৰ পানীৰে মই কাপোৰ তিয়ালো।
পালো মই হৃদয়ত ইমান আঘাত
মুখৰ কথাৰে মই নোৱাৰো বুজাব।
চন্দ্ৰাৱলী। কলি কথা জ্ঞানীৰ নিচিনা!
কিন্তু হলে নিজে তই একো বুজা নাই।
ধনঞ্জয়। কথাত নেখালে জুটি
কথা মই একোকে নুবুজো।
হেমাঞ্জলী। শোধোচোন সিহঁতক,—সোণৰ সলনি
দিবনে অলপ মোক
কিবা-কিবি খাবৰ কাৰণে।
যায় প্ৰাণ ভোক পিয়াহত
লৰ-চৰ নোৱাৰো কৰিব।
ধনঞ্জয়। হেৰা মিতা?
চন্দ্ৰাৱলী। নেমাতিবি সেইদৰে,
অচিনাকি সিহঁত আমাৰ।
জয়। কোনে মাতে?

[ ৪৮ ]

ধনঞ্জয়। তহঁতৰ ওপৰলা জনে।
জয়। অৱশ্যে,—নহলে তেওঁ
হীন হ’ব সকলোতেকৈ।
চন্দ্ৰাৱলী। বাৰু, শুনা মোৰ কথা,-
ধন দিলে, নতু আলহী পৰিলে
কৰবাত খাবলৈ পামনে ইয়াত?
এই কুমলীয়া ছোৱালীটি
ভোকত বিহ্বল; খোজ কাঢ়ি কাঢ়ি
ক্লান্ত হৈ ইয়াতে পৰিল।
জয়। নিমাষিত প্ৰাণী মই,—
তলতীয়া লোকৰ চাকৰ।
গৰাকী খঙ্গাল অতি,
সজ বাট নেদেখে চকুৰে।—
অতিথিক অভ্যৰ্থনা কৰা
নাই দেখা মোৰ জনমত।
তদুপৰি গৰাকীৰ ধনৰ দেনত
ঘৰ-বাৰী সকলো বেচিব লগা হ’ল
ধৰি মেলি আনক লগতে মোৰ
যিবা পাৰো দিম সাদৰেৰে।
চন্দ্ৰাৱলী। কোনে কিনি লব ঘৰ-বাৰী?
জয়।মোৰ লগে লগে অহা সেইটো মানুহে
কিনি লব খুজিছে সকলো।

[ ৪৯ ]

চন্দ্ৰাৱলী। পাৰা যদি তুমিয়েই কিনি লোৱাচোন;
দিম আমি ধন-বিত যিমান লাগিব।
হেমাঞ্জলী। মেহনত কৰা বাবে ল’বা তুমি
যিহকে বিচাৰা; আমিও থাকিম তাতে,
ঠাই খনি লাগিছে আমাৰ বৰ ভাল।
জয়। পালে এনেকুৱা অনু গ্ৰহ
প্ৰভু ভক্ত ৰূপে
সেৱিম আপোনাসকলক;
যাওঁ আমি,আহক এতিয়া।

সকলোৰে প্ৰস্থান।

⸻⸻


চতুৰ্থ গৰ্ভাঙ্ক।

⸻০⸻

হাবিৰ বাট।
সুৰথী আৰু পুষ্কৰৰ প্ৰবেশ।

সুৰথী। নোৱাৰোঁ নোৱাৰোঁ যাব আৰু
পৰিলোঁ বাটতে।
অনাহাৰ,-ভোকত ইয়াতে আজি
প্ৰাণো হেৰুৱালো।

[ ৫০ ]

দিবা তুমি মাটি এচপৰা
নিদিবা শগুনে খাব;
আহিলোঁ, বিদায় আৰু, থাকিবা

পুষ্কৰ। কি কৰা সুৰথী,
থাকা তুমি খন্তেক থিৰেৰে,
এখন্তক নেৰিবা জীৱন।
এই অৰণ্য মাজত যিহকে বা পাওঁ,
পাৰিলে আনিম তুমি খাবৰ কাৰণে,
নোৱাৰিলে হিংসক জন্তুৰ
হ’ম মই নিজেই অহাৰ।
নিদিবা যমক তুমি ওচৰ চাপিব
এখন্তক থোৱা নিলগতে,
তুৰন্তে অহিম মই
পাৰিলে আনিম কিবা
নোৱাৰিলে একেবাৰে দিমহি বিদায়।
কিন্তু মই উলটি অহাৰ
আগেয়ে জীৱন এৰি
নকৰিবা মোক তুমি মিছা উপহাস।
দেখিছোঁ সতেজ,
বল আছে,—ভয় নকৰিব।
পৰি আছা চেঁচা বতাহত
আহাঁ, নিওঁ দাঙ্গি

থওঁ আনি গছ আৰত।

(দাঙ্গি আনে)

[ ৫১ ]

কিবা যদি আছে অৰণ্যত
কদাপিও ভোকত নমৰা,
ধৈৰ্য্য ধৰি থাকিবা সুৰথী।

পুষ্কৰৰ প্ৰস্থান।


পঞ্চম গৰ্ভাঙ্ক।

⸻০⸻

অৰণ্য।
ধৰ্ম্মপাল, গদাপাণি আৰু লগৰীয়াসকলৰ প্ৰবেশ।

ধৰ্ম্মপাল। গল কেনি পুৰন্দৰ,
ইমান পৰতো আহি নোলাল ইয়াত?
১ম লগৰীয়া। কৰবাত গান এটা শুনি
পুৰন্দৰ ৰঙ্গত বিভোল হৈ আছে।
ধৰ্ম্মপাল। গান শুনি পাইনে আনন্দ পুৰন্দৰে?
২য় লগৰীয়া। সৌৱা তেওঁ এই পিনে আহিছে আপুনি।

পুৰন্দৰৰ প্ৰবেশ।


ধৰ্ম্মপাল। আনি ফল মূল আগত সজাই লৈ
তোমালকে আছোঁ বাট চাই।

[ ৫২ ]

পুৰন্দৰ। মহাৰাজ লগ পালোঁ হাবিৰ মাজত
ক’ৰবাৰ বহুৱালি গোৱা
জধা মুৰ্খ বিদুষক এটা,—
নাম শুধিলত ক'লে,-‘ধনঞ্জয়’ বুলি;
তাৰ কথা শুনি থাকোতে থাকোতে
বেলি হ'ল,—দোষ নধৰিব।
ধৰ্ম্মপাল। কেনেকুৱা বিদুষক লগ পাইছিলা?
কিনো কথা শুনি থাকোতে তোমাৰ
বিস্মৰণ হ’ল খাবল'কো?
পুৰন্দৰ। নহব ৰাজন,
যেনেকুৱা কথা কৈছিলে
তাক এৰি নোৱাৰিলো বেগতে আহিব।
মূৰ দাঙ্গি ওপৰৰ পিনে
ক'লে প্ৰথমতে,—
‘এতিয়া দুপৰ বেলি হল,
অলপ আগতে হৈছিল এপৰ মাথোন,
আৰু, খন্তেক পিচতে হ’ব
তিনি পৰ আজিৰ দিনৰ;
এইদৰে লগে লগে সময়ৰ
জীৱনৰ ক্ষয় পাই যায়,—
তথাপি মানুহে ভাবে
আছে মৃত্যু বহুত দূৰত।'
ধৰ্ম্মপাল। ক'লে দেখোঁ যথাৰ্থতে জ্ঞানৰ কথাকে।

[ ৫৩ ]

পুৰন্দৰ। মোৰো হ'লে মহাৰাজ, মন যায়
তাৰ দৰে বহুৱালি কৰি ফুৰিবৰে।
বহুৱাই যাকে তাকে গালি দিব পাৰে,
গালি খায়ো জ্ঞানীজনে আওকাণ কৰি
দেখুৱায় গম নোপোৱাৰ দৰে।
ধৰ্ম্মপাল। একো কথা নাই, ফুৰিবা বহুৱা গাই,
হ’বা তুমি বনৰ ৰজাৰ
বিদুষক বঙ্গৰ সহায়।
পুৰন্দৰ। মহাৰাজে পাতিলে বহুৱা মোক
নেভাবিব জ্ঞানী বুলি এতিয়াৰ দৰে;
মাননীয় বুলি মই
সমাজত ব্যাখ্যা নকৰিব।
তেনেহলে হৈ ময়ো বিদুষক
পাৰিম আনন্দ মনে ফুৰিব বনত।
গদাপাণি। আহে সৌৱা কোন এইপিনে?
তৰোৱাল লৈ পুষ্কৰৰ প্ৰবেশ।
পুষ্কৰ।শুনালো হুকম,—
কোনেও নেখাবি একো।
গদাপাণি। কিয়, খোৱা নাই আমি
একোকে এতিয়াল’কে?
পুষ্কৰ। নেখাবি, নহয় মানে⸺
সমাপন মোৰ আৱশ্যক।

[ ৫৪ ]

পুৰন্দৰ। ওলাল ইয়াত
ক'ৰ পৰা আহি এনে অসভ্য মানুহ?
ধৰ্ম্মপাল। পৰি বিপদত,⸺
লভি নতু অসভ্যৰ মাজত জনম
কৰিছাহি এনেকুৱা কটু ব্যৱহাৰ?
পুষ্কৰ। হয়, বিপদতে পৰি মই
হ’ব লগা হইছে কঠুৱা,
কিন্তু জানো কেনে মাৰ্জ্জিত সমাজ।
শুনিবি হুকুম,
হাত দিলে খাদ্য সামগ্ৰীত
খণ্ড খণ্ড কৰি মই কাটিম ইয়াৰে।
ধৰ্ম্মপাল। কি লাগে তোমাক
কোৱা তুমি ভাল মানুহৰ দৰে;
ভদ্ৰ কথা ক'লে
বলেৰে নোৱাৰা কামো পাৰিবা কৰিব।
পুষ্কৰ। যায় প্ৰাণ আহাৰ নেপাই,
খোৱা বস্তু দিব লাগে মোক।
ধৰ্ম্মপাল। একো কথা নাই,
বহি যোৱা আমাৰ লগতে
ফল মূল সামান্য বস্তুৰে
যথা শক্তি শুশ্ৰষা কৰিম।
পুষ্কৰ। কোৱা দেখোঁ সাধুৰ নিচিনা কথা!
ক্ষমা কৰা,—ভাবিছিলো অসভ্য দেশত

[ ৫৫ ]

নাই ক'তো ঠাই সভ্যতাৰ;
যদি দেখিছা সুখৰ দিন
শুনিছা কোমল কথা,
সভ্যতাৰে মাৰ্জ্জিত দেশত
যদি ধৰ্ম্মৰ ভাবেৰে
দেখিছা হোমৰ ধোৱাঁ,—
পাইছা ধূপৰ গোন্ধ,
বুজিব পাৰিবা তেন্তে দুখ বোলে কাক।
হাতেৰে নোৱাৰা কামো
কথাৰে পাৰিম মই সাধন কৰিব,
সেইবাবে তৰোৱাল সামৰিলো মই।
ধৰ্ম্মপাল। বুজিছোঁ বিপদ বোলে কাক;
থাকি থাকি বিপদতে
বিপদেই ভাল লগা হইছে আমাৰো।
অতিথিক, ক্ষুধাৰ্ত্তজনক
অভ্যৰ্থনা কৰা ফল কেনে
তাকো আমি জানো।
ক্ষুদ্ৰ ফল মূল উপহাৰ
খোৱা বহি আমাৰ লগতে।
পুষ্কৰ। আহিছিলোঁ, বিচাৰি নিবৰ বাবে টোপ
পোৱালীক থৈ নিলগতে-
আছে বুঢ়া এটি, মোৰ মৰমত
সুখৰ সংসাৰ এৰি বনবাসী হৈ

[ ৫৬ ]

ক্লান্ত হৈ পৰিছে বাটতে আহি,
যায় প্ৰাণ খাবলৈ একোকে নেপাই;
আনো মানে তাক মাতি
কৰিবনে খন্তেক অপেক্ষা?
ধৰ্ম্মপাল। যোৱা তুমি তাকে আনাগৈ,
থাকিম ইয়াতে আমি একোকে নেখাওঁ।
পুষ্কৰ। ধন্য হোৱা তুমি
আশীৰ্ব্বাদ জানিবা আমাৰ।

পুষ্কৰৰ প্ৰস্থান।


ধৰ্ম্মপাল। চোৱাঁ, নহওঁ কেৱল আমি দুখীয়া ধৰাত
আছে এই বিশ্ব ভাৱনাত
বহুত দুখীয়া ভাৱৰীয়া।
পুৰন্দৰ। ঠিক কথা ক'লে মহাৰাজে,
অনিত্য সংসাৰ খনি ভাৱনাৰ দৰে।
সাত বেলি দিওঁ দেখা আমি
সাতোটা মুখাৰে স’তে নতুন ভেষেৰে।
প্ৰথমতে চালুকীয়া ল'ৰা
মাকৰ কোলাত উঠি থকা;
দ্বিতীয়ত শিক্ষা লাভ গুৰুৰ ঘৰত;
তৃতীয়ত নতুন প্ৰেমিক
সংসাৰীক সুখত বিভোল;
চতুৰ্থত জীবন যুজৰ

[ ৫৭ ]

প্ৰধান যুজাৰু,⸺
অং সম্পত্তিৰ আকাংক্ষা মনত
লোেত মোহ ধৰ্ম্মাধৰ্ম্ম বশ সকলোৰে;
পঞ্চমত আদহীয়া, গহীন প্ৰকৃতি,
মেল শুধি ভাঙ্গি ফুৰে লোকৰ বিষাদ;
ষষ্ঠত লাখুটি লোৱা
খোজে পতি থৰক-বৰক দেহ
মাতিব খুজিলে মাতো নুফুটে মুখত;
শেহত নতুন বাল্যকাল,
দাঁত নাই, মাত নাই,
যেনি নিয়ে সেই পিনে যায়,—
যৱনিকা পৰে ততালিকে।

সুৰথী আৰু পুষ্কৰৰ প্ৰবেশ।

ধৰ্ম্মপাল। বহাঁ, বাট চাই ৰৈ আছো আমি।
পুষ্কৰ। ধন্যবাদ দিছোঁ মই দুইৰে ন।
নী। নোগায় মুখৰ মাত
নোৱাৰো একোকে ক'ৰ।
ধৰ্মপাল। খাই বৈ ক্লান্তি দূৰ লেীৰ
কথিম সকলো কথা
শচি পানি সে।
শাপানি, নতুন ভাৰ
এন এ নো এক।

[ ৫৮ ]

গদাপাণি।⸺( গীত)

ঝিঝিট-আৰাঠেকা।

কোনে কয় জীবন গ’লে
 মৰণ কাৰো ভাল নেলাগে,—
জীবন মৰণ দুয়ো সমান
 দুখে সুখে তাৰ ভাগে ভাগে।
যেয়ে শুনে সেয়ে বোলে—
প্ৰাণ বিহনে স্বৰগ ভোগে,
আহাঁ আমি সকলোৱে
 কওঁ বিধতাক মৰণ লাগে।


ধৰ্ম্মপাল। এৰা, দেখিছোঁ তোমাক মই
বীৰভদ্ৰ মন্ত্ৰীৰ নিচিনা,
তেওঁৰে মধ্যম পুত্ৰ তুমি;
আছিল স্নেহৰ পাত্ৰ তেওঁ।
আহাঁ, বহাত সোমাই
শোধোগৈ সকলো কথাৰ বিৱৰণ;
বুঢ়া, তুমিও লগতে আহা,
লোৱা ধৰি যাব নোৱাৰিলে।

সকলোৰে প্ৰস্থান।

[ ৫৯ ]
 

তৃতীয় অঙ্ক।

⸻:০:⸻

প্ৰথম গৰ্ভাঙ্ক।

⸻০⸻

ৰাজ-প্ৰাসাদ।
বিশ্বপাল আৰু জনাৰ্দ্দনৰ প্ৰবেশ।

বিশ্বপাল। নাই দেখা তেতিয়াৰে পৰা?
অসম্ভব—মিছা কথা!
স্বভাৱতে মই দয়ালু নোহাৱা হলে
আগত থাকোতে তই
নিবিচাৰোঁ পলোৱা মানুহ;
সাৰিলো হেতেন
কাৰবাৰ হোৰ আজি কাৰবাৰ গাত!
জানিবি—আজিৰ পৰা
সাদিনৰ ভিতৰত,
নুলিয়ালে তোৰ ভায়েৰক,
হেৰুৱাবি সকলো সম্পত্তি তোৰ;
য’তে আছে ত’ৰে পৰা আনিবি বিচাৰি,
তাকে যদি নোৱাৰ কৰিব
থাকিবৰ ঠাই তই নেপাবি দেশত।

[ ৬০ ]

জনাৰ্দ্দন। মহাৰাজে নিজে জানে
মই তাক পাওঁনে নেপাওঁ ভাল;
মোৰ জীৱনত তাক
নেচালো এদিনো ভাই বুলি।
বিশ্বপাল। পৰম পাষণ্ড তই,
কোনে পাৰ লৈ যাহি
ইয়াক টেটুত ধৰি;
যত মানে ধন বস্তু আছে
কাঢ়ি লবি সকলোকে;
দিবি খেদি দেশৰ বাহিৰ কৰি,
ততালিকে পালিবি আদেশ মোৰ।

দুইৰো প্ৰস্থান।


⸻⸻

দ্বিতীয় গৰ্ভাঙ্ক।

⸻:০:⸻

অৰণ্য।
পুষ্কৰৰ প্ৰবেশ।

পুষ্কৰ।(কাগজ পঢ়ি )
ইয়াতে ওলমি থাকা প্ৰণয় কাহিনী,
চাই এক জোনবায়ে ওপৰৰ পৰা।

[ ৬১ ]

দেখিব হিয়াৰ ফুল যায় কেনি কেনি
 বুজিব—হৃদয় মোৰ প্ৰণয়েৰে ভৰা।
পুণ্যবতী চন্দ্ৰাৱলী, গছৰ ছালত
 লেখিম তোমাৰ গুণ মৰম লেখিম,
লেখিম তোমাৰ নাম কবিতা সুৰত,
 য’তে চকু পৰে ত’তে তোমাক দেখিম;
সুন্দৰ লাৱণ্যময়ী তোমাৰ গঠন,
কোৱা দেবি, কাৰ তুমি হৃদয়ৰ ধন।

পুষ্কৰৰ প্ৰস্থান।

জয় আৰু ধনঞ্জয়ৰ প্ৰবেশ।

জয়। কেনেকুৱা পাইছা ইয়াত ধনঞ্জয়
লাগিছেনে ভাল এই কিৰাত জীৱন।
ধনঞ্জয়। নিৰ্জ্জন কাৰণে ভাল লাগে মোৰ,
কিন্তু নগৰ নোহোৱা বাবে
নেলাগে সিমান ভাল;
নাই একো ৰাগ-জাল ভাল সেই বাবে,
কিন্তু ৰং ধেমালিৰ হ'লে নিচেই তাকৰ।
বুজিলিনে মোৰ কথা,—
খোৱাৰ বাহিৰে জাননে সৰহ কিবা?
জয়। জানো বুলি নিচেই তাকৰ;
জানো,— জুয়ে পোৰে,
নিপোটল গৰু হয় ভাল ঘাহনিত;

[ ৬২ ]

হয় নিশা সূৰ্য্য নথকাৰ বাবে।
ধনঞ্জয়। ভাল কথা একোকে নেজান;
দেখিছনে কেতিয়াবা ৰজাৰ নগৰ
জয়। নাই দেখা, কিন্তু হ’লে
দেখিছোঁ বহুত হাবি।
ধনঞ্জয়। তেনেহ'লে নৰক ভুগিবি।
জয়। নোভোগা নৰক।
ধনঞ্জয়। নিশ্চয় ভুগিবি।
জয়। নগৰ নেদেখা বাবে, কিয়?
ধনঞ্জয়। নাই দেখা নগৰ যেতিয়া
নাই দেখা ভাল মানুহৰ
তই ভাল ব্যৱহাৰ,—
নাই শিকা ভাল কথা একো
নাই শিকা ভাল কথা যদি
বেয়া কথাকেহে তই সদাই শিকিছ;
বেয়া কথা শিকিলি যেতিয়া
পাপত পৰিছ,
সেইবাবে নৰক ভুগিবি।
জয়। সৰ্বনাশ এই দৰে হলে-
সকলো অসাৰ।
নহয় তোমাৰ কথা, নোভোগে নৰক।

[ ৬৩ ]

কৰা নাই কাৰো অপকাৰ
কিবাবত নৰক ভুগিম?
ধনঞ্জয়। আহিছে সুবাহু
নতুন গৰাকী এই পিনে।
চন্দ্ৰাৱলীৰ প্ৰবেশ।
চন্দ্ৰাৱলী। (কাগজ পঢ়ি )
উদয় গিৰিৰ পৰা অস্ত গিৰিল'কে
চন্দ্ৰাৱলী একেটি ৰতন,
সুগন্ধ বায়ু বয় চন্দ্ৰাৱলী নাম
সুবাসিত অতি মনোৰম;
নেথাকিব আন একো মোৰ হৃদয়ত
চন্দ্ৰাৱলী থাকোতে মনত।
ধনঞ্জয়। ক’ত পালে আইদেও,—
এ নহয় —নতুন গৰাকী,
এনেকুৱা সুন্দৰ কবিতা
ক’ত পালে নতুন গৰাকী?
চন্দ্ৰাৱলী। আছিল গছৰ গাতে তাতে পালো মই।
ধনঞ্জয়। গছতো কবিতা ফুল ফুলে।
চন্দ্ৰাৱলী। আহিছে ভনিটী মোৰ।
ৰবিছোন, নকৰিবি ধেমালি এতিয়া।
হেমাঞ্জলীৰ প্ৰবেশ।

[ ৬৪ ]

হেমাঞ্জলী। (কাগজ পঢ়ি )
কোনে কয় হাবিয়নি নিমাত নিতাল,
নাই কতো জীৱনৰ গীত,
প্ৰত্যেক গছকে মই গীতৰ ভৰাল,
কৰিম সকলো হ’ব ভীত।
চন্দ্ৰাৱলী জনমৰ নতুন কাহিনী
সকলোকে শুনাম বনত,
কিৰূপে জন্মোতে তেওঁ হ'ল দৈব-বানী
গাম মই কোমল সুৰত।
তিলোত্তমা অনুৰূপ যাৰ উতপতি
অলকাৰ গুণেৰে ভূষিত।
আদৰ্শ স্ৰজন যাৰ আদৰ্শ প্ৰকৃতি—
শুনিলে সকলো আচৰিত।

চন্দ্ৰাবলী ৷ আৰু আছে যদি শুনোৱা কবিতা
মধুময় অমৃত সুৰেৰে।
ধনঞ্জয়। সংসাৰ ভৰিল কবিতাৰে,
এই অৰণ্য মাজত
ইমান কবিতা আনি
কৰ পৰা কোনে উলিয়ালে!
অৰণ্যত নকৰেনে কথা ব্যৱহাৰ
কবিতাকে কয় মুখে মুখে?
হেমাঞ্জলী। অলপ আতৰা ধনঞ্জয়,
যক জয়ো তোমাৰ লগতে।

[ ৬৫ ]

ধনঞ্জয়। আহাঁ, আমি ভালে ভালে
এনেয়ে আতৰো সোনকালে।

জয় আৰু ধনঞ্জয়ৰ প্ৰস্থান।



হেমাঞ্জলী। জানিছানে বাইদেও,
এনেকুৱা কবিতাৰে
গোটেই অৰণ্য খনি পৰিপূৰ্ণ হ'ল।
চন্দ্ৰাৱলী। মাজে মাজে দেখিছোঁ গছত
সুন্দৰ কবিতা, কিন্তু ঠায়ে ঠায়ে হ'লে
দুটি এটি আখৰ পৰিছে।
হেমাঞ্জলী। তোমাৰ নামেই দেখোঁ আছে সকলোতে।
জানানে লেখিছে কোনে?
চন্দ্ৰাৱলী। কোনোবা মানুহে।
হেমাঞ্জলী। শোভিছে ডিঙ্গিত যাৰ
তুমি দিয়া চন্দ্ৰহাৰ ডালি।
চন্দ্ৰাৱলী। কোন তেওঁ,—কোৱাচোন বাৰু?
হেমাঞ্জলী। নাই বুজা তুমি?
দেখোতে উঠিছে তেজ তোমাৰ গালত।
চন্দ্ৰাৱলী। হয়, একো বুজা নাই।
হেমাঞ্জলী। অসম্ভব!
চন্দ্ৰাৱলী। কোন বাৰু, কোৱাঁ সঁচাকৈয়ে।

[ ৬৬ ]

হেমাঞ্জলী। আচৰিত কথা,
একোকে নুবুজা হ’লা তুমি বাইদেও।
চন্দ্ৰাৱলী। নকৰিবা মিছাৰ ধেমালি,
কোৱাঁ মোক, কোন তেওঁ দেখিলানে তুমি?
হেমাঞ্জলী। দেখিলো,—পুষ্কৰ।
চন্দ্ৰাৱলী। পুষ্কৰ?—উপহাস নকৰিবা মোৰে।
হেমাঞ্জলী। নাই কৰা উপহাস যথাৰ্থ পুষ্কৰ।
চন্দ্ৰাৱলী। কি কৰিম বুধি পোৱা নাই;
আছোঁ মই মতাৰ সাজত,
কি বুলিব দেখিলে পুষ্কৰে মোক!
ক'ত আছে তেওঁ, কি কৰিছে?
কেনেকৈনো দেখা পালা তুমি।
কিবা কথা পাতিছিলা জানো?
মোৰ কথা শুধিছিলে জানো?—
কোৱা মোক একটি কথাতে।
হেমাঞ্জলী। মই জানো কুম্ভকৰ্ণ ৰীৰ,
ডাঙ্গৰ মুখেৰে
এনেকুৱা সৰহ প্ৰশ্নৰ
পাৰো দিব একেষাৰ কথাতে উত্তৰ?
চন্দ্ৰাৱলী। জানিছেনে বাৰু তেওঁ
আছোঁ বুলি ময়ো এই নৈমিষ বনতে?

[ ৬৭ ]

হেমাঞ্জলী। কাৰ নো মনৰ কথা কোনে ক’ব পাৰে?
শুনা বাৰু কওঁ ভাঙ্গি-পাতি।
চন্দ্ৰাৱলী। কোৱা,—কাণ পাতি আছোঁ।
হেমাঞ্জলী। ৰবা,—আহিছে পুষ্কৰ।
চন্দ্ৰাৱলী। থাকোঁ আমি অলপ আতৰি।

পুষ্কৰ আৰু পুৰন্দৰৰ প্ৰবেশ।


পুৰন্দৰ। ভাল হ’ল লগ পালোঁ বাটতে তোমাক;
সেই বুলি অকলশৰীয়া হোৱা হ'লে
ভালহে আছিল আৰু মোৰ।
পুষ্কৰ। মোৰো সেয়ে, তেও বুলি তোমাক পোৱাত
নাই মোৰ একো অসন্তোষ।
পুৰন্দৰ। সদায় চিনাকি হৈযে থকা
মই হলে নেদেখোঁ সকাম।
পুষ্কৰ। তোমাৰ নিচিনা মানুহেৰে
অচিনাকি হৈ থকা ভাল শত গুণে।
পুৰন্দৰ। গছবোৰ কাটি-কুটি
নষ্ট কৰা নিতান্ত অন্যায়,
নেলেখিবা ঠেও লগা নুবুজা কবিতা।
পুষ্কৰ। মন গলে লেখিম কবিতা,
নপঢ়িবা বেয়া পোৱা যদি।

[ ৬৮ ]

পুৰন্দৰ। চন্দ্ৰাৱলী নাম শুনি
ভাল লাগে তে মাৰ মাথোন,
মোৰ হ'লে খং উঠি আহে।
পুষ্কৰ। জনমেতে চন্দ্ৰাৱলী
নাম দিলে যেতিয়া বাপেকে,
সন্তে ষ নাপাবা বুলি তুমি
সপোনতো নেভাবিলে তেওঁ।
পুৰন্দৰ। ওখ হ’ব কিমান তোমাৰ চাৱলী?
পুষ্কৰ। হিয়াৰ সমান মোৰ।
পুৰন্দৰ। তোমাৰ লগত মোৰ ভাল লগা নাই,
দিছা মাথোঁ অপমান কথাই কথাই।
পুষ্কৰ। বেয়া যদি লাগিছে তোমাৰ, যাব পাৰা,
মই হ’লে ধৰি ৰখা নাই।
পুৰন্দৰ। বেচ কথা,—আহিলোঁ এতিযা।
পুষ্কৰ। বেচ কথা,—যোৱাগৈ এতিয়া।

পুৰন্দৰৰ প্ৰস্থান।


চন্দ্ৰাৱলী। কোন তুমি সুন্দৰ যুবক,
পৰিচয় পামনে তোমাৰ?
পুষ্কৰ। কি বুলিনো দিম পৰিচয়,
চিৰদিন দুখকে ভুগিলোঁ

[ ৬৯ ]

সুখ নেজানিলোঁ;
পৰিচয় এয়ে মোৰ,—
পৃথিবীত মোৰ দৰে
নাই কোনো দুখীয়া মানুহ।
চন্দ্ৰাবলী। ইয়াৰ বাহিৰে আৰু
নাইনে বিশেষ পৰিচয়?
পুষ্কৰ। থাকিলেও নাই প্ৰয়োজন।
কোন তুমি মিষ্টভাষী, অৰণ্য নিবাসী,
ক’ত তুমি শিকিলা মধুৰ কথা এনে?
চন্দ্ৰাবলী। জন্ম মোৰ কিৰাত কুলত,
পিতৃ মোৰ আছিল ৰজাৰ লগৰীয়া,
তেওঁৰ কোষতে থাকি
শিকিলোঁ বহুত বথা;
বাস মোৰ এই অৰণ্যতে।
পুষ্কৰ।নেদেখো তোম ক বিন্তু কিৰাতৰ দৰে;
নাই মোৰ বন্ধু কোনো এই অৰণ্যত,
গ’লে কেতিয়াবা পামনে তোমাক লগ?
নোযোৱা-নুপুৱা কাল
দিবানে নিয়াব তুমি সজ আলাপেৰে?
চন্দ্ৰাবলী। ময়ো অতি অকল-শৰীয়া;
মই আৰু মোৰ এই কোমল ভনিটি
দুয়ো আমি একেলগে থাকোঁ।

[ ৭০ ]

যোৱা যদি কেতিয়াবা
দুখীয়াৰ দুখীয়া পজাত
কৰা যদি পৱিত্ৰ চৰণ দান,—
ভাগ্যৱন্ত বুলি মই ভাবিম নিজকে।
পুষ্কৰ। ব’লা তেন্তে দেখুৱাচোঁ কেনি থাকা তুমি।
বিশেষ এতিয়ালকে
ক’তো মোৰ নাই থকা ঠাই;
কিবা এটি ভাল মোৰ
লাগিছে তোমাক দেখি,—
কি নাম তোমাৰ?
চন্দ্ৰাৱলী। সুবাহু বুলিলে মোক চিনে সকলোৱে,
ভনিটিক মেনকা বুলিবা।

সকলোৰে প্ৰস্থান।


⸻০⸻

তৃতীয় গৰ্ভাঙ্ক

⸻০⸻

এজোপা গছৰ তল
ধনঞ্জয় আৰু বহুলীৰ প্ৰবেশ।
পিচত পুৰন্দৰ।

 ধনঞ্জয়। আহাঁ বহুলী, তোমাৰ গৰু কেইটা ময়েই আনিম, তুমি দুখ পাবা। মই বাৰু বেয়া মানুহ নে? [ ৭১ ]  বহুলী। মই জানো তোমাক বেয়া বুলিছোঁ?

 ধনঞ্জয়। গৰু আগত টোকাৰী বায়, কাণ-মূৰ জোকাৰি ঘাঁহ খায়;-বোলো মই ভাল নানুহ নহওঁ জানো?

 পুৰন্দৰ। (নুশুনাকৈ) জ্ঞানৰ প্ৰতাপ চোৱা, কেনে ধুনীয়া যোজোনা দিছে।

 ধনঞ্জয়। অবুজনক বুজুৱাও যেনে, ধেৰুৱা ঠাৰি সিজিৱাও তেনে; বোলো মোৰ কথাকে যদি নুবুজা তেনেহলেনো আমি দুয়ো কেনেকৈ একেলগে থাকিম? হায়, হায়, মোৰ ঈশ্বৰে তোমাক আৰু অলপ বুজন কৰা হ'লে!

 বহুলী। কেলেই, মই জানো এতিয়া বুজন নহওঁ?

 ধনঞ্জয়। দেখোতে হ’লে বুজন, কিন্তু কথাত বুজন নোহোৱা অলপ আৰু পৈনত হ'ব লাগিছিল।

 পুৰন্দৰ। (নুশুনাকৈ) জধামূৰ্খ!

 বহুলী। পিচে আমাৰনো বিয়াৰ দিন হৈছে কাহানিকৈ?

 ধনঞ্জয়। একো ঠিক হোৱা নাই, সনাতন পণ্ডিত এতিয়াই আহিব, চাই-চিতি দিবহি।

 পুৰন্দৰ। বাৰু পণ্ডিতেনো আহি কি কয় শুনিয়েই যাওঁ।

 ধনঞ্জয়। প্ৰথমতে বিদ্যা উপাৰ্জ্জন,-সেই দফা আমাৰ হ’লেই। দ্বিতীয়ত ধন আৰ্জ্জন,—ধন মোক নেলাগেই। তৃতীয়ত তোমাক লাভ কৰা হৈছে—অৰ্থাৎ ক’বলৈকে লাজ লাগে,—গৃহবাস। তুমি মোৰ ধৰ্মপত্নী হ’বা; সুখে দুখে জীৱনে [ ৭২ ] মৰণে তুমিও মোক বঞ্চনা নকৰিবা, ময়ো নকৰোঁ। সপত্নীকং ধৰ্ম্মমাচৰেৎ অৰ্থাৎ আমি দু্যো অধৰ্ম্মত ভৰিকে দিব নেপায়।

 বহুলী। ইমানবোৰ কথা শুনি মোৰ গাত পিৰ-পিৰণী উঠিছে আৰু জিভাত চুণে ডকাৰ দৰে ডাকিছে। অধৰ্ম্মনো কিহক বুলিছা।

 ধনঞ্জয়। অৰ্থাৎ অধৰ্ম্ম হৈছে সংযম আক সংযম হৈছে আমাৰ অবয়ব; এতিয়া বুজিলা নহয়?

 বহুলী। বুজিলোঁ। সৌ গৰাকীনো কোন আহিছে?

 ধনঞ্জয়। আমাৰ সনাতন পণ্ডিত।

সনাতনৰ প্ৰবেশ।

 ধনঞ্জয়। দেউ সেৱা কৰিছোঁ; হেৰ চুৱা-খাতী সেৱা কৰ।

 সনাতন। কন্যা এৱেঁই হ’বলা?

 ধনঞ্জয়। কন্যা বুলিব নোৱাৰি, বুঢ়ীয়েই হ'ল।

 সনাতন। হওঁতে জোৰা-সম্প্ৰদা আহিছে, অৰি-ষড়ষ্টক। পিচে বৰ দোষ, কাল দোষ আৰু দৈব দোষ,⸺এতেকে ভাল এসেৰ মান গাখীৰ ওলোৱা খীৰতী গৰু এজনী দানং দদ্যাৎ অৰ্থাৎ মোক দিব লাগিব।

 বহুলী। দেউ, আমাৰহে ভাল হ'ব লাগিছে, গৰু জনী একো বস্তু নহয়।

 সনাতন। পিচে কন্যাদাতা হয় কোন? দান দিব লাগিব নহয়? [ ৭৩ ]  ধনঞ্জয়। মই দান নলওঁ, আপুনিহে দান লয়।

 সনাতন। কন্যাদাতা নহলে বিয়াই নহয়।

 পুৰন্দৰ। (আগবাঢ়ি) মই দিম, মই দিম একো কথা নাই

 ধনঞ্জয়। ভাল বহালোঁ বাপেকে; হয় ডাঙ্গৰীয়া, এই আপোনাক কি বোলে বালক! সিবেলিৰে পৰা আৰু আজিহে লগ পাইছোঁ। (বেহুলীক) হেৰ ভিনীহিয়েৰক চিনি পাইছনে!

 বহুলী। মোৰ ভিনীহিয়েই নাই।

 ধনঞ্জয়। চুৱা-খাতী বোল কি হয় এটা; ভিনীহি বুলিলে জানো খয় যাবি!

 পুৰন্দৰ। তোমাৰ নিচিনা ভাল মানুহ এজনৰ বিয়া এই অজগৰলটোৰ হতুৱাই কেলেই কৰোৱা। ভাল চাই উদাসীন বামুণ এজনৰ হতুৱাই বিয়া খন পাতা। মিছাকৈ লেপ্‌-ধেপ্‌ কৰাই নথবা।

 ধনঞ্জয়। এৰা এওঁক আকৌ গৰু এজনী লাগে। মোৰো আকৌ হোম পোৰা বিয়া খন পাতিবৰ মন নাই চকলং এখন কৰি থব পাৰিলেই হয়।

 পুৰন্দৰ। গুচি আহাঁ, এইডাল একো পণ্ডিত নহয়।

 ধনঞ্জয়। বহুলী আহা যাওঁগৈ। দেউ, নমস্কাৰ, যাবগৈ আৰু, আপোনাৰ লগত আমাৰ একো সকাম নাই।

ধনঞ্জয়, বহুলী আৰু পুৰন্দৰৰ প্ৰস্থান

 সনাতন। এনেকৈ ভাল মানুহক মস্কৰা কৰে। কতা [ ৭৪ ] তহঁত হতশ্ৰী হবি। সোনকালে নাও নুমাব, বৰ পুতেৰৰ মূৰ খাবি, ঘৰত জুই লাগিব, শেহত গাত পোক দি মৰিবি? আৰু বংশও লোপ হব। তহঁতৰ নিচিনা এজাক বান্দৰে জানো মোক বামুণ ভাঙ্গিব পাৰিবি।

সনাতনৰ প্ৰস্থান।

চতুৰ্থ গৰ্ভাঙ্ক।

কুটিৰ।

চন্দ্ৰাৱলী আৰু হেমাঞ্জলীৰ প্ৰবেশ।

চন্দ্ৰাৱলী। থাকি থাকি কেতিয়াবা মোৰ
কান্দিবৰ মন যায় কিয়?
হেমাঞ্জলী। তোমাৰ কোমল অন্তৰত
কিবা কিবি দুখৰ কথাই
থাকে খেলি সকলো পৰতে;
সেই বাবে ভিতৰৰ ভাব বোৰ
চকুয়েদি জৰি জৰি
পানীহৈ পৰে বাহিৰত।
চন্দ্ৰাৱলী। অৰণ্যত থাকি বহু দিন,
বহু দিন নগৰ নেদেখি
মন মোৰ লাগিছে চঞ্চল।

[ ৭৫ ]

পুষ্কৰক দেখিলো সিদিনা
অনুৰোধ শুনি আহিলো এদিন,
কিন্তু নোৱাৰিলে মুখেৰে মাতিব
হেমাঞ্জলী। ঠিক কথা ওলাল এতিয়া;
সেইবাবে থাকি থাকি
মন যায় কান্দি পেলাবৰ।
চন্দ্ৰাৱলী। নহয় ভনিটি,
কৈছিলে পুষ্কৰে সিদিনা
আকৌ আহিম বুলি আজি;
অত পৰ হৈ গ'ল
তথাপিও নাহিল পুষ্কৰ।
সেইবাবে পৰিছে মনত মোন
পুষ্কৰৰ কথা।
হেমাঞ্জলী। সিদিনা আহেঁতে
নোৱাৰিলে আমি কোন
চিনকে ধৰিব।
চন্দ্ৰাৱলী। কৈছিলে,মোৰ গাত দেখিছিলে হেনো,
আহ-জাহ কোনোবা চিনাকি মানুহৰ।
হেমাঞ্জলী। যিটো ভেষ ধৰিছোঁ ইয়াত
কোনে চিনে, কাৰ সাধ্য পায় পৰিচয়।
চন্দ্ৰাৱলী। পুষ্কৰে ললেহি ঠাই পিতাৰ লগতে।

[ ৭৬ ]

হেমাঞ্জলী। অত্যাচাৰ সহিব নোৱাৰি
অৰণ্যত ললেহি আশ্ৰয়;
পালে আহি ৰাম-ৰাজ্য
শান্তিময় বনৰ মাজত।
চন্দ্ৰাৱলী। সিদিনা পিতাই শুধিছিলে মোক,—
“কোন তুমি, কোন বংশ জাত”?
ক’লোঁ মই,—“তোমাৰ নিচিনা
জন্ম মোৰ উত্তম কুলত”।
হাঁহিলে পিতাই
কিন্তু নোৱাৰিলে চিনকে ধৰিব।
হেমাঞ্জলী। আহাঁ, আগবাঢ়ি যাওঁ
আছে আজি পুষ্কৰতে ধাউতি তোমাৰ।
চন্দ্ৰাৱলী। ব’লা,–এই বাটে যাওঁ,
ৰৈ থাকি আমনি লাগিছে।

দুইৰো প্ৰস্থান।

[ ৭৭ ]
 

চতুৰ্থ অঙ্ক।

⸻⸻

প্ৰথম গৰ্ভাঙ্ক।

⸻০⸻

অৰণ্য।

চন্দ্ৰাৱলী আৰু পুৰন্দৰৰ প্ৰবেশ।

চন্দ্ৰাৱলী। কোৱাচোন পুৰন্দৰ,
লোকে কয়,—তুমি হেনো
সদায বেজাৰ কৰি থাকা
কাক বোলে আনন্দ নেজানা?
পুৰন্দৰ। সঁচা কথা, আনন্দ নেলাগে মোৰ ভাল
বেজাৰত থাকিলে সদায়
সংসাৰৰ দুখ শোক
নোৱাৰে পৰিব আহি মোৰ অন্তৰত।
ভ্ৰমিলো বহুত দেশ
মানুহৰ বহু ব্যৱহাৰ
দেখিছোঁ চকুৰে,
ক’তো মই আনন্দৰ
একোকে কাৰণ নেদেখিলো।

[ ৭৮ ]

চন্দ্ৰাৱলী॥ ভ্ৰমিছা বহুত দেশ।
তেনেহলে ঘৰ-বাৰী বেচিছা নিজৰ,
সেই ধন ভাঙ্গি
চাইছা লোকৰ ঘৰ-বাৰী।
ফুৰি ফুৰি জ্ঞানৰ সলনি
গোটালা বেজাৰ হৃদয়ত।

পুষ্কৰৰ প্ৰবেশ।


পুষ্কৰ। কি কৰিছা ইয়াত সুবাহু?
পুৰন্দৰ। কৰিবৰ আহিল দেখোন,
কি উদ্দেশ্যে আহিল আপুনি?
পুষ্কৰ। মন গ'লে কেতিয়াবা ফুৰোহি ইয়াত,
সুবাহুৰে কথা পাতি ভাল লাগে মোৰ।
চন্দ্ৰাৱলী। কিয়নো পুষ্কৰ তুমি নাহিলা সিদিনা?
পুষ্কৰ। আহিছিলোঁ,⸺
কিন্তু বাটতে শুনিলোঁ আহি
মোৰ বাবে আগবাঢ়ি তুমি
গ’লা হেনো আন কোনো বাটে।
চন্দ্ৰাৱলী। হয় সেই দিনা বাট চাই থাকি
আমনি লাগিল,
আগবাঢ়ি গলোঁ,—সন্দেহ কৰিলোঁ,
জানো কোনো বিপদ তোমাৰ।

[ ৭৯ ]

পুষ্কৰ। হৃদয়ৰ প্ৰবল আবেগ
শান্ত হয় তোমাক পালেহি;
ভাল লাগে তোমাৰ লগত,
কিন্তু হ’লে তুমি মোৰ একোকে নোহোৱা।
চন্দ্ৰাৱলী। একোকে নহওঁ যদি
কিয় তুমি ভাল পোৱা
আহি মোৰ ওচৰ পালেহি?
অৱশ্যে দুইৰো আছে
কিবা এটি নজনা সম্বন্ধ।
পুৰন্দৰ। চন্দ্ৰাৱলী বুলি তুমি
যাৰ কথা কৈছা সদায়
সেই চন্দ্ৰাৱলীনো তোমাৰ
যথাৰ্থতে হয়নে স্নেহৰ?
পুষ্কৰ। ক'ব পাৰোঁ দৃঢ় কৰি
বিৰাজিছে চন্দ্ৰাৱলী মোৰ হৃদয়ত।
চন্দ্ৰাৱলী মোৰ হৃদয়ৰ ধন,
চন্দ্ৰাৱলী সুখৰ সপোন,
সুবাহুক দেখিলে মনত পৰে
চন্দ্ৰাৱলী প্ৰতিকৃতি কল্পনা চকুত।
চন্দ্ৰাৱলী। এনেকুৱা কথা শুনি বেয়া লাগে মোৰ
যায় মন দুখ কৰিবৰে মোৰা
তোমাৰ দুখতে।

[ ৮০ ]

পুষ্কৰ। নেলাগে দুপৰ কথা মনত পেলাব;
আহাঁ যাওঁ, পামগৈ তোমাৰ কুটিৰ।
চন্দ্ৰাৱলী। ৰৈ আছে ভনিটিও
আমল’কে বাট চাই—ব’লা যাওঁ,
যাবানে লগত পুৰন্দৰ?
পুৰন্দৰ। নেযাওঁ লগত; যাম মই আন পিনে,
কেনি যাবা যোৱা তোমালোক।

সকলোৰে প্ৰস্থান।

⸻⸻


দ্বিতীয় গৰ্ভাঙ্ক।

⸻০⸻

হাবিৰ দাঁতি।

কিৰাত-বালকসকলৰ প্ৰবেশ।

(গীত)
ইমন্‌-ভুপালী—খেমতা।

বলা যাওঁ  গধুলি হ'ল
যাওঁ ৰঙ্গেৰে ঘৰৰ পিনে।
আকাশে প্ৰেম ঢালিছে
মাৰিছে নিতাল জগৎ খনে।

[ ৮১ ]

নাচিছে তৰা ওখ আকাশত
হাহিছে পদুম বিলৰ মাজত,
মলয় বায়ু হিয়াত লাগিছে
বলা গুচি যাওঁ ঘৰৰ পিনে।

সকলোৰে প্ৰস্থান।


তৃতীয় গৰ্ভাঙ্ক।

হাবিৰ বাট।

হেমাঞ্জলী আৰু চন্দ্ৰাৱলীৰ প্ৰবেশ।

চন্দ্ৰাৱলী। কোৱা হেমাঞ্জলি, অত পৰ হ'ল
তথাপিও নাহিল পুষ্কৰ?
হেমাঞ্জলী। হয়, বাইদেও, নাহিল যেতিয়া,
বলা যাওঁ ফুৰোঁগৈ হাবিৰ মাহত,
বাটত থকাৰ একো নাই প্ৰয়োজন।
চন্দ্ৰাৱলী। আহিছে কোনোবা এটি
হ'ব পায় আহিছে পুষ্কৰ।

জনাৰ্দ্দনৰ প্ৰবেশ।


জনাৰ্দ্দন। কেনি আছে, কোন বাটে গ'লে,—
নানা বিধ গছেৰে শোভিত
পাম এটি নতুন কুটিৰ?

[ ৮২ ]

হেমাঞ্জলী। এই বাটে গৈ থাকা,
সোঁ-হাতে ঘূৰিলে বেগতে
নৈৰ দাঁতিতে পাবাগৈ;
কিন্তু হ’লে নাই কুটিৰত
জন-প্ৰাণী কোনো এটি এই সময়ত।
জনাৰ্দ্দন। কোৱা দৰে হ'লে
এওঁলোক মিলিছে দুয়োটি,⸺
লৰাট সুন্দৰ, মুখৰ লাবণী চাই
মাইকী মানুহ যেন দেখি;
ছোৱালীটি থাউকীয়া
ৰঙ্গটো ককায়েকৰ দৰে।
নোহোৱানে তোমালোক
সেই কুটিৰৰে অধিকাৰী?
হেমাঞ্জলী। শুধিছে যেতিয়া, হওঁ বুলি কওঁ যদি
নেভাবিব অহঙ্কাৰ বুলি।
জনাৰ্দ্দন। তেনেহ'লে অৱশ্যে সুবাহু তুমি?
চন্দ্ৰাৱলী। হওঁ মই, আছেনে সম্বাদ কিবা?
জনাৰ্দ্দন। আছে মোৰ ক’ব লগা বহুত সম্বাদ,
ক'ব পাৰোঁ, ভাবা যদি তুমি
পশুতো অধম বুলি মোক।
চন্দ্ৰাৱলী। কোৱা তুমি, উৎকণ্ঠিত নকৰা আমাক।

[ ৮৩ ]

জনাৰ্দ্দন।তোমোলাক দুয়োটিৰ—
পৰিচিত পুষ্কৰৰ পৰা—
দূত ৰূপে দিছোঁ মই এই সমাচাৰ;—
সিদিনা ইয়াৰ পৰা যাওঁতে বাটত
পুষ্কৰৰ চকুত পৰিল
এটি অতি ভীষণ দৰ্শন,—
এজোপা ডাঙ্গৰ,—কৌতী কলীয়া যেন দেখা
সুবিস্তৃত আহঁত গছৰ
ঠালে পাতে গগন ভেদিছে,
সেই জোপা গছৰ তলতে
আছিল টোপনি গৈ পথিক এজন
আছিল লগতে এটি
তিৰবিৰ কৰা ভয়ঙ্কৰ ফেঁটী সাপ
ফেঁট তুলি মেৰ দি ডিঙ্গিত;
পুষ্কৰক যোৱা দেখি
লুকাল বিষাল ফনী আহঁত গছতে;
আছিল সিফালে তাত সিংহিনী এজনী
সাৰ পালে খাম বুলি সেই পথিককে,—
টোপনিত কোনো জন্তু সিংহই নেখায়।
চাপিগৈ দেখিলে পুষ্কৰে,— সেই জন
পশুতো অধম জনাৰ্দ্দন নিজ ককায়েক।
হেমাঞ্জলী। শুনিছোঁ পুষ্কৰে কোৱা
ককায়েকে হেনো নিদিলে ঘৰত ঠাই।

[ ৮৪ ]

জনাৰ্দ্দন। সঁচা কথা,—জানো মই
পুষ্কৰৰ ককায়েকে দয়া-ময়া এৰি
কৰিছিলে পশু-আচৰণ।
চন্দ্ৰাৱলী। বাৰু, কোৱাচোন কি কৰিলে পুষ্কৰে তেতিয়া?
জনাৰ্দ্দন। নিজৰ ককায়েককো
সিংহৰ মুখতে এৰি
গ’ল গুচি তেতিয়া পুষ্কৰ।
কিন্তু স্নেহৰ বলত
হিংসা ভাব অতিক্ৰম কৰি,
আকৌ উলটি আহি
সিংহিনীৰে যুদ্ধ কৰি
জয় লাভ কৰিলে পুষ্কৰে।
তেনেতে টোপনি মোৰ ভাগিল হঠাতে
অনুতাপো উদিল হিয়াত।
হেমাঞ্জলী। তুমিয়েনে পুষ্কৰৰ নিজ ককায়েক?
চন্দ্ৰাৱলী। সিংহৰ মুখৰ পৰা
ৰাখিলেনে তোমাকে পুষ্কৰে?
হেমাঞ্জলী। তুমিয়েনে পুষ্কৰক বধিবৰ বাবে
কৰিছিলা অশেষ মন্ত্ৰণা?
জনাৰ্দ্দন। ময়ে কৰিছিলোঁ, কিন্তু
এতিয়া নহওঁ হ'লে আগৰ নিচিনা।
পাপৰ উচিত দণ্ড পালোঁ।

[ ৮৫ ]

জীৱনতে দেখিলো নৰক,
জীৱনৰ যাতনা ভুগিলোঁ;
সেইবাবে বিধতাই সজ জ্ঞান দিলে,
পালোঁ ময়ো সঙ্গ বিবেচনা।
পূৰ্ব্ব হিংসা পৰিহৰি
পাৰিছোঁ বুজিব মই
আগেয়ে আছিলোঁ কেনে দুৰন্ত মানুহ।
চন্দ্ৰাৱলী। পিচে, শেষ কৰা পুষ্কৰৰ কথা।
জনাৰ্দ্দন। তাৰ পিচতে দুয়ো
তিতি গ'লোঁ উভয়ৰ চকুৰ পানীৰে।
ক'লো মই, কেনেকৈ অৰণ্য সোমালোঁ,
বিশ্বপালে খেদি দিয়া বাবে
আপোনাৰ ঘৰ বাৰী এৰি।
পুষ্কৰে লগত নিলে
চিনাকি কৰাই দিলে
ধৰ্ম্মপাল আগৰ ৰজাৰে;
দুয়ো আমি মিল হ’লো ৰজাৰ সাক্ষাতে।
পুষ্কৰে তেতিয়া মোক
দিলে ঠাই নিজ কুটিৰতে।
সিংহিনীৰে যুদ্ধ কৰা বাবে
পুষ্কৰৰ ঘাও লাগিছিল
কিন্তু ততালিকে পানীৰে ধুৱাই
দৰবেৰে বান্ধি দিলোঁ মই।

[ ৮৬ ]

সেইবাবে আহিব নোৱাৰি
তোমোলাকে বাট চাই থাকা বুলি
দিলে মোক পথিয়াই,
মই আহি দিছোঁ সমাচাৰ।
হেমাঞ্জলী। ওলাব খুজিছে দেখোঁ
তোমাৰ চকুৰ পানী,
কিয় তুমি নিচেই পাতল বাইদেও?
চন্দ্ৰাৱলী। একো হোৱা নাই;
এনেয়েহে ওলাব খুজিছে
পাতল চকুৰ পানী মোৰ।
জনাৰ্দ্দন। নহয় এনেয়ে,
সঁচাকৈয়ে আহিছে ধাৰেৰে বৈ
চকু-পানী তোমাৰ গালেদি।
হেমাঞ্জলী। ব’লা বাইদেও,
যাও ব’লা কুটিৰৰ পিনে।
কি নাম তোমাৰ, জানিব দিবানে মোক।
জনাৰ্দ্দন। নাম মোৰ জনাৰ্দ্দন।
হেমাঞ্জলী। গধুলি বেলিকা আহি
পাৰিবানে কৈ যাব
পুষ্কৰৰ সকলো বাতৰি
জনাৰ্দ্দন। অৱশ্যে পাৰিম।

[ ৮৭ ]

হেমাঞ্জলী। নিজে আহি দেখাদি যাবাদি
গধুলি বেলিকা সৌ
কুটিৰতে আমাক পাবাহি।
(মনে মনে) নাই দেখা এনেকুৱা সুন্দৰ পুৰুষ
সুন্দৰ লক্ষণ থকা, সৰ্ব্ব গুণাম্বিত
কোনো দিনে মোৰ জনমত।
জনাৰ্দ্দন। ভাল কথা,—অৱশ্যে আহিম।

চন্দ্ৰাৱলী আৰু হেমাঞ্জলীৰ প্ৰস্থান।


কিবা এটি হ’ল আজি মোৰ হৃদয়ত;
কিবা যেন নতুন ভাবেৰে
পূৰ্ণ হ’ল মোৰ হিযা খনি।
কিহেনো হৃদয় ঢাকিলেহি
নাই হোৱা গম পাব পৰা।
হৃদয় পটত মোৰ
উদিছে মোহন ছবি এটি
নাই হোৱা পূৰ্ণ বিকশিত।

জনাৰ্দ্দনৰ প্ৰস্থান।

⸻⸻

[ ৮৮ ]
 

পঞ্চম অঙ্ক।

⸻⸻

প্ৰথম গৰ্ভাঙ্ক।

⸻⸻

এটা কুটিৰ।

ধনঞ্জয় আৰু বহুলীৰ প্ৰবেশ।

 ধনঞ্জয়। পিচে বহুলি, তোমাৰ গাত পিশাচ এটা লাগিছে গম পাইছা জানো?

 বহুলী। এনেবোৰ কথা ক’লে মোৰ বৰ ভয় লাগে। পিশাচৰ কথা শুনিলে পেটতে হাত ভৰি লুকায়। আইয়ে ডি- ঙ্গিত ডোল দিয়াইহে ইমান দিন পৰচেষ্টা নোহোৱাকৈ থৈছে।

 ধনঞ্জয়। তেনেকুৱা বিধৰ পিশাচ নহয়; চোৱা সৌ গৰাকী আহিছে।

 বহুলী। সেইটো বিজয়হে। সি হওঁতে মোক ধৰি নিম বুলি কৈছে, কিন্তু তুমি পালে আকৌ টঙ্গনীয়াই দিবা নহয়।

বিজয়ৰ প্ৰবেশ।

 বিজয়। বহুলী, অ’ বহুলী।

 বহুলী। ( খং কৰি) কেলেই মোক? [ ৮৯ ]  বিজয়। 'অ' আমাৰ ডাঙ্গৰীয়াও দেখোন।

 ধনঞ্জয়। হয়, আপোনাৰনো বয়স হৈছে কিমান?

 বিজয়। মুঠেই একুৰি পাঁচ।

 ধনঞ্জয়। ভৰ যোৱান। ইপোনে ফাপৰৈও ধৰিছে। নাম বা কি?

 বিজয়। সেই, মানুহে বিজয় বুলি মাতে।

 ধনঞ্জয়। বঢ়িয়া নাম; ধন সম্পতি কিমান?

 বিজয়। মোৰ প্ৰভুৰ অনুগ্ৰহত—অলপ চলপ আৰু সেই

 ধনঞ্জয়। কথা হ'লে আপুনি বেচকৈ ক’ব জানিছে। আপোনাৰ জ্ঞান কিমান?

 বিজয়। গিয়ান, হলে এধান মান আছে।

 ধনঞ্জয়। হা হা হা অজ্ঞানীনেষেহে নিজক জ্ঞানী বুলি ভাবে; এই কথা ঋষি-মুনি সকলে কৈ গৈছে। পিচে এই মানুহ জনী নিবৰ মন কৰিছেনে কি?

 বিজয়। এ কোনে কৈছে?

 ধনঞ্জয়। পঢ়া শুনা কিমান?

 বিজয়। মিছা ক'লে কি হ'ব, সেই পিনে হলে শূন্য

 ধনঞ্জয়। তেনেহ'লে মই শিকনি দিওঁ লোৱা, এবাটি পানী অইন এটা বাটিলৈ বাকিলে ইটো শুদা হয় আৰু সিটো চপ্‌চপীয়া হয়। সংস্কৃত জনা পণ্ডিত সকলে কয় বোলে সঃ মানে সি। কিন্তু আতৈ তুমি হলে সেইটো সঃ নোহোৱা; কাৰণ সেইটো সি মইহে।

 বিজয়। কোন সি ডাঙ্গৰীয়া? [ ৯০ ]

 ধনঞ্জয়। সেই সি ডাঙ্গৰীয়া, যি এই জনী মানুহ নিব। সেই বাবে ইমানতে আৰু এৰ, অৰ্থাৎ তহঁতৰ চহা কথাত ক’বলৈ গলে আশা পৰিত্যাগ কৰ। তই ধ্বংশ হবি, অৰ্থাৎ তই বুজাকৈ ক'বলৈ হ'লে,—মৰিবি, অৰ্থাৎ মই তোৰ বধক লম। তোক বিহ দিম আৰু খামতি দা লগাম। মোৰ তলা- নলা ধৰিবৈ নোৱাৰিবি। তোক বাৰে বুৰি বুধি লগাই বধিম, এতিয়া ইয়াৰ পৰা ভালে ভালে আতৰ হ।

 বিজয়। বাৰু তেনেহ'লে।

 ধনঞ্জয়। বোপা কুশল হক।

বিজয়ৰ প্ৰস্থান।

 বহুলী। তুমি বহুত কথা জানা দেও।

 ধনঞ্জয়। এ-কি কৈছ, পিশাচ এই দৰে খেদিব নোৱাৰিলে নেযায় নহয়। মই তোক নিবলৈ বন্দবস্ত কৰি থৈছোঁ সি জানো ভূ পোৱা নাই; এতিয়া ব’লা আমি সুবাহুৰ ওচৰলৈ যাওঁ।

দুইৰো প্ৰস্থান।


দ্বিতীয গৰ্ভাঙ্ক।

অৰণ্য।

জনাৰ্দ্দনৰ প্ৰবেশ।

জনাৰ্দ্দন। মেনকা, মেনকা তুমি কিৰাত কুমাৰী,
সৰলতা তোমাৰ ভূষণ।

[ ৯১ ]

তুমি মোৰ হৃদয়-ঈশ্বৰী,
তুমি মোৰ জীৱনত
আশাৰ পবিত্ৰ ছবি
তুমি আছা বাবে
লাগিছে অৰণ্য খনি অম্ৰাৱতী যেন।
ভাবিলে তোমাৰ কথা
পাহৰোঁ সকলো দুখ
মুবলি মুকলি যেন
লাগে মোৰ মনৰ মাজত,
পুণ্য ভাব ওলায় মনত।
আশাৰ কল্পনা তুমি,
তুমি মোৰ, মযো তোমাৰেই,
চাই থাকা যদি তুমি
পাৰোঁ মই পৰ্ব্বত লঙ্ঘিব,
নেলাগে ভাগৰ মোৰ
পৰিশ্ৰম কৰিও মনত;
সুন্দৰী মেনকা, কৰিছা বিৰাজ তুমি
মোৰ এই হৃদয় মাজত।

পুষ্কৰৰ প্ৰবেশ।


পুষ্কৰ। দেখিছোঁ দদাৰ যেন
কিবা এটি বিষাদৰ ভাব?
জনাৰ্দ্দন। মোৰ আৰু ভাল লগা নাই,

[ ৯২ ]

যোৱা তুমি ভাই,
দেশত ৰজাক খুজি ঘৰ-বাৰী লৈ
কৰাগৈ সুখেৰে বসতি।
থাকিম বনতে মই
মোৰ বাবে তুমি একো চিন্তা নকৰিবা।
পুষ্কৰ। কিয়, দুয়ো আমি থাকিম ইয়াতে,
দুৰন্ত ৰজাৰ দুৰন্ত দেশত
ৰুদাপিও থাকিব নোৱাৰি;
অৰণ্যকে নগৰৰ দৰে
কৰি লম সকলোৱে মিলি।
জনাৰ্দ্দন। মাতিছিলে মোক আজি
ধৰ্ম্মপাল ধাৰ্ম্মিক ৰজাই,
যাওঁ মই, অলপ পিচতে আহি
পামহি তোমাক।

জনাৰ্দ্দনৰ প্ৰস্থান।


পুষ্কৰ। জ্যেষ্ঠ ভাই বলিযাৰ দৰে
সুবাহুৰ ভনীয়েক মেনকাই আজি
নিলে হৰি তেওঁৰ পৰাণ।
আহিছে সুবাহু সৌৱা
দুয়ো আমি উপায় চিন্তিম।

চন্দ্ৰাৱলীৰ প্ৰবেশ।


আহিলা সুবাহু আজি ঠিক সময়তে।

[ ৯৩ ]

চন্দ্ৰাৱলী। সময়ৰ ব্যতিক্ৰম
মুখৰ কথাৰ লৰচৰ
কোনো দিনে কদাপি নকৰোঁ।
পুস্কৰ। কথা এটি কওঁ
তুমি যদি ক'ব দিয়া মোক।
চন্দ্ৰাৱলী। কোৱা তুমি,
সদাই দেখিছা মোক তোমাৰ বাধিত,
যিহকে কৰিব লাগে
সাধ্য মতে তাকেই কৰিম।
পুষ্কৰ। তুমি মোক ভাল পোৱা বাবে
সেই কথা কওঁ বুলি
সাহ কৰি ভাবিছোঁ মনত।
বাৰু কোৱাচোঁ সুবাহু
দিবানে তোমাৰ ভনীয়াক
বিয়া মোৰ জেষ্ঠ জনলৈ?
চন্দ্ৰাৱলী॥ সদায় ভাবিছো মই তাকেই মনত,
মান্তি আছোঁ সন্তে ষ চিতেৰে,
সেয়ে হলে, হ'ব লগা আৰু এটি
প্ৰণয় বান্ধনি, দৃঢ়তৰ হ’ব।
পুষ্কৰ। মান্তি যদি তুমি
তেনে হ'লে স্থিৰ কৰা যক
দুয়োটিৰ শুভ পৰিণয়।

[ ৯৪ ]

চন্দ্ৰাৱলী॥ ভাবিছা লোকৰ কথা,
নিজৰ নিমিত্তে হ'লে
নাই বা একোকে মনত;
তোমাৰ প্ৰাণৰ ধন চন্দ্ৰাৱলী নামে
তোমাৰ তেওঁৰে স'তে
মিলনৰ একো ভবা নাই।
পুষ্কৰ। ভাল লাগে দেখি মোৰ লোক সন্তোষ,
নিজৰ দূৰণি আশা বহু আঁতৰত।
সেই আশা সিদ্ধি হ'ব
ঈশ্বৰৰ এনে ইচ্ছা কদাপি নহয়।
চন্দ্ৰাবলী। বাৰু সিদ্ধি হয় যদি,
ওলায় তোমাৰ চন্দ্ৰাৱলী,
সন্তোষেৰে হ’বা জানো দুয়োটি মিলন?
পুষ্কৰ। কদাপিও অসম্ভব সম্ভব নহয়।
চন্দ্ৰাৱলী। অহঙ্কাৰ কৰা নাই,
কিন্তু, জনাওঁ তোমাক—
বহুত ডাঙ্গৰ গুণ আছে মোৰ গাত;
তোমাক বঞ্চনা কৰা
কদাপিও উদ্দেশ্য নহয় মোৰ।
আছিল দদাইলেও এই অৰণ্যতে
কৰিছিলে বশ পিশাচকো,
পুহিছিলে কৰ্ণ-পিশাচিনী,

[ ৯৫ ]

পাৰিছিলে অসম্ভবো সম্ভব কৰিব।
ললোঁ মই তেওঁৰ গুণৰ
সকলোৰে আও-ভাও, শিকিলোঁ সকলো।
যথাৰ্থতে চন্দ্ৰাৱলী
তোমাৰ হিয়াৰ যদি কোমল পুতলী,—
তেনেহলে কাইলৈ আনি
উলিয়াম তোমাৰ আগতে।
স্বচক্ষে দেখিবা তুমি
প্ৰকৃত মানুহ তেওঁ
নেথাকিব ভয়ৰ কাৰণ।
জানো মই ক'ত আছে তেওঁ
সেইবাবে নিশ্চয় পাৰিম
আনি দিব ঠিক সময়।
পুষ্কৰ। তুমি কোৱা বাবে মই কাণ পাতি আছোঁ,
কৈছানে বাৰু সঁচাকৈয়ে সকলো কথাকে?
চন্দ্ৰাৱলী। তোমাৰ শপত খাই
ঠিক কথা কৈছোঁ জানিবা,—
নাই মোৰ তাতকৈ ডাঙ্গৰ শপত।
পিন্ধি উৰি আহিবা দুয়োটি
মেনকাক জনাদ্দনে গ্ৰহণ কৰিব,
চন্দ্ৰাৱলী আহি
সন্তোষেৰে তোমাক বৰিব।
ধৰ্ম্মপাল ৰজাৰ কোষত

[ ৯৬ ]

উপস্থিত থাকিবা দুয়োটি
দিবা তুমি নিমন্ত্ৰণ বন্ধু-বান্ধবক।
দুয়োটিৰ কাইলকে
হৃদয়ৰ আবেগ গুচাম।
পুষ্কৰ। নোৱাৰো, নেজানো কিনো
দিম মই তোমাক উত্তৰ।

দুইৰো প্ৰস্থান।

⸻⸻


তৃতীয় গৰ্ভাঙ্ক।

⸻০⸻

এখন পথাৰ।
দুটা গৰখীয়া ল'ৰা আৰু ধনঞ্জয়ৰ প্ৰবেশ
গীত।
আলেয়-একতালা।

মাৰিছে বিজুলী  মেঘৰ সঁজুলি
 গাজিছে দুৰৈ আকাশত।
নিশা নামিছে বেলি ডুবিছে
 ভয়ো লাগিছে হৃদয়ত।
 লোকালোক অন্ধকাৰ,
 তমোময় পাৰাপাৰ,
বজ্ৰ পৰিছে ধৰা কঁপিছে
 কাল উদিছে জগতত।

[ ৯৭ ]

 ধনঞ্জয়। গানটো শুনিবলৈ ভাল যদিও মোৰ কাণত টহটহাই গৈছে।

 ১ম গৰখীয়া। তাল হলে ভৰ্গা নাই, আপুনিহে বেয়া শুনিছে।

 ধনঞ্জয়। তহঁতৰ মাটতো বৰ হুতা, অলপ ভাল কৰহঁক।

 ২য় গৰখীযা। অইনে শুনিলে হলে বৰ শলাগে।

 ধনঞ্জয়। অইনৰ কথাই মোৰ কথাই নিমিলে।

 ১ম গৰখীয়া। ডাঙ্গৰীয়া, আপোনাৰ জানো বিজয়ৰে চিনাকি আছে?

 ধনঞ্জয়। চিনাকি থক বা নথক সেই কথা তহঁতে কেলেই শুধিবি?

 ২য় গৰখীয়া। এৰা ডাঙ্গৰীযা সি আকৌ বৰ বেয়া কথাবোৰ উলিয়াইছে।

 ধনঞ্জয়। কি উলিয়াইছে।

 ১ম গৰখীয়া। কোনোবা বইলী বোলা, লোকে এৰা মানুহ এজনীক হেনো সি জোৰোণ পিন্ধাই থৈছিলে, আপুনি একে পালি আহুদিতে মানুহজনী হাত কৰিলে।

 ধনঞ্জয়। বোপাইহেঁত ভৰিত ধৰিছোঁ, সেই কথা আৰু ক’তো নুলিয়াবি।

 ২য় গৰখীযা। আমাকে জানো আহুদি এপালি দিব?

 ধনঞ্জয়। কেলেই নিদিম বোপাইহেঁত, আহহঁক দিওঁগৈ। সকলোৰে প্ৰস্থান।

[ ৯৮ ]

চতুৰ্থ গৰ্ভাঙ্ক।

⸻:0:⸻

ৰজাৰ কুটিৰ।

ধৰ্ম্মপাল, গদাপাণি, পুৰন্দৰ, পুষ্কৰ আৰু জনাৰ্দ্দৰ প্ৰবেশ

ধৰ্ম্মপাল। যথাৰ্থনে ভাবিছা পুষ্কৰ,
সেই লৰাটিয়ে
পাৰিবনে কোৱা দৰে
আচৰিত কাম দেখুৱাব?
পুষ্কৰ। কেতিয়াবা পাৰে যেন ভাবোঁ;
ঠিক একো নোৱাৰোঁ কৰিব।
ধৰ্ম্মপাল। দেখিলেই সেই লৰাটিক
সদাই মনত পৰে মোৰ
দুৰ্ভগীয়া চন্দ্ৰাৱলীলৈ।
পুষ্কৰ। যিদিনা প্ৰথমে দেখোঁ
ভাবিছিলোঁ ময়ো
আপোনাৰ জীয়েকৰে ককায়েক বুলি।
কিন্তু কিৰাত জনমত
অৰণ্যতে লালিত-পালিত
জানে আৰু ভৌতিক বিদ্যাও,
দদায়েকে শিকালে ঘৰতে।
যদিও অৰণ্যবাসী

[ ৯৯ ]

কথা শুনি, ব্যৱহাৰ দেখি
ভ্ৰম হয় নগৰীয়া বুলি।
জনাৰ্দ্দন। ভনীয়েকে উপযোগ্য সভ্য সমাজ।
ভাই ভনী দুয়ো আদৰ্শ সৰল
কিৰাতৰ কুমাৰ কুমাৰী।
ধৰ্ম্মপাল। আচৰিত কথা আজি
দেখুৱাব খুজিছে আমাক,—
মেনকাক অৰ্পিব তোমাত
চন্দ্ৰাৱলী মোৰ জীয়াৰীক
সমৰ্পণ কৰিবহি
পুষ্কৰৰ কোমল হাতত,
তাত মোৰ সন্তোষৰ স্বীকাৰ কৰালে।
হ’বনে হ’বনে এনে আনন্দৰ দিন,—
যিদিনা দেখিম মই
চন্দ্ৰাৱলী পুষ্কৰৰ শুভ পৰিণয়।
জনাৰ্দ্দন। আহিছে কোনোবা সৌৱা এই পিনল'কে।

চন্দ্ৰাৱলী, হেমাঞ্জলী আৰু ধনঞ্জয়ৰ প্ৰবেশ।


ধনঞ্জয়। শুনিব ৰাজন, অৱশ্যে চিনিছে মোক
পৰিচয় নাই প্ৰয়োজন;
আপোনাৰ চিৰ ভৃত্য মই ধনঞ্জয়।
আছিলোঁ বনতে কিন্তু কোনো দিনে
আপোনাক দেখা দিয়া নাই।

[ ১০০ ]

গুপ্তবাস কৰিছিলোঁ
গুপ্তবেশে বনৰ মাজত।
এওঁ চন্দ্ৰাৱলী
আপোনাৰ আপোন জীয়াৰী,
সুবাহু নামেৰে কিৰাত কুমাৰ হৈ
আছিলে বনত, দেখিলে বহুত দিন
কিন্তু নোৱাৰিলে এদিনো চিনিব।
এওঁৰ মেনকা নাম,
সুবাহুৰ ভনীয়েক,
কিন্তু যথাৰ্থতে হেমাঞ্জলী
বিশ্বপাল ৰজাৰ জীয়াৰী;
এতিয়া তিনিও আমি প্ৰণাম কৰিছোঁ
আশীৰ্ব্বাদ পাবৰ কাৰণে।
বিশ্বপাল ৰজাৰ প্ৰতাপ দেখি
নগৰত থাকিব নোৱাৰি
হেমাঞ্জলী, চন্দ্ৰাৱলী, মই
তিনিও আহিলোঁ গুচি,
আপোনাৰ আশ্ৰয়তে
গুপ্তবেশে বনত থাকিলোঁ,
সময়ত দিছোঁ পৰিচয়
যিবা ইচ্ছা আদেশ কৰক।
চন্দ্ৰাৱলী। (ৰজাক) আপোনাৰ চৰণত শৰণ মাগিছোঁ,
আপোনাৰ চিৰদাসী মই।

[ ১০১ ]

(পুষ্কৰক) আপোনাৰ চৰণত শৰণ মাগিছোঁ,
আপোনাৰো চিৰদাসী মই।
ধৰ্ম্মপাল। চকু যদি সঁচা হয়
তুমি মোৰ চন্দ্ৰাবলী প্ৰাণৰ পুতলী।
পুষ্কৰ। চকু যদি সঁচা হয়
তুমি মোৰ চন্দ্ৰাৱলী প্ৰাণৰ পুতলী।
হেমাঞ্জলী। আপোনাৰ চৰণতে
অৰ্পিছোঁ নিজক আজি ময়ো;
পিতৃত নেপালোঁ স্থান
সেইবাবে আপোনাকে পিতৃভাব কৰি
কৰিছোঁ অৰ্পণ নিজে নিজে।
(জনাৰ্দ্দনক) অপোনাতে অৰ্পিলো নিজকে
স্থান দিব চিৰদুখুনীক।
ধৰ্ম্মপাল। তুমি মোৰ অতি চেনেহৰ,—
তোমাৰ গুণত, আৰু
মোৰ এতি উদাৰ ভকতি দেখি
পূৰ্ব্ব স্নেহ দুগুণে বাঢ়িল।
মই অতি ভাগ্যৱন্ত
তুমি মোক পিতৃভাৱে আদৰ কৰিছা।
জনাৰ্দ্দন। ময়ো অতি ভাগ্যৱন্ত
তুমি মোত নিজে নিজে
প্ৰাণ মন অৰ্পণ কৰিছা।

[ ১০২ ]

দামোদৰৰ প্ৰবেশ।


দামোদৰ। কওঁ কথা সকলোৱে শুনক সুখেৰে,⸺
নাম মোৰ দামোদৰ
কনিষ্ঠ কুমাৰ মই
বীৰভদ্ৰ প্ৰাচীন মন্ত্ৰীৰ।
দিনে দিনে ডাঙ্গৰ বিষয়াবোৰ
বনলৈ অহা দেখি
জজ্বলিত হৈ বিশ্বপাল
নিজৰ জ্যেষ্ঠক বধিৰৰ বাবে
সেনালৈ পালে আহি মুখ অৰণ্যৰ,
এজনা পুৰণি ঋষি লগ তাতে পালে
তেওঁৰে আলাপ কৰি
ভাতৃবধ কৰা ইচ্ছা সমূলি এৰিলে,
এৰিলে সংসাৰো।
এতিয়া বৈৰাগী তেওঁ
ৰাজ্য ভাৰ সমৰ্পণ
কৰিছে দুনাই আপোনাক;
সভ্য সকলকো দিছে
নিজ নিজ আগৰ বিষয়।
ধৰ্ম্মপাল। সুখৰ বাতৰি তুমি
আনিছা সুখৰ দিনা,—
তোমাৰ দুয়োটি ককায়েৰে
সন্তোষ লভিছে পাই শুভ সমাচাৰ।

[ ১০৩ ]

এজনে পুৰণি ঘৰ
পুৰণি সম্পত্তি পাব,
ইজনে কৰিব লাভ মোৰ ৰাজ্য খনি-
চন্দ্ৰাৱলী একেটি কুমাৰী মোৰ।
কিন্তু, সম্পতি পাহৰা সকলোৰে
নতুন সুখৰ সমাচাৰ;
জীৱনৰ শুভকাম হ'লে সমাপন
মনত পৰিব দিবা নতুন সন্তোষ।

পুৰন্দৰ। সংসাৰৰ সুখ দুখ এৰি
বিশ্বপাল নৃপতিয়ে
বৈৰাগ জীৱন ল'লে বুলি
দিছাহিনে তুমি সমাচাৰ?

দামোদৰ। হয়, ময়ে আনিছিলোঁ সমাচাৰ।
পুৰন্দৰ। যাওঁ তেন্তে লওঁগৈ তেওঁতে আশ্ৰয়,
তেওঁৰ লগতে মই বনতে থাকিম;
এইবোৰ দেখি শুনি
মোৰ আৰু ভাল লগা নাই।

পুৰন্দৰৰ প্ৰস্থান।


প্ৰজাপতি আৰু অৰীসকলৰ প্ৰবেশ।

[ ১০৪ ]

(গীত)
কীৰ্ত্তন-মিশ্ৰ-একতালা।

আজি নতুন মুখ প্ৰভাত উদয় হ'ব,
লুকাব মনৰ নিৰানন্দ,
পুব আকাশ পিনে সুনিৰ্ম্মল কিৰণে
ঢালিব মলয়া, ব'ব মন্দ।
উজ্জ্বল ৰবিকৰ সুশোভন গগণ
মোহন জেউতি বিতোপণ,
ৰঙ্গ মনেৰে আহি প্ৰেম বাঁহি বাবহি
অলিয়ে বিলাব মকৰন্দ।

প্ৰজাপতি। আহিছো আনন্দ দেখি,
স্বৰগতে আজি অতি আনন্দৰ দিন।
এই পুষ্পমালা দিছোঁ
চন্দ্ৰাৱলী পুষ্কৰৰ ডিঙ্গিত পিন্ধাই,
এই ধাৰি দিছোঁ
হেমাঞ্জলী জনাৰ্দ্দন দুইৰো ডিঙ্গিত।
অপূৰ্ব্ব মিলন আজি, কৰো আশীৰ্ব্বাদ
হৰগৌৰী কৰক বসতি;
গোৱা গোৰা অপ্সৰীসকল
সুখৰ সঙ্গীত এটি
সুখৰ আনন্দ দিনত।

[ ১০৫ ]

(গীত)
মিশ্র-খাম্বাজ—কাৱালী।
চোৱাঁহি চোৱাঁহি আজি যুগল তৰা,
ইটিয়ে সিটিক ধৰি
আকাশ মুকলি কৰি
মধুৰ ভাবেৰে আজি শােভিছে ধৰা ।
ফুলিছে কোমল ফুল,
ধৰণী গৈছে ভােল,-
কোমল কিণে আজি জগত ভৰা ।
⸺⸺

যৱনিকা পতন

⸺⸺

[ ১০৭ ]

সুচনা।
নৰ্তকীসকল।
প্ৰথম অঙ্ক।
প্ৰথম গৰ্ভাঙ্ক।
জনাৰ্দ্দনৰ আগ-চোতাল।
পুষ্কৰ, সুৰথী, জনাৰ্দ্দন, স্বৰূপ আৰু পিঞ্জৰ।
⸺⸺
দ্বিতীয় গৰ্ভাঙ্ক।
ৰাজ প্ৰাঙ্গন।
হেমাঞ্জলী, চন্দ্ৰাৱলী, ধনঞ্জয়, পৰশু, বিশ্বপাল, পুষ্কৰ আৰু পিঞ্জৰ।
⸺⸺
তৃতীয় গৰ্ভাঙ্ক।
ৰাজ প্ৰাসাদ।
হেমাঞ্জলী, চন্দ্ৰাৱলী আৰু বিশ্বপাল।

⸺⸺

[ ১০৮ ]

দ্বিতীয় অঙ্ক।
প্ৰথম গৰ্ভাঙ্ক।
নৈমিষ বন।
ধৰ্ম্মপাল, গদাপাণি আৰু দুজন লগৰীয়া।
⸺⸺
দ্বিতীয় গৰ্ভাঙ্ক।
জনাৰ্দ্দনৰ ঘৰ।
পুষ্কৰ আৰু সুৰথী।
⸺⸺
তৃতীয় গৰ্ভাঙ্ক।
নৈমিষ বন।
চন্দ্ৰাৱলী, হেমাঞ্জলী, ধনঞ্জয়, জয় আৰু বিজয়
⸺⸺
চতুৰ্থ গৰ্ভাঙ্ক।
হাবিৰ বাট।
সুৰথী আৰু পুষ্কৰ।
⸺⸺

[ ১০৯ ]

পঞ্চম গৰ্ভাঙ্ক।
অৰণ্য।
ধৰ্মপাল, গদাপাণি, লগৰীয়াসকল, পুৰন্দৰ, পুষ্কৰ আৰু সুৰথী।



তৃতীয় অঙ্ক।
প্ৰথম গৰ্ভাঙ্ক।
ৰাজ-প্ৰাসাদ।
বিশ্বপাল আৰু জনাৰ্দ্দন।
⸺⸺
দ্বিতীয় গৰ্ভাঙ্ক।
অৰণ্য।
পুষ্কৰ, জয়, ধনঞ্জয়, চন্দ্ৰাৱলী, হেমাঞ্জলী আৰু পুৰন্দৰ
⸺⸺
তৃতীয় গৰ্ভাঙ্ক।
এজোপা গছৰ তল।
ধনঞ্জয়, বহুলী, পুৰন্দৰ আৰু সনাতন।
⸺⸺

[ ১১০ ]

চতুৰ্থ গৰ্ভাঙ্ক।
কুটিৰ।
চন্দ্ৰাৱলী আৰু হেমাঞ্জলী।



চতুৰ্থ অঙ্ক।
প্ৰথম গৰ্ভাঙ্ক।
অৰণ্য।
চন্দ্ৰাৱলী পুৰন্দৰ আৰু পুষ্ককৰ।
⸺⸺
দ্বিতীয় গৰ্ভাঙ্ক।
হাবিৰ দাঁতি।
কিৰাত বালকসকল।
⸺⸺
তৃতীয় গৰ্ভাঙ্ক।
হাবিৰ বাট।
হেমাঞ্জলী, চন্দ্ৰাৱলী আৰু জনাৰ্দ্দন।

[ ১১১ ]

পঞ্চম অঙ্ক।
প্ৰথম গৰ্ভাঙ্ক।
এটা কুটিৰ।
ধনঞ্জয়, বহুলী আৰু বিজয়
⸻⸻
দ্বিতীয় গৰ্ভাঙ্ক।
অৰণ্য।
জনাৰ্দ্দন, পুষ্কৰ আৰু চন্দ্ৰাৱলী

তৃতীয় গৰ্ভাঙ্ক।
এখন পথাৰ।
দুটা গৰীয়া ল'ৰা আৰু ধনঞ্জয়।

চতুৰ্থ গৰ্ভাঙ্ক।
ৰজাৰ কুটিৰ।
ধৰ্মপাল, গদাপাণি, পুৰন্দৰ, পুষ্কৰ, জনাৰ্দ্দন, চন্দ্ৰাবলী, হেমাঞ্জলী,
ধনঞ্জয়, দামোদৰ, প্ৰজাপতি আৰু অপ্সৰীসকল।

⸺:0:⸺

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২১ চনত ১ জানুৱাৰী ১৯৬১ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )