পৃষ্ঠা:চন্দ্ৰাৱলী.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
চন্দ্ৰাৱলী


হেমাঞ্জলী। ছাই আলান্ধুৰে ৰূপ আৱৰণ কৰি
যাম আমি ভেষ ধৰি কেৱে নিচিনিব।
চন্দ্ৰাৱলী। অলপ দীঘল মই, থাউকাল তুমি,
মই যদি মতা সাজ পিন্ধি
হওঁ মতা মানুহৰ দৰে,
শুধিলে কিৰাত বুলি কৈ
পাৰিম বাটেদি যাব, কেৱে নিচিনিব।
হেমাঞ্জলী। তেনে হ'লে হম ময়ো কিৰাত কুমাৰী;
মাতিবা মেনকা বুলি মোক।
চন্দ্ৰাৱলী। মোক তুমি বুলিবা সুবাহু।
বাৰু, নোলাবনে ধনঞ্জয়ো আমাৰ লগতে?
ধনঞ্জয় থাকিলে লগত
পাহৰিম বাটৰ সকলো দুখ।
হেমাঞ্জলী। নিম তাক চলাই-ভুলাই,
মই ক'লে ধনঞ্জয় অৱশ্যে ওলাব।
লওঁ আমি মণি মুক্তা লগত যি পাৰো
সুবিধা সময় বুজি
ওলাম ঘৰৰ পৰা,
কেনি গলোঁ তত্ত্বকে নেপাব।

দুইৰো প্ৰস্থান।