পৃষ্ঠা:চন্দ্ৰাৱলী.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
চন্দ্ৰাৱলী


চন্দ্ৰাৱলী। পাৰোনে জানিব মই কি দোষ কৰিলো।
জ্ঞান বুদ্ধি আছে এতিয়াও,
ভবা নাই কোনো দিনে
আপোনাৰ একো অমঙ্গল,-
এতেকে ৰাজন,
কি দোষৰ বাবে মোক দণ্ড বিধানিছে?

বিশ্বপাল। অবিশ্বাসী বিশ্বাস-ঘাতকী
সকলোৱে এইদৰে কয়।
মুখৰ নিচিনা মন হোৱা হ'লে
নাছিল সৰহ কথা আৰু;
তোক মই বিশ্বাস নকৰো-
সেয়ে তোৰ বুজিবি যথেষ্ট দোষ।

চন্দ্ৰাৱলী। আপনি বিশ্বাস নকৰিলে
কদাপি হওঁ মই বিশ্বাস-ঘাতিনী

বিশ্বপাল। পিতা তোৰ ধৰ্ম্মপাল-
দোষ তোৰ এয়ে গুৰুত্তৰ।

চন্দ্ৰাৱলী। ধৰ্ম্মপাল পিতা মোৰ
কাটিলৈ ৰাজত্ব যেতিয়া
বনবাসী কৰিলে পিতাক;
বাপেকৰ ৰাজদ্ৰোহী গুণ
কদাপিও সন্তানৰ তেজত নেথাকে;
সেইবুলি কৰা নাই