পৃষ্ঠা:চন্দ্ৰাৱলী.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
চন্দ্ৰাৱলী

হেমাঞ্জলী। তেন্তে বাইদেও,
 মোৰ স্নেহ অনুসৰি
 মোক তুমি নকৰা মৰম।
 তোমাৰ পিতাৰে কৰা হ’লে বনবাসী
 বিশ্বপাল নিষ্ঠুৰ পিতাক মোৰ,
 ধৰ্ম্মপাল তোমাৰ পিতাকে
 ভাবিলোঁ হেতেন পিতৃ বুলি মোৰ;
 সেই অনুৰূপে এক পিতৃ বুলি
 তুমিও সন্তোষ ভালে থাকা।

চন্দ্ৰাৱলী। আছোঁ মই সন্তোষ মনেৰে,
 নিজৰ দৰিদ্ৰ দুখো
 পাহৰিছোঁ তোমাৰ সুখতে।

হেমাঞ্জলী। ময়ো মাথোঁ পিতাৰ সন্তান;
 নাই কেওঁ মোৰ বিনে
 পিতাৰ সম্পত্তি অধিকাৰী,—
 পিতাৰ মৰণ হ’লে
 হ’ম ময়ে ৰাজ্যৰ গৰাকী।
 পিতাই বলেৰে লোৱা
 পাব লগা তোমাৰ ভাগৰ,
 সকলো তোমাক মই কৰিম অৰ্পণ।
 সত্য কথা, সত্য কৰি ক’লোঁ,
 বেজাৰ নকৰি
 থাকা তুমি আনন্দ মনেৰে