পৃষ্ঠা:চন্দ্ৰাৱলী.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
চন্দ্ৰাৱলী।


যোৱা যদি কেতিয়াবা
দুখীয়াৰ দুখীয়া পজাত
কৰা যদি পৱিত্ৰ চৰণ দান,—
ভাগ্যৱন্ত বুলি মই ভাবিম নিজকে।
পুষ্কৰ। ব’লা তেন্তে দেখুৱাচোঁ কেনি থাকা তুমি।
বিশেষ এতিয়ালকে
ক’তো মোৰ নাই থকা ঠাই;
কিবা এটি ভাল মোৰ
লাগিছে তোমাক দেখি,—
কি নাম তোমাৰ?
চন্দ্ৰাৱলী। সুবাহু বুলিলে মোক চিনে সকলোৱে,
ভনিটিক মেনকা বুলিবা।

সকলোৰে প্ৰস্থান।


⸻০⸻

তৃতীয় গৰ্ভাঙ্ক

⸻০⸻

এজোপা গছৰ তল
ধনঞ্জয় আৰু বহুলীৰ প্ৰবেশ।
পিচত পুৰন্দৰ।

 ধনঞ্জয়। আহাঁ বহুলী, তোমাৰ গৰু কেইটা ময়েই আনিম, তুমি দুখ পাবা। মই বাৰু বেয়া মানুহ নে?