পৃষ্ঠা:চন্দ্ৰাৱলী.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চন্দ্ৰাৱলী।

——:০:——

প্ৰথম অঙ্ক।

——:০:——

প্ৰথম গৰ্ভাঙ্ক।

জনাৰ্দ্দনৰ আগ-চোতাল।
পুষ্কৰ আৰু সুৰথীৰ প্ৰবেশ।

পুষ্কৰ।— শুনিছোঁ সুৰথী, শুনিছোঁ তোমাৰ মুখে,—
 মৰণ কালত পিতৃদেবে মোৰ
 জনাৰ্দ্দন প্ৰথম পুত্ৰক
 গৈছিলে আদেশ প্ৰদানি :—
 ‘তিনিও পুত্ৰই মোৰ সমান ভাগেৰে
 সম্ভোগ কৰিবা ধন বিত,
 কাকো বঞ্চি নেখাবা কোনেও।’
 আছিলাঁ কোমল মই
 দামোদৰো নিচেই কেচুৱা;
 জ্যেষ্ঠ ভাই পিতৃ তুল্য বেদৰ বচন
 জনাৰ্দ্দন পূজনীয় মোৰ;
 কৰিলে বঞ্চনা মোক, সেই জ্যেষ্ঠ ভায়ে