পৃষ্ঠা:চন্দ্ৰাৱলী.djvu/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৮
চন্দ্ৰাৱলী।

(গীত)
কীৰ্ত্তন-মিশ্ৰ-একতালা।

আজি নতুন সুখ প্ৰভাত উদয় হ'ব,
 লুকাব মনৰ নিৰানন্দ,
পুব আকাশ পিনে সুনিৰ্ম্মল কিৰণে
 ঢালিব মলয়া, ব'ব মন্দ।
উজ্জ্বল ৰবিকৰ সুশোভন গগণ
 মোহন জেউতি বিতোপণ,
ৰঙ্গ মনেৰে আহি প্ৰেম বাঁহি বাবহি
 অলিয়ে বিলাব মকৰন্দ।

প্ৰজাপতি। আহিছোঁ আনন্দ দেখি,
 স্বৰগতো আজি অতি আনন্দৰ দিন।
 এই পুষ্পমালা দিছোঁ
 চন্দ্ৰাৱলী পুষ্কৰৰ ডিঙ্গিত পিন্ধাই,
 এই ধাৰি দিছোঁ
 হেমাঞ্জলী জনাৰ্দ্দন দুইৰো ডিঙ্গিত।
 অপূৰ্ব্ব মিলন আজি, কৰো আশীৰ্ব্বাদ
 হৰগৌৰী কৰক বসতি;
 গোৱা গোৱা অপ্সৰীসকল
 সুখৰ সঙ্গীত এটি
 সুখময় আনন্দ দিনত।