পৃষ্ঠা:চন্দ্ৰাৱলী.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
চন্দ্ৰাৱলী৷

 কিবা এটি গম্ভীৰ কাহিনী;—
 সকলোতে মধুময় সুখ
 বৰষিছে অমৃত ধাৰেৰে।

গদাপাণি। মহাৰাজ, মহত্বৰ আদৰ্শ গুণেৰে
 দুখৰ মাজতো থাকি সন্তোষ লভিছো।

ধৰ্ম্মপাল। কৰিছোঁ মৃগয়া আমি নিশ্চিন্ত মনৰে;
 নিতান্ত দুখৰ কথা—
 অনৰ্থক জীবজন্তু বধিছোঁ বনত;
 আমি আহি সিহঁতৰ সুখ জীবনত
 অনাহক কৰিছোঁ ব্যাঘাত।

১ম লগৰীয়া। হয় মহাৰাজ,
 পুৰন্দৰো সদাই ব্যাকুল;
 এনে কথা দেখি-শুনি কয় পুৰন্দৰে,—
 আপুনিহে হেনো অন্যায় স্বৰূপে
 অৰণ্যত ৰাজত্ব কৰিছে।
 নাই দোষ ভায়েকৰ,—ভালকৈ চালে
 আপুনিহে ততোধিক দোষ আচৰিছে।

ধৰ্ম্মপাল। কিয়, কেতিয়ানো
 পুৰন্দৰে কলে এনে কথা?

১ম লগৰীয়া। সেই সৰু নৈ খনিৰ পাৰত
 পুৰণি আহঁত গছ জোপা,—শিপাবোৰ
 পৰিছে ওলমি গৈ নৈৰ পানীত,