পৃষ্ঠা:চন্দ্ৰাৱলী.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চন্দ্ৰাৱলী।


 বিশ্বপাল নতুন ৰজাই
 ধৰ্ম্মপাল আপোন জ্যেষ্ঠক
 দিলে খেদি বনবাসলৈ।
 কেবাজনো বুঢ়া বিষয়ায়ো
 ঘৰ-বাৰী বিশ্বপাল ৰজাকে শোধাই,
 গ’ল গুচি ধৰ্ম্মপাল ৰজাৰ লগতে;
 বিশ্বপালে আনন্দেৰে বস্তুৰ লোভত,
 যেয়ে যাব খোজে
 দিছে তাকে ৰঙ্গেৰে বিদায়।

জনাৰ্দ্দন। জাননে পিঞ্জৰ,
 চন্দ্ৰাৱলী ধৰ্ম্মপাল ৰজাৰ জীয়াৰী
 যাবনে লগতে বাপেকৰ,—
 নাই, দিব ঠাই বিশ্বপালে ৰজাৰ ঘৰতে?

পিঞ্জৰ। বনলৈ নেযায় কুমাৰী,
 নিদাৰুণ বিশ্বপালে
 অতি স্নেহ কৰে কুমাৰীক।
 তদুপৰি চন্দ্ৰাৱলী হেমাঞ্জলী দুয়ো
 বাই-ভনী অতি মৰমৰ;
 চন্দ্ৰৱলী গ’লে বনলৈ
 হেমাঞ্জলী কুমাৰীও নেথাকে ঘৰত;
 দুয়োটি কুমাৰী, মৰমৰ আদৰ্শ চানেকি৷

জনাৰ্দ্দন। জানানে থাকিব ক’ত
 ধৰ্ম্মপাল ধাৰ্ম্মিক নৃপতি?