পৃষ্ঠা:চন্দ্ৰাৱলী.djvu/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
চন্দ্ৰাৱলী।


 প্ৰধান যুজাৰু,⸺
 অৰ্থ সম্পত্তিৰ আকাংক্ষা মনত,
 লোভ মোহ ধৰ্ম্মাধৰ্ম্ম বশ সকলোৰে;
 পঞ্চমত আদহীয়া, গহীন প্ৰকৃতি,
 মেল শুধি ভাঙ্গি ফুৰে লোকৰ বিষাদ;
 ষষ্ঠত লাখুটি লোৱা
 খোজে পতি থৰক-বৰক দেহ
 মাতিব খুজিলে মাতো নুফুটে মুখত;
 শেহত নতুন বাল্যকাল,
 দাঁত নাই, মাত নাই,
 যেনি নিয়ে সেই পিনে যায়,—
 যৱনিকা পৰে ততালিকে।

সুৰথী আৰু পুষ্কৰৰ প্ৰবেশ।

ধৰ্ম্মপাল। বহাঁ, বাট চাই ৰৈ আছো আমি।
পুষ্কৰ। ধন্যবাদ দিছোঁ মই দুইৰো সলনি।
সুৰথী। নোলায় মুখৰ মাত
 নোৱাৰোঁ একোকে ক'ব।
ধৰ্ম্মপাল। খাই বৈ ক্লান্তি দূৰ হ'লে শৰীৰৰ
 শুধিম সকলো কথা
 পৰিচয় জানিম তোমাৰ।
 গদাপাণি, নতুন ভাবৰ
 গান এটি শুনোৱা আমাক।