সমললৈ যাওক

পৃষ্ঠা:চন্দ্ৰাৱলী.djvu/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৭
চন্দ্ৰাৱলী।

এজনে পুৰণি ঘৰ
পুৰণি সম্পত্তি পাব,
ইজনে কৰিব লাভ মোৰ ৰাজ্য খনি,—
চন্দ্ৰাৱলী একেটি কুমাৰী মোৰ।
কিন্তু, সম্পতি পাহৰা সকলোৱে
নতুন সুখৰ সমাচাৰ;
জীৱনৰ শুভকাম হ'লে সমাপন
মনত পৰিব দিবা নতুন সন্তোষ।

পুৰন্দৰ। সংসাৰৰ সুখ দুখ এৰি
 বিশ্বপাল নৃপতিয়ে
 বৈৰাগ জীৱন ল'লে বুলি
 দিছাহিনে তুমি সমাচাৰ?

দামোদৰ। হয়, ময়ে আনিছিলোঁ সমাচাৰ।
পুৰন্দৰ। যাওঁ তেন্তে লওঁগৈ তেওঁতে আশ্ৰয়,—
 তেওঁৰ লগতে মই বনতে থাকিম;
 এইবোৰ দেখি শুনি
 মোৰ আৰু ভাল লগা নাই।

পুৰন্দৰৰ প্ৰস্থান।


প্ৰজাপতি আৰু অপ্সৰীসকলৰ প্ৰবেশ।