ৰহস্যময় ভাৰত

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[  ]

ৰহস্যময় ভাৰত

ভাৰতবৰ্ষৰ চুকে কোণে ঘটি অহা
     আৰু
 ঘটি থকা আশ্চৰ্য্যকৰ ঘটনা সমূহৰ এক সংকলন



অংশুমান হাজৰিকা




প্ৰকাশক

খোজ পাব্লিকেশ্বন, গুৱাহাটী-৩২

[  ]

Rohosyomoi Bharat a collection of articles written by Ansuman Hazarika and published by Khoj Publication, Guwahati-781032, Ph. No.9864592537, e-mail- khojpublication@gmail.com


First edition : December, 2019   Price : 120.00

প্রকাশক   ⵓ খোজ পাব্লিকেশ্বন, গুৱাহাটী-৩২
  ফোন ⵓ ৯৮৬৪৫ ৯২৫৩৭
 
প্রথম প্রকাশ   ⵓ ডিচেম্বৰ, ২০১৯
 
গ্রন্থস্বত্ব   ⵓ লেখকৰ
  ফোন ⵓ ৮৭৫১৯ ৪৪০২৮
 
ISBN   ⵓ 978-93-5396-263-0
 
বেটুপাত   ⵓ ড° সঞ্জীৱ বৰা
 
অংগসজ্জা   ⵓ অংশুমান হাজৰিকা
 
মূল্য   ⵓ ১২০,০০ টকা
 

মুদ্রক
ছান বিম
১ শংকৰদেৱ পথ
ৰূপনগৰ, গুৱাহাটী-৩২
email: sunbeampress.2007@gmail.com

[  ]
 

মা, পিতাই, অনুলেখা আৰু

ৰিপুঞ্জয় ছাৰৰ হাতত...

 
[  ]



শুভেচ্ছা বাণী



[  ]

ধন্যবাদ আপোনালৈ...

মানৱ জীৱন **** ৰে পূৰ্ণ। সেই **** চিহ্নকেইটাৰ ঠাইত আমি কিমান যে শব্দ ব্যৱহাৰ কৰিব পাৰোঁ! অথচ তেতিয়াও আমি মনত শান্তি নাপাওঁ। সেইবাবেই হয়তো মানৱ জীৱন প্ৰশ্নৰে পূৰ্ণ বুলিলেহে মিলিব যেন লাগে। সঁচাই অনুসন্ধিৎসাৰে পূৰ্ণ এই মানৱ মন। প্ৰশ্নৰ উত্তৰ বিচৰাৰ তাড়নাতে আমি অতীজৰে পৰা জীৱন পাৰ কৰি আহিছোঁ। অথচ প্ৰতিটো উত্তৰে আমাৰ মনটোক আন হাজাৰটা প্ৰশ্নৰ মাজলৈ ঠেলিহে লৈ যায়। আমাৰ দেশখনো এনে অযুত প্ৰশ্নৰ এক সমষ্টি, যাৰ সিপাৰ দেখি যিমান ওচৰ যেন লাগে, সিমান দূৰলৈহে গুচি যোৱা হয়। এই দেশতে কিমান যে গুপুত কথা লুকাই আছে। সময় মন্দিৰৰ পৰা পৃথিৱীৰ আটাইতকৈ ধনী পূজাস্থললৈকে! পুনৰ্জন্মৰ পৰা কৃষ্ণৰ হৃৎপিণ্ড লৈকে! ভাবি আচৰিত লগা, অনুধাৱন কৰিলে নোম শিয়ৰি উঠা এনে ওনৈছটা সৰু বৰ প্ৰৱন্ধৰ সংকলন এই কিতাপ খনি। ঘটনাৰাজী অথবা স্থান সমূহত তেনেকুৱা কি হৈছে আৰু কিয় হৈছে তাৰ যথোপযোগী, বৰ্তমান লৈকে উপলব্ধ সকলো ধৰণৰ তথ্য সংগতি ৰাখি কিতাপখন লিখিবলৈ যত্ন কৰা হৈছে। একবিংশ শতিকাৰ এজন যুক্তিবাদী চিন্তাৰ ব্যক্তি হৈও আমি কিছু মুহূৰ্তত উত্তৰহীন হৈ পৰিবলগীয়া হয়। এই কিতাপখন সেই মুহূৰ্তসমূহৰেই যেন এক সমাহাৰ। বিজ্ঞানৰ চূড়ান্ত উদ্ভাৱনসমূহকো বুঢ়া আঙুলি দেখুৱাই এই ঘটনাসমূহে আজি পৰ্য্য়ন্ত মূৰ দাঙি ঠিয় হৈ আছে— এক বিশেষ মন্দিৰৰ দুৱাৰ খুলিবলৈ নিদিয়ে আদালতে, সন্ধিয়াৰ পিছত দুৰ্গ এটাৰ ভিতৰলৈ সোমাবলৈ নিদিয়ে ভাৰতীয় পুৰাতত্ত্ব বিভাগে, চৰকাৰে ৰাজ্যৰ বিজুলী বন্ধ কৰি দিয়ে মূৰ্তি সলোৱাৰ সময়ত! অথচ আমি বিজ্ঞান আৰু বৈজ্ঞানিক মানসিকতাৰ বোকোচাত উঠি উমলি ফুৰোঁ বুলি বুকু ফিন্দাই কওঁ। ইয়াত লিখিত এটা ঘটনাও অলপো কাল্পনিক নহয়, কিন্তু আমাৰ দেশখনত অতিমাত্ৰা প্ৰচলিত অন্ধবিশ্বাসসমূহৰ বাবেও এই আশ্চৰ্য্যকৰ ঘটনাসমূহৰ প্ৰকৃত কাৰণ নিৰূপণ কৰাতযে অলপ হ'লেও প্ৰভাৱ পৰিছে সেই কথাও নুই কৰিব নোৱাৰি।

 কিতাপখনৰ মূল উদ্দেশ্যই হৈছে সমগ্ৰ দেখনত হৈ যোৱা [  ] আৰু হৈ থকা এনে অলৌকিক, আশ্চৰ্য্য়কৰ ঘটনাসমূহৰ বিষয়ে সকলোকে অৱগত কৰোৱা, ঘটনাসমূহৰ লগত সংগতি ৰাখি আজিলৈকে হোৱা সকলোখিনি গৱেষণা উদঙাই দিয়া যাতে এদিন আমি এই ঘটনাসমূহৰ শুদ্ধ বিশ্লেষণ কৰি এক নিৰ্দিষ্ট সমাধানত উপনীত হব পাৰোঁ। অলপো ৰহন নসনাকৈ দাঙি ধৰা প্ৰতিটো ঘটনাৰাজিৰ বিষয়ে পঢ়ি কি ধৰণৰ কেনেকুৱা ধাৰণা মনলৈ আহে সেয়া পাঠক সমাজে নিৰূপণ কৰিব।

 কিতাপখন সম্ভৱ হৈ উঠাৰ গুৰিতে থকা মা, পিতাই আৰু ভাইটি, লিখি শেষ কৰিবলৈ অনবৰতে তাগিদা দি যোৱা মৰমৰ অনুলেখা আৰু জীৱনৰ প্ৰতিটো ক্ষণতে বিচাৰিলেই কাষত পোৱা শ্ৰদ্ধাৰ গুৰু ৰিপুঞ্জয় বৰদলৈ ডাঙৰীয়াক এই চেগতে ধন্যবাদ জনালো। খোজ প্ৰকাশনৰ নৱজিত মেধি ডাঙৰীয়া আৰু উৎপল পাটোৱাৰী ডাঙৰীয়া লৈ অযুত ধন্যবাদ এই অভাজনৰ কিতাপখন প্ৰকাশৰ যোগ্য বুলি বিবেচনা কৰি সকলো সমস্যা মূৰ পাতি লৈ আগুৱাই লৈ যোৱাৰ বাবে। লিখি শেষ কৰাৰ পিছতে থাকি যোৱা হাজাৰটা ভুল ত্ৰুটি চাই (হিচাপ কৰিলে হয়তো হাজাৰতকৈ বেছি হে ওলাব!) সকলোখিনি ঠান ঠিক কৰি শুদ্ধ কৰি দিয়াৰ বাবে মৃদুল দাক হিয়া ভৰি ধন্যবাদ জনালো। ৰূপান্তৰকৰ সহায়ত ইউনিকোডত লিখা আটাইখিনি তথ্য ‘গীতাঞ্জলি’ লৈ সলনি কৰি বৰ্ণ সংস্থাপনৰ কামখিনি আতি-গুৰি মাৰি কৰি দিয়াৰ বাবে কিৰণ খনিকৰ ককাইদেউৰ ওচৰত চিৰ কৃতজ্ঞ আৰু ইমান ব্যস্ততাৰ মাজতে কিতাপখনৰ বেটুপাতটি অংকন কৰি দিয়াৰ বাবে ড° সঞ্জীৱ বৰা দাৰ চিৰঋণী হৈ ৰলোঁ। সঁচাই আপোনালোক আগবাঢ়ি নহা হ'লে এই কিতাপখন কেতিয়াও পাঠকৰ ওচৰ চাপিবলৈ সক্ষম নহলহেঁতেন।

 আশাকৰোঁ কিতাপখন পাঠক সমাজে আদৰি ল'ব আৰু আমাৰ চিৰ চেনেহী অসমীয়া ভাষাটিৰ ভঁৰাল চহকী হোৱাত কিঞ্চিত পৰিমাণে হ'লেও সহায় কৰিব। অনিচ্ছাকৃতভাবে কৰা সমূহ ভুল ক্ৰটিৰ বাবে ক্ষমাপ্ৰাৰ্থী।

ইতি
০৭/১২/২০১৯
বিশ্বনাথ চাৰিআলি, বিশ্বনাথ, অসম
অংশুমান
 
[  ]
 
সূচীপত্ৰ—
১. কৃষ্ণৰ হৃৎপিণ্ড................................................    ১-৩
২. ২০১২ চনৰ যোধপুৰৰ আচৰিত বিস্ফোৰণ.....    ৪-৫
৩. কুলধাৰা নামৰ অভিশপ্ত গাওঁখন...................    ৬-৮
৪. লাডাখৰ চুম্বকীয় পাহাৰ..................................    ৯-১০
৫. তেজৰ বৰষুণ.................................................    ১১-১৩
৬. যাদুকৰীশিল...................................................    ১৪-১৫
৭. কংকালৰ হ্ৰদ.................................................    ১৬-১৭
৮. সূৰ্য্য মন্দিৰ নে কাল মন্দিৰ?............................    ১৮-২০
৯. খুটা নোহোৱা ঘৰ—বৰা ইমামবাৰা..................    ২১-২২
১০. ৰাম সেতু নে প্ৰকৃতিৰ বিস্ময়........................    ২৩-২৫
১১. কংকালা পাছ—UFOৰ ঘাটি........................    ২৬-২৭
১২. পূৰ্নজন্ম — সঁচাইনে?.....................................    ২৮-৩২
১৩. ভানগড় দূৰ্গ — ভাৰতৰ ভূত বাংলা................    ৩৩-৩৫
[  ]
 
১৪. সম্ৰাট অশোক আৰু তেওঁৰ সহস্যময় ৯ জন পণ্ডিত.....    ৩৬-৩৮
১৫. মৎস্য পুৰাণ নে বাইবেলৰ নোৱা?....    ৩৯-৪১
১৬. কোদিন্থী—যমজ সন্তানৰ গাঁও........    ৪২-৪৩
১৭. খুলিব নোৱাৰা দুৱাৰ খন........    ৪৪-৪৭
১৮. প্ৰহ্লাদ জানী—মাতাজী...........    ৪৮-৫০
১৯. ভগৱান, আমাৰ অতীত আৰু কিছু নকবলগীয়া কথা...........    ৫১-৫৫

আচৰিত—সঁচাইনে ?

কোপান মন্দিৰত পোৱা ছবি খন, ইয়াক পথালিকৈ
চাওঁক আৰু এবাৰ দীঘলীয়াকৈ চাওঁক৷ মানুহ জনৰ
হাত আৰু ভৰি দুখনে কি কৰি আছে যেন লাগিছে?
কিহৰ মাজেদি চাই থকা যেন লাগিছে বাৰু?

[ ১০ ]

কৃষ্ণৰ হৃৎপিণ্ড!

 ভাৰত দেশখনেই অলৌকিক কাহিনীৰে ভৰপূৰ। গ্ৰীকসকলৰ দৰেই আমাৰ মাজতো বিভিন্ন আখ্যান প্ৰচলিত হৈ আহিছে। তাৰে কিছু আখ্যানৰ প্ৰমাণ বৰ্তমানেও সমাজত দেখিবলৈ পোৱা যায়। জগন্নাথ পুৰীও তেনে ধৰণৰে এক নাম। উৰিষ্যাৰ জগন্নাথ পুৰী এক বিশ্ব প্ৰসিদ্ধ ঠাই। প্ৰতি বছৰে লাখ লাখ মানুহে এই জগন্নাথ মন্দিৰ দৰ্শন কৰিবলৈ যায়। এই জগন্নাথ ধামৰ বিষয়ে বিভিন্ন আখ্যান পঢ়িবলৈ পোৱা যায়। আখ্যানসমূহে এই জগন্নাথ ধামৰ যে হিন্দু ধৰ্মৰ লগতে বৌদ্ধ ধৰ্মৰ লগতো সম্পৰ্ক আছে সেই ফালে আঙুলিয়াই দিব বিচাৰে। এই মন্দিৰৰ স্থাপনৰ কাহিনী কৃষ্ণৰ লগত জড়িত। আখ্যানমতে কৃষ্ণৰ মৃত্যুৰ পিছত তেওঁৰ শৰীৰটো যেতিয়া জ্বলাই দিয়া হৈছিল, তেতিয়া তেওঁৰ শৰীৰৰ সকলো অংশ জ্বলি গৈছিল, কিন্তু হৃৎপিণ্ডটো থাকি গৈছিল।

পিছত হৃৎপিণ্ডটো সাগৰত পেলাই দিয়া হৈছিল। সেই হৃৎপিণ্ডটোৱেই কাঠৰ টুকুৰা হৈ উটি আহিছিল আৰু এক সপোনৰ পম খেদি তেতিয়াৰ পুৰীৰ ৰজা ইন্দ্ৰদুম্নই সেই কাঠটুকুৰা পুৰীত পাইছিল। ইন্দ্ৰদুম্নই তেতিয়ালৈকে কাঠৰ টুকুৰাৰ মহিমা বুজা নাছিল, কিন্তু যেতিয়া বিশ্বকৰ্মাই আহি ৰজাক কলেহি যে এই কাঠৰ টুকুৰাত কৃষ্ণৰ হৃৎপিণ্ড আছে বুলি আৰু তেওঁ তাৰে এক মন্দিৰ সাজিব লাগিব বুলি কোৱাত ৰজা মান্তি হ'ল। কিন্তু বিশ্বকৰ্মাই এক চৰ্ত ৰাখিলে যে তেওঁক ২১ দিন সময় লাগিব, এটা বন্ধ কোঠালি লাগিব, য'ত তেওঁ একো নোখোৱাকৈ একে ৰাহে ২১ দিন কাম কৰি মূৰ্তি সাজিব। ৰজাই হয়ভৰ দিলে, আৰু কামো আৰম্ভ হ'ল। কিন্তু ১৪ দিনৰ পিছত যেতিয়া তাত কৰ্মৰত থকা পালিপহৰীয়াই সাজি থকা কোঠালিৰ পৰা একো শব্দ নহা বুলি ক'লে [ ১১ ] ৰজা চিন্তিত হ’ল, আৰু কৌতূহল সামৰিব নোৱাৰি কোঠালিটো খুলি কাম হৈছে নে নাই চাবলৈ সোমাই গ'ল। বিশ্বকৰ্মাই তেতিয়া কাম নকৰাকৈ আধাতে কাম সমাপ্ত কৰি গুচি গ'ল। সেয়েহে আজিও আমি জগন্নাথ ধামত থকা জগন্নাথ,বলোভদ্ৰ আৰু সুভদ্ৰাৰ মূৰ্তি আধৰুৱাকৈয়ে দেখিবলৈ পাওঁ।

 আনহাতে মূৰ্তিৰ গঠনৰ ফালে চালে সেই ঠাইৰ জনগোষ্ঠীয় চাপ দেখা যায়। আমাৰ বিচাৰ্য্য বিষয় পিছে এইমূৰ্তিসমূহ নহয়, সেই আখ্যানত কোৱা কৃষ্ণৰ হৃৎপিণ্ডটোহে। বাকী আখ্যান কিমান দূৰ সত্য বা কিমান অসত্য কব নোৱাৰি, কিন্তু ভাবি আচৰিত লাগে এই হৃৎপিণ্ডটো সঁচাকৈয়ে আছে। আজি ইয়াক ব্ৰহ্মা বুলি কয়। প্ৰতি ১২ অৰ পৰা ১৮ বছৰৰ ভিতৰত এই তিনিওটা মূৰ্তি নতুন কৈ সজা হয়, যাক নৱকলবেৰাৰ উৎসৱ বুলি জনা যায়। কিন্তু ভিতৰৰ সেই ব্ৰহ্মা সলনি কৰা নহয়। পুৰণি মূৰ্তিৰ পৰা নতুন লৈ নিয়া হয়। বিশ্বাস কৰিবনে আমি আজিৰ একবিংশ শতিকাৰ মানুহ হৈও সেই বিধান কৰা সময়ত উৰিষ্যাৰ চৰকাৰে বিদ্যুত সংযোগ বিচ্ছিন্ন কৰি দিয়ে, যাতে সেই ব্ৰহ্মাক নতুন মূৰ্তি লৈ নিওতে একো কষ্ট নহয়। কেৱল ইমানেই নে? আজিলৈকে ইমানবাৰ এই ব্ৰহ্মা সলনি কৰা হৈছে যদিও কোনেও এই ব্ৰহ্মানো কি বুজাই ক’ব পৰা নাই। ঠিকেই বুজিছে, আজিলৈকে কোনেও নাজানে এই ব্ৰহ্মানো হয় কি? নতুন মূৰ্তি লৈ নিয়াৰ সময়ত ধামৰ সকলো কেমেৰা বন্ধ থাকে, মাজ নিশাৰ পিছত এই কাৰ্য্য সম্পন্ন কৰা হয় আন্ধাৰৰ মাজত, চৰকাৰেও বিদ্যুতৰ যোগান বন্ধ কৰি দিয়ে, যিজন পুৰোহিতে এই কাৰ্য্য সম্পন্ন কৰে তেওঁৰ চকু আৰু হাত কাপোৰেৰে বান্ধি দিয়া হয়, যাতে চুব নোৱাৰে। যেতিয়া পুৰোহিত সকলক এই অনুভৱৰ কথা সোধা হয়, তেওঁলোকে এই ভাষ্য দিয়ে যে এই ব্ৰহ্মা কেনেকুৱা বুজাব নোৱাৰি। যেন কোনো শহা পহু হাতত জঁপিয়াই আছে, তেনেকুৱা অনুভৱ হয়। আজিলৈকে কোনেও এই ব্ৰহ্মাক না চুইছে, না দেখিছে, না বুজিছে। আচৰিত, ধৰ্মৰ নামত আমি কিমান যে কি কৰা নাই!

 মনত উদয় হোৱা প্ৰশ্ন অলেখ। যদি সঁচাই ই কৃষ্ণৰ হৃৎপিণ্ড হয়, তেন্তে ইয়াৰ অৰ্থ এইটোৱেই যে মহাভাৰতত কোৱা বাকী কাহিনীবোৰো সঁচা। আৰু যদি হৃৎপিণ্ডই হয়, তেন্তে ইমান শ শ বছৰ কেনেকৈ ই ঠিকে আছে? কোৱা হয়, সকলো জীৱৰ উৎপত্তি ব্ৰহ্মাৰ পৰাই হৈছে। আৰু এই ব্ৰহ্মাতে বহু কথা লুকাই আছে। এই ব্ৰহ্মা নো কি, অথবা ইয়াৰ পৰা আমি কিমান কথা জানিম, সেয়া আমি এই ব্ৰহ্মাক অধ্যয়ন কৰিলেহে গম পাম| আন ফালৰ পৰা ক'বলৈ গলে আকৌ ব্ৰহ্মা মানেই শক্তি! তেন্তে কি আছে লুকাই সেই মূৰ্তিৰ মাজত? বৈজ্ঞানিকভাবে বিশ্লেষণ হ’ব নে? চৰকাৰেই যদি সমগ্ৰ চহৰৰ বিজুলী নোহোৱা কৰি এনে কামত সহায় কৰিছে, তেন্তে আমি কি আশা কৰিব পাৰো চৰকাৰৰ পৰা? হয়তো তাত কিবা ৰহস্য আছে; হয়তো এয়া এক ডাঙৰ ব্যৱসায়ৰ গুপুত ৰহস্য! হয়তো বুলি কৈ বহু কাৰণেই দৰ্শাব পাৰি। কিন্তু কথা আহে, [ ১২ ] কেতিয়ালৈ আমি সঁচাখিনি উদ্ধাৰ কৰিব পাৰিম? বৈজ্ঞানিক দৃষ্টিৰে কথাবােৰ চোৱাৰ সময় আহি পৰিছে। হয়তাে বিজ্ঞান আৰু অতীতৰ ধৰ্মৰ মিল হােৱাৰ সন্ধিক্ষণাে এয়াই, কিয়নাে এই ধৰ্মৰ গুৰিতাে যে বহুত বেছি আগবঢ়া জ্ঞান লুকাই আছিল, সেয়াও নুই কৰিব নােৱাৰি।


তথ্য সংগ্রহ—

https://sambadenglish.com/brahma-padartha-the-unsolved-mystery-of-nabakalebara/

https://rgyan.com/blogs/mythology-jagannath-puri-temple-lord-krishnas-heart/

https://www.quora.com/What-is-the-mystery-of-Brahma-Padaitha-during-nabakalebara-in-Puri-Jagannath-temple-Is-it-really-Lord-Krishnas-Heart

https://en.wikipedia.org/wiki/Nabakalebara

https://www.telegraphindia.com/states/west-bengal/myriad-mysteries-of-lord-jagannath/cid/1469753

https://www.firstpost.com/politics/scandalous-lapse-in-lord-jagannaths-rituals-why-this-will-be-too-hot-for-naveen-patnaik-to-handle-2315882.html

https://unsolvedmysteriesindia.blogspot.com/2015/01/the-brahma-inside-statue-of-lord.html

[ ১৩ ]

২০১২ চনৰ ১৮ ডিচেম্বৰৰ যোধপুৰ

 সম্পূৰ্ণ পৃথিৱীতে তেতিয়া ২০১২ চনৰ ২১ ডিচেম্বৰৰ ভূতে লস্তিছিল। পৃথিৱী নিজৰ অন্তিম স্থিতিত উপস্থিত হৈছিল বুলি বহুতে ভাবি লৈছিল। ঠিক সেই বছৰতেই ২১ ডিচেম্বৰৰ কিছু দিন পূৰ্বে অৰ্থাৎ ১৮ ডিচেম্বৰৰ ৰাতিপুৱা সময় ঠিক ১১ বাজি ২৫ মিনিত গৈছিল। সমগ্ৰ যোধপুৰ বাসীক ভয় খুৱাই এক বৃহৎ শব্দই যোধপুৰ বাসীক জোকাৰি গৈছিল। সকলোৱে এক অতিশব্দ (sonic boom) শুনা পাইছিল।

প্ৰথমে সকলোৱে বায়ু সেনাৰ জেটৰ বাবে অথবা কিবা বোমা বিস্ফোৰণৰ বাবে এই শব্দ হৈছিল বুলি ভাবিছিল যদিও পিছত তাৰ বায়ুসেনাৰ মুখপাত্ৰ কৰ্ণেল এছ. দি. (SD) গোস্বামীয়ে সেই কথা সম্পূৰ্ণৰূপে অস্বীকাৰ কৰে। যিহেতু অতিশব্দ কোনো বস্তু শব্দতকৈ বেছি বেগত গলে হে উৎপন্ন হয়, গতিকে সেনাৰ নিয়মৰ মতে বসতি থকা অঞ্চলৰ ৬০ কি.মি. দূৰত্বলৈ কোনো ধৰণৰ এনে পৰীক্ষা কৰিব নোৱাৰে। সেয়েহে সেইদিনা সেনাৰ কোনো পৰীক্ষাৰ বাবে এই শব্দ হোৱা নাছিল।
 আচৰিত ভাবে যোধপুৰেই এক মাত্ৰ ঠাই নাছিল যত এনে ধৰণৰ শব্দ শুনা গৈছিল, যোধপুৰৰ বাদেও পৃথিৱীৰ অন্য ঠাইতো এনে ধৰণৰ অতি শব্দ সেই মাহটোত বিভিন্ন ঠাইত শুনা গৈছিল বুলি কয়। আৰু কিছু ঠাইত সেই শব্দৰ লগতে সেউজীয়া ৰঙৰ আভাও দেখিবলৈ পোৱা গৈছিল বুলি দেখা লোক সকলে কব বিচাৰে।
 সেই অতিশব্দৰ উৎস কি বা পৃথিৱীৰ অন্য ঠাইতো শুনা এই শব্দ বোৰৰ নিজৰ মাজত সম্পৰ্ক আছে নে নাই আজি লৈকে কোনেও ডাঠি কব পৰা নাই, অথবা [ ১৪ ] ভূতত্ত্ব বিদ সকলেও ইয়াৰ একো যুক্তি দিব পৰা নাই, সঁচাকৈয়ে এক আচৰিত ঘটনা। হয়তো সেই ঘটনাৰ লগত আন কোনো ঘটনাৰ শুংসূত্ৰ আছিল, হয়তো আমাৰ মগজুৰে ঢুকি পোৱাৰ ওপৰৰ কিবা প্ৰাকৃতিক পৰিঘটনা আছিল, হয়তো চৰকাৰে জনসাধাৰণৰ পৰা লুকুৱাই কৰা কিবা পৰীক্ষা আছিল, যিহেতু তেনে পৰিঘটনা নঘটা নহয়, য'ত চৰকাৰে সমাজৰ পৰা লুকুৱাই বিভিন্ন পৰীক্ষা চলাই থাকে, গতিকে হব পাৰে তেনেকুৱা কথাও। অথবা ইয়াৰ উৎস অন্য গ্ৰহৰ জীৱৰ লগতেই হওক বা মায়ান কেলেণ্ডাৰৰ ২১ ডিচেম্বৰৰ লগতেই হওক, সমাধান নোহোৱা লৈকে এই ঘটনা যে বহু জনৰ বাবে চিন্তাৰ খোৰাক হৈ থাকিব, ই সঁচা। কোনে জানে, হয়তো এনেকুৱা আকৌ হবও পাৰে, ইয়াতকৈও ভয়ানক ভাবে!


তথ্য সংগ্ৰহ—

https://timesofindia.indiatimes.com/city/jaipur/Panic-in-Jodhpur-after-sonic-boom/articleshow/17657770.cms

https://www.lookchup.com/read-blog/THE-MYSTERY-OF-JODHPUR-BOOM.html

http://www.indiancontents.com/2017/07/mystery-of-jodhpur-boom.html

https://unsolvedmysteriesindia.blogspot.com/2014/10/the-jodhpur-boom.html

https://zeenews.india.com/news/india/the-jodhpur-boom-one-of-indias-greatest-mysteries_1849614.html

https://telanganatoday.com/tonic-boom-jodhpur-unsolved-mystery

https://www.quora.com/What-is-the-mystery-behind-Jodhpur-boom


[ ১৫ ]

কুলধাৰা নামৰ অভিশপ্ত গাঁওখন

 ৰাজস্থানৰ জয়ছেলমীৰ জিলাৰ এখন গাৱৰ নাম হ’ল কুলধাৰা। জয়ছেলমীৰ চহৰৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ দক্ষিণ-পশ্চিমে এই গাঁওখন অৱস্থিত আছিল। এই গাঁওখন প্ৰায় ১৩শ শতিকাতে বহিছিল। এসময়ৰ ঐশ্বৰ্য্যশালী এই গাঁওখনত পালিৱাল ব্ৰাহ্মণসকলে বসবাস কৰিছিল। গাঁওখনত প্ৰায় ৪১০টা ঘৰৰ ভগ্নাৱশেষ দেখা পোৱা যায়। আৰু গাঁওখনৰ ওচৰে পাজৰে সকলো দিশতে মুঠ ২০০টা ঘৰৰ ভগ্নাৱশেষ এতিয়াও আছে। ১৭-১৮শ শতিকাত গাঁওখনৰ জনসংখ্যা প্ৰায় ১,৫৮৮জন আছিল। কিন্তু বৰ্তমান সম্পূৰ্ণ গাঁওখন জনশূন্য। যদিও পানীৰ পৰিমাণ কম আছিল তথাপিও কুলধাৰা সেইসময়ৰ এখন লেখত ল'বলগীয়া গাঁও হৈ পৰিছিল।
 এক তথ্যৰ মতে ১৯ শতিকালৈ গাঁওখনত পানীৰ পৰিমাণ আচৰিত ভাবে কমি আহিছিল। ১৮১৫ চনলৈ গাঁওখনৰ প্ৰায়বোৰ কুঁৱা শুকাই গৈছিল। ১৮৫০ চনলৈ কেৱল মাত্ৰ এটা খাজ কটা কুঁৱা আৰু দুটা বহুত গভীৰ নাদতহে পানী আছিল। হয়তো সেইবাবেই গাঁওখনৰ মানুহবোৰে গাঁওখন এৰি গুচি যাবলৈ লৈছিল। ইতিহাসৰ তথ্যৰ মতে ১৮১৫ চনলৈ গাঁওখনৰ জনসংখ্যা কমি ৮০০জন হৈছিল, আৰু ১৮৯০ চনলৈ মাত্ৰ ৩৭জন। কিন্তু অন্য এক ইতিহাসে কয় যে গাঁওখন মাত্ৰ এৰাতিৰ ভিতৰতে জনশূন্য হৈ পৰিছিল। প্ৰায় ২০০ বছৰ আগত জয়ছেলমীৰৰ দেৱান চালিম সিং আছিল, তেওঁ অত্যন্ত বেছি কৰ লগোৱাৰ বাবে জনাজাত আছিল। সেই দেৱানজন কুলধাৰা গাঁৱৰ মুখিয়ালজনৰ জীয়েকৰ প্ৰেমত পৰিছিল। তাইক পাবলৈ অত্যন্ত বিয়াকুল হৈ পৰি তাইক নাপালে গাঁওখনৰ ওপৰত অতি বেছি কৰ লগাম বুলি সকলোকে ভয় খুৱাইছিল। আৰু সেইবাবে দেৱানজনে যি দিনা তেওঁৰ পালি পহৰীয়া পঠোৱাৰ কথা আছিল, তাৰ আগৰাতি গোটেই গাঁৱৰ মানুহে সকলো বস্তু বাহিনী গাঁওখনতে এৰি গুচি গৈছিল। আৰু এক তথ্যৰ মতে সেই ঠাইৰ ওচৰৰ আন ৮৩খন গাঁৱেও সকলো এৰি গুচি গৈছিল। এতিয়াও গাঁওখনত এৰি থৈ যোৱা মানুহসকলে দি যোৱা শাও আছে। বুলি কোৱা হয়, যাৰ বাবে তাত কোনো অন্য বসবাস গঢ় লৈ নুঠিল। ইমানখিনি মানুহ একে ৰাতিত নোহোৱা গৈছিল, অথচ আজিলৈকে কোনেও তেওঁলোকক সেই ৰাতি যোৱা দেখা বুলি কোৱা মানুহ এজনো নোলাল অথবা তেওঁলোক কলৈ গ'ল কোনেও গমো নাপালে।
 যিহেতু সকলোৱে সেই ঠাই খনত কোনো অন্য শক্তিয়েও বসবাস কৰে বুলি কয়, আৰু তাত কোনো মানুহেই এক নিশা পাৰ কৰিব নোৱাৰে বুলি কয়, সেইবাবে [ ১৬ ]

কেইবছৰমান আগত দিল্লীৰ আধিভৌতিক (Paranomal) সংস্থাই সেই ৰহস্যৰ উদঘাটন কৰিবলৈ ১৮জন সাহসী ব্যক্তিক পঠোৱাৰ ব্যৱস্থা কৰিলে। গৌৰৱ তিৱাৰীৰ নেতৃত্বত সংস্থাৰ ১৭জন অন্য ব্যক্তি আৰু তাৰে ১০-১২জন লোক সেই গাঁৱত সম্পূৰ্ণ ১২ ঘণ্টা তাত অতিবাহিত কৰিছিল। (এই খিনিতে অন্য এটা কথা উল্লেখনীয় যে গৌৰৱ তিৱাৰী ভাৰতীয় আধি-ভৌতিক সংস্থাৰ সংস্থাপক আছিল আৰু এই ধৰণৰ কামত আগৰণুৱা আছিল, কিন্তু ২০১৬ চনৰ ৭ জুলাইত মাত্ৰ ৩৩ বছৰ বয়সতে ৰহস্য জনক ভাবে তেওঁৰ মৃত্যু হয়।) দলটোৱে তাত কটোৱা সময়খিনিত কিছু অস্বাভাৱিক পৰিস্থিতিৰ সন্মুখীন হয়। তেওঁলোকে উষ্ণতা জুখিবলৈ ব্যৱহাৰ কৰা K-2 মিটাৰ যন্ত্ৰটোৱে অস্বাভাৱিক উষ্ণতাৰ পৰিৱৰ্তন দেখুৱাইছিল। এক ঠাইত যন্ত্ৰ টোৱে ৪১ ডিগ্ৰী ছেলচিয়াচ দেখুৱাইছিল কিন্তু কেইখোজমান যোৱাৰ পিছতেই উষ্ণতা ৩১ ডিগ্ৰীলৈ কমি গৈছিল। আকৌ দলটোৱে ব্যৱহাৰ কৰা লেজাৰ (LASER) ৰশ্মিয়ে লৰচৰ কৰি থকা ছাঁ ধৰা পেলাইছিল।

আন বহুতে কব খোজে যে সেই ঠাইত পানীৰ পৰিমাণ কমি অহা বাবে মানুহ সকল লাহে লাহে তাৰ পৰা আতৰি গৈছিল।
 এতিয়া প্ৰশ্ন হয় কেইবাটাও— মানুহখিনি যদি নোহোৱা হৈ গ'ল, ক'লৈ গল?ইমান কম সময়ত মানুহ এনেদৰে নোহোৱা হৈ যাব নোৱাৰে, আৰু হলেও সেই মানুহখিনি জীয়াই থাকক বা নাথাকক, শৰীৰবোৰতো পোৱা গ'লহেঁতেন। আন ৮৩খন গাঁও বাদ দিলেও এখন গাঁৱৰে মানুহ একে ৰাতিত সাধাৰণভাবে নোহোৱা হৈ যাব নোৱাৰে। আনহাতে আজিৰ এই বিজ্ঞানৰ দিনত ভূত-প্ৰেতত বিশ্বাস কৰা অবান্তৰ। তেনেস্থলত তেওঁলোকৰ যন্ত্ৰখিনিয়ে কিয় এনেকুৱা ভুল তথ্য দেখুৱালে? মেচিন বেয়া [ ১৭ ] হলে’ই যেনিবা কিন্তু আকৌ কিয় আন কোনো দল তালৈ গৈ পৰীক্ষা নকৰিলে? প্ৰশ্ন বহুত হয় যদিও উত্তৰ কোৱা এই মুহূৰ্তত প্ৰায় অসম্ভৱ। বৈজ্ঞানিক দৃষ্টিভংগীৰ ফালৰ পৰা চাবলৈ গ'লে কব পাৰি যে, সময়ৰ প্ৰভাৱত সেই ঠাইত পানীৰ পৰিমাণ কমি অহাৰ কথাটো নুই কৰিব নোৱাৰি, কিন্তু আনহাতে আকৌ প্ৰচলিত বিশ্বাস সমূহৰো যুক্তিসংগত বাখ্যা নথকাত একে আসাৰে নুই কৰিব নোৱাৰি। হয়তো আকৌ যদি ভালদৰে বিচাৰ খোচাৰ কৰি অধ্যয়ন কৰিবলৈ তেনেদৰে বিশ্বাসী দল ওলায়, তেন্তে এদিন এই গাঁৱৰ ৰহস্য সমাধান হ’ব।


তথ্য সংগ্ৰহ —

https://en.wikipedia.org/wiki/Kuldhara

https://www.thebetterindia.com/48562/abandoned-cursed-200-year-old-village-kuldhara-rajasthan/

https://lakshmisharath.com/halloween-special-kuldhara-haunted-village-near-jaisalmer/

https://timesofindia.indiatimes.com/travel/destinations/kuldharathe-ghost-village/as37241961.cms

https://www.quora.com/What-is-the-truth-behind-the-village-of-Kuldhara-in-Rajasthan

https://www.quora.com/What-is-the-mystery-of-Kuldhara-village

https://www.tourmyindia.com/states/rajasthan/kuldhara-jaisalmer.html


[ ১৮ ]

লাডাখৰ চুম্বকীয় পাহাৰ

 লাডাখ ভাৰতৰ অন্যতম ঠাইসমূহৰ মাজত এক। এই লাডাখৰ নাম নুশুনা মানুহ হয়তো বহুত কম ওলাব। কিন্তু এই লাডাখতে অৰ্থাৎ সাগৰ পৃষ্ঠৰ পৰা ১৪, ০০০ ফুট ওপৰত, লেহ-কাৰ্গিল-বাল্টিক ৰাষ্ট্ৰীয় ঘাইপথত, আৰু লেহৰ পৰা ৩০ কি.মি. দূৰত এখন পাহাৰ আছে, যাক চুম্বকীয় পাহাৰ বুলি কোৱা হয়। কাৰণ?

 কাৰণ পাহাৰৰ মাজেৰে যোৱা এই ৰাষ্টাত এখন গাড়ী ষ্টাৰ্ট নকৰাকৈ ওপৰলৈ গৈ থাকিব পাৰে সেয়াও ২০ কি.মি. প্ৰতি ঘণ্টা গতিবেগত, তেন্তে চুম্বকীয় পাহাৰ নকৈ কি বুলি ক’ব?

 লাডাখৰ এই চুম্বকীয় ৰাষ্টাটোৱে যাত্ৰীসকলক বাৰুকৈয়ে আচৰিত কৰে। গাড়ীখনৰ ইঞ্জিনটো বন্ধ কৰি থ’লেও ই নিজে নিজে গৈ থাকে। ইফালে ৰাষ্টাটোও ওপৰলৈ যোৱা। এই চুম্বকীয় ক্ষেত্ৰখন ইমানেই শক্তিশালী বুলি কোৱা হয় যে ওপৰেদি যোৱা হেলিকপ্টাৰ আৰু এৰোপ্লেনবোৰো বহুত ওপৰেদি পাৰ হৈ যায়, চুম্বকীয় শক্তিৰ পৰা বাচিবলৈ।

 এতিয়া আচল প্ৰশ্নটো হ’ল সঁচাকৈয়ে এই ঠাইখন চুম্বকীয় নে? ইমান শক্তিশালীনে যে ই মাধ্যাকৰ্ষণ শক্তিকো চেৰ পেলায়। বহুতে ক'’ বিচাৰে আচলতে এইটো সঁচা নহয় বুলি। ই চুম্বকীয় ক্ষেত্ৰৰ বাবে নহয়। ই এক সাধাৰণ প্ৰাকৃতিক পৰিঘটনা হে। অৰ্থাৎ ই এক ভ্ৰম (illusion) হে। আমি এখন ঠাই ওপৰলৈ হেলনীয়া নে তললৈ হেলনীয়া নে সমান্তৰাল, সেই কথাটো দিগন্তৰ (horizon)ৰ সহায়ত হে গম পাওঁ। কিন্তু আমি যদি দিগন্তই(horizon) দেখা নাপাওঁ, তেন্তে কোনখন ঠাই ওপৰলৈ [ ১৯ ] হেলনীয়া বা কোনখন ঠাই তললৈ যােৱা সেইটো কব নােৱাৰিম। ঠিক সেইটোৱেই এই চুম্বকীয় পাহাতে হয়। আৰু সেইবাবেই আমি তললৈ গৈ থকা ৰাষ্টা এটা ওপৰলৈ গৈ আছে বুলি ভাবি লওঁ।

  চুম্বকীয় ক্ষেত্ৰৰ ধাৰণা আৰু optical illusion ৰ ধাৰণা এই দুয়ােটাৰ মাজত কোনটো সম্পূৰ্ণৰূপে সঁচা সেই লৈ মানুহৰ মাজত মতভেদ আছে। সম্পূর্ণ বৈজ্ঞানিক এক গৱেষণাৰ যােগেদিহে ইয়াৰ আচল কাৰণ উদঘাটন কৰিব পৰা যাব।


তথ্য সংগ্রহ—

https://en.wikipedia.org/wiki/Magnetic_Hill_(India)

http://kunzum.com/2009/18/magnetic-hill-near-leh-in-ladakh-is-it-for-real/

https://traveltriangle.com/blog/magnetic-hill-in-ladakh/

http://vargiskhan.com/log/truth-behind-mysterious-magnetic-hill-of-ladakh

https://www.holidify.com/pages/magnetic-hill-311.html

https://www.quora.com/What-is-the-physics-behind-the-magnetic-hill-in-Ladakh-India

https://www.visittnt.com/ladakh-tours/magnetic-hill.html

https://devilonwheels.com/magnetic-hill-leh-ladakh/

[ ২০ ]

তেজৰ বৰষুণ

 নামটো পঢ়ি ভয় খাইছে নিশ্চয়! ভয় খোৱাৰে কথা। দিনত ঘৰৰ বাহিৰত ঠিয় হৈ থাকোতে যদি হঠাতে ৰঙা বৰষুণ আপোনাৰ গাত পৰে, তেন্তে সঁচাই ভয় খোৱাৰে কথা। তেজ নহয় যদিও সঁচাকৈয়ে ৰঙা ৰঙৰ বৰষুণ কেৰেলাৰ কোট্টায়াম আৰু ইদুক্কি জিলাত ২০০১ চনৰ ২৫ জুলাইৰ পৰা ২৩ চেপ্তেম্বৰ লৈকে হৈছিল। এইটোৱেই প্ৰথমবাৰৰ বাবে নহয়, ইয়াৰ আগতেও ১৮৯৬ চনত এনেকুৱা ৰঙা ৰঙৰ বৰষুণ কেৰেলাত হোৱা তথ্য পোৱা গৈছিল। আৰু মাত্ৰ কেইবছৰমান আগত অৰ্থাৎ ২০১২ চনৰ জুন মাহতো পুনৰ এই ৰঙা বৰষুণ হৈছিল। আৰু তাৰ ঠিক কেইমাহমান পিছতেই ১৫ নৱেম্বৰৰ পৰা ২৭ ডিচেম্বৰলৈকে শ্ৰীলংকাৰ পূব আৰু মধ্য উত্তৰ ঠাইত ৰঙা ৰঙৰ বৰষুণ হৈছিল। ইয়াৰ আগে পিছেও এনেকুৱা আৰু কেইবাবাৰো হৈছিল বুলি জানিব পৰা যায়।

 ২০০১ চনত হোৱা বৰষুণৰ বিষয়ে সেই ঠাইৰ নিবাসীসকলে কয় যে ৰঙা বৰষুণ অলপ ঠাই যেনে ২-৩কি.মি. ঠাইৰ ভিতৰতে হৈছিল। আৰু এই বৰষুণ আৰম্ভ হোৱাৰ আগত তেওঁলোকে অতিশব্দ (sonic boom) শুনাৰ কথা কয় আৰু সেই ঠাইৰ বহুত গছৰ পাত হঠাতে পুৰি শেষ হৈ যোৱা দেখে বুলিও তেওঁলোকে কয়। ইয়াৰ লগতে হঠাতে কুঁৱাৰ পানীও শুকাই যোৱাও পৰিলক্ষিত হয় বুলি স্থানীয় লোকে পিছত কয়। ইয়াৰ কাৰণ কোনেও নাজানিলেও এই ৰঙা বৰষুণৰ কাৰণ জানিবলৈ বিভিন্ন ধৰণৰ পৰীক্ষা কৰা হৈছিল। প্ৰথমতে যদিও ভবা হৈছিল যে এই ৰঙা ৰঙ উল্কাপিণ্ডৰ বিস্ফোৰণৰ বাবে হৈছিল, কিন্তু পিছত এই কথা নুই কৰা হয়। কিয়নো সঁচাকৈয়ে যদি উল্কা বিস্ফোৰণৰ বাবেই হ’লহেতেন তেন্তে এই ৰঙা ৰঙ কেৱল সীমিত [ ২১ ] ঠাইতে সীমাবদ্ধ হৈনাথাকিলেহেঁতেন, অন্য ঠাইলৈও ইবতাহৰ লগত গতি কৰিলেহেঁতেন। কিন্তু এই ৰঙা বৰষুণ কেৱল সীমিত এলেকাতে হৈছিল। বহুবাৰ এনেকুৱাও হৈছিল যে এই ঠাইত যদি ৰঙা বৰষুণ হৈছিল, অলপ আঁতৰতে সাধাৰণ বৰষুণ দি আছিল। এই ৰঙা বৰষুণ ২০ মিনিটত কৈ কম সময়ৰ বাবে হৈছিল। এক মিলিলিটাৰ বৰষুণত প্ৰায় ৯ মিলিয়ন ৰঙা ৰঙৰ কণিকা আছিল। যিমান দিন এই ৰঙা বৰষুণ দিছিল, সেই হিচাপত প্ৰায় সম্পূৰ্ণ এলেকাত ৫০, ০০০ কিলোগ্ৰাম ৰঙা কণিকা সমগ্ৰ এলেকাত পৰিছিল। কণিকা বোৰ মটিয়া ৰঙা আছিল। বৰষুণৰ ৯০% এই ৰঙা কণিকা আছিল আৰু বাকীখিনি আৱৰ্জনা আছিল (debris)। Centre for Earth Science Studies (CESS) আৰু The Tropical Botanical Garden and Re- search Institute (TBGRI) য়ে একেলগে কৰা পৰীক্ষাৰ পৰা পোৱা গ'ল যে এই ৰঙা কণিকাবোৰ Trentrpohila জাতি(genus) ৰ লাইকেন হোৱা শেলাইৰ(lichen-forming algae)।

 সেই ঠাই পৰীক্ষা কৰি এই বিধ শেলাই যে তাত বহুত পৰিমাণে পোৱা যায়, সেইটোও গম পোৱা গ'ল। তদুপৰি বৰষুণত যে কোনো ধৰণৰ আগ্নেয়গিৰিৰ পদাৰ্থ, উল্কাপিণ্ডৰ টুকুৰাৰ কণিকা অথবা মৰুভূমিৰ বালিৰ কণিকা নাছিল, সেইটোও নিশ্চিত কৰা হ'ল।ইমান লৈকে ঠিকেই আছিল কিন্তু সমস্যা তেতিয়াহে আহিল যেতিয়া ইমানবোৰ গম পোৱাৰ পিছতো ইমান বেছিকৈ এইবোৰ ৰেণু ডাৱৰৰ লগত কিদৰে মিলিত হ’ল তাৰ কোনো উত্তৰ পোৱান’গল। কোনো এখন ঠাইত লাগিলে যিমানেই ৰেণুনাথাকক কিয়, ৫০,০০০ কিলোগ্ৰাম বেণু বতাহত আকাশলৈ উৰি গৈ ডাৱৰৰ লগত মিলিত হৈ বৰষুণত পৰাটো কোনোপধ্যেই মানি ল'ব নোৱাৰি।

 আন এক দলে আকৌ অন্য এক দিশলৈ আঙুলি টোৱাব বিচাৰে। Kottayam's Mahatma Gandhi Universitya Santhosh Kumar & Godfrey Louis এ ক'ব বিচাৰে যে এই ৰঙা কণিকাবোৰ বাহিৰৰ জগতৰ। তেওঁলোকে তেওঁলোকৰ পৰীক্ষাৰ পৰা ক'লে যে এই ৰঙা কণিকা বোৰ জীৱিত, এই জীৱবোৰ ৩০০ ডিগ্ৰী ছেলচিয়াচতো জীয়াই থাকিব পাৰে। তেওঁলোকে এই জীৱবিধৰ। DNA পৰীক্ষা কৰোঁতে বেছি আচৰিত হৈছিল, কিয়নো তেওঁলোকে সেই জীৱ বিধৰ DNA বিচাৰি পোৱা নাছিল। যিহেতু পৃথিৱীৰ সকলো জীৱৰে DNA পোৱা যায়, গতিকে এইবিধ জীৱৰ DNA নাপাই তেওঁলোকে এই জীৱ বাহিৰৰ বুলি ঠাৱৰ কৰিছিল। তেওঁলোকৰ এই গৱেষণা “The red rain phenomenon of Kerala and its possible extraterrestrial originais Astrophysics and Space Science ত ২০০৮ চনত প্ৰকাশ কৰিছিল। কিন্তু পিছত Wickramasinghe নামৰ অন্য এজন গৱেষকে কৰা পৰীক্ষাৰ পৰা এই জীৱৰ যে DNA আছে, সেইটো

■ৰহস্যময় ভাৰত৷১২■

[ ২২ ] প্রমাণ পােৱা গ'ল। কিন্তু ইমানবােৰ কণিকা কি দৰে ডাৱৰত মিলিত হ’ল সেই বিষয়ে

আজিলৈকে নিৰ্ভৰযােগ্য তথ্য কোনেও দিব পৰা নাই।

  আকৌ ৰঙা বৰষুণৰ আগত হােৱা সেই অতি শব্দ, পুৰি যােৱা গছৰ পাত আৰু হঠাতে উদ্ভৱ হৈ আকৌ হঠাতে শুকাই যােৱা কুঁৱা বােৰে বেলেগ এটা দিশৰ পিনে হে আঙুলি টোৱাই থকা যেন লাগে। সকলােৰে অজানিতে যদি আমি অন্য কাৰােবাৰ দ্বাৰা কোনাে পৰীক্ষাৰ বাবেহে ব্যৱহৃত হৈছিলোঁ? কোনে জানে? যদিও ই এক আচৰিত ধাৰণা, আমি উলাই কৰিব নােৱাৰোঁ, কিয়নাে ঘটনাবােৰ যি ধৰণৰ, ইয়াত সকলাে সম্ভৱ হ'ব পাৰে।


তথ্য সংগ্রহ―

https://en.wikipedia.org/wiki/Red_rain_in_Kerala

https://www.thelivingmoon.com/41pegasus/02files/Red_Rain_in_Kerala.html

https://www.researchgate.net/publication/1778007_The_Red_Ran_Phenomenon_of_Kerala_and_its_possible_Extraterestrial_Origin

https://www.newworldencyclopedia.org/entry/Red_rain_in_Kerala

https://mybookofmysteries.blogspot.com/2019/04/red-rain-in-kerala.html

https://link.springer.com/article/10.1007/s10509-005-9025-4

https://watchers.news/2012/11/18/sri-lanka-red-rain-mistery-solved


[ ২৩ ]

যাদুকৰী শিল

 মুম্বাইৰ পৰা প্ৰায় ১৮০ কিলোমিটাৰ দূৰত এখন গাওঁ আছে, নাম হ'ল শিৱপুৰ। প্ৰায় ৬০০ বছৰ আগতে এইখন গাঁৱতে মুছলিম সম্প্ৰদায়ৰ এঘৰ মানুহৰ তাত এটা ল'ৰাৰ জন্ম হ’ল, ঘৰৰ মানুহে নাম। ৰাখিলে কমৰ আলী। ককায়েকহঁততকৈ খীন-মীণ এই ল'ৰাজনক সকলোৱে লাজ দিছিল। এখন ঘৰ, যত সকলোৱে শাৰীৰিক শক্তি বেছি গুৰুত্ব দিয়ে সেইখন ঘৰত এনে ঠাণ্ডা, শাৰীৰিকভাবে দুৰ্বল ল'ৰা এজনক ঠাট্টা মস্কৰা কৰাটো স্বাভাবিক। কমৰ আলীৰ মনোযোগ শাৰীৰিক দিশতকৈ আধ্যাত্মিক দিশত বেছি আছিল। ৬ বছৰ বয়সতেই তেওঁলোকৰ ঘৰৰ ওচৰতে বসবাস কৰা চুফী সন্ন্যাসী এজনৰ শিষ্য হৈ পৰিছিল। তেওঁ সময়খিনি ধ্যান আৰু উপবাস কৰিয়েই পাৰ কৰিছিল। অতি কম সময়তেই বেলেগ মানুহৰ কষ্ট নিৰাময় কৰিব পৰা হোৱা বাবে তেওঁৰ ওচৰলৈ বহু মানুহ আহিবলৈ লৈছিল। কমৰ আলী পিছে বহু কম সময়তেই মৃত্যু মুখত পৰিছিল। তেওঁৰ মৃত্যুৰ সময়ত তেওঁ ৭০ কেজি ওজনৰ এটা শিল তেওঁৰ মৃত্যুৰ ঠাইৰ ওচৰত থবলৈ কৈ গৈছিল যে যদিহে ১১জন মানুহে সোঁ হাতৰ (index) তৰ্জনী আঙুলি শিলটোৰ তলত থয় আৰু একেলগে কমৰ আলীৰ নাম লয়, তেন্তে শিলটো অনায়াসে উঠাব পাৰিব। কিন্তু অন্য কোনো প্ৰকাৰেই এই শিলটো মাটিত কৈ ২ ফুটত কৈ ওপৰত উঠাব নোৱাৰিব। ইয়াৰ যোগেদি তেওঁ পৃথিৱীবাসীক ক'ব বিচাৰিছিল যে আধ্যাত্মিক শক্তিতকৈ কোনো শক্তিয়েই ডাঙৰ নহয়।

 সঁচাকৈয়ে আজিও সেই কথাই আখৰে আখৰে পালন হৈ আহিছে। সেই অদ্ভুত যাদুকৰী শিল চাবলৈ কিমান মানুহ গৈছে হিচাপ নাই, বহু গৱেষকেও নিজে পৰীক্ষা কৰি চায়ো একো কাৰণ উলিয়াব পৰা নাই। শিলটোক কোনো মহিলাক চুবলৈ দিয়া নহয়। যিহেতু কমৰ আলী কুমাৰ হৈ থাকোতেই ঢুকাইছিল, সেয়েহে সেই কুমাৰত্ব [ ২৪ ] অক্ষুন্ন ৰাখিবলৈকে কোনো মহিলাকে এই শিলৰ ওচৰলৈ যাব দিয়া নহয়! এই শিলটোৰ ওপৰত বহুজনে বিভিন্ন ধৰণৰ পৰীক্ষা কৰি চাইছে, কোনো জনে অকলে ডাঙিব চেষ্টা কৰিছে, ১১ জনত কৈ কম লোকে মিলি ডাঙিব চেষ্টা কৰিছে, ১১ জনতকৈ বেছি লোকে মিলি ডাঙিব চেষ্টা কৰিছে, ১১ জনেই ৩টা কৈ আঙুলিৰে ডাঙিব চেষ্টা কৰিছে, ১১ জনে তৰ্জনী আঙুলিৰেই কমৰ আলীৰ সলনি বেলেগ নাম লৈ ডাঙিবলৈ চেষ্টা কৰিছে, তৰ্জনী আঙুলিৰ সলনি গোটেই হাতেৰে ডাঙিবলৈ প্ৰয়াস কৰিছে, কিন্তু এবাৰো দুফুটতকৈ বেছি ওপৰলৈ উঠাবলৈ সক্ষম হোৱা নাই। কিন্তু যেতিয়াই ১১জন মানুহে কেৱল মাত্ৰ তৰ্জনী আঙুলিৰে কমৰ আলীৰনাম লৈ ডাঙিবলৈ লয়, তেতিয়াই অনায়াসে ই এজন সাধাণ মানুহৰ উচ্চতাতকৈ বেছি ওপৰলৈ গুচি যায়।

  আচৰিত, কিন্তু মছজিদটোত মাইক্ৰৱেভ অথবা অন্য কিবা শক্তিয়ে ক্ৰিয়া কৰি আছে নেকিও চোৱা হৈছিল যদি একো সুফল পোৱা নগ'ল।

  আকৌ, অন্য এক দৃষ্টি কোণৰ পৰা চাবলৈ গলে, বহুতে কব খোজে নিজৰ অভিজ্ঞতাৰ পৰা যে তেওঁলোকে এই কাৰ্য্য কৰা সময়ত জোৰ দিয়া নাছিল, অথবা উচ্চাৰণ কৰিব লগীয়া নাম লোৱা নাছিল, কিন্তু তথাপিও বাকী কেইজন মানুহে শিল টোক ওপৰলৈ ডাঙিব পাৰিছিল। একবিংশ শতিকাত এনে কথা মানিবলৈ অসুবিধা হয়, পদাৰ্থ বিজ্ঞানৰ নিয়ম সমূহক সম্পূৰ্ণ ৰূপে নস্যাৎ কৰি তিষ্ঠি থকা এনে পৰিঘটনা সমূহক বিস্তৃত ভাবে গৱেষণাৰ বিষয় ৰূপে অধ্যয়ন কৰি সমাজৰ মাজলৈ উলিয়াই লৈ অনাটো নিতান্তই প্ৰয়োজনীয়।


তথ্য সংগ্ৰহ―

https://www.odditycentral.com/travel/the-levitating-stone-of-shivapur-a-controversial-miracle.html

https://www.indiatravelforum.in/threads/the-levitating-stone-in-shivapur-maharashtra.1216/

https://unsolvedmysteriesindia.blogspot.com/2015/01/levitating-stone-of-shivapur.html

https://forums.civfanatics.com/threads/mysteries-of-india-the-levitating-stone-of-shivapur.189041/

https://www.quora.com/Is-the-Levitating-Stone-Shivapur-Maharashtra-true-and-has-any-one-witnessed-this

https://amazingindiablog.in/levitating-stone-of-shivapur-explained/

[ ২৫ ]

কংকালৰ হ্ৰদ


 সাগৰপৃষ্ঠৰ পৰা ৫,০২৯ মিটাৰ ওপৰত ট্ৰেকিং কৰিবলৈ গ'লে সাধাৰণতে কেনে ধৰণৰ মন এটা লৈ যোৱা হয় বাৰু? ইমান ওপৰত কোনোবাই কংকালৰ হ্ৰদ এটা দেখিবলৈ পাম বুলি ভাবিব নে? নিশ্চয় নাভাবে। কিন্তু সঁচাকৈয়ে এই কংকালৰ হ্ৰদ আছে। উত্তৰাখণ্ড ৰাজ্যৰ চামলি জিলাত সাগৰপৃষ্ঠৰ পৰা ৫, ০২৯ মিটাৰ ওপৰত হিমালয়ত এই ৰূপ কুণ্ড হ্ৰদ আছে। কিন্তু এই নামতকৈ বেছি ই কংকাল হ্ৰদ বুলিহে জনাজাত। কেৱল ২ মিটাৰমান দ এই হ্ৰদটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল, কিয়নো যেতিয়া বৰফ গলিবলৈ লয়, তেতিয়া এই হ্ৰদটোৰ তলত দেখা পোৱা যায়, অলেখ মানুহৰ কংকাল!

 ১৯৪২ চনত এই হ্ৰদটোৰ কংকাল বোৰৰ বিষয়ে মানুহে গম পায়। যদিও প্ৰথমে ব্ৰিটিছসকলে এই কংকালবোৰ জাপানীসকলৰ বুলি ভাবিছিল, কিন্তু পিছলৈ কংকালবোৰ বহু পুৰণি বুলি গম পোৱাত সেই সন্দেহ নাইকিয়া হয়। তাত কেৱল কংকালেই উদ্ধাৰ হোৱা নাছিল, লগতে কাঠৰ বিভিন্ন বস্তু, জোতা, আঙুঠি ইত্যাদিকে ধৰি বিভিন্ন সামগ্ৰীৰো অৱশেষ উদ্ধাৰ হৈছিল। কংকাল বোৰৰ কিছুমানত মঙহো লাগি আছিল। বৰফৰ বাবে সেইবোৰ পচি যাব পৰা নাছিল।

 কংকালবোৰ কাৰ আছিল, সেই বিষয়ে বহুখিনি গৱেষণা আৰু DNA পৰীক্ষা কৰাৰ পিছত ২০০৪ চনত এই কথা পোহৰলৈ আহে যে সেই কংকালখিনি দুই ধৰণৰ মানুহৰ আছিল। কিছু আছিল অলপ চাপৰ মানুহ, যিসকল তাৰ স্থানীয় বাসিন্দা আছিল আৰু বাকীখিনিত মহাৰাষ্ট্ৰৰ কংকানাষ্ঠা ব্ৰাহ্মণ সকলৰ চিন আছিল বুলি ঠাৱৰ কৰা [ ২৬ ] হয়। হয়তো বাহিৰৰ সেইসকল লোকে স্থানীয়সকলক লৈ ক'ৰবালৈ গৈ আছিল। কংকাল বোৰ নৱম শতিকাৰ অৰ্থাৎ ১,২০০ বছৰ পুৰণি বুলি পৰীক্ষাৰ পৰা গম পোৱা যায়। কংকালবোৰৰ মাজত এটা সাদৃশ্য আছিল, আৰু সেইটো হ’ল, সকলোবোৰ মানুহৰ মৃত্যুৰ কাৰণ আছিল মূৰৰ পিছফালে ক্ৰিকেট বলৰ সমান গোল কিবা বস্তুৱে বহু জোৰেৰে খুন্দা মৰা। উদ্ধাৰ হোৱা কংকালবোৰৰ মূৰৰ বাদে আন ক’তো অলপো দুখ পোৱা চিন নাছিল। ওপৰৰ পৰা বহু জোৰে সেই গোল বস্তুবোৰ পৰা বাবেই আটাইবোৰ মৃত্যু মুখত পৰে। সেই গোল বস্তুবোৰ বৰফেই আছিল বুলি বহুতে ক'ব বিচাৰে। হয়তো সকলোখিনি এক ভয়ংকৰ বৰফৰ ধুমুহাৰ (hailstorm)ৰ মাজত সোমাই পৰে, আৰু নিজকে ঢাকিবলৈ একো নাপাই সকলো মানুহ মৃত্যুমুখত পৰে।

 প্ৰায় ৩০০ মানুহ একেলগে সেই ঘটনাত মৃত্যুমুখত পৰে। মৃত্যুৰ কাৰণটোও ওপৰত কোৱাৰ দৰেই আছিল বুলি সেই ঠাইৰ স্থানীয় গাঠাৰ পৰা গম পাব পাৰি, কিন্তু সেই লোকসকল ক’ৰ পৰা আহিছিল আৰু ক'লৈ গৈ আছিল সেই বিষয়ে আজিলৈকে একো গম পোৱা হোৱা নাই। হয়তো অদূৰ ভৱিষ্যতে এই ঘটনাৰ ওৰ ওলাব, কিন্তু ইমানদিন আগতে সাগৰপৃষ্ঠৰ পৰা ইমান ওপৰত ইমানখিনি মানুহৰ কংকাল পোৱা কথাটোৱেই মনত হাজাৰ প্ৰশ্নৰ উদয় কৰে, যিহেতু আজিও সেই ঠাইৰ জনসংখ্যা শূন্য।

তথ্য সংগ্ৰহ⸺

https://www.quora.com/Whats-the-mystery-behind-all-the- skeletons-found-in-Roopkund

http://www.indiamarks.com/weird-history-roopkund-lake- uttarakhand/

https://sciencedummy.wordpress.com/2013/10/07/mystery-solved- the-skeleton-lake-of-india/

https://www.ancient-origins.net/unexplained-phenomena/skeleton- lake-and-mystery-ancient-remains-020154

https://en.wikipedia.org/wiki/Roopkund

https://www.atlasobscura.com/places/skeleton-lake-of-roopkund- india

https://www.indiatoday.in/india/north/story/uttarakhand-roopkund- skeleton-lake-mystery-solved-bones-9th-century-tribesmen-died-of- hail-storms-165083-2013-05-31

■ৰহস্যময় ভাৰত।১৭■

[ ২৭ ]

সূৰ্য্য মন্দিৰ নে কাল মন্দিৰ


  কোণাৰ্কৰ প্ৰসিদ্ধ সূৰ্য্য মন্দিৰৰ কথা সকলোৱে জানে। বিশ্বাস মতে এই প্ৰসিদ্ধ মন্দিৰটো ১২৫৫ খ্ৰীষ্টাব্দত নৰসিংহদেৱ ― ১ এ নিৰ্মাণ কৰিছিল। কোণাৰ্ক শব্দটো সংস্কৃত শব্দ কোণা আৰু আৰ্ক শব্দৰ পৰা অহা। আৰ্কৰ অৰ্থ সূৰ্য দেৱতাক উদ্দেশ্যি এই মন্দিৰ নিৰ্মাণ কৰা হৈছিল। এই মন্দিৰটো সূৰ্য্যৰ এখন বৃহৎ রথৰ আকৃতিত সজোৱা হৈছিল। ৰথ খনত ১২যোৰ ডাঙৰ শিলৰ পৰা কাটি ওলোৱা চকা লগোৱা আছে, এটা চকা প্ৰায় ৩ মিটাৰ বহল আৰু গোটেই ৰন্থখন ৭টা ঘোঁৰাৰে টানি থকা দেখুওৱা হৈছে য'ত ৪টা সোঁফালে আৰু ৩টা বাঁওফালে আছে।

  এই মন্দিৰটোৰ বিষয়ে বিভিন্ন আখ্যান শুনিবলৈ পোৱা যায়। জানা মতে এই মন্দিৰটো চুম্বক আৰু শিলৰ এক বিশেষ সমন্বয়েৰে সজা হৈছিল। মুখ্য টাৱাৰটো সাজোঁতে প্ৰত্যেক দুটা শিলৰ মাজত এখনকৈ লোহাৰ প্লেট লগোৱা হৈছিল। মন্দিৰটোৰ একেবাৰে ওপৰত ৫২ টন ওজনৰ এক বৃহৎ চুম্বক আছিল যিয়ে গোটেই মন্দিটো ধৰি ৰাখিছিল বুলি কোৱা হয়।প্ৰবাদ মতে সূৰ্য্য দেৱতাৰ মূৰ্তিটো লোহা আৰু অন্য মিশ্ৰণেৰে এনেদৰে সজা হৈছিল যেই বিনা কোনো সহায়েৰে বতাহত ভাহি থাকিব পাৰিছিল। এই সকলোবোৰ সম্ভৱ হৈছিল সেই বিশাল ৫২ টন ওজনৰ চুম্বকটো আৰু অন্য লোহাৰ প্লেট বোৰৰ সংযোজনৰ বাবে। অন্য প্ৰবাদে কয় যে সেই বিশালকায় চুম্বকৰ চুম্বকীয় শক্তি ইমান বেছি আছিল যে ই সাগৰীয় কূলৰ কাষেদি পাৰ হৈ যোৱা জাহাজবোৰৰ কম্পাছ বেয়া কৰি পেলাইছিল। আৰু সেইবাবে এবাৰ পৰ্তুগীজসকলে সেই বিশালকায় চুম্বক লৈ গৈছিল আৰু তাৰ পিছতেই মন্দিৰটোও ভাঙি পৰিছিল। [ ২৮ ]   যদি ইমানখিনি কথাৰেও হতভম্ব হোৱা নাই, তেন্তে এই মন্দিৰটোৰ সেই। বৃহৎ চকাকেইটাৰ বিষয়ে জানি নিশ্চয়কৈ আচৰিত হ'বই লাগিব। ওপৰত কোৱাৰ দৰেই ৰথখনত মুঠ ২৪টা বৃহৎ চকা আছে আৰু প্ৰতিটো চকা ৯ ফুট ৯ ইঞ্চি বহল। বিভিন্নজনৰ মতে এই চকা কেইটাৰ বিভিন্ন অৰ্থ আছে। কিছুসংখ্যকৰ মতে ৰথ খনৰ ৭টা ঘোঁৰাই সপ্তাহৰ প্ৰতিটো দিন বুজায় আৰু ১২যোৰ চকাইবছৰটোৰ ১২ মাহবুজায়। আৰু মুঠ ২৪টা চকাই এদিনৰ ২৪ ঘণ্টাক সূচায়। প্ৰতিটো চকাতে ৮ ডালকৈ শকত শলা আৰু ৮ ডালকৈ মিহি শলা আছে। প্ৰতিডাল মিহি শলাই প্ৰতিডাল শকত শলাক

সম্পূৰ্ণৰূপে দুভাগ কৰিছে। অৰ্থাৎ এডাল শকত আৰু এডাল মিহি শলাৰ মাজত সময়ৰ ব্যৱধান ৯০ মিনিট। প্ৰতি দুডাল শকত আৰু মিহি শলখাৰ মাজত ৩০টাকৈ মালাৰ গুটিৰ দৰে গুটি সজোৱা আছে। অৰ্থাৎ প্ৰতিটো গুটিয়ে ৩ মিনিট বুজাইছে। গুটিকেইটা ইমান ডাঙৰ যে আমি তাত সূৰ্যৰ পোহৰ মাজত পৰিছে নে চুকত পৰিছে, সেইটো উলিয়াব পাৰোঁ। অৰ্থাৎ আমি সময়ৰ গণনা মিনিটলৈকে কৰিব পাৰে।

  এতিয়া মনলৈ অহা প্ৰশ্নসমূহ হ'ল, সূৰ্য্য যেতিয়া পূবৰ পৰা পশ্চিমলৈ যাব, তেতিয়া আমি সময়ৰ গণনা কেনেকৈ কৰিম? যিহেতু চকাটো বেৰত লগোৱা, গতিকে সেইটোকলৰোৱাৰ প্ৰশ্নই নাহে, ইয়াৰ উত্তৰটো হ’লতাত মুঠতে ২৪টা চকা আছে, আৰু আন এটা চকাই আবেলিৰ সময়ৰ গণনা দিব পাৰে। আমি বৰ্তমানলৈকে মাত্ৰ এই দুটা চকাৰহে কাৰ্যপ্ৰণালী জানো। কোনে জানে হয়তো তাত থকা অন্য চকাই চন্দ্ৰৰ লগত ৰিজাইসময় ক'ব পাৰেইবা! আকৌ, শলাবোৰত প্ৰতিড়ালতেই ৬০টাকৈ দীঘলীয়া গুটি সাজি থোৱা আছে, যাৰ অৰ্থ কোনেও নাজানে। আকৌ অন্য কিছুমান এনেধৰণৰ ছবি আছে যিবোৰ প্ৰকৃতিত মাত্ৰ এক নিৰ্দিষ্ট সময়ত হে হয়, যেনে বান্দৰৰ প্ৰজননৰ ছবি অংকিত কৰা আছে, যি কেৱল ঠাণ্ডা দিনতহে হয়। [ ২৯ ] শ শ বছৰৰ বাবে আমি এই চিহ্নবোৰ সজোৱাৰ চিহ্ন হিচাপে ভাবি আছিলোঁ, মাত্ৰ কেইবছৰ মান পূৰ্বে হে আমি এই ২৪টা চকাৰ মাত্ৰ দুটাৰ অৰ্থ বুজি পাইছোঁ। হয়তো এই গোটেই চকাকেইটাই এনে অন্য বহু কিবাকিবি তথ্য দিব পাৰে, যি বোৰ ল’বলৈ মানৱজাতি আজিও সাজু হোৱা নাই। আনহাতে প্ৰশ্ন এইটোও উঠে যে ইমান কাৰিকৰীপূৰ্ণ দক্ষতাৰে কিদৰে অতীজত এই কামটো সাধাৰণ এজন ৰজাই মানুহ লগাই সম্ভৱ কৰি তুলিছিল? নে তেওঁ কাৰোবাৰ নিৰ্দেশতহে কৰিবলৈ সক্ষম হৈছিল! হয়, বিখ্যাত পুৰাতত্ত্ববিদ এৰিক ৱন ডেনিকেন ডাঙৰীয়াই তেওঁৰ কেইবাখনো কিতাপৰ এখন ‘Chariots of Gods'ত যিধৰণে এনে ঘটনাৰ প্ৰমাণসহ ব্যাখ্যা দি গৈছে, তাৰ পৰা এইটোও ভাবিব পাৰি যে, এই সূৰ্য্য মন্দিৰটিও যেন কাৰোবাৰ নিৰ্দেশত সজা হৈছিল। কোনো উন্নত জাতিৰ নিৰ্দেশ আৰু জ্ঞানৰ সহায়ত। সূৰ্য্য মন্দিৰ বুলি কোৱাৰো কাৰণ নথকা নহয়। যিহেতু প্ৰাচীন মানুহকে ধৰি এতিয়ালৈকে আমাৰ বাবে দিন ৰাতি সূৰ্য্যক কেন্দ্ৰ কৰিয়েই হয়, অৰ্থাৎ সময়ৰ ব্যাখ্যাৰ বাবে আমি সদায় সূৰ্য্যলৈকে চাই আহিছোঁ, গতিকে হয়তো মানৱ জাতিক প্ৰকৃত সময়ৰ জ্ঞান দিবলৈ এই মন্দিৰৰ নিৰ্মাণ কৰা হৈছিল, যাৰ সহায়ত আমি সময়ৰ লীলাখেলাসমূহ বুজি পাবলৈ সক্ষম হ'ম বুলি।

 এইটোও এটি ধাৰণা হে। কিন্তু যি স্থাপত্য নিদৰ্শন এই বিখ্যাত সূৰ্য্য বা কাল মন্দিৰ, সঁচাকৈয়ে যে কিবা এটা পৰিঘটনা ইয়াৰ লগত লগ খাই আছে সেইটো নিশ্চিত। প্ৰশ্ন হয় মানৱ জাতি আজি সাজু হৈ উঠিছে নে নাই এই জ্ঞান গ্ৰহণ কৰিবৰ বাবে!

তথ্য সংগ্ৰহ⸺

https://en.wikipedia.org/wiki/Konark_Sun_Temple

https://en.wikipedia.org/wiki/Konark

http://www.thekonark.in/konarkwheel.html

https://www.themysteriousindia.net/sun-temple-konark/

http://www.thekonark, in/konarkfloatingidol.html

http://www.industrytap.com/ancient-sun-temple-worlds-biggest- clock/18092

https://victoriaclubhotel.com/mystery-behind-how-the-sun-temple- at-konark-got-demolished/

■ৰহস্যময় ভাৰত৷২০■

[ ৩০ ]

খুটা নহােৱা ঘৰ—বৰা ইমামবাৰা

 মানুহৰ এক মৌলিক প্রয়ােজন হ'ল বাসস্থান। সেইবাবেই মানুহে ঘৰ সাজি বাস কৰিবলৈ লৈছিল। আমি আজিও বিভিন্ন ধৰণৰ ঘৰ দেখিবলৈ পাওঁ। কিন্তু লক্ষ্নৌত থকা এই ঘৰটোৰ কথা আকৌ সুকীয়া। এটা বিশাল ঘৰ কল্পনা কৰকচোন, য'ত এটাও খুটা নাই, বিশ্বাস কৰিবনে? নকৰাটোৱেই, স্বাভাবিক। খুটা নােহােৱাকৈ এটা সৰু ঘৰেই সজা দিগদাৰ হয়, তেনেস্থলত এটি বিশাল মহল! কিন্তু এই অসম্ভৱ কাম সম্ভৱ কৰি উলিয়াইছিল ১৭৮৪ চনৰ অৱধৰ নবাব আচাফ—উদ—দৌলাই। আৰু নাম দিছিল বড়া ইমামবাৰা। বড়া মানে হ’ল ডাঙৰ আৰু ইমামবাৰা মানে হ’ল মুছলমান সকলৰ আল্লাক নাম লােৱা প্রার্থনা ঘৰ। ১৭৮৫ চনত যেতিয়া অৱধত দুর্ভিক্ষ হৈছিল, তেতিয়া সাধাৰণ জনসাধাৰণৰ পৰা ধনী লােকসকলাে বহু কষ্টত ভুগিছিল। ঠিক তেনে সময়তেই নৱাব অচফ—উদ—দৌলাই এই বড়া ইমাম বাৰা সজাবলৈ ঠিক কৰিছিল যাতে মানুহবােৰে ইয়াত কাম কৰাৰ যােগেদি কর্ম সংস্থাপন পাব পাৰে। তেওঁ আটাইতকৈ ভাল স্থাপত্যবিদ সকলক মাতিছিল আৰু লক্ষ্ণৌত এক বিশাল প্রার্থনা ঘৰ সাজিবলৈ কৈছিল। কিফায়াতোল্লাহ নামৰ দিল্লীৰ স্থপতিজনৰ অংকন বাছনি কৰা পিছতেই এই বড়া ইমামবাৰা সজাৰ কাম আৰম্ভ হৈছিল। নৱাবে প্রায় ২০, ০০০ মানুহক এই কামৰ যােগেদি কর্মসংস্থাপন দিছিল। সাধাৰণ মানুহসকলে দিনত কাম কৰিছিল, সম্রান্ত আৰু অভিযন্তা সকলে ৰাতি কাম কৰিছিল, ইয়াৰ উদ্দেশ্য দুটা আছিল-যাতে তেওঁলােকৰ এই নির্মাণ কৌশল বাহিৰত জনাজাত নহয়, আৰু সকলােৱে কর্মসংস্থাপন পায়। কিয়নাে ১০ বছৰ চলা এই দুর্ভিক্ষত বহু মানুহ মৰিলেহেঁতেন খাবলৈ নাপায়, যদিহে নৱাবে এই অভিনৱ পন্থা হাতত নললেহেঁতেন। গােটেই মহল সজা ১৭৯১ চনত শেষ হৈছিল আৰু মুঠ খৰচ হৈছিল প্রায় আধাৰ পৰা এক মিলিয়ন টকা ।

 বড়া ইমামবাৰাৰ গঠন শৈলী সঁচাই অদ্ভুত। ৫০ মিটাৰ দীঘল, ১৬ মিটাৰ বহল আৰু ১৫ মিটাৰ ওখ এই বিশাল ইমামবাৰাত দেখা নাযায় এটাও খুটা। কেৱল [ ৩১ ] ইটাৰ গাঁথনিৰেই গোটেই মহলটো এতিয়াও ঠিয় হৈ আছে। এটাও খুটা নোহোৱাকৈ ইমান ডাঙৰ মহল পৃথিৱীত বড়া ইমামবাৰাই একমাত্ৰ। মূল ঘৰটোক সংলগ্ন কৰি ৮টা আৰু কোঠা আছে যি ৪৮৯টা দেখাত একেৰাষ্টাৰে সংযুক্ত হৈ আছে। একেলগে ইয়াক ভুল ভুলয়া বুলি কোৱা হয়। এইটোৱেই ভাৰতৰ এক মাত্ৰ ভুল ভুলয়া (maze) বুলি জনাজাত। ইমান ডাঙৰ এটা বিল্ডিং এনেদৰে ইমানবোৰ ফেঁপোলা কোঠাৰ সৈতে কি দৰে ঠিয় হৈ আছে, সেইটোও এক ভাবিবলগীয়া কথা। বড়া ইমামবাৰাৰ চাদখন ধান পতানৰ মিশ্ৰণ দি সজা, যিটো অন্য এক লেখত লবলগীয়া কথা। ইমানতেই বড়া ইমামবাৰাৰ আশ্চৰ্য শেষ হোৱা নাই। প্ৰবাদমতে ইয়াৰ তলত সুৰংগ আছে, যি নেকি গোমতী নদী, ফাৰিজাবাদ, এলাহাবাদ, আনকি দিল্লীলৈকে গৈছে বুলি কোৱা হয়। আগতে যদিও এই সুৰংগবোৰ খোলা আছিল, কিন্তু যেতিয়া সেই ফালেদি যাওঁতে মানুহবোৰ হেৰাবলৈ ধৰিলে তেতিয়া অৰ্থাৎবৃটিছৰ সময়ত বন্ধ কৰি দিয়া হল। কথাখিনি আগতে শুনাৰ দৰেলাগিছে নে অলপ মান?হয়, আমাৰ তলাতল ঘৰৰ সৈতে কথাখিনি প্ৰায় একেই। এতিয়া কথা হয়, সেই স্থাপত্যবিদ জনৰ এই দুয়োটা বিশেষ ঘৰৰ সৈতে কিবা আন সম্পৰ্কও আছিল নেকি? প্ৰশ্ন এইটোও হয় যে এই ৫০ মিটাৰ দীঘল, ১৫ মিটাৰ ওখ ঘৰ এটা এটাও মাজত খুটা নোহোৱাকৈ প্ৰাকৃতিক কাৰণতেই হওক বা আন কাৰণতেই হওক, কিয় এতিয়া লৈকে ভাঙি যোৱা নাই? মাজে মাজে হোৱা ভূমিকম্প বোৰেও বৰ বেছি ক্ষতি কৰিব নোৱাৰাৰ কাৰণ কি?

 এতিয়া আচলতে নিজৰ মনত উদয় হোৱা প্ৰশ্নটো হ’ল আমি দিনে দিনে উন্নতি কৰি গৈছো নে অৱনতি? কিয়নো, যদি উন্নতিয়েই হৈছে, তেন্তে আমি কিয় আজিৰ তাৰিখত এনে কাৰুকাৰ্যৰে খচিত স্থাপত্য নিদৰ্শন এটি নিৰ্মাণ কৰিব নোৱৰা হৈছো? নে আমাৰ লাজ লাগে অতীতক ৰোমন্থন কৰি অতীতৰ পৰা কিবা এটা শিকিবলৈ? কাৰণ যিয়েই নহওক, আমি অতীতৰ এই বিস্ময়কৰ নিদৰ্শনসমূহৰ পৰা যে শিকিবলগীয়া বহুত কথা আছে, সেইটো সঁচা।

তথ্য সংগ্ৰহ⸺

https://timesofindia.indiatimes.com/travel destinations/do-you-know- about-the-gravity-defying-palace-in-lucknow/as68523066.cms

http://www.excitingindia.in/visit-the-mysterious-gravity-palace- bara-imambara-at-lucknow/

https://en.wikipedia.org/wiki/Bara_Imambara

https://www.thehindu.com/features/metroplus/exploring-the- mysteries-of-bara-imambara-in-lucknow/article7309728.ece

■ৰহস্যময় ভাৰত।২২■ [ ৩২ ]

পৃথিৱী বিখ্যাত ৰাম সেতু

 সৰুৰে পৰা আমি সকলোৱে ৰামায়ণৰ কাহিনী কম বেছি পৰিমাণে শুনি বা পঢ়ি আহিছোঁ। পৃথিৱী বিখ্যাত ৰাম ৰাৱণৰ যুদ্ধ হোৱাৰ আগত শ্ৰী ৰাম লংকালৈ যাবৰ বাবে নিৰ্মাণ কৰা ৰাম সেতুৰ কথা হয়তো নজনা মানুহ নাই। ত্ৰেতা যুগতে লিখা ৰামায়ণত ৰাম সেতুৰ সঠিক স্থান দেখুওৱা আছে। আজিও আমি শ্ৰীৰাম সেতুখন ভাৰতৰ পম্বন দ্বীপ অথৱা ৰামেশ্বৰম দ্বীপ আৰু শ্ৰী লংকাৰ মন্ন দ্বীপৰ মাজত দেখা পাওঁ। ভূ বিজ্ঞানী সকলে এই সেতু ভাৰত আৰু শ্ৰীলংকাৰ ভূ-ভাগ বিভাজিত হোৱা সময়ত গঠিত হৈছে বুলি কয়।

 এতিয়া প্ৰশ্ন হ’ল কিমান কি জানো আমি এই ৰাম সেতুৰ বিষয়ে? সেতুখন ৫০ কিলোমিটাৰ দীঘল। তাৰ মন্দিৰৰ পৰা পোৱা তথ্য মতে এই সেতুখন ১৪৮০ চনত অহা ঘূৰ্ণী বতাহৰ ধুমুহজাকৰ আগলৈকে সাগৰৰ ওপৰত আছিল। এই সেতুখন নিৰ্মাণ কৰা সম্পৰ্কে দ্বিমত আছে। নাছা আৰু অন্য কিছুৱে ক'ব বিচাৰে যে এই সেতুখন প্ৰাকৃতিকভাবে গঠন হোৱা। এসময়ত ভাৰত আৰু শ্ৰীলংকা একেলগে আছিল আৰু যেতিয়া এই দুই ভূ-ভাগ বেলেগ বেলেগ হৈ গ'ল তেতিয়া প্ৰাকৃতিক কাৰণত মাজত এই সেতুৰ দৰে গঠন থাকি গ'ল। সেতুখন তালৈ গৈ অধ্যয়ন নকৰাকৈ, কৃত্ৰিম উপগ্ৰহ পৰা লাভ কৰা তথ্য অনুসৰি ISRO SACৰ সাগৰীয় আৰু জল গৱেষণা বিভাগে তথ্য দিলে যে ৰাম সেতুখনত ১০৩টা সৰল ৰৈখিকভাবে থকা এনে ওপৰত দেখা পোৱা প্ৰৱালৰ টুকুৰা (small patches of reef) আছে। নাছায়ো মাত্ৰ ক'লে এই সেতুখন প্ৰাকৃতিক ভাবে গঠিত। ইমানখিনি কৈ সকলোৱে নিজৰ দায়িত্ব সামৰিলে। এতিয়া আহোঁ আনটো মতলৈ৷ যিটো মতৰ কথা সকলোৱে সৰুৰে পৰা পঢ়ি আহিছো। কি দৰে ভগৱান শ্ৰীৰামে নীল, নল আৰু তেওঁৰ বানৰ সৈন্যৰ সহযোগত এই সেতুখন সাজিছিল। এই সেতুখন সাজোঁতে ১০ নিযুত বানৰ সেনাৰ ৫ দিন লাগিছিল।তথ্যমতে এই সেতুখন ১.৭ নিযুত বছৰ পুৰণি। বহুতে ক’ব বিচাৰে যে, যিবোৰ শিলৰ সহায়ত ৰাম সেতুখন সজা হৈছিল, সেইবোৰ আগ্নেয়গিৰিৰ লাভাৰ পৰা গঠিত হোৱা পিউমিচ (pumice) শিল। আমি জানো যে আগ্নেয়গিৰিৰ ভিতৰখন বহু চাপযুক্ত আৰু বহুত গৰম, প্ৰায় ১৬০০ ডিগ্ৰী ছেলছিয়াচ। যেতিয়া ইয়াৰ ভিতৰৰ পৰা ইমান গৰম লাভা ওলাই আহে, তেতিয়া ই তৎক্ষণাত বাহিৰৰ বতাহৰ সংস্পৰ্শলৈ আহে, যাৰ উষ্ণতা সাধাৰণতে মাত্ৰ ২৫ ডিগ্ৰী ছেলচিয়াচ মান হে থাকে। তেতিয়া লগে লগে দুটা ঘটনা সংঘটিত হয়, চাপ কমাৰ লগে লগে বতাহ আৰু পানীৰ বুদ বোৰ লাভাৰ লগত

■ৰহস্যময় ভাৰত।২৩■

[ ৩৩ ]

সংমিশ্ৰিত হৈ পৰে আৰু উষ্ণতাৰ ইমান বেছি পার্থক্যই লাভাবােৰক প্রায় লগে লগেই কঠিন কৰি পেলায়, যাৰ ফলত বতাহ আৰু পানীবােৰ কঠিন হৈ পৰা শিলটোতে থাকি যায়, কিছু ক্ষেত্ৰত কিছুমান পিউমিচ্ শিলৰ প্রায় ৯০% সেই বুৰবুৰণিৰে গঠিত হয়। এই ঘটনাৰ বাবে ই স্পঞ্জৰ দৰে কাম কৰে আৰু ফলস্বৰূপে পানীত ওপঙি থাকে। কিন্তু যিহেতু সেই বিন্ধাবােৰত লাহে লাহে পানী সােমাবলৈ ধৰে সেইবাবে এই শিল বােৰ চিৰদিনৰ বাবে ওপঙি নাথাকে আৰু সেইটো কাৰণতেই হয়তাে ৰাম সেতু আজি পানীৰ তলত।

এই দ্বিমতৰ কোনােটোকেই নুই কৰিব নােৱাৰি, কিন্তু কোনােটোকেই সম্পূৰ্ণৰূপে আঁকোৱালিও ল’ব নােৱাৰি। এফালে প্রশ্ন আহে, যদি সঁচাকৈয়ে এই সেতুখন প্রকৃতিয়ে সজা তেন্তে ৰামায়ণত ইমান বেলেগকৈ প্ৰকাশ কৰাৰ কি দৰকাৰ আছিল, আৰু এইখন প্রকৃতিয়ে সজা বুলিও ভূ-তত্ত্ববিদসকলে সম্পূর্ণ তথ্য সহকাৰে ক'ব পৰা নাই, আনহাতে

যদি এই সেতুখন পিউমিচ্ শিলেৰেই গঠিত তেন্তে ইমানখিনি সৈন্য কিদৰে সেইখন সেতুৰ ওপৰেদি পাৰ হৈছিল, কিয়নাে যি বস্তু পানীত ওপঙি থাকিব পাৰে, তাৰ ওপৰেদি, ইমান এক বিশাল সৈন্য দল কিদৰে পাৰ হৈ যাব পাৰিব ?

 কথাবােৰ সকলােপিনৰ পৰাই ভাবিবলৈ যত্ন কৰিব লাগিব। এনেকুৱাও হয়তাে হ’ব পাৰে, তেনেকুৱা এক সেতু সঁচাকৈয়ে তথ্যমতে ভূ-ভাগ খণ্ডিত হওঁতে গঠন হৈছিল, আৰু তাকেই পিছলৈ ৰামায়ণৰ কাহিনীত ব্যৱহাৰ কৰা হ'ল। পুৰাণ, ৰামায়ণ, মহাভাৰত-এই কাহিনীসমূহ যে সম্পূর্ণ কাল্পনিক নাছিল, সেই কথা সকলােৱেই মানি ল’ব। কিন্তু সমাজত এই কাহিনীসমূহৰ যােগেদি প্রকাশ কৰিব বিচৰা বাৰ্তাসমূহ প্ৰেৰণ কৰিবৰ বাবে কিছুমান কাল্পনিক কথাৰাে আশ্রয় লােৱাটো যুক্তিসংগত বুলিয়েই ক'ব পাৰি। সাধাৰণ এটি উদাহৰণ-মহাভাৰতৰ যুদ্ধৰ আৰম্ভণিৰ আগত গীতাৰ মাহাত্ম্য [ ৩৪ ] শ্ৰী কৃষ্ণই অৰ্জুনক কৈছিল বুলি ভবাটো ভুল; হয়তো অৰ্জুনৰ মনত তেনে প্ৰশ্ন আহিছিল, কিন্তু ১৮টা দিন যুদ্ধৰ মাজত তেনেকৈ কোনেও কাৰো কথা নুশুনে, সেয়েহে কোৱা হয় গীতাখন মহাভাৰতত পিছত সংযোজন কৰা হৈছে। ঠিক তেনেদৰেই মহাভাৰতৰ ৰচয়িতা ব্যাসদেৱমাত্ৰ এজন লোক আছিল বুলি কোৱাটোও ভুল। এজন মাত্ৰ ব্যাসদেৱে মহাভাৰত ৰচনা কৰা নাছিল। আৰম্ভণি কৰাজনৰ নাম নিশ্চয় ব্যাসদেৱ আছিল, কিন্তু পিছত সংযোজন কৰি যোৱা সকলৰোনাম আন নাৰাখি ব্যাসদেৱ বুলিয়েই কৈ যোৱা হ’ল। মহাভাৰত, বিশ্বাস আৰু বিস্ময়’—এই কিতাপখনত এই বিষয়ে বিতংকৈ লিখা আছে।

 ৰামায়ণৰ ৰামসেতুৰ বিষয়ে আমি আজি লৈকে একমত হ'ব পৰা নাই। এই সকলোবোৰ প্ৰশ্নৰ আজিলৈকে কোনো উত্তৰ নাই, কেতিয়া এই উত্তৰবোৰ পোৱা যাব, তাৰ কোনো নিশ্চিতি দিব পৰা নাযায়। যিদৰেই এই সেতু খনৰ গঠন নহওক কিয়, এই সেতুখন সঁচাকৈয়ে যে এক ৰহস্যৰ বিষয় সি সঁচা।

তথ্য সংগ্ৰহ⸺

https://en.wikipedia.org/wiki/Adam%27s Bridge

https://www.quora.com/How-can-the-Rama-Setu-Adams-Bridge- made-of-stone-float

https://www.speakingtree.in/allslides/science-behind-the-floating- stones-of-ram-setu

https://www.everystudent.com/forum/miracles2.html

https://www.quora.com/What-is-the-science-behind-the-floating- stones-of-Rameswaram

■ৰহস্যময় ভাৰত।২৫■

[ ৩৫ ]

কংকা লা পাছ –UFO ৰ ঘাটি

 হিমালয়ৰ নিম্নাংশত ভাৰত আৰু চীনৰ সীমাত এখন ঠাই আছে, নাম হ’ল কংকা লা পাছ। কংকা লা পাছৰ উত্তৰ অংশ চীন দেশৰ অধীনত যাক আ’ই চ্চিন বুলি জনা যায় আৰু দক্ষিণ অংশ ভাৰতৰ অধীনত আছে, যাক জনা যায় লাডাখ বুলি। এই ঠাইতেই ভাৰত চীনে ১৯৬২ চনৰ যুদ্ধ লাগিছিল। এই ঠাই সেইবােৰ ঠাইৰ ভিতৰত পৰে যত কোনাে মানুহ নাথাকে।

 এতিয়া আহোঁ আচল কথাটোলৈ, কংকা লা পাছ বিখ্যাত UFO ৰ ঘাটি বুলি। আনকি প্রত্যক্ষভাবে দেখা বহুতে ইয়াৰ ফটো আৰু ভিডিঅ’কৰিছে যিয়ে পৃথিৱী তােলপাৰ কৰিছে। তাত বসবাস কৰা সকলৰ বাবে বেলেগ পােহৰ দেখা, আকাশী

যান যিবােৰ পৃথিৱীত চলি থকাবােৰৰ লগত নিমিলে তেনে যান সেই ঠাইত দেখা আৰু অদৃশ্য হােৱা, এইবােৰ দেখাটো দৈনন্দিন ঘটনা। বহুতে কয় ২০০৬ চনৰ আগলৈকে গুগল মেপত এই ঠাই চালে সেনাৰ ঘাটিৰ দৰে দেখুৱাইছিল বুলি কয়। কিন্তু এতিয়া সেয়া একো দেখা পােৱা নাযায়। দর্শনার্থীৰ এটা দলে বর্ণনা কৰি কৈছিল যে তেওঁলােক যেতিয়া ওপৰৰ ধৰ্মালয়লৈ গৈ আছিল, তেতিয়া তেওঁলােকে হঠাতে আকাশত আচহুৱা পােহৰ আহি কংকা লা পাছত অৱতৰণ কৰা দেখা পাইছিল। তেওঁলােকে অনুসন্ধিৎসা দমাব নােৱাৰি যেতিয়া সেই ঠাইলৈ যাবলৈ ওলাল, তেতিয়া চীনা সৈন্যই যাবলৈ নিদিলে। যদিও তেওঁলােকৰ হাতত পার্মিট আছিল, তথাপিও তেওঁলােকক অলপাে আগবাঢ়ি যাবলৈ দিয়া নহ'ল আৰু দুনাই সেই ঠাইলৈ নাহিবলৈ আদেশ দিয়া হ'ল। তেওঁলােকে তাত ২৪ ঘণ্টাই দুয়ােখন দেশৰে সৈন্য পহৰাত থাকে বুলি গম পালে। কেৱল ইমানেই নে ? ২০০৪ চনত হিমাচল প্রদেশৰ লাহােল — -স্পিতি ত [ ৩৬ ] যেতিয়া ভূ-বিজ্ঞানী আৰু glaciologist ৰ এটা দলে কাম কৰি আছিল Space Applications Centre at Ahmedabad ৰ ড° অনিল কুলকাৰ্নীৰ অধীনত, , তেওঁলোকে প্ৰায় ৪ ফুট ওখ এক ৰবটৰ দৰে কিবাই পাহাৰৰ মাজৰ পৰা ওলাই আহি পোনে পোনে ওপৰলৈ গৈ অদৃশ্য হৈ যোৱা দেখিবলৈ পালে। তেওঁলোকে ধৰিবলৈ সক্ষম হোৱা ভিডিঅ’টোত এই দৃশ্য ভালকৈ চাব পাৰি।

 আকৌ ২০১২ চনৰ ছেপ্টেম্বৰ মাহত পানগংগ হ্ৰদৰ ওপৰত ভাৰতীয় সেনা বাহিনীৰ জোৰানে ১৬০ কিমি দীঘল ফিতাৰ দৰে দেখাত কিবা বস্তু এটা দেখিছিল। তেওঁলোকে mobile ground-based radar আৰু spectrumanalyzer আনি পৰীক্ষা কৰিবলৈ ল'লে। যদিও বস্তুবিধ খালী চকুৰে দেখা গৈ আছিল, কিন্তু ৰাৰত দেখা পোৱা নগ’ল, আৰু spectrum analyzer ৰেও বস্তুটোৰ চিগনেল বিচৰাত অসক্ষম হ’ল। সেনাৰ লোকসকলে reconnaissance drone এৰি বস্তুটোৰ পিছ লৈছিল যদিও দ্ৰোনবোৰ নিজৰ অধিকতম উচ্চতা পোৱাৰ পিছত ঘূৰি আহিবলৈ বাধ্য হ’ল। বস্তুটো ইতিমধ্যে তেওঁলোকৰ চকুৰ পৰা আঁতৰিছিল। সেইবছৰে ১ আগষ্টৰ পৰা ১৫ অক্টোবৰৰ ভিতৰত ভাৰত-তিব্ৰতৰ বৰ্ডাৰ পুলিছ (ITBP) আৰু ভাৰতীয় সেনাই লাড়াখত UFO দেখা পোৱা বুলি জনায়।

 হয়তো দুয়োখন দেশৰে চৰকাৰে এই বিষয়ে জানে। হয়তো চকু থাকিও সকলো অন্ধ। কিন্তু একো কাৰণ নোহোৱাকৈ ইমানখিনি মানুহে যে কেৱল মিছা কথা কব, সেই কথা মানি ল’বলৈ টান লাগে। হয়টো তাত সঁচাকৈয়ে কিবা আছে লোকচক্ষু আৰত, সংগোপনে যি ৰৈ আছে, সঠিক সময়ৰ বাবে।

তথ্য সংগ্ৰহ—

https://coolinterestingstuff.com/the-kongka-la-pass-ufo-base

https://en.wikipedia.org/wiki/Kongka_Pass

https://www.indiatoday.in/magazine/nation/story/20121112-ufo- seen-in-ladakh-jammu-and-kashmir-by-indian-army-itbp-760402- 2012-11-02

http://theunexplainedmysteries.com/china-india-ufo.html

http://ufosightingshotspot.blogspot.com/2016/01/google-earth- blacked-out-secret-ufo.html

https://www.quora.com/What-is-the-truth-behind-the-Kongka-La- Pass-UFO-base-mystery

■ৰহস্যময় ভাৰত।২৭■

[ ৩৭ ]

পুনৰ্জন্ম — সঁচাইনে?

 পৃথিৱীখন আচৰিত ঘটনাৰে ভৰপূৰ। এনে আচৰিত ঘটনাবোৰৰে এটা হ’ল পুনৰ্জন্ম। অন্য ঠাইৰ তুলনাত এছিয়া মহাদেশত এই পুনৰ্জন্মৰ কাহিনী বেছিকৈ প্ৰচলিত। হিন্দু ধৰ্ম আৰু বৌদ্ধ ধৰ্মই পুনৰ্জন্মত বিশ্বাস কৰে, আনহাতে খ্ৰীষ্টান আৰু মুছলিম ধৰ্মই ইয়াক বিশ্বাস নকৰে। আমি সকলোৱে এনে বিভিন্ন কাহিনী শুনি আহিছো, কিন্তু আজিলৈকে গোটেই পৃথিৱীৰ বিজ্ঞ সমাজৰ দৃষ্টি আকৰ্ষণ কৰা পুনৰ্জন্মৰ কাহিনী বুলি ক'লে সকলোৱে শান্তি দেৰীৰ ফালেই আঙুলিয়াই দিব বিচাৰে। শান্তি দেৱীৰ জন্ম ঠাই? এই ভাৰতবৰ্ষই।

 শান্তি দেৱীৰ জন্ম হৈছিল ১৯২৬ চনৰ ১১ ডিচেম্বৰত, দিল্লীত। অন্য ছোৱালীৰ দৰেই দেখাত একেই আছিল যদিও তেওঁ ৪ বছৰ বয়সলৈকে বেছি কথা নকৈছিল। কিন্তু লাহে লাহে যেতিয়া তেওঁ কথা ক'বলৈ লৈছিল, তেতিয়া তেওঁ প্ৰায়ে তেওঁৰ আগৰ জন্মৰ গিৰিয়েক আৰু সন্তানৰ বিষয়ে কৈছিল। তেওঁ মথুৰাত থকা তেওঁৰ গিৰিয়েকৰ কাপোৰৰ দোকানখনৰ কথা কৈছিল আৰু নিজকে চ্চাউবাইন (চ্চাউবাইৰ ঘৈণী) বুলি কৈছিল। প্ৰথমে শান্তি দেৱীৰ মাক দেউতাকে বেছি ভবা নাছিল যদিও যেতিয়া খোৱা সময়ত হঠাৎ তেওঁ ‘মথুৰাত থাকোতে বেলেগ মিঠাই খাইছিলোঁ অথবা মাকে কাপোৰ পিন্ধা সময়ত তেওঁ নিজে মথুৰাত কি ধৰণৰ কাপোৰ পিন্ধিছিল সেই বিষয়ে ক’বলৈ লৈছিল আৰু আগৰ জন্মৰ বহু ঘটনাবোৰ বাৰে বাৰে ‘কৈ থাকিবলৈ ল'লে তেতিয়া মাক দেউতাকে চিন্তিত হৈ তেওঁলোকৰ পৰিয়ালৰ ডাক্টৰজনক সকলো কথা বিৱৰি ক'লে। তেতিয়া লৈ শান্তি দেৱীৰ বয়স মাত্ৰ ৬ বছৰ ‘হৈছিল। ডাক্টৰজনো আচৰিত হৈছিল কিয়নো ইমান সৰু ছোৱালীজনীয়ে চিজাৰিয়ানৰ বিষয়ে বহুখিনি তথ্য ক’ব পাৰিছিল। কথাখিনি আৰু গভীৰ হৈ পৰিছিল। ঘৰৰ মানুহ সকলে ভাবিবলৈ লৈছিল যে শান্তি দেৱীয়ে সঁচাকৈ নিজৰ অতীতৰ বিষয়ে জানিছিল। লাহে লাহে ডাঙৰ হৈ অহা শান্তি দেৱীয়ে মথুৰাৰ আগৰ ঘৰখনলৈ যাবলৈ বেছি কৈ জেদ ধৰিবলৈ লৈছিল। যিহেতু আমাৰ দেশত সেই সময়ত পত্নীয়ে নিজৰ পতিৰ নাম সেইবাবে শান্তি দেৱীয়েও কেতিয়াও নিজৰ গিৰিয়েকৰ নাম লোৱা নাছিল। এদিন তেওঁলোকৰ দূৰৰ পৰিয়ালৰ দিল্লীৰ দয়াগঞ্জৰ ৰামজাজ বিদ্যালয়ৰ বাবু বিশ্বাচন্দ আহিছিল। তেওঁ শান্তি দেৱীক ক'লে যে যদি তেওঁক শান্তি দেৱীয়ে নিজৰ গিৰিয়েকৰ নাম কয় তেন্তে তেওঁ শান্তিদেৱীক মথুৰালৈ লৈ যোৱাৰ ব্যৱস্থা কৰিব। শান্তি দেৱীয়ে নলয়,

■ৰহস্যময় ভাৰত।২৮■

[ ৩৮ ]

তেতিয়া তেওঁৰ গিৰীয়েকৰ নাম কেদাৰনাথ চ্চাউবা আছিল বুলি ক'লে। বিশ্বাচন্দই তেতিয়া কেদাৰনাথ চাউবা লৈ সকলোখিনি বিবৰাই এখন চিঠি লিখিলে। কেদাৰনাথে শান্তি দেৱীয়ে কোৱা বহুখিনি কথাই সঁচা বুলি কৈ উত্তৰ পঠিয়ালে। আৰু ইয়াকো কলে যে দিল্লীত থকা তেওঁলোকৰ সম্পৰ্কীয় পণ্ডিত কাঞ্জিমলে শান্তি দেৱীক লগ কৰিবগৈ।

 যথা সময়ত কাঞ্জিমল আহিল আৰু শান্তি দেৱীয়ে তেওঁক গিৰিয়েকৰ ভাগিন বুলি চিনি পালে। শান্তি দেৱীয়ে নিজৰ আগৰ জন্মৰ বিভিন্ন কথা ক'লে। এইবোৰ শুনি কাঞ্জিমল আচৰিত হ'ল আৰু মথুৰালৈ গৈ কেদাৰনাথক আহিবলৈ ক'লে। কেদাৰনাথ ১৯৩৫ চনৰ ১২ নৱেম্বৰত তেওঁৰ বৰ্তমানৰ পত্নীক লৈ আৰু আগৰ ঘৈণীয়েকৰ

সন্তান নৱনীত লালক লৈ শান্তি দেৱীৰ তালৈ আহিল। কাঞ্জিমলে শান্তি দেৱীক পুনৰ পৰীক্ষা কৰি চাবলৈ কেদাৰনাথক কেদাৰনাথৰ ককায়েক বুলি শান্তি দেৱীক পৰিচয় কৰাই দিছিল। শান্তি দেৱীয়ে লাজকুৰীয়া হাঁহি মাৰি এফালে ঠিয় হৈ দিছিল। কোনোবা এজনে কিয় হাঁহিছিল বুলি সোধাত তেওঁ কৈছিল চিনাক্ত কৰি দিয়া মানুহজন তেওঁৰ পতিৰ ককায়েক নহয়, পতিয়েই হয়। তাৰ পিছত যেতিয়া মাকক আলহীৰ বাবে খাদ্য বনাবলৈ কোৱা হ'ল, তেতিয়াও সকলোকে আচৰিত কৰি কোনে কি ভাল পায় সকলো কৈ দিছিল। কেদাৰনাথক আনকি এই জন্মত এবাৰো গৈ নোপোৱা কেদাৰনাথৰ ঘৰত থকা কুঁৱা টোৰ অৱস্থানলৈকে কৈ দিছিল, য'ত শান্তি দেৱীয়ে আগৰ জন্মত বিয়াৰ পিছত গা ধুবলৈ লৈছিল।ইয়াৰ উপৰিও এনে বহু বেলেগে নজনা কথা কেদাৰনাথক কৈছিল যি কেৱল কেদাৰনাথ আৰু তেওঁৰ প্ৰথম পত্নী লুগীয়ে হে জানিছিল।

 কেদাৰনাথকে ধৰি সকলোৱে মানিবলৈ বাধ্য হৈছিল যে শান্তি দেৱীয়েই [ ৩৯ ] আগৰ লুগ্ দী আছিল। লুগ্ দীৰ জন্ম ১৯০২ চনৰ ১৮ জানুৱাৰীত হৈছিল আৰু ১০ বছৰ বয়সত কেদাৰনাথলৈ বিয়া হৈছিল। লুগ্ দী বহুত ধাৰ্মিক আছিল আৰু বহু কম বয়সতেই কেইবাখনো ধৰ্মালয়লৈ গৈছিল। লুগ্ দী প্ৰথমবাৰ গৰ্ভাৱতী হওঁতে চিজাৰিয়ান কৰিব লগা হৈছিল। দ্বিতীয়বাৰ গৰ্ভৱতী হওঁতেও ১৯২৫ চনৰ ২৫ চেপ্তেম্বৰত আকৌ এবাৰ চিজাৰিয়ান কৰিব লগা হৈছিল। কিন্তু সেইবাৰৰ পিছত লুগ্ দীৰ শাৰীৰিক অৱস্থা বেছি হে বেয়া হ'ল আৰু ৯ দিন পাচতেই, ৪ অক্টোবৰত লুগ্ দীয়ে মৃত্যুক আকোৱালি লৈছিল। আৰু এই দিনটোৰ ১ বছৰ ১০ মাহ ৭ দিনৰ পিছত অৰ্থাৎ ১৯২৬ চনৰ ১১ ডিচেম্বৰত শান্তি দেৱীৰ জন্ম হৈছিল।

 শান্তি দেৱীৰ পুনৰ্জন্মৰ এই ঘটনা কেদাৰনাথ ঘূৰি যোৱাৰ পিছতেই সকলোফালে ৰজনজনাই গৈছিল আৰু মহাত্মা গান্ধীয়ে এই ঘটনাটোত বিশেষ আগ্ৰহ দেখুৱাই বিভিন্ন স্তৰৰ ১৫জন লোকক এই ঘটনাক বিশেষভাবে অধ্যয়ন কৰিবলৈ নিয়োগ কৰিছিল। তেওঁলোকে শান্তি দেৱীক লৈ ১৯৩৫ চনৰ ২৪ নৱেম্বৰত ৰেলেৰে মথুৰালৈ ৰাওনা হৈছিল। মথুৰাত ঘটা ঘটনাবোৰ আৰু বেছি আশ্বৰ্য্যকৰ আছিল। মন্দিৰ কিমান সময়ত বন্ধ হয়, কেদাৰনাথৰ ককায়েকক হঠাতে চিনাক্ত কৰা, ঘোঁৰা গাড়ীত উঠি নিজৰ পুৰণি ঘৰলৈ সকলোকে লৈ যোৱা, বিয়াৰ আগৰ ঘৰৰ সকলোকে চিনাক্ত কৰা, বিয়াৰ পিছত ঘৰত লুকুৱাই থোৱা পইচাৰ কলহটো, দ্বাৰ্কাধীশ মন্দিৰৰ বিভিন্ন কথা, যলৈ শান্তি দেৱী এবাৰো যোৱাও নাছিল, আগৰ লুগ্দীৰ বান্ধৱী সকল, এই সকলোবোৰ কথা শান্তি দেৱীয়ে কোৱাৰ দৰেই সঁচা বুলি প্ৰমাণ পাইছিল। কেদাৰনাথে সম্পূৰ্ণৰূপে তেতিয়া সকলোবোৰ সঁচা বুলি মানি লৈছিল যেতিয়া শান্তি দেৱীয়ে তেওঁক দ্বিতীয়বাৰ কি দৰে গৰ্ভাৱতী হৈছিল সেই বিষয়ে সম্পূৰ্ণ তথ্য দিছিল। সেই সময়ত লুগ্ দাৰ আৰ্থাৰাইটিছ(arthritis) হৈছিল আৰু সেয়েহে উঠিব পৰা নাছিল, তেওঁলোকে তেতিয়া কি ধৰণে সংগম কৰিছিল তাৰ প্ৰত্যেকটো কথা শান্তি দেৱীয়ে সম্পূৰ্ণ শুদ্ধ কৈ কেদাৰনাথক কৈছিল।

 শান্তি দেৱীয়ে বিয়া পতা নাছিল। আজীৱন কুমাৰী হৈয়েই তেওঁ অতিবাহিত কৰিছিল। শান্তি দেৱীৰ এই ঘটনাটো বহু সংখ্যক গৱেষক, সাধু, জ্ঞানী পুৰুষ, সমালোচকে অধ্যয়ন কৰিছিল। চুইডেনৰ এজন বিখ্যাত গৱেষক Sture Lonnerstrand এ প্ৰথমে এই ঘটনাটো মিছা বুলি ভাবি ভাৰতলৈ তাৰ সত্যতা নিৰূপন কৰিবলৈ আহিছিল, কিন্তু তেওঁ ঘটনাটোৰ গুৰুত্ব উপলব্ধি কৰি I have lived before:The Rein- carnation of Shanti Deviনামৰ কিতাপখন লিখি উলিয়াইছিল। শান্তি দেৱীৰ ঘটনা, বিশেষজ্ঞ Ian Stevenson and K.S. Rawat এও অধ্যয়ন কৰিছিল, য'ত শান্তি দেৱীয়ে মৃত্যুৰ সময়ত অনুভৱ হোৱা অনুভৱৰ বিষয়ে ব্যক্ত কৰিছিল কি দৰে তেওঁৰ জীয়াই থকাৰ মোহে তেওঁৰ মনটোক ব্যাকুল কৰি তুলিছিল মৃত্যুৰ সময়তো [ ৪০ ] আৰু সেইবাবেই হয়তো তেওঁৰ এই পুনৰ্জন্ম হৈছিল। শান্তি দেৱীৰ মৃত্যু ১৯৮৭ চনৰ ২৭ ডিচেম্বৰত হয়।

 সঁচাকৈয়ে মৃত্যুও এক আচৰিত শিল্প। মানুহৰ ইমান দিনৰ জ্ঞান-জিজ্ঞাসাক ঠেলি আঁতৰ কৰি পেলাব পাৰে এই মৃত্যুয়ে। আমাৰ সমষ্ট জীৱনৰ জ্ঞান আহি এই মৃত্যুৰ মুহূৰ্তটিত থমকি ৰয়। কোনে জানে কিমান কি হৈ থাকে আমাৰ পৃথিৱী নামৰ সৰু যে গোলকটিত। কি দৰে এই পুনৰ্জন্ম হৈছিল, কেনেকুৱা ধৰণৰ শক্তিয়ে কাম কৰিছিল তাত! বিজ্ঞানে কেতিয়াবা এনে প্ৰশ্নৰ উত্তৰ দিব পাৰিব নে? নে আমি ভাবি লোৱা কথা হে এইবোৰ? আমি সচঁকৈয়ে সাৰ পাই আছো নে? নে সঁচা বুলি ভাবি আমিও এক টোপনিৰ দৰে কিবা মায়াজালত সোমাই আছোঁ? ভাবি পাৰ নোপোৱা কথা! কি ঠিক হয়তো আপোনাৰ অৱচেতন মনটোৱেও এই মুহূৰ্তত আগৰ জীৱনটোৰ কথা ভাবি আছেই বা!

 মৃত্যুৰ বিষয়ে আজিলৈকে বহু জনে বহুখিনি লিখিছে। এই লেখাটিত মৃত্যুৰ বিষয়ে লিখাৰ পিছত এই অভাজনেও কবিতা এটি দিয়াৰ লোভ সামৰিব নোৱাৰিলে। কবিটাটি অমুকাই লিখা নহয়, বিশ্বনাথ চাৰিআলিৰ হাটখোলাত অৱস্থিত এখন পান দোকান মালিক খোকন পৰ্বত ডাঙৰীয়াই লিখা। তেখেতৰ কবিতাও তেখেতে বনোৱা পানৰ দৰেই সকলোপিনৰ পৰা উত্তম।

হে। ‘মৃত্যু’ তুমি কি সুন্দৰ

হে — ‘মৃত্যু’ তুমি কি সুন্দৰ,
শিল্পীৰ শিল্পকলাৰ ৰূপান্তৰ।
শান্ত শীতল --নিথৰ দেহা মোৰ,
তাৰ মাজত ঘন ঘোৰ অন্ধকাৰত যেন জোনাকী পখিলাৰ তিৰবিৰনিৰ এফাল পোহৰ।
‘মৃত্যুদূত’ হৈ নতুন আশাৰ বাটত জীৱনক খোজ কৰোৱা,
বিলাই দিয়া মোৰ শৰীৰৰ সকলো তত্ত্ব,
তৰ্কৰহিত জীয়াতু প্ৰশ্ন।
সৰ্বাত্মিক সাধনা হৈ পৰে মৃত্যুৰ ভাৱনা,
তথাপি তোমাক ভয় কৰে অজ্ঞানী সবে,
ভালপাওঁ মই তোমাক জন্মলগ্নৰ মহাৰথী ৰূপে।
তোমাৰেই বোকোছাত উঠি পাৰি দিলো সংসাৰ সাগৰ,
স্তব্ধহীন যাত্ৰা, অন্তহীন যাত্ৰী।
কত মায়া, কত জ্বালা, কত আশা, স্বপ্নৰ বুৰবুৰণি।
-

[ ৪১ ]

শূন্য হৈ আগমন মােৰ, পূর্ণ হাতে পৰিত্ৰাণ !
তথাপি জন্য সবে নুবুজে―‘মৃত্যু’ৰ পৰিভাষা,
আড়ম্বৰপূৰ্ণার্তৰে আৰম্ভ জীৱনৰ জয়যাত্রা।
হেৰুৱা নাই মই মনৰ মানুহ, হেৰুৱা নাই মােৰ সুন্দৰ নীৰ,
দেহান্তৰেৰে দেহাতন্ত্র হৈ―
আছাে মই তত্ত্ব ৰূপে।
মৰমাে আছে, জীয়াতুৰূপে
জীৱন্তৰ বাবে।
মায়াও আছে আশাও আছে স্বপ্ন গঢ়াৰ অন্তঃবানে,
ভাষাহীন, বােধহীন কণ কণ কণিকা ৰূপে
দেহ মােৰ আজি সহস্র প্রাণীৰ দেহমাঝে।


তথ্য সংগ্রহ―

https://www.speakingtree.in/allslides/shanti-devi-rebirth-story-past-life

https://monkeywah.typepad.com/paranormalia/past-life-research.html

https://ocoy.org/the-thrilling-narrative-of-shanti-devi-and-her-past-life/

https://www.wisdomlib.org/buddhism/book/the-way-of-the-white-clouds/d/doc51722.html

http://www.inplainsite.org/html/past_life_recall.html

https://www.quora.com/What-is-the-truth-behind-the-reincarnation-of-Shanti-Devi-And-the-commisssion-that-was-setup-by-Mahatma-Gandhi-to-investigate-on-it

https://www.beliefnet.com/faiths/hinduism/2002/06/i-have-lived-before-the-reincarnation-of-shanti-devi.aspx

https://en.wikipedia.org/wiki/Shanti_Devi

https://www.carolbowman.com/dr-ian-stevenson/case-shanti-devi

[ ৪২ ]

ভানগঢ় দুৰ্গ-ভাৰতৰ অন্যতম ভূত বাংলা


 প্ৰাচীন ভাৰতৰ কাৰিকৰী জ্ঞানৰ এক অন্যতম নিদৰ্শন হ’ল বিভিন্ন ৰাজ্যত অৱস্থিত বিভিন্ন ধৰণৰ দুৰ্গসমূহ। তাৰে মাজৰ এক সাংঘাতিক দুৰ্গ হ’ল ভানগঢ় দুৰ্গ। ১৭শ শতিকাত আকবৰৰ নৱৰত্নৰ মাজৰ এজন মান সিঙে তেওঁৰ ভায়েক মধু সিঙৰ বাবে এই ভানগঢ় দুৰ্গ বনাইছিল। ৰাজস্থানৰ আলবৱাৰ জিলাৰ সৰিক্সা বাঘ সংৰক্ষণৰ ওচৰতে অৱস্থিত এই দুৰ্গটো মধু সিঙে তেওঁৰ ককাক মান সিংবা ভান সিঙৰ নামেৰে নামকৰণ কৰিছিল। দুৰ্গটোৰ কাষৰীয় ঠাইত প্ৰায় ২০০ ঘৰ মানুহেৰে ১,৩০৬জন লোকে বাস কৰিছিল। কিন্তু এই দুৰ্গটো ভাৰতৰ ভিতৰতে আটাইতকৈ ভয়লগা ভূতৰ দুৰ্গ হিচাপেহে সকলোৰে মাজত পৰিচিত। হয়তো সেইবাবেই ভাৰতীয় পুৰাতত্ব বিভাগেও সন্ধিয়া ৬ বজাৰ পিছত দৰ্শনাৰ্থীৰ প্ৰৱেশ নিষেধ কৰি থৈছে।

 দুৰ্গৰ বিষয়ে এক ধৰণৰ বিশ্বাস আছে যে কোনো মানুহেই সূৰ্য্যান্ত হোৱাৰ পিছত এই দুৰ্গত থকাৰ সাহস কৰিব নোৱাৰে, আৰু যি কেইজনে সাহস কৰিছিল, তেওঁলোকো আধা ৰাতিতে প্ৰাণৰ ভয়ত পলাব লগা হৈছিল এই দুৰ্গৰ অতীতৰ বিষয়ে দুই ধৰণৰ আখ্যান পোৱা যায়। এক আখ্যান মতে সেই দুৰ্গটো সজোৱাৰ আগৰে পৰ সেই ঠাইত বাবা বালু নাথ নামেৰে এজন সাধু বাস কৰিছিল। তেওঁ দুৰ্গটো সাজিবলৈ দিছিল কিন্তু এটা চুক্তিতহে যে সেই দুৰ্গৰ ছী তেওঁ বাস কৰা ঠাইত কেতিয়াও পৰিবলৈ নহ’ব। যদি কেতিয়াবা সেয়া হয়, তেন্তে গোটেই চহৰ খনেই ধ্বংসস্তপলৈ পৰিবৰ্তিত হব।ৰজাই কেইবাতলীয়া কৈ দুৰ্গটো সাজিলে আৰু যেতিয়াই ইয়াৰ ছী বালু নাথৰ [ ৪৩ ] ওপৰত পৰিল, সম্পূৰ্ণ চহৰখনেই সন্ন্যাসী জনৰ শাপৰ বাবে ধ্বংসস্তুপলৈ পৰিণত হ’ল। অন্য এক আখ্যানমতে ভানগঢ়ৰ একালৰ ৰাজকুমাৰী আছিল ৰত্নাৱতী— যাৰ ৰূপে গুণে সকলোকে মোহিত কৰিছিল। ১৮ বছৰ হওঁতেই ৰাজকুমাৰীয়ে বহু ৰাজ্যৰ পৰা বিবাহৰ প্ৰস্তাৱ পাইছিল। সেইসময়তে সিংঘিয়া নামেৰে এজন তান্ত্ৰিক ৰাজকুমাৰীৰ প্ৰেমত মোহাচ্ছন্ন হ’ল। কিন্তু যেতিয়া তান্ত্ৰিকজনে বুজি উঠিল যে ৰাজকুমাৰী কোনোপধ্যেই তেওঁলৈ বিয়া নহয়, তেতিয়া তেওঁ চল কৰি ৰাজকুমাৰীক নিজৰ বশলৈ আনিবলৈ চেষ্টা কৰিলে। এদিন যেতিয়া তান্ত্ৰিকজনে ৰাজকুমাৰীৰ দাসী এজনীয়ে বজাৰত তেল লৈ থকা দেখিলে, তেতিয়া তেওঁ সেই তেলত ক'লা যাদু কৰিলে যাতে ৰাজকুমাৰীয়ে সেয়া চোৱাৰ লগে লগেই তান্ত্ৰিক জনৰ বশীভূত হৈ পৰে। ঘটনা ক্ৰমে ৰাজকুমাৰীয়ে সেই কথা গম পাই তেলখিনি মাটিত পেলাই দিলে আৰু সেই তেলখিনি এক শিললৈ ৰূপান্তৰিত হৈ তান্ত্ৰিক জনক মৃত্যু মুখত পেলালে। শিলৰ চেপাত গুৰি হৈ মৃত্যু মুখত পৰা আগত তান্ত্ৰিক জনে ভানগঢ় চহৰখন মৃত্যু হোৱাৰ শাও দি কৈ গৈছিল যে ভৱিষ্যতে ইয়াত আৰু কাৰো জন্ম নহয়। সেই ঘটনাৰ অলপ পিছতেই ভানগঢ় আৰু আজবগঢ়ৰ মাজত হোৱা এক যুদ্ধত ৰাজকুমাৰী ৰত্নাৱতীৰ মৃত্যু হয়। ইয়াৰ পিছৰ আখ্যানৰ মতে ৰাজকুমাৰীয়ে ক'ৰবাত পুনঃজীৱন লব আৰু আকৌ ভানগড় দুৰ্গলৈ উভতি আহিব। ভানগঢ় আজিও সেই দিনটোৰ বাবে ৰৈ আছে। আৰু সেইবাবেই তেতিয়া লৈকে দুৰ্গটোত নিশা ভূত-প্ৰেতে বসবাস কৰে বুলি বিশ্বাস কৰে। সেইটো কাৰণৰ বাবেই ৰাতি কোনো মানুহেই তাত থাকিবলৈ যাবলৈ নিদিয়ে।

  তাৰ মানুহে কোৱা মতে ৰাতি তাত কোনো থকাৰ সাহস কৰিব নোৱাৰে। এনেকুৱা বহু কাহিনী শুনিবলৈ পোৱা যায়, যত নিশা কটাবলৈ চেষ্টা কৰা মানুহে অলৌকিক শক্তি, চিঞৰ বাখৰ, অদ্ভুত গোন্ধ কিছুমান, যাক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি, তেনেকুৱা ধৰণৰ কিছু অনুভৱৰ কথা কৈছে আৰু পিছত ভয়ত নিজৰ জীৱন বচাই পলাবলৈ বাধ্য হৈছে।

  ভয়, ভূত-ভগৱান। এই শব্দ খিনিয়েই চিন্তাৰ খোৰাক দিয়ে। ইমানখিনি মানুহে বৰ্ণনা কৰা ঠাই এখন, য'ত আজি লৈকে নিশা কটোৱাৰ সাহস কোনেও কৰিব পৰা নাই, সেই ঠাই খনৰ বিষয়ে ভালদৰে অধ্যয়ন কৰিবলৈ কাৰ নো মন নাযাব? ভাবিয়েই শিহৰিত হৈ থকা ৰোমাঞ্চকৰ ঠাই ভানগড় দুৰ্গ। ভানগঢ় দুৰ্গত সঁচাই কোনোবা আছে নে নাই, ক'ব নোৱাৰি, কিন্তু ই সঁচাই এক চিন্তাৰ খোৰাক যে একবিংশ শতিকাতো এনে ঠাই আৰু এনে দুৰ্গ আছে যত চৰকাৰেও অলৌকিক কাৰণৰ বাবে ৰাতি যোৱাটোত নিষেধাজ্ঞা জাৰি কৰি থৈছে।

[ ৪৪ ] তথ্য সংগ্রহ―

https://www.holidify.com/pages/bhangarh-fort-haunted-1322.html

https://en.wikipedia.org/wiki/Bhangarh_Fort

https://www.scoopwhoop.com/Bhangarh-Fort-Real-Life-Spooky-Stories/

https://www.deccanherald.com/supplements/travel/haunts-of-horror-762961.html

http://creative.sulekha.com/most-haunted-experience-of-ma-life_447206_blog

https://timesofindia.indiatimes.com/travel/destinations/more-than-just-bhangarh-rajasthans-most-haunted-places/as48743139.cms

https://www.quora.com/What-are-some-interesting-stories-or-real-life-experiences-of-those-who-have-visited-The-Bhangarh-Fort-India

https://daily.bhaskar.com/news/TOP-gaurav-tiwari-in-bhangarh-5372582-PHO.html

[ ৪৫ ]

সম্ৰাট অশোক আৰু তেওঁৰ ৰহস্যময়
৯ জন পণ্ডিত

 সম্ৰাট অশোকৰ নাম নুশুনা মানুহ হয়তো ভাৰতবৰ্ষতে নহয়, সমগ্ৰ পৃথিৱীতে বহু কম হে ওলাব। অশোকৰ কাহিনী সকলোৰে মুখে মুখে পৰিচিত। সম্ৰাট অশোক ২৭৩ B.C.ত সম্ৰাট হৈছিল। সকলোৱে জানে কিদৰে সেই বিখ্যাত কলিংগৰ যুদ্ধত প্ৰায় ১,০০,০০০ মানুহৰ মৃত্যু হৈছিল সম্ৰাট অশোকৰ বাবে, আৰু কি দৰে তেওঁ তাৰ পিছত সম্পূৰ্ণৰূপে সলনি হৈ বুদ্ধ ধৰ্ম অৱলম্বন কৰি সমগ্ৰ পৃথিৱীতে সুখ আৰু শান্তিৰ বাবে কাম কৰিছিল। সম্ৰাট অশোকৰ বিষয়ে বহুজনে বহু কথা লিখিছে যদিও ইয়াত H.G. Wells এ তেওঁৰ কিতাপ “Outline of World History”ত লিখা “ইতিহাসত লিপিবদ্ধ হৈ থকা হাজাৰ হাজাৰজন ৰজাৰ মাজত ৰজা অশোক সদায় অকলে এটি নক্ষত্ৰৰ দৰে জিলিকি থাকিব” কথাখিনি উল্লেখযোগ্য।

 ৰজা অশোকে নিজৰ সময়ত সমগ্ৰ দেশত আৰু দেশৰ বাহিৰতো সকলোৰে শান্তিৰ বাবে কৰা কামবোৰ উল্লেখযোগ্য। তেওঁ সঁচাই এজন বিদ্বান লোক আছিল, তেওঁ বুজি উঠিছিল যে মানুহৰ জ্ঞান, বুদ্ধিদীপ্ত চিন্তাবোৰ, বৈজ্ঞানিক আৰু প্ৰযুক্তি বিজ্ঞান এই সকলোবোৰ দুষ্টচক্ৰৰ হাতৰ পৰা সদায় আঁতৰ কৰি ৰখাটো উচিত, নহ'লে এই জ্ঞানৰ সহায়ত কোনে কেতিয়া কি কৰে ঠিক নাই, সেয়েহে তেওঁ লোকচক্ষুৰ আৰত ৯জন বিদ্বান লোকৰ এটা দল গঠন কৰিছিল। পৃথিৱীৰ ভিতৰতে এক শক্তিশালী কোনেও নজনা গোট। এই নজন বিদ্বান সদায় লোকচক্ষুৰ আঁৰত থাকিছিল আৰু সামাজিক ধৰণৰ কাম কাজবোৰৰ পৰা নিজকে আঁতৰাই ৰাখিছিল। তেওঁলোকক বহু কম মানুহে জানিছিল যদিও বহু গৱেষকে তেওঁলোক সঁচাকৈয়ে আছিল বুলি ভাবে।

 সৌ সিদিনা ১৯২৭ চনতহে ভাৰতত বৃটিছ পুলিচ হিচাপে ২৫ বছৰ কৰ্মৰত টালবত মোণ্ডিয়ে লিখা কিতাপ The Nine Unknown খনৰ যোগেদি সমগ্ৰ পৃথিৱীবাসীয়ে এই বিষয়ে গম পায় (ভাৰতৰে অতীতৰ কথা এজন বিদেশীয়ে লিখিছিল, যিটো এজন ভাৰতীয়ৰ বাবে এক লজ্জাজনক বিষয়)। কিতাপখনত মোণ্ডীয়ে এইটোও লিখে যে সেই নজন ব্যক্তিৰ প্ৰতিজনৰ হাততে এখন কৈ কিতাপ আছিল। প্ৰতিখন কিতাপেই সময়ৰ লগে লগে আকৌ লিখি, শুদ্ধ কৰি উন্নত কৰি থকা হৈছিল। নখন কিতাপৰ প্ৰতি খনেই এটা বিশেষ বিষয় সামৰি লৈছিল।

 প্ৰথম কিতাপখনত মনোস্তত্ব বিজ্ঞানৰ সকলো কথা সাঙুৰি লোৱা হৈছিল। [ ৪৬ ] কোৱা হয় কি দৰে বহু জনসাধাৰণক নিজৰ মতে পৰিচালিত কৰিব পাৰি, মানুহৰ মনটোক কি দৰে নিজৰ বশত কৰিব পাৰি, এই সকলাে কথাই তাত আছিল।

 দ্বিতীয় কিতাপখনত শৰীৰ বিদ্যাৰ বিষয়ে আছিল। য'ত কি দৰে কেৱল মাত্র চুয়েই কাৰােবাক মৃত্যু মুখত পেলাব পাৰি, তেনে ধৰণৰ বিষয় বােৰ সাঙুৰি লােৱা হৈছিল।

 তৃতীয় কিতাপখনে অণু জীৱবিজ্ঞান আৰু চতুর্থখনে ধাতুৰ মৌলান্তকৰণক সামৰি লৈছিল।

 পঞ্চম কিতাপখনত সকলােবােৰ যােগাযােগৰ বিষয়ে আছিল। এই কিতাপখন বেছি মনােগ্রাহী কিয়নাে এই কিতাপখনৰ পৰা বুজিব পাৰি যে তেওঁলােকে বাহিৰৰ গ্রহৰ প্ৰাণীৰ বিষয়ে অৱগত আছিল।

 ষষ্ঠ কিতাপখনে মাধ্যাকর্ষণ শক্তিৰ বিষয়ে কৈছিল। সপ্তম কিতাপখনত মহাকাশৰ বিষয়ে আছিল আৰু অষ্টম কিতাপখনত পােহৰৰ বিষয়ে। নৱম কিতাপখনত সমাজৰ বিষয়ে আছিল। কি দৰে এখন সমাজ আগবাঢ়িব পাৰে, আৰু কি কি কাৰণত এক সভ্যতাৰ বিনাশ হব পাৰে, এই সকলােবােৰ তাত সন্নিবিষ্ট আছিল বুলি কোৱা হয়।

 আজিলৈকে যদিও এই কিতাপ কেইখন অথবা সেইনজন ব্যক্তিৰ অস্তিত্বৰ কথা জনসমাজৰ আগলৈ অহা নাই, কিন্তু এনে কিছুমান কথা আছে, য'ত তেওঁলােকৰ অস্তিত্ব প্রমাণ পােৱা গৈছে। বহুতে ক'ব বিচাৰে বিখ্যাত জুডাে খেল দ্বিতীয় কিতাপখনৰ পৰা অহা বুলি। আকৌ পােপ চিলভেষ্টাৰ ২ৰ পৰাও এই নখন কিতাপৰ অস্তিত্ব আছে, বুলি ভাবিব পাৰি। তেওঁ ৯২০ শকত জন্ম লাভ কৰিছিল আৰু এজন বেনেদিক্টাইন সাধু আছিল আৰু ঢেইম্‌স বিশ্ববিদ্যালয়ত প্রফেচৰ আছিল। তেওঁ ভাৰতলৈ আহিছিল, কিয় আহিছিল তাৰ উত্তৰ কাৰাে লগত নাই। কিন্তু ঘূৰি যােৱাৰ পিছত তেওঁ ইমানখিনি [ ৪৭ ] জ্ঞান লগত লৈ গৈছিল বুলি কোৱা হয়, যিখিনি জ্ঞান সময়ত কৈ বহুত আগবঢ়া আছিল। ইয়াৰ ভিতৰত পোপ জনে নিজৰ ৰাজপ্ৰাসাদত বনোৱা ব্ৰঞ্জৰ মূৰবোৰৰ পৰা গম পোৱা যায়, যি বোৰে হয় বা নহয়ত সোধা প্ৰশ্ন বোৰৰ উত্তৰ দিব পাৰিছিল। ঠিক আজিৰ দিনৰ অতি সাধাৰণ ৰবট এটিৰ দৰে।

 কাহিনী বা কিংবদন্তীবোৰ নিজে নিজে প্ৰচলিত নহয় কেতিয়াও। আজি আমি যিহেতু সেইনখন কিতাপৰ বিষয়ে শুনিছো আৰু পঢ়িছো, সেই কিতাপখনৰ পৰা সময়ে সময়ে ওলাই অহা জ্ঞান বোৰৰ বিষয়ে গম পাইছে, সেয়েহে এই কিতাপ কেইখনৰ অস্তিত্ব সম্পূৰ্ণৰূপে নুই কৰিব নোৱাৰি। হয়তো আজি বা আজিৰ পৰা ১০০ বছৰলৈকে এই কিতাপ কেইখনৰ কথা মানুহে গম নাপাব, এই কিতাপ কেইখনৰ বিষয়ে থকা তথ্য খিনি যেতিয়া দেশৰ বাহিৰৰ মানুহৰ পৰাহে পোৱা গৈছে, অথচ ভাৰততে ইয়াৰ অস্তিত্ব, কিন্তু ভাৰতৰ মানহে নাজানে, গতিকে আজিৰ পৰা ১০০ কিয়, ২০০ বছৰ লাগিলেও ইয়াত আচৰিত হ'বলগীয়া একো নাই।

তথ্য সংগ্ৰহ―

https://www.quora.com/Apart-from-the-mention-in-novels-is-there-any-evidence-that-shows-the-Ashokas-secret-society-of-the-Nine-Unknown-Men-exists

https://en.wikipedia.org/wiki/The_Nine_Unknown

https://www.mensxp.com/special-features/today/28398-the-secret-society-of-ancient-india-s-illuminati-the-story-of-ashoka-s-nine-unknown-men.html

https://eden-saga.com/en/secrete-science-sufism-india-emperor-asoka-nine-unknown.html

https://bitmesra.ac.in/naps/the-secret-nine/

https://www.speakingtree.in/allslides/were-ashokas-nine-unknown-men-ancient-indias-illuminati

https://www.ancient-origins.net/myths-legends-asia/mysterious-secret-society-ancient-india-and-nine-unknown-men-ashoka-006714

http://www.jasoncolavito.com/blog/the-copy-and-paste-mysteries-of-the-nine-unknown-men

[ ৪৮ ]

মৎস পুৰাণৰ মনু নে বাইবেলৰ নোৱা?

  মানৱ ইতিহাস বানপানীৰে ভৰপূৰ! আচৰিত হৈছে নহয়নে? সঁচাকৈয়ে ইতিহাস বানপানীৰে ভৰপূৰ কিন্তু। আমাৰ প্ৰসিদ্ধ পুৰাণলৈয়ে চাব নে বাইবেললৈ? নে কোৰানলৈ? নে গিন্নামেশৰ লিপি বোৰলৈ? সকলোতে একেটাই লিখনি, মিনৰ জাতিৰ ইতিহাসত এবাৰ নে তাতোতকৈ বেছি কব পৰা নাযায়, কিন্তু প্ৰলয়ংকাৰী বান যে আহিছিল ই ধুকপ, আৰু প্ৰতিবাৰেই, সপোনতেই হওক বা ভগৱানে স্বয়ং আহিয়েই হওক কিয়, মানৱ জাতিৰ কেইজন মান বিশেষ লোককহে সেই প্ৰকোপৰ পৰা ৰক্ষা কৰিছিল আৰু আকৌ নতুন কৈ মানৱ জাতিৰ পাতনি মেলিছিল।

  ৰজা শ্ৰদ্ধাদেৱ ওৰফে মনুৰ কথা সকলোৱে জানে, কি দৰে তেওঁ এদিন সৰু মাছ এটি পাইছিল আৰু কি দৰে কেইদিনমানৰ ভিতৰতে মাছটোৰ বাবে সাগৰ খনো সৰু হৈ পৰিছিল আৰু তাৰ পিছত কি দৰে মাছটোৱে ভগৱান বিষ্ণুৰ ৰূপ লৈ মনুক কৈছিল যে আৰু কেইদিন মানৰ ভিতৰতে পৃথিৱীত এক বিশাল প্ৰলয় হব আৰু তাৰ পৰা বাচিবলৈ মনুৱে ৭জন ঋষি আৰু সকলো ধৰণৰ জীৱৰ এযোৰা আৰু ৯ বিধ গছৰ গুটি লগত লৈ বিশাল নৌকা খনত যাত্ৰা কৰিব লাগিব! সেই ৭জন ঋষিৰ নামো উল্লেখ আছে। নামসমূহ ক্ৰমে - কাশ্যপ, অত্ৰি, বশিষ্ঠ, বিশ্বামিত্ৰ, গৌতম মহাৰ্ষি, জমদগ্নি, আৰু ভৰদ্বাজ মুনি। এইখিনিতে এটা ভাবি আচৰিত লগা কথা কৈ থওঁ যে মনু কোনো এজন ব্যক্তিৰ নাম নাছিল। ই এটা উপাধি হয়, ঠিক তেনেদৰেই, ইন্দ্ৰ অথবা উপযুক্ত সপ্তৰ্ষিও এক উপাধিহে হয়, যি ১৪টা মানৱন্তৰত প্ৰতিটোতে বেলেগ বেলেগ মানুহ অথবা দেৱতাই পায়। বৰ্তমান সপ্তম মানৱন্তৰ চলি আছে। এই ১৪টা মানৱন্তৰ যোগেদি ব্ৰহ্মাৰ এটা দিনৰ ১২ ঘণ্টা হয়। আখ্যান অনুসৰি ব্ৰহ্মই ১২ ঘণ্টা জিৰণি লয় আৰু ১২ ঘণ্টা কাম কৰে, গতিকে ব্ৰহ্মাৰ এটা দিনত ১৪টা মানৱন্তৰ হয়। প্ৰতিটো মানৱন্তৰত একোজন কৈ মনু, একোজন কৈ ইন্দ্ৰ আৰু ৭জন কৈ মহৰ্ষি থাকে। এক মানৱন্তৰত প্ৰায় ৩০৭ নিযুত বছৰ থাকে আৰু সেই হিচাপত সম্পূৰ্ণ হিচাপ কৰিলে হিন্দু ইতিহাসে প্ৰায় ৪.৩২ বিলিয়ন বছৰৰ ইতিহাস আৰু ভৱিষ্যতৰ বৰ্ণনা কৰি থোৱা আছে। এক আচৰিত কিন্তু সঁচা কথা।

  মনুৰে মৎসৰূপী ভগৱানৰ কথা মানি এখন প্ৰকাণ্ড নৌকা বনালে, আৰু তাত সকলোখিনি ভগৱানে কোৱামতে তুলি ললে আৰু সাগৰত নিজৰ যাত্ৰা আৰম্ভ কৰিলে। অতি সোনকালে তেওঁলোকে এক শিং থকা মাছ দেখিবলৈ পালে আৰু

নাওখন ৰচীৰে মাছটোৰ শিংটোত বান্ধি ল'লে। ইয়াত ৰচীয়ে শেষনাগ কবুজোৱা হৈছে। [ ৪৯ ]
এই দৰেই বাকী পৃথিৱী প্ৰলয়ংকাৰী বানে নিঃশেষ কৰিছিল কিন্তু মনু আৰু বাকীসকল ৰক্ষা পৰিছিল। মৎস পুৰাণৰ মতে মনুৰ নাওখন মলয় পৰ্বতৰ ওপৰত ৰখা হৈছিল। এই পৰ্বতলানি ভাৰতৰ উত্তৰ দিশত মনালিৰ ওচৰত থকা বুলি অনুমান কৰিব পাৰি। ঠাইখন ১৮০০ৰ পৰা ২০০০ মিটাৰ উচ্চতাত আছে। মনালি শব্দটোও মনুৰ আলয় আছিল বাবে হৈছে বুলি কোৱা হয়। সম্পূৰ্ণ পৃথিৱীৰ ভিতৰত একমাত্ৰ মনালিতেই মনুৰ এক পৌৰাণিক মন্দিৰ আছে। যেতিয়ালৈকে বান শেষ হোৱা নাছিল মনু সেই নাওখনতেই তেতিয়ালৈকে আছিল। প্ৰলয়ংকাৰী বান শেষ হোৱাৰ পিছত মনুৱে নতুন কৈ জীৱৰ পাতনি মেলিছিল বুলি কোৰা হয় আৰু সেইবাবে আজিৰ সকলোকে মানৱ অথবা মানুস অৰ্থাৎ মনুৰ পুত্ৰ বুলি কোৱা হয়।

ইমানখিনি কম আশ্চৰ্য্যকৰ আছিল নে যে এতিয়া বাইবেলৰ নোৱাৰ লগতো এই কিংবদন্তী মিলিবলৈ ললে! জেনেচিচ (৬ – ৯) লৈকে ঠিক একে ধৰণৰ কাহিনী এটাই আছে। তাত লিখা আছে যে মানুহৰ সেই সময়ৰ দুষ্কাৰ্যবোৰ দেখি ভগৱানে সকলোবোৰ প্ৰলয়ংকাৰী বানৰ দ্বাৰা ধ্বংস কৰিবলৈ মন মেলিলে। তাৰ মাজতে এজন সাধু পুৰুষ যাৰ নাম নোৱা আছিল তেওঁক ভগৱানে ভৱিষ্যতৰ দায়িত্ব দিলে। ভগৱানে কোৱা মতেই নোৱাই এখন বিশাল নাও সাজিলে য'ত তেওঁ আৰু তেওঁৰ পৰিয়াল আৰু সকলো জীৱিত প্ৰাণীৰ একোযোৰা আৰু খাদ্য ভৰাই ল'লে। নাওত উঠাৰ পিছত একেৰাহে ৪০ দিন, ৪০ ৰাতি প্ৰলয়ংকাৰী বৰষুণ দিলে আৰু একেৰাহে ১৫০ দিনৰ বাবে পৃথিৱীখন পানীৰ কৱলত থাকিল। যিমান জীৱ আছিল সকলো। মৃত্যুৰ কৱলত পৰি নিঃশেষ হৈগ’ল। সকলোবোৰ শেষ হোৱাৰ পিছতনাওখন আৰালত পৰ্বতত ৰখোৱা হ'ল আৰু নোৱাই নতুন কৈ সৃষ্টিৰ পাতনি মেলিলে।

ঠিক একে ধৰণৰ কাহিনী গিল্লামেষ, চুমাৰ, বেবিলন, গ্ৰীচ, আমেৰিকাৰ মায়ান সকল আৰু আফ্ৰিকাৰ য়ৰোবাসকলৰ মাজতো প্ৰচলিত হৈ আছে।

 বেদৰ প্ৰলয়ংকাৰী বান আৰু বাইবেলৰ প্ৰলয়ংকাৰী বানৰ মাজত থকা কেইটামান মিল হ’ল –

উক্তোক্ত মনু আৰু নোৱা দুয়োজনৰে তিনিজন সন্তান আছিল,

বানৰ সময়ত মানৱ জাতি শুদ্ধ হৈ থকা নাছিল, [ ৫০ ] দুয়োজনকে ভগৱানে আগতে আহি কৈছিল,

দুয়োটা কাহিনীতেই পৃথিৱীৰ পৰা সমগ্ৰ মানব জাতি শেষ হৈ যোৱা দেখুৱাইছে,

জীৱ-জন্তুবোেৰ বেলেগ কৈনাওত ভৰোৱা হৈছিল যাতে পৃথিৱীত পুনৰ আকৌ জীৱনে পোখা মেলিব পাৰে,

বানৰ পিছত নাও দুইখনেই ওখ পৰ্বত থোৱা হৈছিল,

আজিৰ মানৰ জাতি মনু বা নোৱাৰ বংশধৰ॥

  শাব্দিক অৰ্থৰ পৰা চালে দেখা যায়, মানৱ শব্দটো মনুৰ পৰা অহা, man শব্দটোও একে সংস্কৃত শব্দ মনুৰ পৰা অহা। আকৌ অন্য এটা সংস্কৃত শব্দ ‘মানুষ’ Swedish শব্দ ‘manniska’ৰ সৈতে বহু পৰিমাণে জড়িত। দুয়োটা শব্দই মানৱ জাতিকে বুজায়। একে ধৰণৰ উদাহৰণ ইজিপ্তৰ Menes, Minos, জাপানৰ Maru, Sioux ভাষাৰ Minne ইত্যাদিত পোৱা যায়।

  এই দুয়ো বিখ্যাত ইতিহাস ভাগ্যক্ৰমে মিল হৈছে বুলি ভাবিব নোৱাৰি। কোন আছিল সেই ভগৱান ৰূপী সত্ত্বা! প্ৰলয়ংকাৰী বানৰ বিষয়ে কি দৰে তেওঁলোকে আগতেই জানিছিল? নে তেওঁলোকেই সেইবানৰ সৃষ্টি কৰিছিল? মানৱ জাতিক মানুহ হোৱাৰ, জীৱ শ্ৰেষ্ঠ হবলৈ দিয়া জ্ঞানৰ পিছতো মানুহে কুকৰ্ম কৰিবলৈ এৰি নিদিয়াৰ বাবেই নতুন কৈ মানুহৰ সৃষ্টিৰ বাবেই আছিল নে এই প্ৰলয়? নে সমগ্ৰ মানব জাতি অন্য কোনো সত্ত্বাৰ অধীন হৈ কৰি থকা এক পৰীক্ষাৰ হে ফলাফল?

  আমাৰ ইতিহাস সঁচাকৈয়ে ভবাতকৈ বেছি পাকলগা।

তথ্য সংগ্ৰহ―

https://en.wikipedia.org/wiki/Shraddhadeva_Manu

https://en.wikipedia.org/wiki/Manu_(Hinduism)

https://www.themysteriousindia.net/similarities-noahs-ark-manus-boat/

http://decodehindumythology.blogspot.com/2012/04/manu-first-man.html

https://onartandaesthetics.com/2016/03/02/manu-and-matsya/

https://www.ancient-origins.net/human-origins-religions/startling-similarity-between-hindu-flood-legend-manu-and-biblical-020318

https://creation.com/noahs-flood-and-the-gilgamesh-epic

https://www.britannica.com/topic/Manu

[ ৫১ ]

কোদিন্থী—যমজ সন্তানৰ গাঁও


 সৰুৰে পৰা এই লেখাটি পঢ়ি থকালৈকে আপোনাৰ অভিজ্ঞতাৰ পৰা এটা প্ৰশ্নৰ উত্তৰ দিয়কচোন- আজিলৈকে আপুনি কিমানমান যমজ মানুহ দেখা পাইছে। বাৰু? শতকৰা এশজনৰ মাজত ২-৪ জন? হয়, সাধাৰণতে আমি ইমান বেছিকৈ যমজ লোক দেখা নাপাওঁ। যমজ লোকৰ ফালৰ পৰা চাবলৈ গ'লে ভাৰত এখন একো বিশেষ গুণ থকা দেশ নহয়। কিন্তু আশ্চৰ্য্য়ৰে ভৰপূৰ ভাৰত দেশ আমাৰ। আমাৰ ভাৰতৰে কেৰেলাৰ মালাপ্পুৰম জিলাৰ এখন গাঁৱৰ নাম হ'ল কোদিন্থী। অন্য বহু গাঁৱৰ দৰেই একে দেখাত যদিও এই গাঁওখন এক আচৰিত ঘটনাৰ বাবে বিখ্যাত। ২০০৮ চনৰ মতে গাওঁখনত মুঠ ঘৰৰ সংখ্যা প্ৰায় ২০০০ | আৰু এই ২০০০টা পৰিয়ালত। প্ৰায় ২৫০ টি যমজ সন্তানৰ যোৰা আছে। অৰ্থাৎ প্ৰায় ৫০০জন যমজ লোক। ভাৰত এনে এখন দেশ, য’ত যমজ সন্তানৰ হাৰ বহুত কম, ১০০০ জনৰ ভিতৰত মাত্ৰ ৯জন। তেনেক্ষেত্ৰত এই গাঁওখনত এই হাৰ ১০০০ জনৰ ভিতৰত প্ৰায় ৪৫জন। অৰ্থাৎ ৫ গুণ বেছি। তথ্যমতে তাত আটাইতকৈ পুৰণা যমজ সন্তান জন্ম হৈছিল ১৯৪৯ চনত। আৰু এতিয়া প্ৰায় প্ৰতিটো পৰিয়ালতেই এযোৰকৈ হলেও যমজ সন্তান পৰিলক্ষিত হয়েই। সংগ্ৰহ কৰা তথ্যৰ পৰা পোৱা মতে প্ৰতি বছৰে এই সংখ্যা বাঢ়িহে আহিছে। হয়তো এই আচৰিত পৰিঘটনাৰ বাবেই ২০০৮ চনত কোদিন্থী গাঁৱৰ ৩০টা যমজৰ গোট আগবাঢ়ি আহি পৃথিৱীৰ প্ৰথমটো ‘The Twins and Kins Associa- tion’ৰ জন্ম দিয়ে।

 এই আচৰিত ঘটনাক অধ্যয়ন কৰিবৰ বাবে ভাৰত, জাৰ্মানী, ইংলেণ্ডৰ কেইবাজনো গৱেষক মিলিত হৈ যমজ সন্তানক অধ্যয়ন কৰিবলৈ আহিছে আৰু তেওঁলোকে সন্তনসমূহৰ চুলি, লেলাউতি অদিৰ অধ্যয়ন কৰিছে যদিও বিশ্বাসযোগ্যভাবে [ ৫২ ] এই পৰিঘটনাৰ একো কাৰণ দৰ্শাব পৰা নাই। বৰ্তমানেও CSIR, Hyderabad ৰ Centre for Cellular and Molecular Biology; Kerala University of Fish- eries & Oceanic Studies (KUFOS), Kochi: Institute of Tropical Medi- cine at the University of Tubingen, Germany, and the University Col- lege, London ৰ ১২ জন বিজ্ঞানীৰ এটা দলে এই ঘটনাৰ ওপৰত গৱেষণা কৰি আছে। হয়তো এইবাৰ এই আচৰিত পৰিঘটনাৰ ব্যাখ্যা ওলাবও পাৰে। এতিয়াও বহুতে ভাৱে এই ঘটনাৰ কাৰণ হয়তো সেই ঠাইৰ বতাহত বা পানীত পোৱা কিবা পদাৰ্থ। কিন্তু আচৰিত কথাটো এয়ে যে, এই ঠাইৰ পৰা দূৰলৈ বিয়া হৈ যোৱা মহিলাৰ ক্ষেত্ৰতো এনে পৰিঘটনা দেখা গৈছে। হয়তো জেনেটিক কাৰণ থাকিব পাৰে ঘটনাটিৰ লগত, এক কথাত ক'বলৈ গ'লে জেনেটিক বৈষম্য। বহু ক্ষেত্ৰত এনেকুৱা আন ঘটনা বিভিন্ন জীৱ-জন্তুৰ লগত হোৱা দেখা যায়। সাধাৰণতে এনে জেনেটিক আঁসোৰাহ কেইটিমান প্ৰজন্মৰ পিছত ঠিক হৈ যায়, অথবা কমি হে আহে। কিন্তু এই ক্ষেত্ৰত চাবলৈ গ'লে যমজৰ সংখ্যা বাঢ়িহে আহিছে। কেতিয়ালৈ এই ঘটনাৰ ওৰ ওলায় হয়তো কোনেও ক’ব নোৱাৰিব, কিন্তু এনেবোৰ আচৰিত পৰিঘটনায়েই বিজ্ঞানক নতুন কিবা এটাৰ সন্ধান দিবলৈ সক্ষম হয়।

তথ্য সংগ্ৰহ⸺

https://www.thenewsminute.com/article/kodinhi-kerala-village-400- pairs-twins-continues-be-mystery-researchers-61083

https://mysteriousuniverse.org/2014/07/the-mysterious-village-of- twins/

https://www.telegraph.co.uk/news/newstopics/howaboutthat/ 5306898/Indian-village-with-250-sets-of-twins.html

https://en.wikipedia.org/wiki/Kodinhi

https://www.livescience.com/16469-twins-countries-twinning- rates.html

https://www.amazingworldreality.com/2018/01/the-tale-of-twins-at- kodinhi-kerala.html

https://www.thehindu.com/news/national/kerala/Science-turns-lens- on-Kodinhi-twins-mystery/article 16082582.ece

https://www.dailymail.co.uk/news/article-1180544/Twin-town-The- Indian-village-220-sets-twins-doctors-baffled.html

■ৰহস্যময় ভাৰত।৪৩■

[ ৫৩ ]

খুলিব নোৱাৰা দুৱাৰ খন


 এখন দৰ্জাৰ কথা কল্পনা কৰকচোন, যিখন খুলিব নোৱাৰি, আচৰিত হৈছে নহয়নে? হয়, দক্ষিণ ভাৰতৰ কেৰেলাৰ তিৰুৱনন্তপুৰমত থকা এটি মন্দিৰ নাম হ'ল পদ্মনাভস্বামী মন্দিৰ। কেৰেলা আৰু দ্ৰাৱিড়িয়ান শৈলীত নিৰ্মিত এই মন্দিৰটোৰ সাংঘাতিকভাবে বিশেষ। মন্দিৰৰ পৰা পোৱা তথ্যৰ মতে এই মন্দিৰটো কলিযোগ আৰম্ভ হোৱাৰ ৯৬৪ দিন পিছত দিৱাকৰ মুনিৰ দ্বাৰা নিৰ্মিত হৈছিল। মন্দিৰটোৰ কেবাটাও নামৰ ভিতৰত ‘সোণৰ মন্দিৰ’টো উল্লেখযোগ্য। অন্য বহু আখ্যানৰ মতে কেৱল এই মন্দিৰ টোৱেই নহয়, গোটেই চহৰ খনেই প্ৰাচীৰ বোৰেই সোণেৰে নিৰ্মিত আছিল বুলি ক'ব পাৰি। এই মন্দিৰটো পৃথিৱীৰ ভিতৰত এতিয়ালৈকে উদ্ধাৰ হোৱা স্থানসমূহৰ ভিতৰত আটাইতকৈ ধনী পূজা কৰা স্থল বুলি গণ্য কৰা হয়।

 প্ৰথমে এই মন্দিৰটোত প্ৰথমে ৬টা ভল্ট আছিল বুলি ভবা হৈছিল আৰু লিখিত সুবিধাৰ বাবে এই ভল্টসমূহক A, B, C,D,E, আৰুFনামেৰে নামাংকিত কৰা হৈছিল। পিছলৈ আৰু দুটা ভল্টৰ বিষয়ে জনা হয় আৰু সেই দুটাক G, Hনাম দিয়া হয়। C,D,E, F এই ভল্টকেইটা মন্দিৰৰ পূজাৰীসকলৰ দ্বাৰা বছৰটোৰ বিভিন্ন সময়ত অতি কমেও ৮ বাৰ খোলা হয় আৰু তাত থকা সম্পদসমূহ মন্দিৰৰ বিভিন্ন কামত ব্যৱহৃত হয়। বিশ্বাসমতে ভল্ট G আৰু H বহু শতিকাৰ বাবে বন্ধ অৰস্থাত আছিল, কিন্তু, ১৮শ শতিকাৰ শেষৰ ভাগলৈ খোলা হৈছিল আৰু তাত থকা সম্পদসমূহ নিৰ্ণয়কৰণ কৰা হৈছিল। ছুপ্ৰিম কোৰ্ট নিৰ্দেশ অনুসাৰে ২০১১ চনৰ ৩০ জুনত ভল্ট A খোলা হয়। লোহাৰ গ্ৰিল খোলাৰ পিছত এখন কাঠৰ দৰ্জা আৰু তাৰ পিছত গ্ৰেনাইটৰ [ ৫৪ ] শ্লেব এখন আঁতৰ কৰোৱাৰ পিছতহে কোঠাটোত সোমাব পৰা যায়। ৫-৬ খোজ যোৱাৰ পিছত এটা সৰু, অন্ধকাৰ ৰূম এটাত য'ত ত'ত সিঁচৰতি অৱস্থাত বহু মূল্যবান সম্পদ পোৱা যায়। সকলোবোৰ সম্পদ বাহিৰলৈ উলিয়াবলৈ প্ৰায় ১২ দিন সময় লাগিছিল। এতিয়ালৈকে কৰা গণনা অনুসাৰে তেওঁলোকে মাটিৰ পৰা ২০ ফুট তলত প্ৰায় ২০ বিলিয়ন আমেৰিকান ডলাৰৰ অতি মূল্যৱান সোণ আৱিষ্কাৰ কৰিছিল। এই সকলোবোৰ সোণ, যুদ্ধৰ সামগ্ৰী, হীৰা, ১৮ ফুট দীঘল সোণৰ চেইন ( সেইবোৰ কোনে পিন্ধিছিল বাৰু!! ), নেপোলিয়ন যুগৰ মুদ্ৰা, খ্ৰীষ্টপূৰ্ব ২০০ চনৰ প্ৰায় ৮০০ কিলোগ্ৰাম সোণৰ মুদ্ৰা, ৩৬ কিলোগ্ৰাম ওজনৰ সোণৰ ওৰণি!!, ৫০০ কিলোগ্ৰাম ওজনৰ সোণৰ sheaf! ইত্যাদি বিভিন্ন ৰূপত পোৱা গৈছে।

 আকৰ্ষণীয় কথাটো ভল্ট Bৰ ক্ষেত্ৰতহে আহি পৰে। ছুপ্ৰিম কোৰ্টৰ নিৰ্দেশমৰ্মে প্ৰথমে ধাতুযুক্ত দৰ্জাখন খোলা হ’ল, তাৰ পিছত থকা কাঠৰ দৰ্জাখনো খোলা হ’ল কিন্তু সমস্যাটো আহিল তৃতীয়খন দৰ্জাত হে। কোনো খিলি বা হুক নোহোৱাকৈ থকা লোহাৰ দৰ্জাখন কোনোপধ্যেই খুলিব পৰা ন’গল। উপায়ন্তৰ হৈ তলা মেৰামতি কৰিব পৰা মানুহ (locksmith) এজনক মতাৰ সিদ্ধান্ত লোৱা হ'ল, কিন্তু জুলাইৰ মাজ ভাগত, খুলিব পৰা কাৰিকৰী মানুহজন অহাৰ আগতেই, ছুপ্ৰিম কোৰ্টে ৰাজপৰিয়ালক দৰ্জাখন খোলাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিলে।

 বিশেষজ্ঞ সকলৰ মতে সেই দৰ্জাখন এটি বিশেষ মন্ত্ৰ মাতিলে নিজে নিজে খোল খাই যাব। দৰ্জাখন ৰহস্যৰে ভৰপূৰ। এই দৰ্জা খনত দুটা ফেঁটী সাপৰ প্ৰতীক খোদাই কৰি থোৱা আছে। অখ্যানমতে এই হুক, খিলি, নট, বল্ট একো নোহোৱা দৰ্জাখন কেৱল এজন সিদ্ধ সাধু পুৰুষেহে এক বিশেষ ধৰণৰ গৰুড় মন্ত্ৰ’ গাইহে খুলিব পৰা যাব। আখ্যানমতে সেই মন্ত্ৰবিধ গোৱাৰ লগে লগে নিজে নিজেই দুৱাৰখন খোল খাই যাব। আৰু যিহেতু এই গোটেই পৃথিৱীত এতিয়া সেই মন্ত্ৰ শুদ্ধকৈ উচ্চাৰণ কৰিব পৰা কোনো সিদ্ধ পুৰুষ নাই, সেইবাবে এই ভল্টটো এতিয়ালৈকে খোলা হোৱা নাই। যদি অন্য উপায়েৰে ইয়াক খুলিবলৈ চেষ্টা কৰা হয়, তেন্তে সমগ্ৰ পৃথিৱীতে প্ৰলয় আহিব বুলি বিশ্বাস কৰা হয়। ১৯০৮ চনত এই ভল্টটো খুলিবলৈ কেইজনমান মানুহে চেষ্টা কৰিছিল যদিও, খুলিবলৈ চেষ্টা কৰা সময়তেই বহুত ফেঁটী সাপে খেদি অহাত মানুহ কেইজনে প্ৰাণ লৈ পলাব লগা হয়।

 অবিশ্বসনীয় নহয়নে? ভাবিয়েই আচৰিত লাগে, তাতোতকৈ বেছি বেয়া লাগে, যেতিয়া গম পোৱা হয়, ইমানখিনি মূল্যৱান ইতিহাসক লৈ কি দৰে তাৰ মানুহে হেতালি খেলি আছে, নিজৰ স্বাৰ্থৰ বাবে সেয়া ব্যৱহাৰ কৰি আছে, য'ত কেইজনমান মানুহে নিজৰ জীৱন বিপদাপন্ন কৰি মন্দি টোৰ উৎকৰ্ষ সাধনৰ বাবে কাম কৰি আহিছে, এচিড আৰু মৃত্যু পৰ্যন্ত আকোঁৱালি লৈছে, ঠিক তেনে সময়তেই অন্যসকলে সেই [ ৫৫ ]

অমূল্য ইতিহাসৰ কথা চিন্তা নকৰি মানুহৰ বিশ্বাস, আমাৰ সেই প্ৰাচীন ইতিহাসৰ ব্যৱসায় কৰিছে। আৰু আমাৰ আইন ব্যৱস্থাও ইমানেই দুৰ্বল যে ইমান বছৰ বাগৰাৰ পিছতো আজিলৈকে মন্দিৰটোত ঘটি থকা দুষ্কাৰ্যবোৰ সম্পূৰ্ণৰূপে ৰোধ কৰিব পৰা নাই।

 ইমানখিনি মূল্যৱান সামগ্ৰী, ইমান এক বিচিত্ৰ ইতিহাস। সাঁচিপাতত সেই সম্পদসমূহ ক'ৰ পৰা আহি কোনে দিয়া সকলোখিনি লিখি থোৱা হৈছে, যিখিনি আজিলৈকে কোনেও ভালদৰে বিশ্লেষণ কৰা নাই। ৰজাৰ পৰিয়ালৰ মানুহসকলে আৰু তাৰ পুৰোহিতসকলেও সেইখন দৰ্জা খোলাৰ বিৰুদ্ধে মাত দিয়ে, খুলিবলৈ চেষ্টা কৰিলেই সমগ্ৰ ৰাজ্য ৰোষত পৰিব বুলি কয়, চেষ্টা কৰা সকলো সৰ্প দংশনৰ পৰা পলাই আহিব লগা হয়! জীৱনক লৈ হেতালি খেলিবলগীয়া হোৱা ঠাইখনৰ বিষয়ে আমি আজিৰ দিনতো ভালদৰে যুক্তিৰে অধ্যয়ন কৰিবলৈ নোপোৱাটো কিমান দুৰ্ভাগ্যজনক হব পাৰে ভাবি চাওকচোন। ইতিহাস আমাৰ অতীত। অতীত আমাৰ বাবে সাঁচি থৈ যোৱা মূল্যবান জ্ঞান, গতিকে

এই ইতিহাস বিকৃত কৰাৰ চেষ্টা নকৰি আমি যিমান পাৰি আমাৰ অতীতৰ পৰা শিকিবলৈ চেষ্টা কৰা উচিত। আজিৰ দিনলৈকে আমি সেইখন দৰ্জাৰ পিছফালে কি আছে নাজানো, তাত থকা সকলৰ মতে আগৰ দুৱাৰকেই খনো খুলিব নালাগিছিল। প্ৰবাদমতে, তাৰে এটি কোঠালিত মূৰ্তি এটা শূন্যত ভাসমান অৱস্থাত আছিল। কিন্তু দৰ্জাখন খুলি যেতিয়াই পুৰোহিতসকলে চফা কৰিবলৈ ল'লে কোঠালিটো, তেতিয়াই মূৰ্তিটো পৰি ভাঙি চুমাৰ হৈ গৈছিল। এতিয়া এই প্ৰবাদটিৰো দুই ধৰণৰ বিশ্লেষণ থাকিব পাৰে—এক, ক'ব পাৰি এইটো প্ৰবাদ মনেসজা, অন্ধবিশ্বাস, বা মানুহৰ মুখে মুখে বাগৰি আহি এনেকুৱা কিবা এটা মানুহে সাজি পেলালে! দুই, নহ'লে ক'ব পাৰি, হয়তো তেনেকুৱা কিবা এটা আছিল, আৰু কিবা আন কাৰণত ভাঙি গ’ল। প্ৰচলিত বিজ্ঞানৰ দৃষ্টিৰ পৰা চালে বস্তু এটাক শূন্যত ওলোমাই ৰখাটো অসম্ভৱ। কিন্তু কাৰিকৰী জ্ঞানৰ বলত সেইটো পৰীক্ষামূলকভাবে সম্ভৱ। সকলো পিনৰ পৰা প্ৰয়োজনীয় চাপ আৰু শক্তি পাই থাকিলে এক বিশেষ সংযোজনৰ দ্বাৰা এনে কাম পৰীক্ষামূলক ভাবে আমি বৰ্তমান কৰিব পৰা হৈছে। তেন্তে আজিৰ পৰা ইমান বছৰ পূৰ্বে, যি মন্দিৰত সমগ্ৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি সম্পদ এতিয়ালৈকে [ ৫৬ ] উদ্ধাৰ হৈছে, যাৰ ওচৰত নেকি ইজিপ্তৰ পিৰামিডৰ পৰা ওলোৱা সম্পদসমূহো তুচ্ছ হৈ পৰে, তেনে ঠাইত, সেই মন্দিৰটো নিৰ্মাণ কৰোৱা ব্যক্তিজনে ইমান সহজে এনেকৈয়ে মন্দিৰটো সজাই থ'ব নে? ইমানখিনি সম্পদ, এনেদৰেই আন মানুহৰ হাতলৈ যাবলৈ দিব পৰা কৈ সহজেতো সজাই থৈছে যেন নালাগে!ৰহস্য নিশ্চয় আছে, প্ৰশ্ন হয়, সেই ৰহস্য উৎঘাটন কৰিবলৈ আপুনি মই আৰু আমাৰ সমাজখন সাজু হৈছে নে নাই! কি থাকিব পাৰে বাৰু তাৰ ভিতৰত? অমূল্য সম্পদৰাজি? নে অতীতৰ ভগৱানে আমাৰ বাবে এৰি থৈ যোৱা অন্য কিবা?

তথ্য সংগ্ৰহ⸺

https://www.newyorker.com/magazine/2012/04/30/the-secret-of- the-temple

https://www.newyorker.com/culture/photo-booth/an-indian-temples- golden-secret

https://en.wikipedia.org/wiki/Padmanabhaswamy Temple

https://timesofindia.indiatimes.com/travel/destinations/ padmanabhaswamy-temple-vault-b-facts-about-the-scary- inaccessible-chamber/as60389479.cms

https://www.forbes.com/sites/jimdobson/2015/11/13/a-one-trillion- dollar-hidden-treasure-chamber-is-discovered-at-indias-sree- padmanabhaswam-temple/#139 ceaa01ba6

https://www.speakingtree.in/allslides/the-mysterious-last-door-at- padmanabhaswamy-temple

■ৰহস্যময় ভাৰত।৪৭■

[ ৫৭ ]

প্ৰহ্লাদ জানী – মাতাজী

 ভাৰতবৰ্ষ আধ্যাত্মিকতাৰ দেশ। আধ্যত্মিকতাৰ ওপৰত ভিত্তি কৰিয়েই বহু মানুহে ইয়াত সঁচাই মিছাই বিভিন্ন ধৰণৰ কৰ্ম কৰিব পাৰে বুলি কৈ আহিছে। কিন্তু এই প্ৰহ্লাদ জানীৰ কথাটো সুকীয়া। তেওঁ চুনৰীৱালা মাতাজী বুলিও জনাজাত। প্ৰহ্লাদ জানীৰ জন্ম হৈছিল ১৯২৯ চনৰ ১৩ আগষ্টত। তেওঁ ৰাজস্থানৰ মেহচানা জিলাত ডাঙৰ দীঘল হৈছিল। কিন্তু মাত্ৰ ৭ বছৰ বয়সতেই তেওঁ ঘৰ বাৰী এৰি জংঘললৈ গুচি গ’ল। জংঘলে জংঘলে ঘূৰি ফুৰাৰ সময়তেই ১১ বছৰ বয়সত তেওঁৰ অতিপ্ৰাকৃতিক অভিজ্ঞতা (supernatural experience) হৈছিল যি তেওঁৰ সম্পূৰ্ণ জীৱনটো সলনি কৰি পেলালে। আৰু তেতিয়াৰ পৰাই অৰ্থাৎ ১৯৪০ চনৰ পৰাই তেওঁৰ খোৱা- বোৱা, মল-মূত্ৰ ত্যাগ কৰাৰ প্ৰতি অনীহা আহিছিল। তেওঁৰ ভাৰতীয় দেৱী মা অম্বাৰ ভক্ত হৈ পৰিছিল আৰু তেতিয়াৰ পৰাই মাইকী মানুহৰ দৰে শাৰী, অলংকাৰ পিন্ধিবলৈ লৈছিল। তেওঁ ক'ব বিচাৰে যে যোৱা ৭০ বছৰে একো নোখোৱাকৈ আছে। তেওঁ বিশ্বাস কৰে যে তেওঁৰ শৰীৰৰ বাবে প্ৰয়োজনীয় শক্তি অম্বা দেৱীয়ে তেওঁৰ তালুত থকা ফুটাৰে দি আহিছে। যাৰ বাবে তেওঁ পানী আৰু অন্য একো নোখোৱাকৈ জীয়াই থাকিব পাৰে।

 তেওঁক লৈ ২ বাৰ কৈ পৰীক্ষা কৰা হৈছিল, এবাৰ ২০০৩ আৰু এবাৰ ২০১০ চনত। দুয়োবাৰতেই ড° সুধীৰ সাহা উপস্থিত আছিল যি আহমেদাবাদৰ ষ্টাৰলিং হস্পিতালৰ স্নায়ুৰোগ বিশেষজ্ঞ আৰু এনে ধৰণৰ অতিমানৱীয় পৰিঘটনাসমূহৰ বিশেষজ্ঞ। ২০১০ চনৰ পৰীক্ষা DRDO ৰ অধীনত হৈছিল বাবেই এই পৰীক্ষাৰ ফলাফল বিশদভাবে সকলোকে জনোৱা হোৱা নাছিল, কিন্তু সকলো নিশ্চিত হৈছিল যে তেওঁ একো নোখোৱাকৈয়ে পৰীক্ষাৰ দিন কেইটা পাৰ কৰিছিল। ২০০৩ চনত ১০ [ ৫৮ ] দিনৰ বাবে আৰু ২০১০ চনত ১৫ দিনৰ বাবে তেওঁক হস্পিতালত ৰখা হৈছিল। তেওঁক ৰখা কোঠাটো সকলাে পিনৰ পৰা বন্ধ আছিল আৰু কেমেৰাত ২৪ ঘণ্টাই তেওঁৰ ওপৰত নজৰ দি থকা হৈছিল। ২০১০ চনতাে তেওঁক ২২ এপ্রিলৰ পৰা ৬ মেলৈকে পৰীক্ষা কৰা হৈছিল। Indian Defence Institute ofPhysiology and Allied Sciences(DIPAS) আৰু অন্য কেইবাটাও প্রতিষ্ঠানৰ ৩৫জন গৱেষকে তেওঁৰ ওপৰত পৰীক্ষা কৰিছিল।

২০০৩ চনৰ পৰীক্ষাৰ বিৱৰণী তলত দিয়া ধৰণৰ -

প্রহ্লাদ জানীক ১৩ নৱেম্বৰৰ পৰা ২২ নৱেম্বৰ লৈকে ষ্টাৰলিং হস্পিতালত ৰখা হছিল। পৰীক্ষাৰ মূল বিষয় আছিল যে মাতাজীয়ে কোৱা ধৰণে ১০ দিন তেওঁ একো নােখােৱাকৈ, আৰু মল-মূত্র ত্যাগ নকৰাকৈ থাকিব পাৰে নে নাই। তেওঁক প্রথমে ১৩ আৰু ১৪ তাৰিখে ICUত ৰখা হৈছিল আৰু তাৰ পিছত গ্লাচ লগােৱা এটা ৰূমত ৰখা হৈছিল। ৰূমটোৰ লেট্রিন বাথৰূম বন্ধ কৰি থােৱা হৈছিল আৰু ২৪ ঘণ্টাই তেওঁৰ ওপৰত নজৰ ৰখা হৈছিল। প্রথম ৭ দিনৰ বাবে তেওঁ গা নােধােৱাকৈ আছিল car- diac renal, neurological, urological, gastrointestinal, general medi- cal, pulmonological, ophthalmic, ENT, psychiatry আৰু অন্য পৰীক্ষাৰ বাবে।

 এই সকলাে বােৰৰ পৰীক্ষা কৰা হৈছিল। পৰীক্ষাৰ পৰা তেওঁৰ সকলােখিনি সাধাৰণভাবেই আছিল বুলি পােৱা গৈছিল। তেওঁ urine bladderৰপৰীক্ষা দুবাৰকৈ ১০টা আৰু ৬টা বজাত ultrasound প্রক্রিয়াৰে লােৱা হৈছিল। পৰীক্ষাৰ পৰা দেখা গৈছিল যে যদিও মূত্র জমা হৈছিল প্রথমত, কিন্তু লাহে লাহে মূত্র দ্বাৰে উলিয়াই নিদিয়া বাবে আকৌ শৰীৰে গ্ৰহণ কৰি লৈছিল। ৭ দিনৰ পিছত গা ধুবলৈ আৰু মুখ কুলি কৰিবলৈ পানী দিয়া হৈছিল কিন্তু প্রতি বাৰে গা ধােৱাৰ আগত আৰু মুখ কুলি কৰাৰ আগত আৰু পিছত পানীৰ পৰিমাণৰ জোখ লােৱা হৈছিল যাতে তেওঁ তাৰ দ্বাৰা পানী খাব নােৱাৰে। তেওঁৰ তেজৰ CBC, RFT, electrolytes, sugar and acetone ৰ পৰীক্ষা সদায় লােৱা হৈছিল।

তেওঁৰ পৰীক্ষাৰ পৰা পােৱা তথ্য সমূহ তলত দিয়া হ'ল।

পৰীক্ষাৰ তথ্যসমূহৰ পৰা দেখা পােৱা গ'ল যে তেওঁ ১০ দিন সম্পূৰ্ণৰূপে একো নােখােৱাকৈ আছিল। আৰু যদিও তেওঁৰ মূত্র জমা হৈছিল কিন্তু শৰীৰে সেয়া পুনৰ গ্ৰহণ কৰি লৈছিল। শৰীৰৰ বাবে এই বিষাক্ত পদার্থবােৰ কিদৰে আকৌ শৰীৰে গ্রহণ কৰাৰ পিছতাে তেওঁৰ শৰীৰ সাধাৰণ অরস্থাত আছিল সেয়া বিজ্ঞানে আজিলৈকে উত্তৰ দিব পৰা নাই। পৰীক্ষাৰ পৰা তেওঁ যে সম্পূর্ণ সুস্থ আছিল তাৰ প্ৰমাণ পােৱা গৈছিল। [ ৫৯ ]  বহুতে ক'ব খোজে এয়া চল চাতুৰি বহুতে ক'ব খোজে এইয়া আধ্যাত্মিক জ্ঞানৰ বাবে হৈছে। কিন্তু কথাটো একেবাৰে উলাই কৰিব এইবাবেই নোৱাৰি, কিয়নো যদিহে মাতাজীৰ কথা সম্পূৰ্ণভাবে মিছা হ'লহেঁতেন, তেন্তে DRDO ই পৰীক্ষা কৰিবলৈ নাহিলহেঁতেন, আৰু সকলোৱেইমানি ল’বলৈ বাধ্য হৈছিল যে তেওঁ সঁচাকৈয়ে একো নোখোৱাকৈ আছিল। তেওঁ যোৱা ৭০ বছৰে কিবা খাইছেনে নাই, সেই বিষয়ে সকলোৰে মনত প্ৰশ্ন উঠা স্বাভাৱিক, কিন্তু পৰীক্ষাৰ ফলাফল যে উলাই কৰিব পৰা বিধৰ নহয়, সেইটোও সঁচা।

 মানৱ শৰীৰ বিষয়ে আমি আজিকোপতি ভালদৰে গম নাপালোঁ। বিজ্ঞানৰ উন্নতিৰ লগে লগে এদিন হয়তো আমি এই ৰহস্যও ভেদিবলৈ সক্ষম হম। সমষ্ট শৰীৰটো আমাৰ মগজুৱে নিয়ন্ত্ৰণ কৰে। আৰু মাতাজীৰ মগজুৰ গুপুত ৰহস্য আমি ফাদিল কৰিলেহে তেখেতৰ শৰীৰটোৱে কিদৰে এই কাম কৰিবলৈ সক্ষম হ’ল, সেই কথা গম পাব পাৰিম। আচহুৱা আমাৰ শৰীৰটি! আৰু তাতোতকৈ আচহুৱা আমাৰ এই পৃথিৱীখন।

তথ্য সংগ্ৰহ⸺

https://scientifictemperament.in/wp-content/uploads/2019/12/ mataji case study.pdf

https://www.quora.com/Did-Prahlad-Jani-really-survive-for-15- days-without-food-and-water

https://www.lightdocumentary.com/prahlad-jani.html

https://www.telegraph.co.uk/news/worldnews/asia/india/7645857/ Man-claims-to-have-had-no-food-or-drink-for-70-years.html

https://abcnews.go.com/Health/International/man-eat-drink/ story?id=10787036

http://skepdic.com/skeptimedia/skeptimedia90.html

https://www.ancient-code.com/prahlad-jani-spiritual-master-who- lives-with-no-food-or-water-for-over-70-years/

https://en.wikipedia.org/wiki/Prahlad Jani

https://en.wikiversity.org/wiki/User:Nobody60/Prahlad Jani

https://www.dailymail.co.uk/news/article-1274779/The-man-says- eaten-drunk-70-years-Why-eminent-doctors-taking-seriously.html

■ৰহস্যময় ভাৰত।৫০■

[ ৬০ ]

ভগৱান, আমাৰ অতীত
আৰু কিছু নক'বলগীয়া কথা

 হয়, আপুনি ঠিকেই ভাবিছে, আজি আমি এনে কিছুমান কথা পাতিম, যিখিনি কথা পাতিলে সমাজে আমাক এঘৰীয়া কৰিবলৈ দুনাই নাভাবিব। এনে কিছু কথা যিখিনি আঙুলিৰ মূৰত গণিব পৰা কিতাপত হে আছে, সেয়াও লোকচক্ষুৰ আঁতৰৰ পৰা, কিয়নো, আজিৰ বিজ্ঞ সমাজে সেই কিতাপখিনিৰ নাম ল'ব নোখোজে। আজি আমি যি বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ, সেইখিনি কথা কাৰো বাবেই আলোচ্য বিষয় নহয়। হ’বও নো কিয়? ভবিষ্যতৰ সপোন লৈ আমি ইমানেই মগ্ন হৈ পৰিছে যে আমি আমাৰ সেই বিস্ময়কৰ অতীতটোক ভালদৰে চালিজাৰি চাব লাগে বুলিও প্ৰয়োজনবোধ কৰা নাই। ইয়াতে কৈ থওঁ, যি ইতিহাসৰ কথা আমি বিদ্যালয়, কলেজত পঢ়িবলৈ পাওঁ, (সঁচা ক'বলৈ গ'লে মোৰ ইতিহাসৰ শ্ৰেণীত বৰশী বোৱাৰ বাদে একো নহৈছিল) সেই ইতিহাসতকৈ ইয়াত ক'বলৈ যোৱা ইতিহাস সম্পূৰ্ণৰূপে বেলেগ, কিয়নো আমি ইতিহাসৰ শ্ৰেণীত আজিলৈকে পঢ়া নাই যে অতীতত কেইবাবাৰো অজ্ঞাত ভগৱানে আমাক চাবলৈ আহিছিল। সেই ইতিহাসত আমি পঢ়া নাই যে সম্পূৰ্ণ পৃথিৱীতেই সেই অজান ভগৱানে এনে কিছু বিস্ময়ীভূত কাৰ্য্য কৰি গৈছে, যি আজিও আমাৰ বাবে সম্ভৱ নহয়। সেয়েহে এতিয়াই ক'ব বিচাৰো, যদিহে আপুনি কোনো ভয়াতুৰ, গোড়া ভগৱান বিশ্বাসী (বিশ্বাস কৰক যদি আপুনি সঁচাই তেনে হয়, আপুনি ভগৱানৰ অৰ্থ নাজানে), পৰিৱৰ্তন নিবিচৰা, যুক্তি সহকাৰে যিকোনো কথা এটা চালি জাৰি চাব নজনা কোনো আকোৰগোঁজ ব্যক্তি হয়, তেন্তে তলৰখিনি নপঢ়িব। কিন্তু আপুনি যদি এজন সাহসী, নতুন কথা জানিব বিচৰা, সঁচাই এখন নতুন, উন্নত ভবিষ্যতৰ সপোন দেখা এগৰাকী সৰল ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি হয়, তেন্তে নিশ্চিত ভাবে এই লিখনি আপোনাতকৈ ভালদৰে কোনেও বুজিব নোৱাৰে।

তেন্তে আমি আগবাঢ়িব পাৰে নে?

 এটা কথা ভাৱকচোন, আমাৰ পৃথিৱীখনত থকা সকলোবোৰ ভাস্কৰ্য্য বাৰু সঁচাই আমাৰ পূৰ্বৰ্জ সকলে নিৰ্মাণ কৰা নে? আমাৰ পুৰাতত্ত্ব বিজ্ঞানে এনে কিছু তথ্য উদ্ধাৰ কৰিছে যি বোৰ সঁচাই আচৰিত- যেনে ধৰক, ১৮শ শতিকাৰ আৰম্ভণিতে জেনেৰেল পিৰি ৰেইজৰ পুথিভঁৰালত পোৱা আধুনিক গোলকৰ লগত সম্পূৰ্ণ মিল থকা কিন্তু বহু হাজাৰ বছৰ আগত অঁকা মানচিত্ৰখন, অথবা কোপান মন্দিৰত পোৱা [ ৬১ ] সেই ছবিখন যি খন দেখিলেই প্ৰথমতেই আমাৰ মনলৈ এজন আধুনিক মহাকাশচাৰীৰ কথা হে মনলৈ আহিব, অথবা নাজকা সমভূমিত থকা শাৰীবোৰ, যিবোৰ দেখিলে আধুনিক বিমান বন্দৰৰ দৰে লাগে অথবা বলিভিয়াৰ টিয়াহোৱানাকোত থকা দেৱালখন, খোদিত কৰি থোৱা কেলেণ্ডাৰখন যি খনৰ পৰা চন্দ্ৰৰ অৱস্থান গম পোৱাৰ লগতে পৃথিৱীৰো গতিৰ কথা গম পাব পাৰি, অথবা তাতে পোৱা দা গ্ৰেট আইডল, ইজিপ্তৰ দা গ্ৰেট পিৰামিড, মায়ান সকলৰ মহাকাশ পৰ্যবেক্ষণ কৰিবৰ বাবে সজা মন্দিৰবোৰ, ইষ্টাৰ দ্বীপত থকা সেই শিলত ইমান অতুলনীয়ভাবে কাটি উলিওৱা ৩৩ ৰ পৰা ৬৬ ফুট ওখ আৰু প্ৰায় ৫০ টন ওজনৰ য'ত ত'ত সিঁচৰতি হৈ থকা বিশালকায় মূৰ্তি বোৰ অথবা ভাৰতৰ ইতিহাসত কৈ যোৱা উৰণীয়া যানসমূহৰ কথা এই সকলোবোৰেই আমাক এটা কথাই সোঁৱৰাই আহিছে, যে আমি আমাৰ অতীতটোক চোৱাৰ ধৰণ সলনি কৰিবলৈ হ’ল। সেয়েহে এই বিষয়টোৰ গুৰুত্ব বুজি প্ৰথম বাৰৰ বাবে এৰিক ৱন দেনিকেনে (Erichvon Danniken) প্ৰথমবাৰৰ বাবে মানব ইতিহাসত এনে তথ্য সন্নিৱিষ্ট কৰি ১৯৬৮ চনত CHARIOTS OF GODS কিতাপখন লিখে। বৰ্তমান এই বিষয়টোক PSEUDOARCHAEOLOGY বুলি কোৱা হয়। Pseudoarchaeology ত কোনো এটা তত্ত্ব নাই, সম্পূৰ্ণ বিষয়টোৱেই সৰু সৰু বহু তত্ত্বৰে সন্নিৱিষ্ট। ইয়াৰ মুখ্য পথভ্ৰষ্টা বুলি ক'লে আমি এৰিক ৱন দেনিকেন (Erich VonDanniken) আৰু গ্ৰাহাম হেনকককেই(Graham Hancock) বুজোঁ। সাধাৰণ অৰ্থত ক'বলৈ গ'লে চলিত পুৰাতত্ত্ব বিজ্ঞানৰ পৰা ফালৰি কাটি আহি আমাৰ অতীতৰ পৰা উদ্ধাৰ কৰা সম্পদৰাজিৰ বিশেষণাত্মক অধ্যয়নক বুজায় যি বিশ্বেণে কয় যে এই সম্পদসমূহ আমাৰ পূৰ্বজসকলে তেওঁলোকৰ বাবে নিৰ্মাণ কৰা নাছিল, এইখিনি নিৰ্মাণ কৰিছিল তেওঁলোকে অন্য গ্ৰহৰ বাসিন্দাসকলৰ সহায়ত আৰু তেওঁলোকেই আমাক বিজ্ঞানৰ আৰু প্ৰযুক্তিবিদ্যাৰ জ্ঞান দিছিল। আমি আজি যাক দেৱতা বুলি কওঁ, যাক ভগৱান বুলি মানো, তেওঁলোক কোনো অন্য গ্ৰহৰ কোনো উন্নত প্ৰজাতিৰ বাদে আন। কোনো নহয়, যিয়ে আমাক বহু আগতেই আহি বহু জ্ঞান দিছিল। হয়, এনে ধৰণৰ কথাবোৰ শুনিবলৈ আচহুৱা যেন লাগে, কল্প-বিজ্ঞান কাহিনীৰ দৰে লাগে। কিন্তু পুৰাতত্ত্ব বিজ্ঞানৰ দ্বাৰা যিবোৰ ভাস্কৰ্য্য আৰু অন্যান্য বস্তু উদ্ধাৰ হৈছে, সেয়া যদি আমি ভালদৰে পুংখানুপুংখ ভাবে অধ্যয়ন কৰোঁ, তেন্তে আমাৰ বাবে এই বিষয় কোনোফালৰ পৰাই অচিনাকি হৈ নাথাকিব। কেৱল পুৰাতত্ত্ব বিজ্ঞানেই কিয়, ইতিহাসৰ প্ৰতিটো ধৰ্মৰেই যি গ্ৰন্থ আছে, তাতে ইয়াৰ বিৱৰণ আছে। মহাভাৰত, বেদ, কোৰান, বাইবেলকে ধৰি এনে বহু গ্ৰন্থ পৃথিৱীৰ চুকে-কোণে সিঁচৰতি হৈ আছে, য'ত আকাশৰ পৰা অহা এনে ভগৱানৰ বিৱৰণ দিয়া আছে। উদাহৰণস্বৰূপে “And God said, let us make man in our image, after our likeness" জেনেছিচ ১:২৬ ত আমি পঢ়িবলৈ পাওঁ। [ ৬২ ] ইয়াত ভগৱানে ‘মই’ব্যৱহাৰ নকৰি ‘আমি’ৰ কিয় প্ৰয়োগ কৰিলে? আকৌ,“And it came to pass, when men began to multiply on the face of the earth. and daughters were born unto them, that the sons of God saw the daughters of men that they were fair; and they took them wives of all which theychose” – জেনেছিচ ৬:১-২; ইয়াত চাওকচোন, ভগৱানৰ সন্তান। ক'ৰপৰা আহিল? ঠিক তেনেদৰেই; “There were giants in the earth those days; and also after that, when sons of God came in unto the daugh- ters of men, and they bore children to them, the same became mighty men which were of old, men of renown"— জেনেছিচ ৬;৪;

ইয়াত আকৌ আমি ভগৱানৰ সন্তানৰ কথা পঢ়িবলৈ পালো, যিসকলে মানৱ স্ত্ৰীৰ লগত মিলিত হৈ অতিমানৱৰ সৃষ্টি কৰে। মহাভাৰততো আমি ইয়াৰ উদাহৰণ পাওঁ, পঞ্চ পাণ্ডৱৰ প্ৰতিজন পিতৃয়েই একো একোজন দেৱতা যাৰ বলতেই পাণ্ডৱসকল অন্য মানৱতকৈ বেছি শক্তিশালী। অথবা কৃষ্ণৰেই গাৰ বৰণ নীলা কিয় হয় কোনোবাই ক'ব পাৰে জানো? ইমানতেই এয়া জানো শেষ হৈছে? নাই হোৱা। আমি এনে বহু আখ্যান পাওঁ, যত হ'বলগীয়া ধ্বংসযজ্ঞৰ কথা কেইজনমান মুষ্টিমেয় লোকে আগতেই গম পাই যায় আৰু সেই দুৰ্যোগৰ পিছত তেওঁলোকেই আকৌ নতুনকৈ সকলোখিনি আৰম্ভ কৰে। যেনে ভাৰতৰ আটাইতকৈ পুৰণি কিতাপ “Sathapatha Brahmana” আৰু “Matsya Purana”ত উল্লিখিত ৰজা মনু, যিজনে সমগ্ৰ পৃথিৱীৰ মানৱ জাতিক সেই বৃহৎ বানপানীৰ পৰা বচাইছিল। তাত লিপিবদ্ধ হৈ আছে যে বিষ্ণুৰ মৎস্য অৱতাৰৰ পৰা আগতীয়াকৈ গম পোৱা বাবে তেওঁৰ আদেশতেই এখন বৃহৎ নাও সাজিছিল আৰু অন্য আঠজন সহযাত্ৰী, ঘৰুৱা জন্তু আৰু নবিধ গছৰ গুটিলৈ বিষ্ণুৰ সেই মৎস্য অৱতাৰৰ সহায়ত সেইবানপানীৰ পৰা বাচিছিল আৰু পৃথিৱীত আকৌ নতুনকৈ জীৱনৰ পাতনি মেলিছিল। মৎস্য পুৰাণত বিষ্ণুৱে উল্লেখ কৰা নাওত ল'বলগীয়া ভঁৰাল ঘৰৰ পৰিসৰ পৰ্য্যন্ত বৰ্ণনা দিছিল। ঠিক একেদৰেই আমি জেনেছিচৰ ১৯:১-২৮ত চ’দম আৰু গম’ৰৰাহত হোৱা ধ্বংসযজ্ঞৰ কথা পঢ়িবলৈ পাওঁ য'ত সকলোবোৰ কথা খুটি- নাটি মাৰি কোৱা হৈছে। সেই বিশেষ দিনটোৰ আগদিনাই দুজন দেবদূতে আহি ধৰ্মযাজক লটক আৰু তেওঁৰ পৰিয়ালক পিছদিনা হ'বলগীয়া ধ্বংসৰ কথা কয় আৰু তেওঁলোকক কয় ক’ত গৈ তেওঁলোকে নিৰাপদে আশ্ৰয় ল’ব পাৰিব।

 এনে বহু আখ্যান পৃথিৱীৰ অ'ত ত'ত সিঁচৰতি হৈ আছে, যিখিনি বিশ্লেষণ কৰিলে সকলোৰে চকু কপালত উঠিব।

 অতীতৰ কথা ক'লে ইজিপ্তৰ পিৰামিড আৰু মায়াসকলৰ কথা মনলৈ নহাকে। নাথাকে। আমি সেই পিৰামিডৰ কথা সকলোৱেই জানো, কিন্তু আমি কিমানজনে [ ৬৩ ] জানো যে সেই পিৰামিডেদি পাৰ হৈ যোৱা মধ্যাহ্ন অক্ষৰেখাই মহাদেশ আৰু মহাসাগৰসমূহক সমানে দুভাগ কৰে? আমি কিমানজনে জানো যে সেই পিৰামিডৰ ভূমিৰ (base) কালিক যদি আমি তাৰ উচ্চতাৰ দুগুণেৰে হৰণ কৰোঁ তেন্তে আমি ৩.১৪১৫৯ পাওঁ? ঠিক তেনেদৰেই আমি সকলোৱেই মায়াসকলৰ কৰ্মৰাজিৰ কথা কিছু পৰিমাণে জানো। তেওঁলোকৰ সেই বিখ্যাত কেলেণ্ডাৰখনৰ কথা আমি সকলোৱে জানো। সেইখন এনে এখন কেলেণ্ডাৰ যিখনে পৃথিৱীৰ এক বছৰৰ সময়ৰ গণনা ৩৬৫.২৪২ দিন পাইছিল ( বৰ্তমানৰ ৰাশিৰ লগত সম্পূৰ্ণ একেই-৩৬৫.২৪২২) তেওঁলোকে ৬৪,০০০,০০০বছৰৰ গণনা এৰি থৈ গৈছিল। সেই জংঘলত থকা মানুহৰ পৰা ইমান ডাঙৰ ৰাশিৰ কথা কল্পনা কৰাও অসম্ভৱ। তেওঁলোকে ভেনুজিয়ান বছৰৰ কথা জানিছিল। তেওঁলোকে ব্যৱহাৰ কৰা সূত্ৰটো এইধৰণৰ আছিল-

এক ভেনুজিয়ান বছৰত ৫৮৪ দিন আছিল। তেওঁলোকে ৩৬৫ক ৭৩ৰে পাঁচবাৰ হৰণ কৰিছিল আৰু ৫৮৪ক ৮ বাৰ, আৰু এইদৰে আমি নিম্নলিখিত সূত্ৰ পাওঁ-

(চন্দ্ৰ) ২০ x ১৩ = ২৬০ x ২ x ৭৩ =৩৭৯৬০৩
(সূৰ্য্য) ৮ x ১৩ = ১০৪ x ৫ x ৭৩ =৩৭৯৬০
(শুক্ৰ) ৫ x ১৩ = ৬৫ x ৮ x ৭৩ = ৩৭৯৬০

আন ভাষাত ক'বলৈ গ'লে সকলোবোৰ চক্ৰই ৩৭৯৬০ দিনত মিলিত হয়। মায়াসকলৰ মতে তেতিয়াই তেওঁলোকৰ ভগৱান ঘূৰি আহিব।

মায়া কেলেণ্ডাৰ আৰু বৰ্তমানৰ ব্যৱহৃত কেলেণ্ডাৰৰ এক তুলনা তলত দাঙি ধৰা

২০ কিন =১ ওইনেল অথৱা ২০ দিন
১৮ ওইনেল = ১ তোন অথবা ৩৬০ দিন
২০ তোন =১ কাতোন অথবা ৭,২০০ দিন
২০ কাতোন = ১ বাক্তোন অথবা ১৪৪,০০০ দিন
২০ বাক্তোন =১ পিক্তোন অথবা ২,৮৮০,০০০ দিন
২০ পিক্তোন =১ কালাবতেন অথবা ৫৭,৬০০,০০০ দিন
২০ কালাবতোন =১ কিঞ্চিলাতোন অথবা ১,১৫২,০০০,০০০ দিন
২০ কিঞ্চিলাতোন =১ আতাওতোন অথবা ২৩,০৪০,০০০,০০০ দিন (প্ৰায়
৬৩,০৮১,৪২৯ বছৰ)

 এয়াই আছিল মায়াসকলে ব্যৱহাৰ কৰা ৰাশিসমূহ। তেওঁলোকৰ বসবাস কৰা ঠাইৰ ওপৰতো বহু কথা আছিল। তেওঁলোকে সাগৰীয় সম্পদৰ ব্যৱহাৰ জানিছিল যদিও থাকিবলৈ সাগৰীয় ঠাইৰ অথবা নদী কাষৰীয়া ঠাই নলৈ জংঘল হে কিয় বাছি লৈছিল সেয়াও উত্তহীন প্ৰশ্ন। [ ৬৪ ] এনে হাজাৰ হাজাৰ উত্তৰহীন প্ৰশ্ন চীনত, বলিভিয়াত, ইজিপ্তত, ভাৰতত, কম্বোদিয়াত, নাইজেৰিয়াত, গোৱাটেমেলাত, পেৰুত, কলম্বিয়াত, এন্টাৰ্কটিকাতে ধৰি অন্য বহু ঠাইত সিঁচৰতি হৈ আছে। আৰু সেই উত্তৰসমূহ বিচৰাৰ গুৰু দায়িত্ব আহি পৰিছে আমাৰ হাতত। আমাৰ হাতত এতিয়া মাত্ৰ দুটাই পথ খোলা আছে; আমি সকলোবোৰ দেখিও নেদেখাৰ ভাও ধৰি যেনেকে চলি আহিছে তেনেদৰেই গৈ থাকিবলৈ দিব পাৰোঁ, ইয়াত আমাৰ কষ্টও একোনহয়, একো লোকচানো নহয়, কিন্তু জীৱ শ্ৰেষ্ঠ বুলি আমি নিজকে ক'ব পাৰিম নে নাই সন্দেহ আছে। আনটো পথ হ'ল আমি এই সকলোবোৰ কষ্ট মূৰ পাতিলৈ আমাৰ অতীতটোক আকৌ তন্ন তন্ন কৈ ফঁহিয়াই চাবলৈ যত্ন কৰিব লাগিব, কিয়নো আমাৰ বিশ্বাস যে এই বিস্ময়কৰ অতীতৰ মাজতেই আমাৰ সোণালী ভৱিষ্যতৰ স্বপ্ন লুকাই আছে, প্ৰয়োজন মাথোঁ অলপ চেষ্টা, অলপ সাহস আৰু এক দৃঢ়তাপূৰ্ণ মনৰ।


তথ্য সংগ্ৰহ―

Chariots of the Gods by Erich von Daniken
Eyes of the Sphinx by Erich von Daniken
36 unsolved mysteries of the world by Vikas Khatri
www.scientifictemperament.in

[ ৬৫ ]
[ ৬৬ ]
 

 বৈজ্ঞানিক মানসিকতা - শুনিবলৈয়ে যেন এক টান লগা শব্দ। কিন্তু আচলতে নাে কি এই বৈজ্ঞানিক মানসিকতা? একেবাৰে সহজ অর্থত কবলৈ গ'লে সকলাে ঘটনাই গমি পিটি, ভাঙি চিঙি, চালি জাৰি চাব পৰাটোৱেই দেখােন বৈজ্ঞানিক মানসিকতা। Scientific Temperament দেশ খনত বিশেষ কৈ আমাৰ সমাজ খনত বিজ্ঞানৰ জোৱাৰ তুলিবলৈ বহুলােকে ইতিমধ্যে ভিন ভিন উপায়েৰে সমাজ খনত কর্ম কৰি আহিছে। Scientific Temperament ও ইয়াৰে এক নৱ সংযােজন। Scientific Temperament এ অসমৰ ভিতৰতে এক সুকীয়া স্থান দখল কৰি আহিছে। অসমীয়া ভাষাত বিজ্ঞান আৰু বৈজ্ঞানিক মানসিকতাৰ জগতখনক জনসমাজৰ আৰু এখােজ ওচৰলৈ লৈ যাবলৈয়ে সৃষ্ট www.scientifictemperament.in ত সকলােৱে বিচাৰি পাব বিজ্ঞান জগত খনৰ সৈতে এক নতুন আৰু সুমধুৰ সম্পর্ক।

 গতিকে আহক অংশীদাৰ হও এই মহৎ যাত্রাৰ। বিজ্ঞানৰ জয় হওক, সমাজৰ উন্নতি হওক - আমি আগুৱাই যাও বিজ্ঞানৰ হাত ধৰি এক নতুন দিগন্তৰ দিশে...

(অধিক জানিবলৈ তলৰ QR code টি স্কেন কৰক)

 
 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যি কোনো কাৰণত বা যি কোনো উদ্দেশ্যেত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই যেতিয়ালৈকে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰে।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইখন পৃষ্ঠাত উল্লিখিত স্বৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱসকলৰ বাবে এই লিংকত উপলব্ধ আছে।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।