পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লাডাখৰ চুম্বকীয় পাহাৰ

 লাডাখ ভাৰতৰ অন্যতম ঠাইসমূহৰ মাজত এক। এই লাডাখৰ নাম নুশুনা মানুহ হয়তো বহুত কম ওলাব। কিন্তু এই লাডাখতে অৰ্থাৎ সাগৰ পৃষ্ঠৰ পৰা ১৪, ০০০ ফুট ওপৰত, লেহ-কাৰ্গিল-বাল্টিক ৰাষ্ট্ৰীয় ঘাইপথত, আৰু লেহৰ পৰা ৩০ কি.মি. দূৰত এখন পাহাৰ আছে, যাক চুম্বকীয় পাহাৰ বুলি কোৱা হয়। কাৰণ?

 কাৰণ পাহাৰৰ মাজেৰে যোৱা এই ৰাষ্টাত এখন গাড়ী ষ্টাৰ্ট নকৰাকৈ ওপৰলৈ গৈ থাকিব পাৰে সেয়াও ২০ কি.মি. প্ৰতি ঘণ্টা গতিবেগত, তেন্তে চুম্বকীয় পাহাৰ নকৈ কি বুলি ক’ব?

 লাডাখৰ এই চুম্বকীয় ৰাষ্টাটোৱে যাত্ৰীসকলক বাৰুকৈয়ে আচৰিত কৰে। গাড়ীখনৰ ইঞ্জিনটো বন্ধ কৰি থ’লেও ই নিজে নিজে গৈ থাকে। ইফালে ৰাষ্টাটোও ওপৰলৈ যোৱা। এই চুম্বকীয় ক্ষেত্ৰখন ইমানেই শক্তিশালী বুলি কোৱা হয় যে ওপৰেদি যোৱা হেলিকপ্টাৰ আৰু এৰোপ্লেনবোৰো বহুত ওপৰেদি পাৰ হৈ যায়, চুম্বকীয় শক্তিৰ পৰা বাচিবলৈ।

 এতিয়া আচল প্ৰশ্নটো হ’ল সঁচাকৈয়ে এই ঠাইখন চুম্বকীয় নে? ইমান শক্তিশালীনে যে ই মাধ্যাকৰ্ষণ শক্তিকো চেৰ পেলায়। বহুতে ক'’ বিচাৰে আচলতে এইটো সঁচা নহয় বুলি। ই চুম্বকীয় ক্ষেত্ৰৰ বাবে নহয়। ই এক সাধাৰণ প্ৰাকৃতিক পৰিঘটনা হে। অৰ্থাৎ ই এক ভ্ৰম (illusion) হে। আমি এখন ঠাই ওপৰলৈ হেলনীয়া নে তললৈ হেলনীয়া নে সমান্তৰাল, সেই কথাটো দিগন্তৰ (horizon)ৰ সহায়ত হে গম

পাওঁ। কিন্তু আমি যদি দিগন্তই(horizon) দেখা নাপাওঁ, তেন্তে কোনখন ঠাই ওপৰলৈ

(ৰহস্যময় ভাৰত।) ৯