পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কুলধাৰা নামৰ অভিশপ্ত গাঁওখন

 ৰাজস্থানৰ জয়ছেলমীৰ জিলাৰ এখন গাৱৰ নাম হ’ল কুলধাৰা। জয়ছেলমীৰ চহৰৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ দক্ষিণ-পশ্চিমে এই গাঁওখন অৱস্থিত আছিল। এই গাঁওখন প্ৰায় ১৩শ শতিকাতে বহিছিল। এসময়ৰ ঐশ্বৰ্য্যশালী এই গাঁওখনত পালিৱাল ব্ৰাহ্মণসকলে বসবাস কৰিছিল। গাঁওখনত প্ৰায় ৪১০টা ঘৰৰ ভগ্নাৱশেষ দেখা পোৱা যায়। আৰু গাঁওখনৰ ওচৰে পাজৰে সকলো দিশতে মুঠ ২০০টা ঘৰৰ ভগ্নাৱশেষ এতিয়াও আছে। ১৭-১৮শ শতিকাত গাঁওখনৰ জনসংখ্যা প্ৰায় ১,৫৮৮জন আছিল। কিন্তু বৰ্তমান সম্পূৰ্ণ গাঁওখন জনশূন্য। যদিও পানীৰ পৰিমাণ কম আছিল তথাপিও কুলধাৰা সেইসময়ৰ এখন লেখত ল'বলগীয়া গাঁও হৈ পৰিছিল।
 এক তথ্যৰ মতে ১৯ শতিকালৈ গাঁওখনত পানীৰ পৰিমাণ আচৰিত ভাবে কমি আহিছিল। ১৮১৫ চনলৈ গাঁওখনৰ প্ৰায়বোৰ কুঁৱা শুকাই গৈছিল। ১৮৫০ চনলৈ কেৱল মাত্ৰ এটা খাজ কটা কুঁৱা আৰু দুটা বহুত গভীৰ নাদতহে পানী আছিল। হয়তো সেইবাবেই গাঁওখনৰ মানুহবোৰে গাঁওখন এৰি গুচি যাবলৈ লৈছিল। ইতিহাসৰ তথ্যৰ মতে ১৮১৫ চনলৈ গাঁওখনৰ জনসংখ্যা কমি ৮০০জন হৈছিল, আৰু ১৮৯০ চনলৈ মাত্ৰ ৩৭জন। কিন্তু অন্য এক ইতিহাসে কয় যে গাঁওখন মাত্ৰ এৰাতিৰ ভিতৰতে জনশূন্য হৈ পৰিছিল। প্ৰায় ২০০ বছৰ আগত জয়ছেলমীৰৰ দেৱান চালিম সিং আছিল, তেওঁ অত্যন্ত বেছি কৰ লগোৱাৰ বাবে জনাজাত আছিল। সেই দেৱানজন কুলধাৰা গাঁৱৰ মুখিয়ালজনৰ জীয়েকৰ প্ৰেমত পৰিছিল। তাইক পাবলৈ অত্যন্ত বিয়াকুল হৈ পৰি তাইক নাপালে গাঁওখনৰ ওপৰত অতি বেছি কৰ লগাম বুলি সকলোকে ভয় খুৱাইছিল। আৰু সেইবাবে দেৱানজনে যি দিনা তেওঁৰ পালি পহৰীয়া পঠোৱাৰ কথা আছিল, তাৰ আগৰাতি গোটেই গাঁৱৰ মানুহে সকলো বস্তু বাহিনী গাঁওখনতে এৰি গুচি গৈছিল। আৰু এক তথ্যৰ মতে সেই ঠাইৰ ওচৰৰ আন ৮৩খন গাঁৱেও সকলো এৰি গুচি গৈছিল। এতিয়াও গাঁওখনত এৰি থৈ যোৱা মানুহসকলে দি যোৱা শাও আছে। বুলি কোৱা হয়, যাৰ বাবে তাত কোনো অন্য বসবাস গঢ় লৈ নুঠিল। ইমানখিনি মানুহ একে ৰাতিত নোহোৱা গৈছিল, অথচ আজিলৈকে কোনেও তেওঁলোকক সেই ৰাতি যোৱা দেখা বুলি কোৱা মানুহ এজনো নোলাল অথবা তেওঁলোক কলৈ গ'ল কোনেও গমো নাপালে।
 যিহেতু সকলোৱে সেই ঠাই খনত কোনো অন্য শক্তিয়েও বসবাস কৰে বুলি

কয়, আৰু তাত কোনো মানুহেই এক নিশা পাৰ কৰিব নোৱাৰে বুলি কয়, সেইবাবে

( ৰহস্যময় ভাৰত) ৬