আগৰ লুগ্দী আছিল। লুগ্দীৰ জন্ম ১৯০২ চনৰ ১৮ জানুৱাৰীত হৈছিল আৰু ১০ বছৰ বয়সত কেদাৰনাথলৈ বিয়া হৈছিল। লুগ্দী বহুত ধাৰ্মিক আছিল আৰু বহু কম বয়সতেই কেইবাখনো ধৰ্মালয়লৈ গৈছিল। লুগ্দী প্ৰথমবাৰ গৰ্ভাৱতী হওঁতে চিজাৰিয়ান কৰিব লগা হৈছিল। দ্বিতীয়বাৰ গৰ্ভৱতী হওঁতেও ১৯২৫ চনৰ ২৫ চেপ্তেম্বৰত আকৌ এবাৰ চিজাৰিয়ান কৰিব লগা হৈছিল। কিন্তু সেইবাৰৰ পিছত লুগ্দীৰ শাৰীৰিক অৱস্থা বেছি হে বেয়া হ'ল আৰু ৯ দিন পাচতেই, ৪ অক্টোবৰত লুগ্দীয়ে মৃত্যুক আকোঁৱালি লৈছিল। আৰু এই দিনটোৰ ১ বছৰ ১০ মাহ ৭ দিনৰ পিছত অৰ্থাৎ ১৯২৬ চনৰ ১১ ডিচেম্বৰত শান্তি দেৱীৰ জন্ম হৈছিল।
শান্তি দেৱীৰ পুনৰ্জন্মৰ এই ঘটনা কেদাৰনাথ ঘূৰি যোৱাৰ পিছতেই সকলোফালে ৰজনজনাই গৈছিল আৰু মহাত্মা গান্ধীয়ে এই ঘটনাটোত বিশেষ আগ্ৰহ দেখুৱাই বিভিন্ন স্তৰৰ ১৫জন লোকক এই ঘটনাক বিশেষভাবে অধ্যয়ন কৰিবলৈ নিয়োগ কৰিছিল। তেওঁলোকে শান্তি দেৱীক লৈ ১৯৩৫ চনৰ ২৪ নৱেম্বৰত ৰেলেৰে মথুৰালৈ ৰাওনা হৈছিল। মথুৰাত ঘটা ঘটনাবোৰ আৰু বেছি আশ্বৰ্য্যকৰ আছিল। মন্দিৰ কিমান সময়ত বন্ধ হয়, কেদাৰনাথৰ ককায়েকক হঠাতে চিনাক্ত কৰা, ঘোঁৰা গাড়ীত উঠি নিজৰ পুৰণি ঘৰলৈ সকলোকে লৈ যোৱা, বিয়াৰ আগৰ ঘৰৰ সকলোকে চিনাক্ত কৰা, বিয়াৰ পিছত ঘৰত লুকুৱাই থোৱা পইচাৰ কলহটো, দ্বাৰ্কাধীশ মন্দিৰৰ বিভিন্ন কথা, যলৈ শান্তি দেৱী এবাৰো যোৱাও নাছিল, আগৰ লুগ্দীৰ বান্ধৱী সকল, এই সকলোবোৰ কথা শান্তি দেৱীয়ে কোৱাৰ দৰেই সঁচা বুলি প্ৰমাণ পাইছিল। কেদাৰনাথে সম্পূৰ্ণৰূপে তেতিয়া সকলোবোৰ সঁচা বুলি মানি লৈছিল যেতিয়া শান্তি দেৱীয়ে তেওঁক দ্বিতীয়বাৰ কি দৰে গৰ্ভাৱতী হৈছিল সেই বিষয়ে সম্পূৰ্ণ তথ্য দিছিল। সেই সময়ত লুগ্দীৰ আৰ্থাৰাইটিছ(arthritis) হৈছিল আৰু সেয়েহে উঠিব পৰা নাছিল, তেওঁলোকে তেতিয়া কি ধৰণে সংগম কৰিছিল তাৰ প্ৰত্যেকটো কথা শান্তি দেৱীয়ে সম্পূৰ্ণ শুদ্ধ কৈ কেদাৰনাথক কৈছিল।
শান্তি দেৱীয়ে বিয়া পতা নাছিল। আজীৱন কুমাৰী হৈয়েই তেওঁ অতিবাহিত কৰিছিল। শান্তি দেৱীৰ এই ঘটনাটো বহু সংখ্যক গৱেষক, সাধু, জ্ঞানী পুৰুষ, সমালোচকে অধ্যয়ন কৰিছিল। চুইডেনৰ এজন বিখ্যাত গৱেষক Sture Lonnerstrand এ প্ৰথমে এই ঘটনাটো মিছা বুলি ভাবি ভাৰতলৈ তাৰ সত্যতা নিৰূপন কৰিবলৈ আহিছিল, কিন্তু তেওঁ ঘটনাটোৰ গুৰুত্ব উপলব্ধি কৰি I have lived before:The Rein- carnation of Shanti Deviনামৰ কিতাপখন লিখি উলিয়াইছিল। শান্তি দেৱীৰ ঘটনা, বিশেষজ্ঞ Ian Stevenson and K.S. Rawat এও অধ্যয়ন কৰিছিল, য'ত শান্তি দেৱীয়ে মৃত্যুৰ সময়ত অনুভৱ হোৱা অনুভৱৰ বিষয়ে ব্যক্ত কৰিছিল কি
দৰে তেওঁৰ জীয়াই থকাৰ মোহে তেওঁৰ মনটোক ব্যাকুল কৰি তুলিছিল মৃত্যুৰ সময়তো
ৰহস্যময় ভাৰত। ৩০