পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কংকা লা পাছ –UFO ৰ ঘাটি

 হিমালয়ৰ নিম্নাংশত ভাৰত আৰু চীনৰ সীমাত এখন ঠাই আছে, নাম হ’ল কংকা লা পাছ। কংকা লা পাছৰ উত্তৰ অংশ চীন দেশৰ অধীনত যাক আ’ই চ্চিন বুলি জনা যায় আৰু দক্ষিণ অংশ ভাৰতৰ অধীনত আছে, যাক জনা যায় লাডাখ বুলি। এই ঠাইতেই ভাৰত চীনে ১৯৬২ চনৰ যুদ্ধ লাগিছিল। এই ঠাই সেইবোৰ ঠাইৰ ভিতৰত পৰে যত কোনো মানুহ নাথাকে।

 এতিয়া আহোঁ আচল কথাটোলৈ, কংকা লা পাছ বিখ্যাত UFO ৰ ঘাটি বুলি। আনকি প্ৰত্যক্ষভাবে দেখা বহুতে ইয়াৰ ফটো আৰু ভিডিঅ’কৰিছে যিয়ে পৃথিৱী তোলপাৰ কৰিছে। তাত বসবাস কৰা সকলৰ বাবে বেলেগ পোহৰ দেখা, আকাশী

যান যিবোৰ পৃথিৱীত চলি থকাবোৰৰ লগত নিমিলে তেনে যান সেই ঠাইত দেখা আৰু অদৃশ্য হোৱা, এইবোৰ দেখাটো দৈনন্দিন ঘটনা। বহুতে কয় ২০০৬ চনৰ আগলৈকে গুগল মেপত এই ঠাই চালে সেনাৰ ঘাটিৰ দৰে দেখুৱাইছিল বুলি কয়। কিন্তু এতিয়া সেয়া একো দেখা পোৱা নাযায়। দৰ্শনাৰ্থীৰ এটা দলে বৰ্ণনা কৰি কৈছিল যে তেওঁলোক যেতিয়া ওপৰৰ ধৰ্মালয়লৈ গৈ আছিল, তেতিয়া তেওঁলোকে হঠাতে আকাশত আচহুৱা পোহৰ আহি কংকা লা পাছত অৱতৰণ কৰা দেখা পাইছিল। তেওঁলোকে অনুসন্ধিৎসা দমাব নোৱাৰি যেতিয়া সেই ঠাইলৈ যাবলৈ ওলাল, তেতিয়া চীনা সৈন্যই যাবলৈ নিদিলে। যদিও তেওঁলোকৰ হাতত পাৰ্মিট আছিল, তথাপিও তেওঁলোকক অলপো আগবাঢ়ি যাবলৈ দিয়া নহ'ল আৰু দুনাই সেই ঠাইলৈ নাহিবলৈ আদেশ দিয়া হ'ল। তেওঁলোকে তাত ২৪ ঘণ্টাই দুয়োখন দেশৰে সৈন্য পহৰাত থাকে বুলি গম পালে।

 কেৱল ইমানেই নে? ২০০৪ চনত হিমাচল প্ৰদেশৰ লাহোল —

-স্পিতি ত

◀ৰহস্যময় ভাৰত▶ ২৬