পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আৰু হৈ থকা এনে অলৌকিক, আশ্চৰ্য্য়কৰ ঘটনাসমূহৰ বিষয়ে সকলোকে অৱগত কৰোৱা, ঘটনাসমূহৰ লগত সংগতি ৰাখি আজিলৈকে হোৱা সকলোখিনি গৱেষণা উদঙাই দিয়া যাতে এদিন আমি এই ঘটনাসমূহৰ শুদ্ধ বিশ্লেষণ কৰি এক নিৰ্দিষ্ট সমাধানত উপনীত হব পাৰোঁ। অলপো ৰহন নসনাকৈ দাঙি ধৰা প্ৰতিটো ঘটনাৰাজিৰ বিষয়ে পঢ়ি কি ধৰণৰ কেনেকুৱা ধাৰণা মনলৈ আহে সেয়া পাঠক সমাজে নিৰূপণ কৰিব।

 কিতাপখন সম্ভৱ হৈ উঠাৰ গুৰিতে থকা মা, পিতাই আৰু ভাইটি, লিখি শেষ কৰিবলৈ অনবৰতে তাগিদা দি যোৱা মৰমৰ অনুলেখা আৰু জীৱনৰ প্ৰতিটো ক্ষণতে বিচাৰিলেই কাষত পোৱা শ্ৰদ্ধাৰ গুৰু ৰিপুঞ্জয় বৰদলৈ ডাঙৰীয়াক এই চেগতে ধন্যবাদ জনালো। খোজ প্ৰকাশনৰ নৱজিত মেধি ডাঙৰীয়া আৰু উৎপল পাটোৱাৰী ডাঙৰীয়া লৈ অযুত ধন্যবাদ এই অভাজনৰ কিতাপখন প্ৰকাশৰ যোগ্য বুলি বিবেচনা কৰি সকলো সমস্যা মূৰ পাতি লৈ আগুৱাই লৈ যোৱাৰ বাবে। লিখি শেষ কৰাৰ পিছতে থাকি যোৱা হাজাৰটা ভুল ত্ৰুটি চাই (হিচাপ কৰিলে হয়তো হাজাৰতকৈ বেছি হে ওলাব!) সকলোখিনি ঠান ঠিক কৰি শুদ্ধ কৰি দিয়াৰ বাবে মৃদুল দাক হিয়া ভৰি ধন্যবাদ জনালো। ৰূপান্তৰকৰ সহায়ত ইউনিকোডত লিখা আটাইখিনি তথ্য ‘গীতাঞ্জলি’ লৈ সলনি কৰি বৰ্ণ সংস্থাপনৰ কামখিনি আতি-গুৰি মাৰি কৰি দিয়াৰ বাবে কিৰণ খনিকৰ ককাইদেউৰ ওচৰত চিৰ কৃতজ্ঞ আৰু ইমান ব্যস্ততাৰ মাজতে কিতাপখনৰ বেটুপাতটি অংকন কৰি দিয়াৰ বাবে ড° সঞ্জীৱ বৰা দাৰ চিৰঋণী হৈ ৰলোঁ। সঁচাই আপোনালোক আগবাঢ়ি নহা হ'লে এই কিতাপখন কেতিয়াও পাঠকৰ ওচৰ চাপিবলৈ সক্ষম নহলহেঁতেন।

 আশাকৰোঁ কিতাপখন পাঠক সমাজে আদৰি ল'ব আৰু আমাৰ চিৰ চেনেহী অসমীয়া ভাষাটিৰ ভঁৰাল চহকী হোৱাত কিঞ্চিত পৰিমাণে হ'লেও সহায় কৰিব। অনিচ্ছাকৃতভাবে কৰা সমূহ ভুল ক্ৰটিৰ বাবে ক্ষমাপ্ৰাৰ্থী।

ইতি
০৭/১২/২০১৯
বিশ্বনাথ চাৰিআলি, বিশ্বনাথ, অসম
অংশুমান
 

(iii)