কোৱা হয় কি দৰে বহু জনসাধাৰণক নিজৰ মতে পৰিচালিত কৰিব পাৰি, মানুহৰ মনটোক কি দৰে নিজৰ বশত কৰিব পাৰি, এই সকলো কথাই তাত আছিল।
দ্বিতীয় কিতাপখনত শৰীৰ বিদ্যাৰ বিষয়ে আছিল। য'ত কি দৰে কেৱল মাত্ৰ চুয়েই কাৰোবাক মৃত্যু মুখত পেলাব পাৰি, তেনে ধৰণৰ বিষয় বোৰ সাঙুৰি লোৱা হৈছিল।
তৃতীয় কিতাপখনে অণু জীৱবিজ্ঞান আৰু চতুৰ্থখনে ধাতুৰ মৌলান্তকৰণক সামৰি লৈছিল।
পঞ্চম কিতাপখনত সকলোবোৰ যোগাযোগৰ বিষয়ে আছিল। এই কিতাপখন বেছি মনোগ্ৰাহী কিয়নো এই কিতাপখনৰ পৰা বুজিব পাৰি যে তেওঁলোকে বাহিৰৰ গ্ৰহৰ প্ৰাণীৰ বিষয়ে অৱগত আছিল।
ষষ্ঠ কিতাপখনে মাধ্যাকৰ্ষণ শক্তিৰ বিষয়ে কৈছিল। সপ্তম কিতাপখনত মহাকাশৰ বিষয়ে আছিল আৰু অষ্টম কিতাপখনত পোহৰৰ বিষয়ে। নৱম কিতাপখনত সমাজৰ বিষয়ে আছিল। কি দৰে এখন সমাজ আগবাঢ়িব পাৰে, আৰু কি কি কাৰণত এক সভ্যতাৰ বিনাশ হব পাৰে, এই সকলোবোৰ তাত সন্নিবিষ্ট আছিল বুলি কোৱা হয়।
আজিলৈকে যদিও এই কিতাপ কেইখন অথবা সেই নজন ব্যক্তিৰ অস্তিত্বৰ কথা জনসমাজৰ আগলৈ অহা নাই, কিন্তু এনে কিছুমান কথা আছে, য'ত তেওঁলোকৰ অস্তিত্ব প্ৰমাণ পোৱা গৈছে। বহুতে ক'ব বিচাৰে বিখ্যাত জুডো খেল দ্বিতীয় কিতাপখনৰ পৰা অহা বুলি। আকৌ পোপ চিলভেষ্টাৰ ২ৰ পৰাও এই নখন কিতাপৰ অস্তিত্ব আছে, বুলি ভাবিব পাৰি। তেওঁ ৯২০ শকত জন্ম লাভ কৰিছিল আৰু এজন বেনেদিক্টাইন সাধু আছিল আৰু ঢেইম্স বিশ্ববিদ্যালয়ত প্ৰফেচৰ আছিল। তেওঁ ভাৰতলৈ আহিছিল,
কিয় আহিছিল তাৰ উত্তৰ কাৰো লগত নাই। কিন্তু ঘূৰি যোৱাৰ পিছত তেওঁ ইমানখিনি