পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

  যদি ইমানখিনি কথাৰেও হতভম্ব হোৱা নাই, তেন্তে এই মন্দিৰটোৰ সেই বৃহৎ চকাকেইটাৰ বিষয়ে জানি নিশ্চয়কৈ আচৰিত হ'বই লাগিব। ওপৰত কোৱাৰ দৰেই ৰথখনত মুঠ ২৪টা বৃহৎ চকা আছে আৰু প্ৰতিটো চকা ৯ ফুট ৯ ইঞ্চি বহল। বিভিন্নজনৰ মতে এই চকা কেইটাৰ বিভিন্ন অৰ্থ আছে। কিছুসংখ্যকৰ মতে ৰথ খনৰ ৭টা ঘোঁৰাই সপ্তাহৰ প্ৰতিটো দিন বুজায় আৰু ১২যোৰ চকাই বছৰটোৰ ১২ মাহ বুজায়। আৰু মুঠ ২৪টা চকাই এদিনৰ ২৪ ঘণ্টাক সূচায়। প্ৰতিটো চকাতে ৮ ডালকৈ শকত শলা আৰু ৮ ডালকৈ মিহি শলা আছে। প্ৰতিডাল মিহি শলাই প্ৰতিডাল শকত শলাক

সম্পূৰ্ণৰূপে দুভাগ কৰিছে। অৰ্থাৎ এডাল শকত আৰু এডাল মিহি শলাৰ মাজত সময়ৰ ব্যৱধান ৯০ মিনিট। প্ৰতি দুডাল শকত আৰু মিহি শলখাৰ মাজত ৩০টাকৈ মালাৰ গুটিৰ দৰে গুটি সজোৱা আছে। অৰ্থাৎ প্ৰতিটো গুটিয়ে ৩ মিনিট বুজাইছে। গুটিকেইটা ইমান ডাঙৰ যে আমি তাত সূৰ্য্য়ৰ পোহৰ মাজত পৰিছে নে চুকত পৰিছে, সেইটো উলিয়াব পাৰোঁ। অৰ্থাৎ আমি সময়ৰ গণনা মিনিটলৈকে কৰিব পাৰোঁ।

  এতিয়া মনলৈ অহা প্ৰশ্নসমূহ হ'ল, সূৰ্য্য যেতিয়া পূবৰ পৰা পশ্চিমলৈ যাব, তেতিয়া আমি সময়ৰ গণনা কেনেকৈ কৰিম? যিহেতু চকাটো বেৰত লগোৱা, গতিকে সেইটোক লৰোৱাৰ প্ৰশ্নই নাহে, ইয়াৰ উত্তৰটো হ’ল,তাত মুঠতে ২৪টা চকা আছে, আৰু আন এটা চকাই আবেলিৰ সময়ৰ গণনা দিব পাৰে। আমি বৰ্তমানলৈকে মাত্ৰ এই দুটা চকাৰহে কাৰ্যপ্ৰণালী জানো। কোনে জানে হয়তো তাত থকা অন্য চকাই চন্দ্ৰৰ লগত ৰিজাই সময় ক'ব পাৰেই বা! আকৌ, শলাবোৰত প্ৰতিড়ালতেই ৬০টাকৈ দীঘলীয়া গুটি সাজি থোৱা আছে, যাৰ অৰ্থ কোনেও নাজানে। আকৌ অন্য কিছুমান এনেধৰণৰ ছবি আছে যিবোৰ প্ৰকৃতিত মাত্ৰ এক নিৰ্দিষ্ট সময়ত হে হয়, যেনে বান্দৰৰ প্ৰজননৰ ছবি অংকিত কৰা আছে, যি কেৱল ঠাণ্ডা দিনতহে হয়।

◀ ৰহস্যময় ভাৰত ▶ ১৯