পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

২০১২ চনৰ ১৮ ডিচেম্বৰৰ যোধপুৰ

 সম্পূৰ্ণ পৃথিৱীতে তেতিয়া ২০১২ চনৰ ২১ ডিচেম্বৰৰ ভূতে লস্তিছিল। পৃথিৱী নিজৰ অন্তিম স্থিতিত উপস্থিত হৈছিল বুলি বহুতে ভাবি লৈছিল। ঠিক সেই বছৰতেই ২১ ডিচেম্বৰৰ কিছু দিন পূৰ্বে অৰ্থাৎ ১৮ ডিচেম্বৰৰ ৰাতিপুৱা সময় ঠিক ১১ বাজি ২৫ মিনিত গৈছিল। সমগ্ৰ যোধপুৰ বাসীক ভয় খুৱাই এক বৃহৎ শব্দই যোধপুৰ বাসীক জোকাৰি গৈছিল। সকলোৱে এক অতিশব্দ (sonic boom) শুনা পাইছিল।

প্ৰথমে সকলোৱে বায়ু সেনাৰ জেটৰ বাবে অথবা কিবা বোমা বিস্ফোৰণৰ বাবে এই শব্দ হৈছিল বুলি ভাবিছিল যদিও পিছত তাৰ বায়ুসেনাৰ মুখপাত্ৰ কৰ্ণেল এছ. দি. (SD) গোস্বামীয়ে সেই কথা সম্পূৰ্ণৰূপে অস্বীকাৰ কৰে। যিহেতু অতিশব্দ কোনো বস্তু শব্দতকৈ বেছি বেগত গলে হে উৎপন্ন হয়, গতিকে সেনাৰ নিয়মৰ মতে বসতি থকা অঞ্চলৰ ৬০ কি.মি. দূৰত্বলৈ কোনো ধৰণৰ এনে পৰীক্ষা কৰিব নোৱাৰে। সেয়েহে সেইদিনা সেনাৰ কোনো পৰীক্ষাৰ বাবে এই শব্দ হোৱা নাছিল।
 আচৰিত ভাবে যোধপুৰেই এক মাত্ৰ ঠাই নাছিল যত এনে ধৰণৰ শব্দ শুনা গৈছিল, যোধপুৰৰ বাদেও পৃথিৱীৰ অন্য ঠাইতো এনে ধৰণৰ অতি শব্দ সেই মাহটোত বিভিন্ন ঠাইত শুনা গৈছিল বুলি কয়। আৰু কিছু ঠাইত সেই শব্দৰ লগতে সেউজীয়া ৰঙৰ আভাও দেখিবলৈ পোৱা গৈছিল বুলি দেখা লোক সকলে কব বিচাৰে।
 সেই অতিশব্দৰ উৎস কি বা পৃথিৱীৰ অন্য ঠাইতো শুনা এই শব্দ বোৰৰ

নিজৰ মাজত সম্পৰ্ক আছে নে নাই আজি লৈকে কোনেও ডাঠি কব পৰা নাই, অথবা

(ৰহস্যময় ভাৰত) ৪