পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৃথিৱী বিখ্যাত ৰাম সেতু

 সৰুৰে পৰা আমি সকলোৱে ৰামায়ণৰ কাহিনী কম বেছি পৰিমাণে শুনি বা পঢ়ি আহিছোঁ। পৃথিৱী বিখ্যাত ৰাম ৰাৱণৰ যুদ্ধ হোৱাৰ আগত শ্ৰী ৰাম লংকালৈ যাবৰ বাবে নিৰ্মাণ কৰা ৰাম সেতুৰ কথা হয়তো নজনা মানুহ নাই। ত্ৰেতা যুগতে লিখা ৰামায়ণত ৰাম সেতুৰ সঠিক স্থান দেখুওৱা আছে। আজিও আমি শ্ৰীৰাম সেতুখন ভাৰতৰ পম্বন দ্বীপ অথৱা ৰামেশ্বৰম দ্বীপ আৰু শ্ৰী লংকাৰ মন্নৰ দ্বীপৰ মাজত দেখা পাওঁ। ভূ বিজ্ঞানী সকলে এই সেতু ভাৰত আৰু শ্ৰীলংকাৰ ভূ-ভাগ বিভাজিত হোৱা সময়ত গঠিত হৈছে বুলি কয়।

 এতিয়া প্ৰশ্ন হ’ল কিমান কি জানো আমি এই ৰাম সেতুৰ বিষয়ে? সেতুখন ৫০ কিলোমিটাৰ দীঘল। তাৰ মন্দিৰৰ পৰা পোৱা তথ্য মতে এই সেতুখন ১৪৮০ চনত অহা ঘূৰ্ণী বতাহৰ ধুমুহজাকৰ আগলৈকে সাগৰৰ ওপৰত আছিল। এই সেতুখন নিৰ্মাণ কৰা সম্পৰ্কে দ্বিমত আছে। নাছা আৰু অন্য কিছুৱে ক'ব বিচাৰে যে এই সেতুখন প্ৰাকৃতিকভাবে গঠন হোৱা। এসময়ত ভাৰত আৰু শ্ৰীলংকা একেলগে আছিল আৰু যেতিয়া এই দুই ভূ-ভাগ বেলেগ বেলেগ হৈ গ'ল তেতিয়া প্ৰাকৃতিক কাৰণত মাজত এই সেতুৰ দৰে গঠন থাকি গ'ল। সেতুখন তালৈ গৈ অধ্যয়ন নকৰাকৈ, কৃত্ৰিম উপগ্ৰহ পৰা লাভ কৰা তথ্য অনুসৰি ISROৰ SACৰ সাগৰীয় আৰু জল গৱেষণা বিভাগে তথ্য দিলে যে ৰাম সেতুখনত ১০৩টা সৰল ৰৈখিকভাবে থকা এনে ওপৰত দেখা পোৱা প্ৰৱালৰ টুকুৰা (small patches of reef) আছে। নাছায়ো মাত্ৰ ক'লে এই সেতুখন প্ৰাকৃতিক ভাবে গঠিত। ইমানখিনি কৈ সকলোৱে নিজৰ দায়িত্ব সামৰিলে। এতিয়া আহোঁ আনটো মতলৈ৷ যিটো মতৰ কথা সকলোৱে সৰুৰে পৰা পঢ়ি আহিছো। কি দৰে ভগৱান শ্ৰীৰামে নীল, নল আৰু তেওঁৰ বানৰ সৈন্যৰ সহযোগত এই সেতুখন সাজিছিল। এই সেতুখন সাজোঁতে ১০ নিযুত বানৰ সেনাৰ ৫ দিন লাগিছিল।তথ্যমতে এই সেতুখন ১.৭ নিযুত বছৰ পুৰণি। বহুতে ক’ব বিচাৰে যে, যিবোৰ শিলৰ সহায়ত ৰাম সেতুখন সজা হৈছিল, সেইবোৰ আগ্নেয়গিৰিৰ লাভাৰ পৰা গঠিত হোৱা পিউমিচ্ (pumice) শিল। আমি জানো যে আগ্নেয়গিৰিৰ ভিতৰখন বহু চাপযুক্ত আৰু বহুত গৰম, প্ৰায় ১৬০০ ডিগ্ৰী ছেলছিয়াচ। যেতিয়া ইয়াৰ ভিতৰৰ পৰা ইমান গৰম লাভা ওলাই আহে, তেতিয়া ই তৎক্ষণাত বাহিৰৰ বতাহৰ সংস্পৰ্শলৈ আহে, যাৰ উষ্ণতা সাধাৰণতে মাত্ৰ ২৫ ডিগ্ৰী ছেলচিয়াচ মান হে থাকে। তেতিয়া লগে লগে দুটা ঘটনা

সংঘটিত হয়, চাপ কমাৰ লগে লগে বতাহ আৰু পানীৰ বুদ বোৰ লাভাৰ লগত

■ৰহস্যময় ভাৰত।২৩■