পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৃষ্ণৰ হৃৎপিণ্ড!

 ভাৰত দেশখনেই অলৌকিক কাহিনীৰে ভৰপূৰ। গ্ৰীকসকলৰ দৰেই আমাৰ মাজতো বিভিন্ন আখ্যান প্ৰচলিত হৈ আহিছে। তাৰে কিছু আখ্যানৰ প্ৰমাণ বৰ্তমানেও সমাজত দেখিবলৈ পোৱা যায়। জগন্নাথ পুৰীও তেনে ধৰণৰে এক নাম। উৰিষ্যাৰ জগন্নাথ পুৰী এক বিশ্ব প্ৰসিদ্ধ ঠাই। প্ৰতি বছৰে লাখ লাখ মানুহে এই জগন্নাথ মন্দিৰ দৰ্শন কৰিবলৈ যায়। এই জগন্নাথ ধামৰ বিষয়ে বিভিন্ন আখ্যান পঢ়িবলৈ পোৱা যায়। আখ্যানসমূহে এই জগন্নাথ ধামৰ যে হিন্দু ধৰ্মৰ লগতে বৌদ্ধ ধৰ্মৰ লগতো সম্পৰ্ক আছে সেই ফালে আঙুলিয়াই দিব বিচাৰে। এই মন্দিৰৰ স্থাপনৰ কাহিনী কৃষ্ণৰ লগত জড়িত। আখ্যানমতে কৃষ্ণৰ মৃত্যুৰ পিছত তেওঁৰ শৰীৰটো যেতিয়া জ্বলাই দিয়া হৈছিল, তেতিয়া তেওঁৰ শৰীৰৰ সকলো অংশ জ্বলি গৈছিল, কিন্তু হৃৎপিণ্ডটো থাকি গৈছিল।

পিছত হৃৎপিণ্ডটো সাগৰত পেলাই দিয়া হৈছিল। সেই হৃৎপিণ্ডটোৱেই কাঠৰ টুকুৰা হৈ উটি আহিছিল আৰু এক সপোনৰ পম খেদি তেতিয়াৰ পুৰীৰ ৰজা ইন্দ্ৰদুম্নই সেই কাঠটুকুৰা পুৰীত পাইছিল। ইন্দ্ৰদুম্নই তেতিয়ালৈকে কাঠৰ টুকুৰাৰ মহিমা বুজা নাছিল, কিন্তু যেতিয়া বিশ্বকৰ্মাই আহি ৰজাক কলেহি যে এই কাঠৰ টুকুৰাত কৃষ্ণৰ হৃৎপিণ্ড আছে বুলি আৰু তেওঁ তাৰে এক মন্দিৰ সাজিব লাগিব বুলি কোৱাত ৰজা মান্তি হ'ল। কিন্তু বিশ্বকৰ্মাই এক চৰ্ত ৰাখিলে যে তেওঁক ২১ দিন সময় লাগিব, এটা বন্ধ কোঠালি লাগিব, য'ত তেওঁ একো নোখোৱাকৈ একে ৰাহে ২১ দিন কাম কৰি মূৰ্তি সাজিব। ৰজাই হয়ভৰ দিলে, আৰু কামো আৰম্ভ হ'ল। কিন্তু ১৪ দিনৰ পিছত যেতিয়া তাত কৰ্মৰত থকা পালিপহৰীয়াই সাজি থকা কোঠালিৰ পৰা একো শব্দ নহা বুলি ক'লে

(ৰহস্যময় ভাৰত) ১