পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এনে হাজাৰ হাজাৰ উত্তৰহীন প্ৰশ্ন চীনত, বলিভিয়াত, ইজিপ্তত, ভাৰতত, কম্বোদিয়াত, নাইজেৰিয়াত, গোৱাটেমেলাত, পেৰুত, কলম্বিয়াত, এন্টাৰ্কটিকাতে ধৰি অন্য বহু ঠাইত সিঁচৰতি হৈ আছে। আৰু সেই উত্তৰসমূহ বিচৰাৰ গুৰু দায়িত্ব আহি পৰিছে আমাৰ হাতত। আমাৰ হাতত এতিয়া মাত্ৰ দুটাই পথ খোলা আছে; আমি সকলোবোৰ দেখিও নেদেখাৰ ভাও ধৰি যেনেকে চলি আহিছে তেনেদৰেই গৈ থাকিবলৈ দিব পাৰোঁ, ইয়াত আমাৰ কষ্টও একো নহয়, একো লোকচানো নহয়, কিন্তু জীৱ শ্ৰেষ্ঠ বুলি আমি নিজকে ক'ব পাৰিম নে নাই সন্দেহ আছে। আনটো পথ হ'ল আমি এই সকলোবোৰ কষ্ট মূৰ পাতিলৈ আমাৰ অতীতটোক আকৌ তন্ন তন্ন কৈ ফঁহিয়াই চাবলৈ যত্ন কৰিব লাগিব, কিয়নো আমাৰ বিশ্বাস যে এই বিস্ময়কৰ অতীতৰ মাজতেই আমাৰ সোণালী ভৱিষ্যতৰ স্বপ্ন লুকাই আছে, প্ৰয়োজন মাথোঁ অলপ চেষ্টা, অলপ সাহস আৰু এক দৃঢ়তাপূৰ্ণ মনৰ।


তথ্য সংগ্ৰহ―

Chariots of the Gods by Erich von Daniken
Eyes of the Sphinx by Erich von Daniken
36 unsolved mysteries of the world by Vikas Khatri
www.scientifictemperament.in

◀ ৰহস্যময় ভাৰত ▶ ৫৫