পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শ্ৰী কৃষ্ণই অৰ্জুনক কৈছিল বুলি ভবাটো ভুল; হয়তো অৰ্জুনৰ মনত তেনে প্ৰশ্ন আহিছিল, কিন্তু ১৮টা দিন যুদ্ধৰ মাজত তেনেকৈ কোনেও কাৰো কথা নুশুনে, সেয়েহে কোৱা হয় গীতাখন মহাভাৰতত পিছত সংযোজন কৰা হৈছে। ঠিক তেনেদৰেই মহাভাৰতৰ ৰচয়িতা ব্যাসদেৱ মাত্ৰ এজন লোক আছিল বুলি কোৱাটোও ভুল। এজন মাত্ৰ ব্যাসদেৱে মহাভাৰত ৰচনা কৰা নাছিল। আৰম্ভণি কৰাজনৰ নাম নিশ্চয় ব্যাসদেৱ আছিল, কিন্তু পিছত সংযোজন কৰি যোৱা সকলৰো নাম আন নাৰাখি ব্যাসদেৱ বুলিয়েই কৈ যোৱা হ’ল। মহাভাৰত, বিশ্বাস আৰু বিস্ময়’—এই কিতাপখনত এই বিষয়ে বিতংকৈ লিখা আছে।

 ৰামায়ণৰ ৰামসেতুৰ বিষয়ে আমি আজি লৈকে একমত হ'ব পৰা নাই। এই সকলোবোৰ প্ৰশ্নৰ আজিলৈকে কোনো উত্তৰ নাই, কেতিয়া এই উত্তৰবোৰ পোৱা যাব, তাৰ কোনো নিশ্চিতি দিব পৰা নাযায়। যিদৰেই এই সেতু খনৰ গঠন নহওক কিয়, এই সেতুখন সঁচাকৈয়ে যে এক ৰহস্যৰ বিষয় সি সঁচা।

তথ্য সংগ্ৰহ⸺

https://en.wikipedia.org/wiki/Adam%27sBridge

https://www.quora.com/How-can-the-Rama-Setu-Adams-Bridge-made-of-stone-float

https://www.speakingtree.in/allslides/science-behind-the-floating-stones-of-ram-setu

https://www.everystudent.com/forum/miracles2.html

https://www.quora.com/What-is-the-science-behind-the-floating-stones-of-Rameswaram

■ৰহস্যময় ভাৰত।২৫■