পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 শ শ বছৰৰ বাবে আমি এই চিহ্নবোৰ সজোৱাৰ চিহ্ন হিচাপে ভাবি আছিলোঁ, মাত্ৰ কেইবছৰ মান পূৰ্বে হে আমি এই ২৪টা চকাৰ মাত্ৰ দুটাৰ অৰ্থ বুজি পাইছোঁ। হয়তো এই গোটেই চকাকেইটাই এনে অন্য বহু কিবাকিবি তথ্য দিব পাৰে, যি বোৰ ল’বলৈ মানৱজাতি আজিও সাজু হোৱা নাই। আনহাতে প্ৰশ্ন এইটোও উঠে যে ইমান কাৰিকৰীপূৰ্ণ দক্ষতাৰে কিদৰে অতীজত এই কামটো সাধাৰণ এজন ৰজাই মানুহ লগাই সম্ভৱ কৰি তুলিছিল? নে তেওঁ কাৰোবাৰ নিৰ্দেশতহে কৰিবলৈ সক্ষম হৈছিল! হয়, বিখ্যাত পুৰাতত্ত্ববিদ এৰিক ৱন ডেনিকেন ডাঙৰীয়াই তেওঁৰ কেইবাখনো কিতাপৰ এখন ‘Chariots of Gods'ত যিধৰণে এনে ঘটনাৰ প্ৰমাণসহ ব্যাখ্যা দি গৈছে, তাৰ পৰা এইটোও ভাবিব পাৰি যে, এই সূৰ্য্য মন্দিৰটিও যেন কাৰোবাৰ নিৰ্দেশত সজা হৈছিল। কোনো উন্নত জাতিৰ নিৰ্দেশ আৰু জ্ঞানৰ সহায়ত। সূৰ্য্য মন্দিৰ বুলি কোৱাৰো কাৰণ নথকা নহয়। যিহেতু প্ৰাচীন মানুহকে ধৰি এতিয়ালৈকে আমাৰ বাবে দিন ৰাতি সূৰ্য্যক কেন্দ্ৰ কৰিয়েই হয়, অৰ্থাৎ সময়ৰ ব্যাখ্যাৰ বাবে আমি সদায় সূৰ্য্যলৈকে চাই আহিছোঁ, গতিকে হয়তো মানৱ জাতিক প্ৰকৃত সময়ৰ জ্ঞান দিবলৈ এই মন্দিৰৰ নিৰ্মাণ কৰা হৈছিল, যাৰ সহায়ত আমি সময়ৰ লীলাখেলাসমূহ বুজি পাবলৈ সক্ষম হ'ম বুলি।

 এইটোও এটি ধাৰণা হে। কিন্তু যি স্থাপত্য নিদৰ্শন এই বিখ্যাত সূৰ্য্য বা কাল মন্দিৰ, সঁচাকৈয়ে যে কিবা এটা পৰিঘটনা ইয়াৰ লগত লগ খাই আছে সেইটো নিশ্চিত। প্ৰশ্ন হয় মানৱ জাতি আজি সাজু হৈ উঠিছে নে নাই এই জ্ঞান গ্ৰহণ কৰিবৰ বাবে!

তথ্য সংগ্ৰহ⸺

https://en.wikipedia.org/wiki/Konark_Sun_Temple

https://en.wikipedia.org/wiki/Konark

http://www.thekonark.in/konarkwheel.html

https://www.themysteriousindia.net/sun-temple-konark/

http://www.thekonark.in/konarkfloatingidol.html

http://www.industrytap.com/ancient-sun-temple-worlds-biggest-clock/18092

https://victoriaclubhotel.com/mystery-behind-how-the-sun-temple-at-konark-got-demolished/

■ৰহস্যময় ভাৰত৷২০■