পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মৎস পুৰাণৰ মনু নে বাইবেলৰ নোৱা?

  মানৱ ইতিহাস বানপানীৰে ভৰপূৰ! আচৰিত হৈছে নহয়নে? সঁচাকৈয়ে ইতিহাস বানপানীৰে ভৰপূৰ কিন্তু। আমাৰ প্ৰসিদ্ধ পুৰাণলৈয়ে চাব নে বাইবেললৈ? নে কোৰানলৈ? নে গিন্নামেশৰ লিপি বোৰলৈ? সকলোতে একেটাই লিখনি, মানৱ জাতিৰ ইতিহাসত এবাৰ নে তাতোতকৈ বেছি কব পৰা নাযায়, কিন্তু প্ৰলয়ংকাৰী বান যে আহিছিল ই ধুৰূপ, আৰু প্ৰতিবাৰেই, সপোনতেই হওক বা ভগৱানে স্বয়ং আহিয়েই হওক কিয়, মানৱ জাতিৰ কেইজন মান বিশেষ লোককহে সেই প্ৰকোপৰ পৰা ৰক্ষা কৰিছিল আৰু আকৌ নতুন কৈ মানৱ জাতিৰ পাতনি মেলিছিল।

  ৰজা শ্ৰদ্ধাদেৱ ওৰফে মনুৰ কথা সকলোৱে জানে, কি দৰে তেওঁ এদিন সৰু মাছ এটি পাইছিল আৰু কি দৰে কেইদিনমানৰ ভিতৰতে মাছটোৰ বাবে সাগৰ খনো সৰু হৈ পৰিছিল আৰু তাৰ পিছত কি দৰে মাছটোৱে ভগৱান বিষ্ণুৰ ৰূপ লৈ মনুক কৈছিল যে আৰু কেইদিন মানৰ ভিতৰতে পৃথিৱীত এক বিশাল প্ৰলয় হব আৰু তাৰ পৰা বাচিবলৈ মনুৱে ৭জন ঋষি আৰু সকলো ধৰণৰ জীৱৰ এযোৰা আৰু ৯ বিধ গছৰ গুটি লগত লৈ বিশাল নৌকা খনত যাত্ৰা কৰিব লাগিব! সেই ৭জন ঋষিৰ নামো উল্লেখ আছে। নামসমূহ ক্ৰমে - কাশ্যপ, অত্ৰি, বশিষ্ঠ, বিশ্বামিত্ৰ, গৌতম মহাৰ্ষি, জমদগ্নি, আৰু ভৰদ্বাজ মুনি। এইখিনিতে এটা ভাবি আচৰিত লগা কথা কৈ থওঁ যে মনু কোনো এজন ব্যক্তিৰ নাম নাছিল। ই এটা উপাধি হয়, ঠিক তেনেদৰেই, ইন্দ্ৰ অথবা উপৰ্যুক্ত সপ্তৰ্ষিও এক উপাধিহে হয়, যি ১৪টা মানৱন্তৰত প্ৰতিটোতে বেলেগ বেলেগ মানুহ অথবা দেৱতাই পায়। বৰ্তমান সপ্তম মানৱন্তৰ চলি আছে। এই ১৪টা মানৱন্তৰ যোগেদি ব্ৰহ্মাৰ এটা দিনৰ ১২ ঘণ্টা হয়। আখ্যান অনুসৰি ব্ৰহ্মাই ১২ ঘণ্টা জিৰণি লয় আৰু ১২ ঘণ্টা কাম কৰে, গতিকে ব্ৰহ্মাৰ এটা দিনত ১৪টা মানৱন্তৰ হয়। প্ৰতিটো মানৱন্তৰত একোজন কৈ মনু, একোজন কৈ ইন্দ্ৰ আৰু ৭জন কৈ মহৰ্ষি থাকে। এক মানৱন্তৰত প্ৰায় ৩০৭ নিযুত বছৰ থাকে আৰু সেই হিচাপত সম্পূৰ্ণ হিচাপ কৰিলে হিন্দু ইতিহাসে প্ৰায় ৪.৩২ বিলিয়ন বছৰৰ ইতিহাস আৰু ভৱিষ্যতৰ বৰ্ণনা কৰি থোৱা আছে। এক আচৰিত কিন্তু সঁচা কথা।

  মনুৰে মৎসৰূপী ভগৱানৰ কথা মানি এখন প্ৰকাণ্ড নৌকা বনালে, আৰু তাত সকলোখিনি ভগৱানে কোৱামতে তুলি ললে আৰু সাগৰত নিজৰ যাত্ৰা আৰম্ভ কৰিলে। অতি সোনকালে তেওঁলোকে এক শিং থকা মাছ দেখিবলৈ পালে আৰু নাওখন ৰচীৰে মাছটোৰ শিংটোত বান্ধি ল'লে। ইয়াত ৰচীয়ে শেষনাগক বুজোৱা হৈছে।

◀ ৰহস্যময় ভাৰত ▶ ৩৯