পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

 বৈজ্ঞানিক মানসিকতা - শুনিবলৈয়ে যেন এক টান লগা শব্দ। কিন্তু আচলতে নো কি এই বৈজ্ঞানিক মানসিকতা? একেবাৰে সহজ অৰ্থত কবলৈ গ'লে সকলো ঘটনাই গমি পিটি, ভাঙি চিঙি, চালি জাৰি চাব পৰাটোৱেই দেখোন বৈজ্ঞানিক মানসিকতা। Scientific Temperament দেশ খনত বিশেষ কৈ আমাৰ সমাজ খনত বিজ্ঞানৰ জোৱাৰ তুলিবলৈ বহুলোকে ইতিমধ্যে ভিন ভিন উপায়েৰে সমাজ খনত কৰ্ম কৰি আহিছে। Scientific Temperament ও ইয়াৰে এক নৱ সংযোজন। Scientific Temperament এ অসমৰ ভিতৰতে এক সুকীয়া স্থান দখল কৰি আহিছে। অসমীয়া ভাষাত বিজ্ঞান আৰু বৈজ্ঞানিক মানসিকতাৰ জগতখনক জনসমাজৰ আৰু এখোজ ওচৰলৈ লৈ যাবলৈয়ে সৃষ্ট www.scientifictemperament.in ত সকলোৱে বিচাৰি পাব বিজ্ঞান জগত খনৰ সৈতে এক নতুন আৰু সুমধুৰ সম্পৰ্ক।

 গতিকে আহক অংশীদাৰ হও এই মহৎ যাত্ৰাৰ। বিজ্ঞানৰ জয় হওক, সমাজৰ উন্নতি হওক - আমি আগুৱাই যাও বিজ্ঞানৰ হাত ধৰি এক নতুন দিগন্তৰ দিশে...

(অধিক জানিবলৈ তলৰ QR code টি স্কেন কৰক)