পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ইটাৰ গাঁথনিৰেই গোটেই মহলটো এতিয়াও ঠিয় হৈ আছে। এটাও খুটা নোহোৱাকৈ ইমান ডাঙৰ মহল পৃথিৱীত বড়া ইমামবাৰাই একমাত্ৰ। মূল ঘৰটোক সংলগ্ন কৰি ৮টা আৰু কোঠা আছে যি ৪৮৯টা দেখাত একেৰাষ্টাৰে সংযুক্ত হৈ আছে। একেলগে ইয়াক ভুল ভুলয়া বুলি কোৱা হয়। এইটোৱেই ভাৰতৰ এক মাত্ৰ ভুল ভুলয়া (maze) বুলি জনাজাত। ইমান ডাঙৰ এটা বিল্ডিং এনেদৰে ইমানবোৰ ফেঁপোলা কোঠাৰ সৈতে কি দৰে ঠিয় হৈ আছে, সেইটোও এক ভাবিবলগীয়া কথা। বড়া ইমামবাৰাৰ চাদখন ধান পতানৰ মিশ্ৰণ দি সজা, যিটো অন্য এক লেখত লবলগীয়া কথা। ইমানতেই বড়া ইমামবাৰাৰ আশ্চৰ্য শেষ হোৱা নাই। প্ৰবাদমতে ইয়াৰ তলত সুৰংগ আছে, যি নেকি গোমতী নদী, ফাৰিজাবাদ, এলাহাবাদ, আনকি দিল্লীলৈকে গৈছে বুলি কোৱা হয়। আগতে যদিও এই সুৰংগবোৰ খোলা আছিল, কিন্তু যেতিয়া সেই ফালেদি যাওঁতে মানুহবোৰ হেৰাবলৈ ধৰিলে তেতিয়া অৰ্থাৎবৃটিছৰ সময়ত বন্ধ কৰি দিয়া হল। কথাখিনি আগতে শুনাৰ দৰে লাগিছে নে অলপ মান?হয়, আমাৰ তলাতল ঘৰৰ সৈতে কথাখিনি প্ৰায় একেই। এতিয়া কথা হয়, সেই স্থাপত্যবিদ জনৰ এই দুয়োটা বিশেষ ঘৰৰ সৈতে কিবা আন সম্পৰ্কও আছিল নেকি? প্ৰশ্ন এইটোও হয় যে এই ৫০ মিটাৰ দীঘল, ১৫ মিটাৰ ওখ ঘৰ এটা এটাও মাজত খুটা নোহোৱাকৈ প্ৰাকৃতিক কাৰণতেই হওক বা আন কাৰণতেই হওক, কিয় এতিয়া লৈকে ভাঙি যোৱা নাই? মাজে মাজে হোৱা ভূমিকম্প বোৰেও বৰ বেছি ক্ষতি কৰিব নোৱাৰাৰ কাৰণ কি?

 এতিয়া আচলতে নিজৰ মনত উদয় হোৱা প্ৰশ্নটো হ’ল আমি দিনে দিনে উন্নতি কৰি গৈছো নে অৱনতি? কিয়নো, যদি উন্নতিয়েই হৈছে, তেন্তে আমি কিয় আজিৰ তাৰিখত এনে কাৰুকাৰ্যৰে খচিত স্থাপত্যৰ নিদৰ্শন এটি নিৰ্মাণ কৰিব নোৱৰা হৈছো? নে আমাৰ লাজ লাগে অতীতক ৰোমন্থন কৰি অতীতৰ পৰা কিবা এটা শিকিবলৈ? কাৰণ যিয়েই নহওক, আমি অতীতৰ এই বিস্ময়কৰ নিদৰ্শনসমূহৰ পৰা যে শিকিবলগীয়া বহুত কথা আছে, সেইটো সঁচা।

তথ্য সংগ্ৰহ⸺

https://timesofindia.indiatimes.com/travel/destinations/do-you-know-about-the-gravity-defying-palace-in-lucknow/as68523066.cms

http://www.excitingindia.in/visit-the-mysterious-gravity-palace-bara-imambara-at-lucknow/

https://en.wikipedia.org/wiki/Bara_Imambara

https://www.thehindu.com/features/metroplus/exploring-the-mysteries-of-bara-imambarainlucknow/article7309728.ece

■ৰহস্যময় ভাৰত।২২■