পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 বহুতে ক'ব খোজে এয়া চল চাতুৰি বহুতে ক'ব খোজে এইয়া আধ্যাত্মিক জ্ঞানৰ বাবে হৈছে। কিন্তু কথাটো একেবাৰে উলাই কৰিব এইবাবেই নোৱাৰি, কিয়নো যদিহে মাতাজীৰ কথা সম্পূৰ্ণভাবে মিছা হ'লহেঁতেন, তেন্তে DRDO ই পৰীক্ষা কৰিবলৈ নাহিলহেঁতেন, আৰু সকলোৱেই মানি ল’বলৈ বাধ্য হৈছিল যে তেওঁ সঁচাকৈয়ে একো নোখোৱাকৈ আছিল। তেওঁ যোৱা ৭০ বছৰে কিবা খাইছেনে নাই, সেই বিষয়ে সকলোৰে মনত প্ৰশ্ন উঠা স্বাভাৱিক, কিন্তু পৰীক্ষাৰ ফলাফল যে উলাই কৰিব পৰা বিধৰ নহয়, সেইটোও সঁচা।

 মানৱ শৰীৰ বিষয়ে আমি আজিকোপতি ভালদৰে গম নাপালোঁ। বিজ্ঞানৰ উন্নতিৰ লগে লগে এদিন হয়তো আমি এই ৰহস্যও ভেদিবলৈ সক্ষম হম। সমষ্ট শৰীৰটো আমাৰ মগজুৱে নিয়ন্ত্ৰণ কৰে। আৰু মাতাজীৰ মগজুৰ গুপুত ৰহস্য আমি ফাদিল কৰিলেহে তেখেতৰ শৰীৰটোৱে কিদৰে এই কাম কৰিবলৈ সক্ষম হ’ল, সেই কথা গম পাব পাৰিম। আচহুৱা আমাৰ শৰীৰটি! আৰু তাতোতকৈ আচহুৱা আমাৰ এই পৃথিৱীখন।

তথ্য সংগ্ৰহ⸺

https://scientifictemperament.in/wpcontent/uploads/2019/12/matajicasestudy.pdf

https://www.quora.com/Did-Prahlad-Jani-really-survive-for-15-days-without-food-and-water

https://www.lightdocumentary.com/prahlad-jani.html

https://www.telegraph.co.uk/news/worldnews/asia/india/7645857/Man-claims-to-have-had-no-food-or-drink-for-70-years.html

https://abcnews.go.com/Health/International/man-eat-drink/story?id=10787036

http://skepdic.com/skeptimedia/skeptimedia90.html

https://www.ancient-code.com/prahlad-jani-spiritual-master-who-lives-with-no-food-or-water-for-over-70-years/

https://en.wikipedia.org/wiki/PrahladJani

https://en.wikiversity.org/wiki/User:Nobody60/PrahladJani

https://www.dailymail.co.uk/news/article-1274779/The-man-says-eaten-drunk-70-years-Why-eminent-doctors-taking-seriously.html

■ৰহস্যময় ভাৰত।৫০■