পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অক্ষুন্ন ৰাখিবলৈকে কোনো মহিলাকে এই শিলৰ ওচৰলৈ যাব দিয়া নহয়! এই শিলটোৰ ওপৰত বহুজনে বিভিন্ন ধৰণৰ পৰীক্ষা কৰি চাইছে, কোনো জনে অকলে ডাঙিব চেষ্টা কৰিছে, ১১ জনত কৈ কম লোকে মিলি ডাঙিব চেষ্টা কৰিছে, ১১ জনতকৈ বেছি লোকে মিলি ডাঙিব চেষ্টা কৰিছে, ১১ জনেই ৩টা কৈ আঙুলিৰে ডাঙিব চেষ্টা কৰিছে, ১১ জনে তৰ্জনী আঙুলিৰেই কমৰ আলীৰ সলনি বেলেগ নাম লৈ ডাঙিবলৈ চেষ্টা কৰিছে, তৰ্জনী আঙুলিৰ সলনি গোটেই হাতেৰে ডাঙিবলৈ প্ৰয়াস কৰিছে, কিন্তু এবাৰো দুফুটতকৈ বেছি ওপৰলৈ উঠাবলৈ সক্ষম হোৱা নাই। কিন্তু যেতিয়াই ১১জন মানুহে কেৱল মাত্ৰ তৰ্জনী আঙুলিৰে কমৰ আলীৰ নাম লৈ ডাঙিবলৈ লয়, তেতিয়াই অনায়াসে ই এজন সাধাণ মানুহৰ উচ্চতাতকৈ বেছি ওপৰলৈ গুচি যায়।

  আচৰিত, কিন্তু মছজিদটোত মাইক্ৰৱেভ অথবা অন্য কিবা শক্তিয়ে ক্ৰিয়া কৰি আছে নেকিও চোৱা হৈছিল যদি একো সুফল পোৱা নগ'ল।

  আকৌ, অন্য এক দৃষ্টি কোণৰ পৰা চাবলৈ গলে, বহুতে কব খোজে নিজৰ অভিজ্ঞতাৰ পৰা যে তেওঁলোকে এই কাৰ্য্য কৰা সময়ত জোৰ দিয়া নাছিল, অথবা উচ্চাৰণ কৰিব লগীয়া নাম লোৱা নাছিল, কিন্তু তথাপিও বাকী কেইজন মানুহে শিল টোক ওপৰলৈ ডাঙিব পাৰিছিল। একবিংশ শতিকাত এনে কথা মানিবলৈ অসুবিধা হয়, পদাৰ্থ বিজ্ঞানৰ নিয়ম সমূহক সম্পূৰ্ণ ৰূপে নস্যাৎ কৰি তিষ্ঠি থকা এনে পৰিঘটনা সমূহক বিস্তৃত ভাবে গৱেষণাৰ বিষয় ৰূপে অধ্যয়ন কৰি সমাজৰ মাজলৈ উলিয়াই লৈ অনাটো নিতান্তই প্ৰয়োজনীয়।


তথ্য সংগ্ৰহ―

https://www.odditycentral.com/travel/the-levitating-stone-of-shivapur-a-controversial-miracle.html

https://www.indiatravelforum.in/threads/the-levitating-stone-in-shivapur-maharashtra.1216/

https://unsolvedmysteriesindia.blogspot.com/2015/01/levitating-stone-of-shivapur.html

https://forums.civfanatics.com/threads/mysteries-of-india-the-levitating-stone-of-shivapur.189041/

https://www.quora.com/Is-the-Levitating-Stone-Shivapur-Maharashtra-true-and-has-any-one-witnessed-this

https://amazingindiablog.in/levitating-stone-of-shivapur-explained/

◀ ৰহস্যময় ভাৰত ▶ ১৫