পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কোদিন্থী—যমজ সন্তানৰ গাঁও


 সৰুৰে পৰা এই লেখাটি পঢ়ি থকালৈকে আপোনাৰ অভিজ্ঞতাৰ পৰা এটা প্ৰশ্নৰ উত্তৰ দিয়কচোন- আজিলৈকে আপুনি কিমানমান যমজ মানুহ দেখা পাইছে। বাৰু? শতকৰা এশজনৰ মাজত ২-৪ জন? হয়, সাধাৰণতে আমি ইমান বেছিকৈ যমজ লোক দেখা নাপাওঁ। যমজ লোকৰ ফালৰ পৰা চাবলৈ গ'লে ভাৰত এখন একো বিশেষ গুণ থকা দেশ নহয়। কিন্তু আশ্চৰ্য্যৰে ভৰপূৰ ভাৰত দেশ আমাৰ। আমাৰ ভাৰতৰে কেৰেলাৰ মালাপ্পুৰম জিলাৰ এখন গাঁৱৰ নাম হ'ল কোদিন্থী। অন্য বহু গাঁৱৰ দৰেই একে দেখাত যদিও এই গাঁওখন এক আচৰিত ঘটনাৰ বাবে বিখ্যাত। ২০০৮ চনৰ মতে গাওঁখনত মুঠ ঘৰৰ সংখ্যা প্ৰায় ২০০০ | আৰু এই ২০০০টা পৰিয়ালত প্ৰায় ২৫০ টি যমজ সন্তানৰ যোৰা আছে। অৰ্থাৎ প্ৰায় ৫০০জন যমজ লোক। ভাৰত এনে এখন দেশ, য’ত যমজ সন্তানৰ হাৰ বহুত কম, ১০০০ জনৰ ভিতৰত মাত্ৰ ৯জন। তেনেক্ষেত্ৰত এই গাঁওখনত এই হাৰ ১০০০ জনৰ ভিতৰত প্ৰায় ৪৫জন। অৰ্থাৎ ৫ গুণ বেছি। তথ্যমতে তাত আটাইতকৈ পুৰণা যমজ সন্তান জন্ম হৈছিল ১৯৪৯ চনত। আৰু এতিয়া প্ৰায় প্ৰতিটো পৰিয়ালতেই এযোৰকৈ হলেও যমজ সন্তান পৰিলক্ষিত হয়েই। সংগ্ৰহ কৰা তথ্যৰ পৰা পোৱা মতে প্ৰতি বছৰে এই সংখ্যা বাঢ়িহে আহিছে। হয়তো এই আচৰিত পৰিঘটনাৰ বাবেই ২০০৮ চনত কোদিন্থী গাঁৱৰ ৩০টা যমজৰ গোট আগবাঢ়ি আহি পৃথিৱীৰ প্ৰথমটো ‘The Twins and Kins Association’ৰ জন্ম দিয়ে।

 এই আচৰিত ঘটনাক অধ্যয়ন কৰিবৰ বাবে ভাৰত, জাৰ্মানী, ইংলেণ্ডৰ কেইবাজনো গৱেষক মিলিত হৈ যমজ সন্তানক অধ্যয়ন কৰিবলৈ আহিছে আৰু

তেওঁলোকে সন্তনসমূহৰ চুলি, লেলাউতি অদিৰ অধ্যয়ন কৰিছে যদিও বিশ্বাসযোগ্যভাবে

( ৰহস্যময় ভাৰত।) ৪২