পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আৰু সেইবাবেই হয়তো তেওঁৰ এই পুনৰ্জন্ম হৈছিল। শান্তি দেৱীৰ মৃত্যু ১৯৮৭ চনৰ ২৭ ডিচেম্বৰত হয়।

 সঁচাকৈয়ে মৃত্যুও এক আচৰিত শিল্প। মানুহৰ ইমান দিনৰ জ্ঞান-জিজ্ঞাসাক ঠেলি আঁতৰ কৰি পেলাব পাৰে এই মৃত্যুয়ে। আমাৰ সমষ্ট জীৱনৰ জ্ঞান আহি এই মৃত্যুৰ মুহূৰ্তটিত থমকি ৰয়। কোনে জানে কিমান কি হৈ থাকে আমাৰ পৃথিৱী নামৰ সৰু যে গোলকটিত। কি দৰে এই পুনৰ্জন্ম হৈছিল, কেনেকুৱা ধৰণৰ শক্তিয়ে কাম কৰিছিল তাত! বিজ্ঞানে কেতিয়াবা এনে প্ৰশ্নৰ উত্তৰ দিব পাৰিব নে? নে আমি ভাবি লোৱা কথা হে এইবোৰ? আমি সঁচকৈয়ে সাৰ পাই আছো নে? নে সঁচা বুলি ভাবি আমিও এক টোপনিৰ দৰে কিবা মায়াজালত সোমাই আছোঁ? ভাবি পাৰ নোপোৱা কথা! কি ঠিক হয়তো আপোনাৰ অৱচেতন মনটোৱেও এই মুহূৰ্তত আগৰ জীৱনটোৰ কথা ভাবি আছেই বা!

 মৃত্যুৰ বিষয়ে আজিলৈকে বহু জনে বহুখিনি লিখিছে। এই লেখাটিত মৃত্যুৰ বিষয়ে লিখাৰ পিছত এই অভাজনেও কবিতা এটি দিয়াৰ লোভ সামৰিব নোৱাৰিলে। কবিটাটি অমুকাই লিখা নহয়, বিশ্বনাথ চাৰিআলিৰ হাটখোলাত অৱস্থিত এখন পান দোকান মালিক খোকন পৰ্বত ডাঙৰীয়াই লিখা। তেখেতৰ কবিতাও তেখেতে বনোৱা পানৰ দৰেই সকলোপিনৰ পৰা উত্তম।

হে— ‘মৃত্যু’ তুমি কি সুন্দৰ

হে — ‘মৃত্যু’ তুমি কি সুন্দৰ,
শিল্পীৰ শিল্পকলাৰ ৰূপান্তৰ।
শান্ত শীতল --নিথৰ দেহা মোৰ,
তাৰ মাজত ঘন ঘোৰ অন্ধকাৰত যেন জোনাকী পখিলাৰ তিৰবিৰনিৰ এফাল পোহৰ।
‘মৃত্যুদূত’ হৈ নতুন আশাৰ বাটত জীৱনক খোজ কৰোৱা,
বিলাই দিয়া মোৰ শৰীৰৰ সকলো তত্ত্ব,
তৰ্কৰহিত জীয়াতু প্ৰশ্ন।
সৰ্বাত্মিক সাধনা হৈ পৰে ‘মৃত্যুৰ’ ভাৱনা,
তথাপি তোমাক ভয় কৰে অজ্ঞানী সবে,
ভালপাওঁ মই তোমাক জন্মলগ্নৰ মহাৰথী ৰূপে।
তোমাৰেই বোকোছাত উঠি পাৰি দিলো সংসাৰ সাগৰ,
স্তব্ধহীন যাত্ৰা, অন্তহীন যাত্ৰী—
কত মায়া, কত জ্বালা, কত আশা, স্বপ্নৰ বুৰবুৰণি।
-

(ৰহস্যময় ভাৰত।) ৩১