পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰহস্যময় ভাৰত

সেই ছবিখন যি খন দেখিলেই প্ৰথমতেই আমাৰ মনলৈ এজন আধুনিক মহাকাশচাৰীৰ কথা হে মনলৈ আহিব, অথবা নাজকা সমভূমিত থকা শাৰীবোৰ, যিবোৰ দেখিলে আধুনিক বিমান বন্দৰৰ দৰে লাগে অথবা বলিভিয়াৰ টিয়াহোৱানাকোত থকা দেৱালখন, খোদিত কৰি থোৱা কেলেণ্ডাৰখন যি খনৰ পৰা চন্দ্ৰৰ অৱস্থান গম পোৱাৰ লগতে পৃথিৱীৰো গতিৰ কথা গম পাব পাৰি, অথবা তাতে পোৱা দা গ্ৰেট আইডল, ইজিপ্তৰ দা গ্ৰেট পিৰামিড, মায়ান সকলৰ মহাকাশ পৰ্যবেক্ষণ কৰিবৰ বাবে সজা মন্দিৰবোৰ, ইষ্টাৰ দ্বীপত থকা সেই শিলত ইমান অতুলনীয়ভাবে কাটি উলিওৱা ৩৩ ৰ পৰা ৬৬ ফুট ওখ আৰু প্ৰায় ৫০ টন ওজনৰ য'ত ত'ত সিঁচৰতি হৈ থকা বিশালকায় মূৰ্তি বোৰ অথবা ভাৰতৰ ইতিহাসত কৈ যোৱা উৰণীয়া যানসমূহৰ কথা এই সকলোবোৰেই আমাক এটা কথাই সোঁৱৰাই আহিছে, যে আমি আমাৰ অতীতটোক চোৱাৰ ধৰণ সলনি কৰিবলৈ হ’ল। সেয়েহে এই বিষয়টোৰ গুৰুত্ব বুজি প্ৰথম বাৰৰ বাবে এৰিক ৱন দেনিকেনে (Erichvon Danniken) প্ৰথমবাৰৰ বাবে মানৱ ইতিহাসত এনে তথ্য সন্নিৱিষ্ট কৰি ১৯৬৮ চনত CHARIOTS OF GODS কিতাপখন লিখে। বৰ্তমান এই বিষয়টোক PSEUDOARCHAEOLOGY বুলি কোৱা হয়। Pseudoarchaeology ত কোনো এটা তত্ত্ব নাই, সম্পূৰ্ণ বিষয়টোৱেই সৰু সৰু বহু তত্ত্বৰে সন্নিৱিষ্ট। ইয়াৰ মুখ্য পথভ্ৰষ্টা বুলি ক'লে আমি এৰিক ৱন দেনিকেন (Erich VonDanniken) আৰু গ্ৰাহাম হেনকককেই(Graham Hancock) বুজোঁ। সাধাৰণ অৰ্থত ক'বলৈ গ'লে চলিত পুৰাতত্ত্ব বিজ্ঞানৰ পৰা ফালৰি কাটি আহি আমাৰ অতীতৰ পৰা উদ্ধাৰ কৰা সম্পদৰাজিৰ বিশেষণাত্মক অধ্যয়নক বুজায় যি বিশ্ষেণে কয় যে এই সম্পদসমূহ আমাৰ পূৰ্বজসকলে তেওঁলোকৰ বাবে নিৰ্মাণ কৰা নাছিল, এইখিনি নিৰ্মাণ কৰিছিল তেওঁলোকে অন্য গ্ৰহৰ বাসিন্দাসকলৰ সহায়ত আৰু তেওঁলোকেই আমাক বিজ্ঞানৰ আৰু প্ৰযুক্তিবিদ্যাৰ জ্ঞান দিছিল। আমি আজি যাক দেৱতা বুলি কওঁ, যাক ভগৱান বুলি মানো, তেওঁলোক কোনো অন্য গ্ৰহৰ কোনো উন্নত প্ৰজাতিৰ বাদে আন কোনো নহয়, যিয়ে আমাক বহু আগতেই আহি বহু জ্ঞান দিছিল। হয়, এনে ধৰণৰ কথাবোৰ শুনিবলৈ আচহুৱা যেন লাগে, কল্প-বিজ্ঞান কাহিনীৰ দৰে লাগে। কিন্তু পুৰাতত্ত্ব বিজ্ঞানৰ দ্বাৰা যিবোৰ ভাস্কৰ্য্য আৰু অন্যান্য বস্তু উদ্ধাৰ হৈছে, সেয়া যদি আমি ভালদৰে পুংখানুপুংখ ভাবে অধ্যয়ন কৰোঁ, তেন্তে আমাৰ বাবে এই বিষয় কোনোফালৰ পৰাই অচিনাকি হৈ নাথাকিব। কেৱল পুৰাতত্ত্ব বিজ্ঞানেই কিয়, ইতিহাসৰ প্ৰতিটো ধৰ্মৰেই যি গ্ৰন্থ আছে, তাতে ইয়াৰ বিৱৰণ আছে। মহাভাৰত, বেদ, কোৰান, বাইবেলকে ধৰি এনে বহু গ্ৰন্থ পৃথিৱীৰ চুকে-কোণে সিঁচৰতি হৈ আছে, য'ত আকাশৰ পৰা অহা এনে ভগৱানৰ বিৱৰণ দিয়া আছে। উদাহৰণস্বৰূপে “And God said, let us make man in

our image, after our likeness" জেনেছিচ ১:২৬ ত আমি পঢ়িবলৈ পাওঁ।

(ৰহস্যময় ভাৰত) ৫২