খুটা নহোৱা ঘৰ—বৰা ইমামবাৰা
মানুহৰ এক মৌলিক প্ৰয়োজন হ'ল বাসস্থান। সেইবাবেই মানুহে ঘৰ সাজি বাস কৰিবলৈ লৈছিল। আমি আজিও বিভিন্ন ধৰণৰ ঘৰ দেখিবলৈ পাওঁ। কিন্তু লক্ষ্নৌত থকা এই ঘৰটোৰ কথা আকৌ সুকীয়া। এটা বিশাল ঘৰ কল্পনা কৰকচোন, য'ত এটাও খুটা নাই, বিশ্বাস কৰিবনে? নকৰাটোৱেই, স্বাভাবিক। খুটা নোহোৱাকৈ এটা সৰু ঘৰেই সজা দিগদাৰ হয়, তেনেস্থলত এটি বিশাল মহল! কিন্তু এই অসম্ভৱ কাম সম্ভৱ কৰি উলিয়াইছিল ১৭৮৪ চনৰ অৱধৰ নবাব আচাফ—উদ—দৌলাই। আৰু নাম দিছিল বড়া ইমামবাৰা। বড়া মানে হ’ল ডাঙৰ আৰু ইমামবাৰা মানে হ’ল মুছলমান সকলৰ আল্লাক নাম লোৱা প্ৰাৰ্থনা ঘৰ। ১৭৮৫ চনত যেতিয়া অৱধত দুৰ্ভিক্ষ হৈছিল, তেতিয়া সাধাৰণ জনসাধাৰণৰ পৰা ধনী লোকসকলো বহু কষ্টত ভুগিছিল। ঠিক তেনে সময়তেই নৱাব অচফ—উদ—দৌলাই এই বড়া ইমাম বাৰা সজাবলৈ ঠিক কৰিছিল যাতে মানুহবোৰে ইয়াত কাম কৰাৰ যোগেদি কৰ্ম সংস্থাপন পাব পাৰে। তেওঁ আটাইতকৈ ভাল স্থাপত্যবিদ সকলক মাতিছিল আৰু লক্ষ্ণৌত এক বিশাল প্ৰাৰ্থনা ঘৰ সাজিবলৈ কৈছিল। কিফায়তোল্লাহ নামৰ দিল্লীৰ স্থপতিজনৰ অংকন বাছনি কৰা পিছতেই এই বড়া ইমামবাৰা সজাৰ কাম আৰম্ভ হৈছিল। নৱাবে প্ৰায় ২০, ০০০ মানুহক এই কামৰ যোগেদি কৰ্মসংস্থাপন দিছিল। সাধাৰণ মানুহসকলে দিনত কাম কৰিছিল, সম্ৰান্ত আৰু অভিযন্তা সকলে ৰাতি কাম কৰিছিল, ইয়াৰ উদ্দেশ্য দুটা আছিল-যাতে তেওঁলোকৰ এই নিৰ্মাণ কৌশল বাহিৰত জনাজাত নহয়, আৰু সকলোৱে কৰ্মসংস্থাপন পায়। কিয়নো ১০ বছৰ চলা এই দুৰ্ভিক্ষত বহু মানুহ মৰিলেহেঁতেন খাবলৈ নাপায়, যদিহে নৱাবে এই অভিনৱ পন্থা হাতত নললেহেঁতেন। গোটেই মহল সজা ১৭৯১ চনত শেষ হৈছিল আৰু মুঠ খৰচ হৈছিল প্ৰায় আধাৰ পৰা এক মিলিয়ন টকা।
বড়া ইমামবাৰাৰ গঠন শৈলী সঁচাই অদ্ভুত। ৫০ মিটাৰ দীঘল, ১৬ মিটাৰ বহল আৰু ১৫ মিটাৰ ওখ এই বিশাল ইমামবাৰাত দেখা নাযায় এটাও খুটা। কেৱল