পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰহস্যময় ভাৰত


যাদুকৰী শিল

 মুম্বাইৰ পৰা প্ৰায় ১৮০ কিলোমিটাৰ দূৰত এখন গাওঁ আছে, নাম হ'ল শিৱপুৰ। প্ৰায় ৬০০ বছৰ আগতে এইখন গাঁৱতে মুছলিম সম্প্ৰদায়ৰ এঘৰ মানুহৰ তাত এটা ল'ৰাৰ জন্ম হ’ল, ঘৰৰ মানুহে নাম ৰাখিলে কমৰ আলী। ককায়েকহঁততকৈ খীন-মীণ এই ল'ৰাজনক সকলোৱে লাজ দিছিল। এখন ঘৰ, যত সকলোৱে শাৰীৰিক শক্তিক বেছি গুৰুত্ব দিয়ে সেইখন ঘৰত এনে ঠাণ্ডা, শাৰীৰিকভাবে দুৰ্বল ল'ৰা এজনক ঠাট্টা মস্কৰা কৰাটো স্বাভাবিক। কমৰ আলীৰ মনোযোগ শাৰীৰিক দিশতকৈ আধ্যাত্মিক দিশত বেছি আছিল। ৬ বছৰ বয়সতেই তেওঁলোকৰ ঘৰৰ ওচৰতে বসবাস কৰা চুফী সন্ন্যাসী এজনৰ শিষ্য হৈ পৰিছিল। তেওঁ সময়খিনি ধ্যান আৰু উপবাস কৰিয়েই পাৰ কৰিছিল। অতি কম সময়তেই বেলেগ মানুহৰ কষ্ট নিৰাময় কৰিব পৰা হোৱা বাবে তেওঁৰ ওচৰলৈ বহু মানুহ আহিবলৈ লৈছিল। কমৰ আলী পিছে বহু কম সময়তেই মৃত্যু মুখত পৰিছিল। তেওঁৰ মৃত্যুৰ সময়ত তেওঁ ৭০ কেজি ওজনৰ এটা শিল তেওঁৰ মৃত্যুৰ ঠাইৰ ওচৰত থবলৈ কৈ গৈছিল যে যদিহে ১১জন মানুহে সোঁ হাতৰ (index) তৰ্জনী আঙুলি শিলটোৰ তলত থয় আৰু একেলগে কমৰ আলীৰ নাম লয়, তেন্তে শিলটো অনায়াসে উঠাব পাৰিব। কিন্তু অন্য কোনো প্ৰকাৰেই এই শিলটো মাটিত কৈ ২ ফুটত কৈ ওপৰত উঠাব নোৱাৰিব। ইয়াৰ যোগেদি তেওঁ পৃথিৱীবাসীক ক'ব বিচাৰিছিল যে আধ্যাত্মিক শক্তিতকৈ কোনো শক্তিয়েই ডাঙৰ নহয়।

 সঁচাকৈয়ে আজিও সেই কথাই আখৰে আখৰে পালন হৈ আহিছে। সেই অদ্ভুত যাদুকৰী শিল চাবলৈ কিমান মানুহ গৈছে হিচাপ নাই, বহু গৱেষকেও নিজে পৰীক্ষা কৰি চায়ো একো কাৰণ উলিয়াব পৰা নাই। শিলটোক কোনো মহিলাক চুবলৈ দিয়া নহয়। যিহেতু কমৰ আলী কুমাৰ হৈ থাকোঁতেই ঢুকাইছিল, সেয়েহে সেই কুমাৰত্ব

(ৰহস্যময় ভাৰত) ১৪