পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰহস্যময় ভাৰত


অমূল্য ইতিহাসৰ কথা চিন্তা নকৰি মানুহৰ বিশ্বাসৰ, আমাৰ সেই প্ৰাচীন ইতিহাসৰ ব্যৱসায় কৰিছে। আৰু আমাৰ আইন ব্যৱস্থাও ইমানেই দুৰ্বল যে ইমান বছৰ বাগৰাৰ পিছতো আজিলৈকে মন্দিৰটোত ঘটি থকা দুষ্কাৰ্যবোৰ সম্পূৰ্ণৰূপে ৰোধ কৰিব পৰা নাই।

 ইমানখিনি মূল্যৱান সামগ্ৰী, ইমান এক বিচিত্ৰ ইতিহাস। সাঁচিপাতত সেই সম্পদসমূহ ক'ৰ পৰা আহি কোনে দিয়া সকলোখিনি লিখি থোৱা হৈছে, যিখিনি আজিলৈকে কোনেও ভালদৰে বিশ্লেষণ কৰা নাই। ৰজাৰ পৰিয়ালৰ মানুহসকলে আৰু তাৰ পুৰোহিতসকলেও সেইখন দৰ্জা খোলাৰ বিৰুদ্ধে মাত দিয়ে, খুলিবলৈ চেষ্টা কৰিলেই সমগ্ৰ ৰাজ্য ৰোষত পৰিব বুলি কয়, চেষ্টা কৰা সকলো সৰ্প দংশনৰ পৰা পলাই আহিব লগা হয়! জীৱনক লৈ হেতালি খেলিবলগীয়া হোৱা ঠাইখনৰ বিষয়ে আমি আজিৰ দিনতো ভালদৰে যুক্তিৰে অধ্যয়ন কৰিবলৈ নোপোৱাটো কিমান দুৰ্ভাগ্যজনক হব পাৰে ভাবি চাওকচোন। ইতিহাস আমাৰ অতীত। অতীত আমাৰ বাবে সাঁচি থৈ যোৱা মূল্যবান জ্ঞান, গতিকে

এই ইতিহাস বিকৃত কৰাৰ চেষ্টা নকৰি আমি যিমান পাৰি আমাৰ অতীতৰ পৰা শিকিবলৈ চেষ্টা কৰা উচিত। আজিৰ দিনলৈকে আমি সেইখন দৰ্জাৰ পিছফালে কি আছে নাজানো, তাত থকা সকলৰ মতে আগৰ দুৱাৰকেই খনো খুলিব নালাগিছিল। প্ৰবাদমতে, তাৰে এটি কোঠালিত মূৰ্তি এটা শূন্যত ভাসমান অৱস্থাত আছিল। কিন্তু দৰ্জাখন খুলি যেতিয়াই পুৰোহিতসকলে চফা কৰিবলৈ ল'লে কোঠালিটো, তেতিয়াই মূৰ্তিটো পৰি ভাঙি চুৰমাৰ হৈ গৈছিল। এতিয়া এই প্ৰবাদটিৰো দুই ধৰণৰ বিশ্লেষণ থাকিব পাৰে—এক, ক'ব পাৰি এইটো প্ৰবাদ মনেসজা, অন্ধবিশ্বাস, বা মানুহৰ মুখে মুখে বাগৰি আহি এনেকুৱা কিবা এটা মানুহে সাজি পেলালে! দুই, নহ'লে ক'ব পাৰি, হয়তো তেনেকুৱা কিবা এটা আছিল, আৰু কিবা আন কাৰণত ভাঙি গ’ল। প্ৰচলিত বিজ্ঞানৰ দৃষ্টিৰ পৰা চালে বস্তু এটাক শূন্যত ওলোমাই ৰখাটো অসম্ভৱ। কিন্তু কাৰিকৰী জ্ঞানৰ বলত সেইটো পৰীক্ষামূলকভাবে সম্ভৱ। সকলো পিনৰ পৰা প্ৰয়োজনীয় চাপ আৰু শক্তি পাই থাকিলে এক বিশেষ সংযোজনৰ দ্বাৰা এনে কাম পৰীক্ষামূলক ভাবে আমি বৰ্তমান কৰিব পৰা হৈছোঁ। তেন্তে আজিৰ পৰা ইমান বছৰ

পূৰ্বে, যি মন্দিৰত সমগ্ৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি সম্পদ এতিয়ালৈকে

( ৰহস্যময় ভাৰত। )৪৬