পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

খুলিব নোৱাৰা দুৱাৰ খন

 এখন দৰ্জাৰ কথা কল্পনা কৰকচোন, যিখন খুলিব নোৱাৰি, আচৰিত হৈছে নহয়নে? হয়, দক্ষিণ ভাৰতৰ কেৰেলাৰ তিৰুৱনন্তপুৰমত থকা এটি মন্দিৰৰ নাম হ'ল পদ্মনাভস্বামী মন্দিৰ। কেৰেলা আৰু দ্ৰাৱিড়িয়ান শৈলীত নিৰ্মিত এই মন্দিৰটোৰ সাংঘাতিকভাবে বিশেষ। মন্দিৰৰ পৰা পোৱা তথ্যৰ মতে এই মন্দিৰটো কলিযোগ আৰম্ভ হোৱাৰ ৯৬৪ দিন পিছত দিৱাকৰ মুনিৰ দ্বাৰা নিৰ্মিত হৈছিল। মন্দিৰটোৰ কেবাটাও নামৰ ভিতৰত ‘সোণৰ মন্দিৰ’টো উল্লেখযোগ্য। অন্য বহু আখ্যানৰ মতে কেৱল এই মন্দিৰ টোৱেই নহয়, গোটেই চহৰ খনেই প্ৰাচীৰ বোৰেই সোণেৰে নিৰ্মিত আছিল বুলি ক'ব পাৰি। এই মন্দিৰটো পৃথিৱীৰ ভিতৰত এতিয়ালৈকে উদ্ধাৰ হোৱা স্থানসমূহৰ ভিতৰত আটাইতকৈ ধনী পূজা কৰা স্থল বুলি গণ্য কৰা হয়।

 প্ৰথমে এই মন্দিৰটোত প্ৰথমে ৬টা ভল্ট আছিল বুলি ভবা হৈছিল আৰু লিখিত সুবিধাৰ বাবে এই ভল্টসমূহক A, B, C,D,E, আৰু F নামেৰে নামাংকিত কৰা হৈছিল। পিছলৈ আৰু দুটা ভল্টৰ বিষয়ে জনা হয় আৰু সেই দুটাক G, H নাম দিয়া হয়। C,D,E, F এই ভল্টকেইটা মন্দিৰৰ পূজাৰীসকলৰ দ্বাৰা বছৰটোৰ বিভিন্ন সময়ত অতি কমেও ৮ বাৰ খোলা হয় আৰু তাত থকা সম্পদসমূহ মন্দিৰৰ বিভিন্ন কামত ব্যৱহৃত হয়। বিশ্বাসমতে ভল্ট G আৰু H বহু শতিকাৰ বাবে বন্ধ অৰস্থাত আছিল, কিন্তু, ১৮শ শতিকাৰ শেষৰ ভাগলৈ খোলা হৈছিল আৰু তাত থকা সম্পদসমূহ নিৰ্ণয়কৰণ কৰা হৈছিল। ছুপ্ৰিম কোৰ্টৰ নিৰ্দেশ অনুসাৰে ২০১১ চনৰ ৩০ জুনত ভল্ট

A খোলা হয়। লোহাৰ গ্ৰিল খোলাৰ পিছত এখন কাঠৰ দৰ্জা আৰু তাৰ পিছত গ্ৰেনাইটৰ

(ৰহস্যময় ভাৰত।) ৪৪