পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দুয়োজনকে ভগৱানে আগতে আহি কৈছিল,

দুয়োটা কাহিনীতেই পৃথিৱীৰ পৰা সমগ্ৰ মানব জাতি শেষ হৈ যোৱা দেখুৱাইছে,

জীৱ-জন্তুবোৰ বেলেগ কৈ নাওত ভৰোৱা হৈছিল যাতে পৃথিৱীত পুনৰ আকৌ জীৱনে পোখা মেলিব পাৰে,

বানৰ পিছত নাও দুইখনেই ওখ পৰ্বতত থোৱা হৈছিল,

আজিৰ মানৰ জাতি মনু বা নোৱাৰ বংশধৰ॥

  শাব্দিক অৰ্থৰ পৰা চালে দেখা যায়, মানৱ শব্দটো মনুৰ পৰা অহা, man শব্দটোও একে সংস্কৃত শব্দ মনুৰ পৰা অহা। আকৌ অন্য এটা সংস্কৃত শব্দ ‘মানুষ’ Swedish শব্দ ‘manniska’ৰ সৈতে বহু পৰিমাণে জড়িত। দুয়োটা শব্দই মানৱ জাতিকে বুজায়। একে ধৰণৰ উদাহৰণ ইজিপ্তৰ Menes, Minos, জাপানৰ Maru, Sioux ভাষাৰ Minne ইত্যাদিত পোৱা যায়।

  এই দুয়ো বিখ্যাত ইতিহাস ভাগ্যক্ৰমে মিল হৈছে বুলি ভাবিব নোৱাৰি। কোন আছিল সেই ভগৱান ৰূপী সত্ত্বা! প্ৰলয়ংকাৰী বানৰ বিষয়ে কি দৰে তেওঁলোকে আগতেই জানিছিল? নে তেওঁলোকেই সেইবানৰ সৃষ্টি কৰিছিল? মানৱ জাতিক মানুহ হোৱাৰ, জীৱ শ্ৰেষ্ঠ হবলৈ দিয়া জ্ঞানৰ পিছতো মানুহে কুকৰ্ম কৰিবলৈ এৰি নিদিয়াৰ বাবেই নতুন কৈ মানুহৰ সৃষ্টিৰ বাবেই আছিল নে এই প্ৰলয়? নে সমগ্ৰ মানব জাতি অন্য কোনো সত্ত্বাৰ অধীন হৈ কৰি থকা এক পৰীক্ষাৰ হে ফলাফল?

  আমাৰ ইতিহাস সঁচাকৈয়ে ভবাতকৈ বেছি পাকলগা।

তথ্য সংগ্ৰহ―

https://en.wikipedia.org/wiki/Shraddhadeva_Manu

https://en.wikipedia.org/wiki/Manu_(Hinduism)

https://www.themysteriousindia.net/similarities-noahs-ark-manus-boat/

http://decodehindumythology.blogspot.com/2012/04/manu-first-man.html

https://onartandaesthetics.com/2016/03/02/manu-and-matsya/

https://www.ancient-origins.net/human-origins-religions/startling-similarity-between-hindu-flood-legend-manu-and-biblical-020318

https://creation.com/noahs-flood-and-the-gilgamesh-epic

https://www.britannica.com/topic/Manu

◀ ৰহস্যময় ভাৰত ▶ ৪১