পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এই পৰিঘটনাৰ একো কাৰণ দৰ্শাব পৰা নাই। বৰ্তমানেও CSIR, Hyderabad ৰ Centre for Cellular and Molecular Biology; Kerala University of Fish- eries & Oceanic Studies (KUFOS), Kochi: Institute of Tropical Medi- cine at the University of Tubingen, Germany, and the University Col- lege, London ৰ ১২ জন বিজ্ঞানীৰ এটা দলে এই ঘটনাৰ ওপৰত গৱেষণা কৰি আছে। হয়তো এইবাৰ এই আচৰিত পৰিঘটনাৰ ব্যাখ্যা ওলাবও পাৰে। এতিয়াও বহুতে ভাৱে এই ঘটনাৰ কাৰণ হয়তো সেই ঠাইৰ বতাহত বা পানীত পোৱা কিবা পদাৰ্থ। কিন্তু আচৰিত কথাটো এয়ে যে, এই ঠাইৰ পৰা দূৰলৈ বিয়া হৈ যোৱা মহিলাৰ ক্ষেত্ৰতো এনে পৰিঘটনা দেখা গৈছে। হয়তো জেনেটিক কাৰণ থাকিব পাৰে ঘটনাটিৰ লগত, এক কথাত ক'বলৈ গ'লে জেনেটিক বৈষম্য। বহু ক্ষেত্ৰত এনেকুৱা আন ঘটনা বিভিন্ন জীৱ-জন্তুৰ লগত হোৱা দেখা যায়। সাধাৰণতে এনে জেনেটিক আঁসোৱাহ কেইটিমান প্ৰজন্মৰ পিছত ঠিক হৈ যায়, অথবা কমি হে আহে। কিন্তু এই ক্ষেত্ৰত চাবলৈ গ'লে যমজৰ সংখ্যা বাঢ়িহে আহিছে। কেতিয়ালৈ এই ঘটনাৰ ওৰ ওলায় হয়তো কোনেও ক’ব নোৱাৰিব, কিন্তু এনেবোৰ আচৰিত পৰিঘটনায়েই বিজ্ঞানক নতুন কিবা এটাৰ সন্ধান দিবলৈ সক্ষম হয়।

তথ্য সংগ্ৰহ⸺

https://www.thenewsminute.com/article/kodinhi-kerala-village-400-pairs-twins-continues-be-mystery-researchers-61083

https://mysteriousuniverse.org/2014/07/the-mysterious-village-of-twins/

https://www.telegraph.co.uk/news/newstopics/howaboutthat/5306898/Indian-village-with-250-sets-of-twins.html

https://en.wikipedia.org/wiki/Kodinhi

https://www.livescience.com/16469-twins-countries-twinning-rates.html

https://www.amazingworldreality.com/2018/01/the-tale-of-twins-at-kodinhi-kerala.html

https://www.thehindu.com/news/national/kerala/Science-turns-lens-on-Kodinhi-twins-mystery/article16082582.ece

https://www.dailymail.co.uk/news/article-1180544/Twin-town-The-Indian-village-220-sets-twins-doctors-baffled.html

■ৰহস্যময় ভাৰত।৪৩■