পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কংকালৰ হ্ৰদ


 সাগৰপৃষ্ঠৰ পৰা ৫,০২৯ মিটাৰ ওপৰত ট্ৰেকিং কৰিবলৈ গ'লে সাধাৰণতে কেনে ধৰণৰ মন এটা লৈ যোৱা হয় বাৰু? ইমান ওপৰত কোনোবাই কংকালৰ হ্ৰদ এটা দেখিবলৈ পাম বুলি ভাবিব নে? নিশ্চয় নাভাবে। কিন্তু সঁচাকৈয়ে এই কংকালৰ হ্ৰদ আছে। উত্তৰাখণ্ড ৰাজ্যৰ চামলি জিলাত সাগৰপৃষ্ঠৰ পৰা ৫, ০২৯ মিটাৰ ওপৰত হিমালয়ত এই ৰূপ কুণ্ড হ্ৰদ আছে। কিন্তু এই নামতকৈ বেছি ই কংকাল হ্ৰদ বুলিহে জনাজাত। কেৱল ২ মিটাৰমান দ এই হ্ৰদটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল, কিয়নো যেতিয়া বৰফ গলিবলৈ লয়, তেতিয়া এই হ্ৰদটোৰ তলত দেখা পোৱা যায়, অলেখ মানুহৰ কংকাল!

 ১৯৪২ চনত এই হ্ৰদটোৰ কংকাল বোৰৰ বিষয়ে মানুহে গম পায়। যদিও প্ৰথমে ব্ৰিটিছসকলে এই কংকালবোৰ জাপানীসকলৰ বুলি ভাবিছিল, কিন্তু পিছলৈ কংকালবোৰ বহু পুৰণি বুলি গম পোৱাত সেই সন্দেহ নাইকিয়া হয়। তাত কেৱল কংকালেই উদ্ধাৰ হোৱা নাছিল, লগতে কাঠৰ বিভিন্ন বস্তু, জোতা, আঙুঠি ইত্যাদিকে ধৰি বিভিন্ন সামগ্ৰীৰো অৱশেষ উদ্ধাৰ হৈছিল। কংকাল বোৰৰ কিছুমানত মঙহো লাগি আছিল। বৰফৰ বাবে সেইবোৰ পচি যাব পৰা নাছিল।

 কংকালবোৰ কাৰ আছিল, সেই বিষয়ে বহুখিনি গৱেষণা আৰু DNA পৰীক্ষা কৰাৰ পিছত ২০০৪ চনত এই কথা পোহৰলৈ আহে যে সেই কংকালখিনি দুই ধৰণৰ মানুহৰ আছিল। কিছু আছিল অলপ চাপৰ মানুহ, যিসকল তাৰ স্থানীয় বাসিন্দা আছিল

আৰু বাকীখিনিত মহাৰাষ্ট্ৰৰ কংকানাষ্ঠা ব্ৰাহ্মণ সকলৰ চিন আছিল বুলি ঠাৱৰ কৰা

(ৰহস্যময় ভাৰত।) ১৬