পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পুনৰ্জন্ম — সঁচাইনে?

 পৃথিৱীখন আচৰিত ঘটনাৰে ভৰপূৰ। এনে আচৰিত ঘটনাবোৰৰে এটা হ’ল পুনৰ্জন্ম। অন্য ঠাইৰ তুলনাত এছিয়া মহাদেশত এই পুনৰ্জন্মৰ কাহিনী বেছিকৈ প্ৰচলিত। হিন্দু ধৰ্ম আৰু বৌদ্ধ ধৰ্মই পুনৰ্জন্মত বিশ্বাস কৰে, আনহাতে খ্ৰীষ্টান আৰু মুছলিম ধৰ্মই ইয়াক বিশ্বাস নকৰে। আমি সকলোৱে এনে বিভিন্ন কাহিনী শুনি আহিছো, কিন্তু আজিলৈকে গোটেই পৃথিৱীৰ বিজ্ঞ সমাজৰ দৃষ্টি আকৰ্ষণ কৰা পুনৰ্জন্মৰ কাহিনী বুলি ক'লে সকলোৱে শান্তি দেৱীৰ ফালেই আঙুলিয়াই দিব বিচাৰে। শান্তি দেৱীৰ জন্ম ঠাই? এই ভাৰতবৰ্ষই।

 শান্তি দেৱীৰ জন্ম হৈছিল ১৯২৬ চনৰ ১১ ডিচেম্বৰত, দিল্লীত। অন্য ছোৱালীৰ দৰেই দেখাত একেই আছিল যদিও তেওঁ ৪ বছৰ বয়সলৈকে বেছি কথা নকৈছিল। কিন্তু লাহে লাহে যেতিয়া তেওঁ কথা ক'বলৈ লৈছিল, তেতিয়া তেওঁ প্ৰায়ে তেওঁৰ আগৰ জন্মৰ গিৰিয়েক আৰু সন্তানৰ বিষয়ে কৈছিল। তেওঁ মথুৰাত থকা তেওঁৰ গিৰিয়েকৰ কাপোৰৰ দোকানখনৰ কথা কৈছিল আৰু নিজকে চ্চাউবাইন (চ্চাউবাইৰ ঘৈণী) বুলি কৈছিল। প্ৰথমে শান্তি দেৱীৰ মাক দেউতাকে বেছি ভবা নাছিল যদিও যেতিয়া খোৱা সময়ত হঠাৎ তেওঁ ‘মথুৰাত থাকোঁতে বেলেগ মিঠাই খাইছিলোঁ অথবা মাকে কাপোৰ পিন্ধা সময়ত তেওঁ নিজে মথুৰাত কি ধৰণৰ কাপোৰ পিন্ধিছিল সেই বিষয়ে ক’বলৈ লৈছিল আৰু আগৰ জন্মৰ বহু ঘটনাবোৰ বাৰে বাৰে কৈ থাকিবলৈ ল'লে তেতিয়া মাক দেউতাকে চিন্তিত হৈ তেওঁলোকৰ পৰিয়ালৰ ডাক্টৰজনক সকলো কথা বিৱৰি ক'লে। তেতিয়া লৈ শান্তি দেৱীৰ বয়স মাত্ৰ ৬ বছৰ হৈছিল। ডাক্টৰজনো আচৰিত হৈছিল কিয়নো ইমান সৰু ছোৱালীজনীয়ে চিজাৰিয়ানৰ বিষয়ে বহুখিনি তথ্য ক’ব পাৰিছিল। কথাখিনি আৰু গভীৰ হৈ পৰিছিল। ঘৰৰ মানুহ সকলে ভাবিবলৈ লৈছিল যে শান্তি দেৱীয়ে সঁচাকৈ নিজৰ অতীতৰ বিষয়ে জানিছিল। লাহে লাহে ডাঙৰ হৈ অহা শান্তি দেৱীয়ে মথুৰাৰ আগৰ ঘৰখনলৈ যাবলৈ বেছি কৈ জেদ ধৰিবলৈ লৈছিল। যিহেতু আমাৰ দেশত সেই সময়ত পত্নীয়ে নিজৰ পতিৰ নাম নলয়, সেইবাবে শান্তি দেৱীয়েও কেতিয়াও নিজৰ গিৰিয়েকৰ নাম লোৱা নাছিল। এদিন তেওঁলোকৰ দূৰৰ পৰিয়ালৰ দিল্লীৰ দৰয়াগঞ্জৰ ৰামজাজ বিদ্যালয়ৰ বাবু বিশ্বাচন্দ আহিছিল। তেওঁ শান্তি দেৱীক ক'লে যে যদি তেওঁক শান্তি দেৱীয়ে নিজৰ গিৰিয়েকৰ

নাম কয় তেন্তে তেওঁ শান্তিদেৱীক মথুৰালৈ লৈ যোৱাৰ ব্যৱস্থা কৰিব। শান্তি দেৱীয়ে

■ৰহস্যময় ভাৰত।২৮■