পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰহস্যময় ভাৰত


দিনৰ বাবে আৰু ২০১০ চনত ১৫ দিনৰ বাবে তেওঁক হস্পিতালত ৰখা হৈছিল। তেওঁক ৰখা কোঠাটো সকলাে পিনৰ পৰা বন্ধ আছিল আৰু কেমেৰাত ২৪ ঘণ্টাই তেওঁৰ ওপৰত নজৰ দি থকা হৈছিল। ২০১০ চনতাে তেওঁক ২২ এপ্রিলৰ পৰা ৬ মেলৈকে পৰীক্ষা কৰা হৈছিল। Indian Defence Institute ofPhysiology and Allied Sciences(DIPAS) আৰু অন্য কেইবাটাও প্রতিষ্ঠানৰ ৩৫জন গৱেষকে তেওঁৰ ওপৰত পৰীক্ষা কৰিছিল।

২০০৩ চনৰ পৰীক্ষাৰ বিৱৰণী তলত দিয়া ধৰণৰ -

প্রহ্লাদ জানীক ১৩ নৱেম্বৰৰ পৰা ২২ নৱেম্বৰ লৈকে ষ্টাৰলিং হস্পিতালত ৰখা হছিল। পৰীক্ষাৰ মূল বিষয় আছিল যে মাতাজীয়ে কোৱা ধৰণে ১০ দিন তেওঁ একো নােখােৱাকৈ, আৰু মল-মূত্র ত্যাগ নকৰাকৈ থাকিব পাৰে নে নাই। তেওঁক প্রথমে ১৩ আৰু ১৪ তাৰিখে ICUত ৰখা হৈছিল আৰু তাৰ পিছত গ্লাচ লগােৱা এটা ৰূমত ৰখা হৈছিল। ৰূমটোৰ লেট্রিন বাথৰূম বন্ধ কৰি থােৱা হৈছিল আৰু ২৪ ঘণ্টাই তেওঁৰ ওপৰত নজৰ ৰখা হৈছিল। প্রথম ৭ দিনৰ বাবে তেওঁ গা নােধােৱাকৈ আছিল car- diac, renal, neurological, urological, gastrointestinal, general medi- cal, pulmonological, ophthalmic, ENT, psychiatry আৰু অন্য পৰীক্ষাৰ বাবে।

 এই সকলাে বােৰৰ পৰীক্ষা কৰা হৈছিল। পৰীক্ষাৰ পৰা তেওঁৰ সকলােখিনি সাধাৰণভাবেই আছিল বুলি পােৱা গৈছিল। তেওঁ urine bladderৰপৰীক্ষা দুবাৰকৈ ১০টা আৰু ৬টা বজাত ultrasound প্রক্রিয়াৰে লােৱা হৈছিল। পৰীক্ষাৰ পৰা দেখা গৈছিল যে যদিও মূত্র জমা হৈছিল প্রথমত, কিন্তু লাহে লাহে মূত্র দ্বাৰে উলিয়াই নিদিয়া বাবে আকৌ শৰীৰে গ্ৰহণ কৰি লৈছিল। ৭ দিনৰ পিছত গা ধুবলৈ আৰু মুখ কুলি কৰিবলৈ পানী দিয়া হৈছিল কিন্তু প্রতি বাৰে গা ধােৱাৰ আগত আৰু মুখ কুলি কৰাৰ আগত আৰু পিছত পানীৰ পৰিমাণৰ জোখ লােৱা হৈছিল যাতে তেওঁ তাৰ দ্বাৰা পানী খাব নােৱাৰে। তেওঁৰ তেজৰ CBC, RFT, electrolytes, sugar and acetone ৰ পৰীক্ষা সদায় লােৱা হৈছিল।

তেওঁৰ পৰীক্ষাৰ পৰা পােৱা তথ্য সমূহ তলত দিয়া হ'ল।

পৰীক্ষাৰ তথ্যসমূহৰ পৰা দেখা পােৱা গ'ল যে তেওঁ ১০ দিন সম্পূৰ্ণৰূপে একো নােখােৱাকৈ আছিল। আৰু যদিও তেওঁৰ মূত্র জমা হৈছিল কিন্তু শৰীৰে সেয়া পুনৰ গ্ৰহণ কৰি লৈছিল। শৰীৰৰ বাবে এই বিষাক্ত পদার্থবােৰ কিদৰে আকৌ শৰীৰে গ্রহণ কৰাৰ পিছতাে তেওঁৰ শৰীৰ সাধাৰণ অৱস্থাত আছিল সেয়া বিজ্ঞানে আজিলৈকে উত্তৰ দিব পৰা নাই। পৰীক্ষাৰ পৰা তেওঁ যে সম্পূর্ণ সুস্থ আছিল তাৰ প্ৰমাণ পােৱা

গৈছিল।

(ৰহস্যময় ভাৰত।) ৪৯