পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সম্ৰাট অশোক আৰু তেওঁৰ ৰহস্যময়
৯ জন পণ্ডিত

 সম্ৰাট অশোকৰ নাম নুশুনা মানুহ হয়তো ভাৰতবৰ্ষতে নহয়, সমগ্ৰ পৃথিৱীতে বহু কম হে ওলাব। অশোকৰ কাহিনী সকলোৰে মুখে মুখে পৰিচিত। সম্ৰাট অশোক ২৭৩ B.C.ত সম্ৰাট হৈছিল। সকলোৱে জানে কিদৰে সেই বিখ্যাত কলিংগৰ যুদ্ধত প্ৰায় ১,০০,০০০ মানুহৰ মৃত্যু হৈছিল সম্ৰাট অশোকৰ বাবে, আৰু কি দৰে তেওঁ তাৰ পিছত সম্পূৰ্ণৰূপে সলনি হৈ বুদ্ধ ধৰ্ম অৱলম্বন কৰি সমগ্ৰ পৃথিৱীতে সুখ আৰু শান্তিৰ বাবে কাম কৰিছিল। সম্ৰাট অশোকৰ বিষয়ে বহুজনে বহু কথা লিখিছে যদিও ইয়াত H.G. Wells এ তেওঁৰ কিতাপ “Outline of World History”ত লিখা “ইতিহাসত লিপিবদ্ধ হৈ থকা হাজাৰ হাজাৰজন ৰজাৰ মাজত ৰজা অশোক সদায় অকলে এটি নক্ষত্ৰৰ দৰে জিলিকি থাকিব” কথাখিনি উল্লেখযোগ্য।

 ৰজা অশোকে নিজৰ সময়ত সমগ্ৰ দেশত আৰু দেশৰ বাহিৰতো সকলোৰে শান্তিৰ বাবে কৰা কামবোৰ উল্লেখযোগ্য। তেওঁ সঁচাই এজন বিদ্বান লোক আছিল, তেওঁ বুজি উঠিছিল যে মানুহৰ জ্ঞান, বুদ্ধিদীপ্ত চিন্তাবোৰ, বৈজ্ঞানিক আৰু প্ৰযুক্তি বিজ্ঞান এই সকলোবোৰ দুষ্টচক্ৰৰ হাতৰ পৰা সদায় আঁতৰ কৰি ৰখাটো উচিত, নহ'লে এই জ্ঞানৰ সহায়ত কোনে কেতিয়া কি কৰে ঠিক নাই, সেয়েহে তেওঁ লোকচক্ষুৰ আৰত ৯জন বিদ্বান লোকৰ এটা দল গঠন কৰিছিল। পৃথিৱীৰ ভিতৰতে এক শক্তিশালী কোনেও নজনা গোট। এই নজন বিদ্বান সদায় লোকচক্ষুৰ আঁৰত থাকিছিল আৰু সামাজিক ধৰণৰ কাম কাজবোৰৰ পৰা নিজকে আঁতৰাই ৰাখিছিল। তেওঁলোকক বহু কম মানুহে জানিছিল যদিও বহু গৱেষকে তেওঁলোক সঁচাকৈয়ে আছিল বুলি ভাবে।

 সৌ সিদিনা ১৯২৭ চনতহে ভাৰতত বৃটিছ পুলিচ হিচাপে ২৫ বছৰ কৰ্মৰত টালবত মোণ্ডিয়ে লিখা কিতাপ The Nine Unknown খনৰ যোগেদি সমগ্ৰ পৃথিৱীবাসীয়ে এই বিষয়ে গম পায় (ভাৰতৰে অতীতৰ কথা এজন বিদেশীয়ে লিখিছিল, যিটো এজন ভাৰতীয়ৰ বাবে এক লজ্জাজনক বিষয়)। কিতাপখনত মোণ্ডীয়ে এইটোও লিখে যে সেই নজন ব্যক্তিৰ প্ৰতিজনৰ হাততে এখন কৈ কিতাপ আছিল। প্ৰতিখন কিতাপেই সময়ৰ লগে লগে আকৌ লিখি, শুদ্ধ কৰি উন্নত কৰি থকা হৈছিল। নখন কিতাপৰ প্ৰতি খনেই এটা বিশেষ বিষয় সামৰি লৈছিল।

 প্ৰথম কিতাপখনত মনোস্তত্ব বিজ্ঞানৰ সকলো কথা সাঙুৰি লোৱা হৈছিল।

◀ ৰহস্যময় ভাৰত ▶ ৩৬