পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰহস্যময় ভাৰত

ইয়াত ভগৱানে ‘মই’ব্যৱহাৰ নকৰি ‘আমি’ৰ কিয় প্ৰয়োগ কৰিলে? আকৌ,“And it came to pass, when men began to multiply on the face of the earth. and daughters were born unto them, that the sons of God saw the daughters of men that they were fair; and they took them wives of all which theychose” – জেনেছিচ ৬:১-২; ইয়াত চাওকচোন, ভগৱানৰ সন্তান। ক'ৰপৰা আহিল? ঠিক তেনেদৰেই; “There were giants in the earth those days; and also after that, when sons of God came in unto the daugh- ters of men, and they bore children to them, the same became mighty men which were of old, men of renown"— জেনেছিচ ৬;৪;

ইয়াত আকৌ আমি ভগৱানৰ সন্তানৰ কথা পঢ়িবলৈ পালো, যিসকলে মানৱ স্ত্ৰীৰ লগত মিলিত হৈ অতিমানৱৰ সৃষ্টি কৰে। মহাভাৰততো আমি ইয়াৰ উদাহৰণ পাওঁ, পঞ্চ পাণ্ডৱৰ প্ৰতিজন পিতৃয়েই একো একোজন দেৱতা যাৰ বলতেই পাণ্ডৱসকল অন্য মানৱতকৈ বেছি শক্তিশালী। অথবা কৃষ্ণৰেই গাৰ বৰণ নীলা কিয় হয় কোনোবাই ক'ব পাৰে জানো? ইমানতেই এয়া জানো শেষ হৈছে? নাই হোৱা। আমি এনে বহু আখ্যান পাওঁ, যত হ'বলগীয়া ধ্বংসযজ্ঞৰ কথা কেইজনমান মুষ্টিমেয় লোকে আগতেই গম পাই যায় আৰু সেই দুৰ্যোগৰ পিছত তেওঁলোকেই আকৌ নতুনকৈ সকলোখিনি আৰম্ভ কৰে। যেনে ভাৰতৰ আটাইতকৈ পুৰণি কিতাপ “Sathapatha Brahmana” আৰু “Matsya Purana”ত উল্লিখিত ৰজা মনু, যিজনে সমগ্ৰ পৃথিৱীৰ মানৱ জাতিক সেই বৃহৎ বানপানীৰ পৰা বচাইছিল। তাত লিপিবদ্ধ হৈ আছে যে বিষ্ণুৰ মৎস্য অৱতাৰৰ পৰা আগতীয়াকৈ গম পোৱা বাবে তেওঁৰ আদেশতেই এখন বৃহৎ নাও সাজিছিল আৰু অন্য আঠজন সহযাত্ৰী, ঘৰুৱা জন্তু আৰু নবিধ গছৰ গুটিলৈ বিষ্ণুৰ সেই মৎস্য অৱতাৰৰ সহায়ত সেইবানপানীৰ পৰা বাচিছিল আৰু পৃথিৱীত আকৌ নতুনকৈ জীৱনৰ পাতনি মেলিছিল। মৎস্য পুৰাণত বিষ্ণুৱে উল্লেখ কৰা নাওত ল'বলগীয়া ভঁৰাল ঘৰৰ পৰিসৰ পৰ্য্যন্ত বৰ্ণনা দিছিল। ঠিক একেদৰেই আমি জেনেছিচৰ ১৯:১-২৮ত চ’দম আৰু গম’ৰৰাহত হোৱা ধ্বংসযজ্ঞৰ কথা পঢ়িবলৈ পাওঁ য'ত সকলোবোৰ কথা খুটি- নাটি মাৰি কোৱা হৈছে। সেই বিশেষ দিনটোৰ আগদিনাই দুজন দেবদূতে আহি ধৰ্মযাজক লটক আৰু তেওঁৰ পৰিয়ালক পিছদিনা হ'বলগীয়া ধ্বংসৰ কথা কয় আৰু তেওঁলোকক কয় ক’ত গৈ তেওঁলোকে নিৰাপদে আশ্ৰয় ল’ব পাৰিব।

 এনে বহু আখ্যান পৃথিৱীৰ অ'ত ত'ত সিঁচৰতি হৈ আছে, যিখিনি বিশ্লেষণ কৰিলে সকলোৰে চকু কপালত উঠিব।

 অতীতৰ কথা ক'লে ইজিপ্তৰ পিৰামিড আৰু মায়াসকলৰ কথা মনলৈ নহাকে।

নাথাকে। আমি সেই পিৰামিডৰ কথা সকলোৱেই জানো, কিন্তু আমি কিমানজনে

(ৰহস্যময় ভাৰত।) ৫৩