পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ওপৰত পৰিল, সম্পূৰ্ণ চহৰখনেই সন্ন্যাসী জনৰ শাপৰ বাবে ধ্বংসস্তুপলৈ পৰিণত হ’ল। অন্য এক আখ্যানমতে ভানগঢ়ৰ একালৰ ৰাজকুমাৰী আছিল ৰত্নাৱতী— যাৰ ৰূপে গুণে সকলোকে মোহিত কৰিছিল। ১৮ বছৰ হওঁতেই ৰাজকুমাৰীয়ে বহু ৰাজ্যৰ পৰা বিবাহৰ প্ৰস্তাৱ পাইছিল। সেইসময়তে সিংঘিয়া নামেৰে এজন তান্ত্ৰিক ৰাজকুমাৰীৰ প্ৰেমত মোহাচ্ছন্ন হ’ল। কিন্তু যেতিয়া তান্ত্ৰিকজনে বুজি উঠিল যে ৰাজকুমাৰী কোনোপধ্যেই তেওঁলৈ বিয়া নহয়, তেতিয়া তেওঁ চল কৰি ৰাজকুমাৰীক নিজৰ বশলৈ আনিবলৈ চেষ্টা কৰিলে। এদিন যেতিয়া তান্ত্ৰিকজনে ৰাজকুমাৰীৰ দাসী এজনীয়ে বজাৰত তেল লৈ থকা দেখিলে, তেতিয়া তেওঁ সেই তেলত ক'লা যাদু কৰিলে যাতে ৰাজকুমাৰীয়ে সেয়া চোৱাৰ লগে লগেই তান্ত্ৰিক জনৰ বশীভূত হৈ পৰে। ঘটনা ক্ৰমে ৰাজকুমাৰীয়ে সেই কথা গম পাই তেলখিনি মাটিত পেলাই দিলে আৰু সেই তেলখিনি এক শিললৈ ৰূপান্তৰিত হৈ তান্ত্ৰিক জনক মৃত্যু মুখত পেলালে। শিলৰ চেপাত গুৰি হৈ মৃত্যু মুখত পৰা আগত তান্ত্ৰিক জনে ভানগঢ় চহৰখন মৃত্যু হোৱাৰ শাও দি কৈ গৈছিল যে ভৱিষ্যতে ইয়াত আৰু কাৰো জন্ম নহয়। সেই ঘটনাৰ অলপ পিছতেই ভানগঢ় আৰু আজবগঢ়ৰ মাজত হোৱা এক যুদ্ধত ৰাজকুমাৰী ৰত্নাৱতীৰ মৃত্যু হয়। ইয়াৰ পিছৰ আখ্যানৰ মতে ৰাজকুমাৰীয়ে ক'ৰবাত পুনঃজীৱন লব আৰু আকৌ ভানগড় দুৰ্গলৈ উভতি আহিব। ভানগঢ় আজিও সেই দিনটোৰ বাবে ৰৈ আছে। আৰু সেইবাবেই তেতিয়া লৈকে দুৰ্গটোত নিশা ভূত-প্ৰেতে বসবাস কৰে বুলি বিশ্বাস কৰে। সেইটো কাৰণৰ বাবেই ৰাতি কোনো মানুহেই তাত থাকিবলৈ যাবলৈ নিদিয়ে।

  তাৰ মানুহে কোৱা মতে ৰাতি তাত কোনো থকাৰ সাহস কৰিব নোৱাৰে। এনেকুৱা বহু কাহিনী শুনিবলৈ পোৱা যায়, যত নিশা কটাবলৈ চেষ্টা কৰা মানুহে অলৌকিক শক্তি, চিঞৰ বাখৰ, অদ্ভুত গোন্ধ কিছুমান, যাক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি, তেনেকুৱা ধৰণৰ কিছু অনুভৱৰ কথা কৈছে আৰু পিছত ভয়ত নিজৰ জীৱন বচাই পলাবলৈ বাধ্য হৈছে।

  ভয়, ভূত-ভগৱান। এই শব্দ খিনিয়েই চিন্তাৰ খোৰাক দিয়ে। ইমানখিনি মানুহে বৰ্ণনা কৰা ঠাই এখন, য'ত আজি লৈকে নিশা কটোৱাৰ সাহস কোনেও কৰিব পৰা নাই, সেই ঠাই খনৰ বিষয়ে ভালদৰে অধ্যয়ন কৰিবলৈ কাৰ নো মন নাযাব? ভাবিয়েই শিহৰিত হৈ থকা ৰোমাঞ্চকৰ ঠাই ভানগড় দুৰ্গ। ভানগঢ় দুৰ্গত সঁচাই কোনোবা আছে নে নাই, ক'ব নোৱাৰি, কিন্তু ই সঁচাই এক চিন্তাৰ খোৰাক যে একবিংশ শতিকাতো এনে ঠাই আৰু এনে দুৰ্গ আছে যত চৰকাৰেও অলৌকিক কাৰণৰ বাবে ৰাতি যোৱাটোত নিষেধাজ্ঞা জাৰি কৰি থৈছে।

■◀ৰহস্যময় ভাৰত▶৩৪■