পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ধন্যবাদ আপোনালৈ...

মানৱ জীৱন **** ৰে পূৰ্ণ। সেই **** চিহ্নকেইটাৰ ঠাইত আমি কিমান যে শব্দ ব্যৱহাৰ কৰিব পাৰোঁ! অথচ তেতিয়াও আমি মনত শান্তি নাপাওঁ। সেইবাবেই হয়তো মানৱ জীৱন প্ৰশ্নৰে পূৰ্ণ বুলিলেহে মিলিব যেন লাগে। সঁচাই অনুসন্ধিৎসাৰে পূৰ্ণ এই মানৱ মন। প্ৰশ্নৰ উত্তৰ বিচৰাৰ তাড়নাতে আমি অতীজৰে পৰা জীৱন পাৰ কৰি আহিছোঁ। অথচ প্ৰতিটো উত্তৰে আমাৰ মনটোক আন হাজাৰটা প্ৰশ্নৰ মাজলৈ ঠেলিহে লৈ যায়। আমাৰ দেশখনো এনে অযুত প্ৰশ্নৰ এক সমষ্টি, যাৰ সিপাৰ দেখি যিমান ওচৰ যেন লাগে, সিমান দূৰলৈহে গুচি যোৱা হয়। এই দেশতে কিমান যে গুপুত কথা লুকাই আছে। সময় মন্দিৰৰ পৰা পৃথিৱীৰ আটাইতকৈ ধনী পূজাস্থললৈকে! পুনৰ্জন্মৰ পৰা কৃষ্ণৰ হৃৎপিণ্ড লৈকে! ভাবি আচৰিত লগা, অনুধাৱন কৰিলে নোম শিয়ৰি উঠা এনে ওনৈছটা সৰু বৰ প্ৰৱন্ধৰ সংকলন এই কিতাপ খনি। ঘটনাৰাজী অথবা স্থান সমূহত তেনেকুৱা কি হৈছে আৰু কিয় হৈছে তাৰ যথোপযোগী, বৰ্তমান লৈকে উপলব্ধ সকলো ধৰণৰ তথ্য সংগতি ৰাখি কিতাপখন লিখিবলৈ যত্ন কৰা হৈছে। একবিংশ শতিকাৰ এজন যুক্তিবাদী চিন্তাৰ ব্যক্তি হৈও আমি কিছু মুহূৰ্তত উত্তৰহীন হৈ পৰিবলগীয়া হয়। এই কিতাপখন সেই মুহূৰ্তসমূহৰেই যেন এক সমাহাৰ। বিজ্ঞানৰ চূড়ান্ত উদ্ভাৱনসমূহকো বুঢ়া আঙুলি দেখুৱাই এই ঘটনাসমূহে আজি পৰ্য্য়ন্ত মূৰ দাঙি ঠিয় হৈ আছে— এক বিশেষ মন্দিৰৰ দুৱাৰ খুলিবলৈ নিদিয়ে আদালতে, সন্ধিয়াৰ পিছত দুৰ্গ এটাৰ ভিতৰলৈ সোমাবলৈ নিদিয়ে ভাৰতীয় পুৰাতত্ত্ব বিভাগে, চৰকাৰে ৰাজ্যৰ বিজুলী বন্ধ কৰি দিয়ে মূৰ্তি সলোৱাৰ সময়ত! অথচ আমি বিজ্ঞান আৰু বৈজ্ঞানিক মানসিকতাৰ বোকোচাত উঠি উমলি ফুৰোঁ বুলি বুকু ফিন্দাই কওঁ। ইয়াত লিখিত এটা ঘটনাও অলপো কাল্পনিক নহয়, কিন্তু আমাৰ দেশখনত অতিমাত্ৰা প্ৰচলিত অন্ধবিশ্বাসসমূহৰ বাবেও এই আশ্চৰ্য্যকৰ ঘটনাসমূহৰ প্ৰকৃত কাৰণ নিৰূপণ কৰাতযে অলপ হ'লেও প্ৰভাৱ পৰিছে সেই কথাও নুই কৰিব নোৱাৰি।

 কিতাপখনৰ মূল উদ্দেশ্যই হৈছে সমগ্ৰ দেখনত হৈ যোৱা

(ii)